আইতা-হৰিচন্দ্ৰ ডেকা

(প্ৰতিটো শাৰী চৈধ্য আখৰীয়া) তুমিও   আইতা   কম   ধুনীয়া  নাছিলা ওৰণিৰে   যেতিয়া   ন – কইনা   আছিলা ? তোমাৰ   তেজগোঁৰা   আজিৰ  মুখখন কিচকিচীয়া ক’লা  চুলি  সঁচাকৈয়ে  ঘন ৷ খুন্দনাৰ   তামোলৰ    সেলেঙি    লগাই টিঁয়া   বৰণীয়া   ওঠ   পিকেৰে  বোলাই ৷ এতিয়াও   আইতা   পেলোৱানে   মনত  মিচিকিয়া    হাঁহিটো   ওৰণিৰ    তলত ? তাহানিও  লগাইছিলা জেতুকাৰ  বোল চুলিৰ   সুগন্ধ    বিলাই   আমোলমোল ৷ আজিও তোমাৰ এই 

Read more

শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে অন্তৰংগ আলাপ

অইল ইণ্ডিয়া লিমিটেডৰ এজন সুদক্ষ অভিযন্তা, উপন্যাসিক, প্ৰবন্ধ লেখক, সুবক্তা তথা এজন সামাজিক ভাৱে জনপ্ৰিয় লোক শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে এটি সাক্ষাৎকাৰ ( ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা  ই-মেগাজিন ‘জীৱন জিজ্ঞাসা’ৰ কাৰণে এইবাৰৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱাই) শৰ্মাবৰুৱা: নমস্কাৰ বৰুৱাদেৱ। মই ‘শব্দচিত্ৰ ‘ গোটৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাৰাখোঁ আপুনি সহায় কৰিব।  বৰুৱাদেৱ:- নিশ্চয়। মই ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্য-সদস্যা, লগতে আপোনাকো মোৰ দৰে অভাজনক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।

Read more

“অসম ভৱন,মুম্বাই আৰু মই’-সংহিতা ভট্টাচাৰ্য্য

ত্রিনয়ন সন্দিকৈদেৱৰ ‘অসম ভৱন,মুম্বাই আৰু মই’- প্ৰত্যাহ্বান, অভিজ্ঞতা আৰু সংগ্ৰামৰ এক অবিৰত যাত্ৰা’….এখন ভাল লগা গ্ৰন্থ। ত্ৰিনয়ন সন্দিকৈ দেৱৰ ‘অসম ভৱন মুম্বাই আৰু মই’ হৈছে  জীৱনৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতাৰে লিখা, জীৱনৰ প্ৰতি প্ৰত্যাহ্বান লগতে আত্মবিশ্লেষণমূলক আৰু বহু তথ্যৰে ভৰপূৰ এখন অতি মনোৰম গ্ৰন্থ। প্ৰকৃতাৰ্থত ক’ব পাৰি গ্ৰন্থখন হৈছে এখন ব্যতিক্ৰমী গ্ৰন্থ।        “ঐ মোক ইনচাল্ট নকৰিবি।          কি বুলি ভাবিছ?          মোক বম্বেত মাতি আছে।”        গ্ৰন্থখনিত প্ৰথম আৰম্ভ হোৱা এই কথাখিনিৰপৰাই অনুমান কৰিব পাৰি যে- লিখকে ল’ৰালি কালৰেপৰা মনত অযুত সপোন লৈ কেনেকৈ

Read more

চেলিম চিস্তি,লেখক: নিমাই ভট্টাচার্য্যৰ, অনুবাদ-উপাসা ভাগৱতী

‘দেৱান-এ-আম’ত এতিয়া আৰু সম্ৰাটে বিচাৰ নকৰে। ‘দেৱান- এ -খাচ’ত বীৰবলৰ লগত সম্ৰাটৰ পৰামর্শ নহয়। ৰাজপুত দুহিতা ,জাহাঙ্গীৰৰ পত্নী যোধাবাঈয়ে তুলসী তলত প্ৰণাম কৰি “দেৱান-এ-খাচ’-ৰ আসৰত আসন গ্ৰহণ নকৰে।সেইবোৰ দিন শেষ।শেষ হৈ গৈছে। ফতেহপুৰ চিক্ৰী এতিয়া মুক-বধিৰ, প্ৰাণহীন ৰাতিপুৱা,সন্ধ্যা মিঞা তানসেনৰ গান শুনি যি ৰাজপ্ৰসাদৰ মানুহ চঞ্চল হৈ উঠিছিল,চাৰিওকাষৰ গাঁৱৰ মানুহ মুগ্ধ হৈ পৰে সঙ্গীত সম্ৰাটৰ সুৰত,সেই অমৃত কণ্ঠস্বৰ আৰু শুনা নাযায়। সম্ৰাট নাই ,নাই ৰাজপুত্ৰ মন্ত্ৰী, ৰাজজ্যোতিষী, গায়ক, সখী,বাঈজী, নর্তকী।কোনো নাই।সেনাপতিতো দূৰৰ কথা,এজন সাধাৰণ সৈন্য পর্য্যন্ত নাই ফতেহপুৰ চিক্ৰীত। বুলন্দ

Read more

পৰিবৰ্তনৰ ৰ’দ কাচলিত-প্ৰদীপ বৰা

দেৱজিৎ কলিতাই কেতিয়াও উপেক্ষা কৰিব নোৱাৰে পাপৰি বড়িৰ আন্তৰিকতাপূৰ্ণ নিমন্ত্ৰণ।দহোবন কাতি কৰি হ’লেও  পাপৰিৰ হৃদয়ৰ আহ্বান  ৰক্ষা কৰিব লাগিব।বহুত দিন পাৰ হৈ গ’ল দেখা নাই পাপৰিৰ গোলাপৰ পাহিৰ দৰে মুখখন। শুনা নাই তাইৰ মুখৰ মৌবৰষা মাত।কি যে আমেজ ভৰা যাত্ৰা!মন মোহা সেই পলসুৱা পথাৰবোৰৰ মাজে মাজে  একাবেঁকা গতিৰে  চিৰসেউজীয়া গছবিলাকৰ তলে তলে গৈ থকা নতুনকৈ ব্লেক তপিং কৰা ৰাষ্টাটো।আহিনমহীয়া গেলাবিলৰ দলংখন পাৰ হলেই কলিতাৰ মনত আনন্দৰ জোৱাৰ উঠে….আৰু কেইপলকমান সময় অতিক্ৰম কৰিলেই সি পাবগৈ পাপৰি বড়িৰ ঘৰ ৷ তাক হয়তো

Read more

অসমৰ বস্ত্ৰশিল্প অতীতৰ পৰা বর্তমানলৈ-উপাসা ভাগৱতী

মানৱ জাতিৰ বাবে অন্ন, বস্ত্ৰ, বাসস্থান -এই তিনিটা আদিম কালৰেপৰা চলি অহা মৌলিক প্ৰয়োজন৷ বস্ত্ৰৰ ক্ষেত্ৰখনলৈ দৃষ্টি দিলে আদিম অৱস্থাত মানুহে গছৰ বাকলি, পশুৰ ছালহে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ৷ যদিও কালক্ৰমত কৃষিকৰ্ম কৰিবলৈ যেতিয়াই শিকিলে তেতিয়াই হয়তো কৃষিৰ সমান্তৰালকৈ কাপোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানিলে৷ পূৰাতত্ববিদসকলে এই সন্দর্ভত বিভিন্ন সিদ্ধান্ত দাঙি ধৰা দেখা যায়৷ আনুবংশিক ছালৰ ৰং অনুসন্ধানৰ আধাৰত ক’ব পৰা যায় যে মানুহে ১০ লাখ বছৰৰ আগতে শৰীৰৰ জন্তুৰ দৰে থকা নোম হেৰুৱাইছিল আৰু শীতৰ প্ৰকোপ তথা গৰমৰপৰা

Read more

এই প্ৰেম সেই প্ৰেম-পদ্মলোচন ভৰদ্বাজ

তই বিচাৰিলেও বা নিবিচাৰিলেও মই প্ৰায়েই তোৰ কাষত বহোঁ সপোনত৷৷ তই ক’লেও বা নক’লেও কথাবোৰ আধৰুৱা হৈ থাকিলেও মই তোৰ কথা ভাবোঁ৷ এই যে আমি দুয়ো দুয়োকে একো ন’কলো তাত আমাৰ প্ৰাপ্তি আছেনে? কেতিয়াবা ভাবো, কৈ দিলেনো কি হ’লহেঁতেন!! ক’ৰবাত পঢ়িছিলোঁ “নোপোৱাৰ বেদনাই হেনো প্ৰেমক পূৰ্ণতা দিয়ে৷৷ তোৰ মনত আছেনে!! ভৰ দুপৰীয়া তোৰ বাৰীৰ পাছফালৰ ঔজোপাৰ কাষত ৰৈ মই মৰা সুহুৰিটো, কৃষ্ণৰ বাঁহীতকৈ কম নাছিল কিন্তু৷ তই বাউলী হৈ দৌৰিছিলি কলঙৰ পাৰলৈ৷৷ আৰু দুপৰীয়াটোৱে লাহে লাহে সেন্দুৰ বুলিছিল, এটা ধামখুমীয়া

Read more

স্বাৱলম্বন-কুঞ্জ খাউণ্ড

ছেমুৱেল স্মাইছৰ (Self-Help)গ্ৰন্থখনৰ অসমীয়া অনুবাদ ভহ’ল স্বাৱলম্বন।ছেমুৱেল স্মাইলছৰ জন্ম ইংলেণ্ডৰ হেডিংটন নামৰ ঠাইত।তেওঁৰ পিতৃ আছিল এজন দোকানী।ছেমুৱেল নিজে এজন ছাৰ্জন,বাতৰি কাকতৰ সম্পাদক, এটা ৰেল কোম্পানীৰ ছেক্ৰেটাৰি।আজৰি সময়ত সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ কথা চিন্তা কৰি বহুত নেতৃস্থানীয় ব্যক্তি ,উদ্যোগপতি আৰু নিজৰ ভৰিত থিয় দি মহান হোৱা ছাত্ৰৰ জীৱনী লিখিছিল।এইখন গ্ৰন্থকে ডঃ প্ৰফুল্ল কটকী দেৱে অসমীয়ালৈ সুন্দৰ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ কিঞ্চিৎ হলেও অৱদান আগবঢ়ালে।এই গ্ৰন্থখনো পৃথিৱীৰ অনেক ভাষালৈ অনুবাদ কৰা হৈছে।যদিও সময় সলনি হৈ মানুহৰ ধ‍্যান ধাৰণা বেলেগ হৈছে, বিজ্ঞান

Read more

অণুগল্প-নাজিয়া হাচান

(১)অকথ্য সহায়িকাগৰাকী আচৰিত হ’ল মালিকনীৰ কথাখিনি শুনি!―”অভাৱে স্বভাৱ নষ্ট কৰে। তই তোৰ পুতেৰক ইমান বিশ্বাসত নাৰাখিবি বুজিছ। অলপ চকু-কাণ দিবি পুতেৰৰ। কালি সিয়ে বিকিক বাৰ্থডে পাৰ্টিটোলৈ লৈ গৈছিল আৰু বিকিয়ে মানি বেগটো গাড়ীতে থৈছিল। তই আৰু কাইলৈৰ পৰা কাম কৰিবলৈ আহিব নালাগে মোৰ ঘৰত।” দুবছৰৰ পিছত, বিকিৰ খবৰটো শুনি সহায়িকা গৰাকী সিমানেই আচৰিত হ’ল!―”মালিক বাইদেউৰ ল’ৰাটোনো কিহৰ অভাৱত বাৰু আজি জেলত..!” (২)সমাজ আঁঠুৰ বিষবোৰ লৈ গোটেই দিনৰ কামবোৰ সামৰা মানুহজনীৰ অৱস্থাটোক মানুহজনে নক’লেও বুজে। সমাজে তিৰোতাসেৰুৱা উপাধি দিলেও; আজিৰপৰা ত্ৰিশ

Read more

হায় টোপনি!-অনিমা বড়া

“মৰ টোপনি”—কথাষাৰ বেলেগৰ লগত ঘটিছে নে নাই নাজনো  কিন্তু আজি মই নিজৰ লগত ঘটা দুটা মাত্ৰ ঘটনাৰ লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰিছো।এতিয়াতো মোৰ অফুৰন্ত সময়।এটা পেট,ওলোটাকৈয়ো নাচিব পাৰি!কোনে দেখা পাব!এথাল ভাতেই হওক বা অন্য খাদ্য আগত লৈ আপোনবোৰৰ বাবে অলপ অলপ কৰি মনতেই বিলাপ গাই গাই  নাকৰ পানী, চকুৰ পানী  একাকাৰ।ভাব হয় গঙ্গা-যমুনাৰ দুটি ধাৰা বৈ আহি মুখ নামৰ সাগৰত থিতাপি।সোৱাদটোও বেয়া নহয় নিমখ নিমখ…… আচল কথাৰপৰা ফালৰি কাটিলো নেকি বাৰু! শিৱসাগৰৰ ভিতৰুৱা গাওঁ নামতিত মামাৰ ঘৰ।সত্তৰ দশকত সৰু মামাহঁতে

Read more
1 51 52 53 54 55 74