স্বাভিমান-নিতুমণি দাস শৰ্মা
“শুন,মাইকী মানুহ তই,অলপ সৰু হৈ চলিব লাগিব, আমাৰ ঘৰখনৰ কথা এবাৰ ভাবি চাচোন…. সমাজত তোৰ ভায়েৰাৰ এটা স্থান আছে, তই এনেকৈ ক’ৰ্ট কাছাৰীত……..” খৰ-খেদাকৈ আঁতৰি যোৱা মাকৰ কঠোৰ সকীয়নিত ঠাইতে থৰ লাগি ৰৈছিল তাই….।চলচলীয়া চকুযুৰিত সজীৱ হৈ উঠিছিল অতীতৰ ধূসৰিত খণ্ড ছবিবোৰ !! “মোক পাহৰি যোৱা,মই ঘৰৰ অবাধ্য হ’ব নোৱাৰিম। দেউতাৰ সন্মানৰ কথা আছে।” শিলচটা বুকুত ৰাখি একে উশাহতে দৃঢ়তাৰে কৈছিল সিদিনা।আজি কাতৰত চিঞৰি উঠে তাই….. “সন্মান,…. মোৰো আছে।অ,…মোৰো এটা মন আছে।” মৌন ওঁঠত লাগি ৰয় শব্দকেইটা… “ব’লক সময় হৈছে”…
Read more