শব্দৰ বৰষুণ-নিবেদিতা শৰ্মা
মেঘ মেঘ লগা মোৰ হৃদয়ত সাঁচি ৰাখো এজাক সপোন যেন বৰষুণ আৰু জীৱনৰ সত্যতা, যোৱা নিশাৰ বৰষুণজাকে কৈ গৈছিল কাণে কাণে মোৰ হেনো হৃদয়ত ফুলি উঠিছে একোপাহি সূৰুযমুখী , তুমি কৈছিলা বাবেই লিখিছিলোঁ এটা কবিতা বৰষুণৰ, এজাক সপোন যেন বৰষুণৰ শব্দৰ বৰষুণজাকে মোকেই তিয়াই জুৰুলা কৰিলে নিবিড় আন্ধাৰত মই যেন এক বিচ্ছূৰিত সত্তা হৈ ৰ’লোঁ বৰষুণে থেকেচি জুৰুলি জুপুৰি কৰা হৃদয়খনৰে এতিয়া বাট চাইছোঁ , প্ৰত্যাশাৰ উন্মুখ মনলৈ হয়তো আহিব এজাক শব্দৰ বৰষুণ …! ************
Read more