অণুগল্প-নাজিয়া হাচান
(১) ভোগ মছজিদৰপৰা আজানৰ সুৰটো ৰিণিকি ৰিণিকি উৰি আহিল।দোপাট্টাখন মূৰলৈ আৰু অলপ টানি মানুহগৰাকীয়ে এটা খেজুৰ আৰু এগিলাচ পানী নিৰাকাৰজনৰ নাম লৈ মুখত দি,বিৰিয়ানিখিনিৰ আগভাগ সহায়িকা ৰুণু দেৱীৰ পৰিয়াললৈ বুলি টিফিন বাকচ এটাত সুন্দৰকৈ সজাবলৈ ল’লে। -বাইদেউ আপোনালোকে নোখোৱাকৈ মোলৈ বিৰিয়ানিৰ আগ ভাগ কিয় সজাইছে? মইতো ৰোজাও নাৰাখোঁ বাইদেউ! আপোনালোকলৈ প্ৰথমে ৰাখি যি ৰয় মোক দিলেই হ’ল হয়….! ―একো নকৈ মিচিকিয়া-হাঁহিৰে মানুহগৰাকীয়ে ৰুণুৰ হাতখনত মৰমেৰে টিফিন বাকচটো উঠাই দিয়ে। বিৰিয়ানি চামুচ মুখত লৈ মানুহগৰাকীয়ে নিজকে ক’লে―ৰোজা ৰখা নাই তাই,জানো;কিন্তু ভোক
Read more