জুনুকা-পল্লৱী কৌশিক শৰ্মা
নাই, এটা চৰম সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাক জুনুকাই আৰু নুই কৰিব নোৱাৰে। বিশ্বাসৰ চিলাখন ভূলুণ্ঠিত হোৱাৰ পিছত, ভ্ৰম এটাকে সত্য বিবেচনা কৰি হাত সাবটি বহি ৰোৱাটো কোনোমতে যুক্তিসংগত নহয়। প্ৰচণ্ড আক্ৰোশত যোৱা কেইবাদিনো ধৰি অৱহেলিতভাৱে পৰি ৰোৱা চাউল সিজোৱা চিলভাৰৰ চৰুটো দমকলৰ পাৰলৈ উলিয়াই নিলে তাই।চৰুটোৰ তলিৰ অৱশিষ্ট ভাতকেইটাৰ ওপৰত ইতিমধ্যে ভেঁকুৰে তৰপ বান্ধিছিল। ফলত অকটা গোন্ধ এটা বাহিৰ হৈ পেটটো পকাই ধৰিলে।এনেয়ো আজিকালি অদ্ভুত গোন্ধ কিছুমানে অহৰহ খেদি ফুৰা হৈছে মানুহজনীক। যেন পানীটোপাও ডিঙিৰে নসৰকিব! চাদৰৰ আঁচলেৰে নাকটো সোপা মাৰি
Read more