অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক পৰিৱৰ্তন-বৰষা ডেকা

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেঁটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখী হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ

Read more

সৰ্বতীৰ্থময়ী মাতা-পূৰ্ণিমা শইকীয়া গগৈ

সঞ্জীৱে নিশাক গাড়ীৰপৰা নামিবলৈ ক’লে। তাই নামিল। তাই ঘৰৰ ভিতৰলৈ চালে। নাই,তাইক আদৰিবলৈ কোনো ৰৈ থকা নাই।কোনো নীতি-নিয়ম নকৰাকৈ তাই সঞ্জীৱৰ পাছে পাছে ভিতৰলৈ সোমাই আহিল।সঞ্জীৱে তাইক ভিতৰলৈ লৈ গ’ল।এগৰাকী বয়সীয়াল মহিলাই তাইক বহিবলৈ চকী এখন দিলে।চকীখনত বহি তাই ভাবিলে আৰু কোনো মানুহ নায়েই নেকি?মহিলাগৰাকীয়ে তেওঁৰ পৰিচয় দিলে সঞ্জীৱৰ মাহীয়েক বুলি । নিশাৰ ঘৰলৈ বৰকৈ মনত পৰিল।বৰ আশা কৰিছিল মাকে তাইৰ বিয়াখনৰ বাবে।কিন্তু সকলো কথা ভবাৰ দৰে নহয়গৈ। সঞ্জীৱৰ মানসিক অৱস্থা তাই বুজি পালে। সেয়ে ক’ৰ্টতে বিয়া হোৱাৰ প্ৰস্তাৱ দিলে

Read more

কন্যা-মানসী শৰ্মা

হৃদয় জুৰোৱা গান এটা হৈ আহিলা মোৰ জীৱনলৈ তোমাৰ আগমনত মোৰ ৰিক্ত হৃদয় পৰিলে জুৰ তোমাৰ খিলখিল হাঁহিত মোৰ শুকান হৃদয়ত বলিলে এচাটি মলয়াৰ বা। তোমাৰ থুনুক-থানাক মাতটিয়ে জগালে বুকুত আশা আকৌ  নতুন জীৱন ঘূৰাই পোৱাৰ আনন্দত হলোঁ মই আত্মহাৰা। তুমি  যেন মোৰ জীৱনলৈ আহিলা  সৰগৰ পাৰিজাত ফুল হৈ বিলালা জ্যোতি মোৰ অন্ধকাৰ গৃহ আমোলমোলাই ফুলি ৰলা মোৰ পদূলি শুৱাই। কিমান দিনলৈ নো থাকিবা মোক আবৰি সমাজৰ নিয়ম মানি যাবাগৈ গুচি অন্য এখন ঘৰ পোহৰ কৰি। বুকুত শিল এটা বান্ধি

Read more

যাত্ৰা-নন্দিতা ভাণ্ডাৰ কায়স্থ

আজি মোৰ বাবে এটা বিশেষ দিন। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজি মোৰ বিয়া। দুচকুত মোৰ বহুত সপোন। আৰু মা-দেউতাৰ  চকুত মই কি দেখিছোঁ? এফালে সুখ,আনন্দ আৰু আনফালে হয়তো কন্যাক এঘৰলৈ উলিয়াই দিয়াৰ বেদনা বিষাদ। কালিয়ে ঘৰত মাহী,জেঠাই, খুৰী, বাইদেউসকল আহি ভিৰ কৰিছেহি। আহিবই, মই যে ঘৰৰ একমাত্ৰ কন্যা সন্তান। ৰাতিপুৱা সকলো সোনকালেই শুই উঠিল।আটায়ে দায়িত্ববোৰ ভাগে ভাগে লৈছে। মায়ে গা-পা ধুই ৰন্ধা-বঢ়া কৰা ঠাইত চাকি এগচি জ্বলাই দিছে।দেউতাই  ৰান্ধনিজনক দিহা-পৰামৰ্শ দি আছে।মামা,খুৰা পেহাহঁত মাছ-মাংসবোৰ কটা-বছাৰ তদাৰকত থাকিল।

Read more

ক্ষোভ-ঋতুপৰ্ণা দত্ত

সকলো সম্পৰ্ক মানুহৰ হৃদয়ত বাহ সাজিবলৈ নাহে। কিছুমান আহে নিজে সাজি লোৱা বাহটো ভাঙি চিঙি চূড়মাৰ কৰিবলৈও। উমান পালে তেনে সম্পৰ্কবোৰক জোৰকৈ ধৰি বান্ধি ৰাখিব নালাগে। তেওঁলোকক এৰি দিব লাগে হৃদয়ৰ পৰা। নিৰ্ভাৰ হ’বলৈ কত কচৰৎ কৰিব লাগে। কিমান মগজুৰ তৰ্কা তৰ্কিবোৰ নেওচা দি নিৰ্ভাৰ কৰিব পাৰি নিজৰ মনক! কিমান অতীতৰ স্নেপশ্বতবোৰক মগজুৰ গভীৰতাৰপৰা তুলি আনি তাক পʼষ্ট মৰ্টেম কৰিব লাগে! কোনে বুজে? বাহিৰৰ অৱয়বটো বুজিবলৈওতো তেনেই সহজ। যেনেকৈ সহজ ভাতৰ লগত এঢোক পানী খোৱাত। তেনেকৈ জানো সহজ কাৰোবাৰ ভিতৰত

Read more

দুখীয়াৰ দুখ-প্ৰদীপ বৰা

অফিচৰ পৰা আহিয়েই হৰেণ কলিতাই দ্ৰেছ জোৰ সলাই গাধোৱা তিয়নীখন পিন্ধি মিতালীক ক’লে, “শুনিছানে হেৰা চাহ এটোপা দিয়াচোন , মই সাউতকৈ গাটো তিয়াই নামঘৰৰ পৰা আহোগৈ ৷” খং আৰু মৰম মিশ্ৰিত মাতেৰে মিতালীয়ে ক’লে’ “হয়নে?দিনৰ দিনটো অফিচত পৰিশ্ৰম কৰাৰ উপৰিও ইমানখিনি বজাৰ-সমাৰ কৰি আহি এইমাত্ৰ ঘৰ সোমাইছেহিহে  আকৌনো নামঘৰত কি লেথাটো ওলাল?” “কেলেই সেইদিনা যে দেহিৰাম দাইটিয়ে মোক মাতি যোৱা নাছিল ! ন বোৱাৰীয়েকে যে পুতেকক অপঘাত কৰিছিল তাৰে আজি বিচাৰ আছে। মিতালীঃ কিয়নো যাব লাগে অশৌচ পদ্ধতিৰ মতে কৰ্ম

Read more

যাত্ৰা-কমলা দাস

আজিকালি  সৰুবিধ চুবলৈ আইতাই প্ৰায়েই ৰাতি উঠিব লগা হয়। ভাত ঘুমুটি মাৰি শেষ হয় কি নহয়, যি হে পীড়া দিবলৈ ধৰে নহয়, টোপনিৰ ভৰত  চকু মেল নাখালেও উঠিব লগা হয়েই।  আইতাৰ বাবে কথাটো বৰ বিৰক্তিকৰ হৈ পৰিছে।  ডেকা কালতেই ভাল আছিল।  নিশা ভাত-পানী খাই শুৱাৰ পাছত একেবাৰে ৰাতিপুৱা হে সাৰ পাইছিল। ৰাতি সেই ভৰ ঘুমতিৰপৰা উঠি সৰুপানী চুৱাতো দূৰৰে কথা, আনকি চোৰে ডাঙি লৈ গ’লেও সাৰ নোপোৱা গভীৰ টোপনি আছিল। পিছে বয়স বাঢ়ি অহাৰ পাছত কি জানো হ’ল! এঘুমতি মৰাৰ

Read more

গছৰ উশাহ-কুমকুম দেৱী শৰ্মাবৰুৱা

“ৰুমীবা , আজিৰপৰা মই তোমালোকৰ ঘৰত থাকিম”,  মুনুৱে চিঞৰি আহিল। “আহি যোৱা, আহি যোৱা। তোমাৰ বস্তু লৈ”,  ৰুমীয়ে মাত লগালে। মুনু আৰু ৰুমীৰ ঘৰ সন্মুখা-সন্মুখি। ৰুমীয়ে পঢ়ে কলেজত বি.এচ.চি আৰু মুনুৱে পঢ়ে ষষ্ঠ শ্ৰেণীত।ৰুমীৰ খুৰাকৰ ছোৱালী মুনু। মুনুহঁতৰ কেঁচা ঘৰবোৰ ভাঙি নতুনকৈ সাজিবলৈ লৈছে কেঁচাকৈয়ে।সেয়ে তাই ৰুমীহঁতৰ ঘৰত থাকিবহি ঘৰ সাজি নোহোৱালৈকে। মুনুৱে প্ৰথমে কিতাপখিনি আনিলে বেগত ভৰাই। তাৰপিছত অলপ কাপোৰ আনিলে। তাই ৰুমীবাৰ লগতে শুব, লগতে খাব আৰু লগতে পঢ়িব। ৰুমীবায়ে তাইক নজনাটো শিকাই দিব। “ৰুমীবা আজি বিজ্ঞান পঢ়িম।

Read more

ব্ৰজবুঢ়া,মূল :সত্যজিত ৰায়,অনুবাদ -ৰঞ্জনা দত্ত

শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ দাইলত ডুবাই  মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে। তাৰ পিছত টুকুৰাটো চোবাই চোবাই ক’লে – “তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা নাই আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা ঘৰটোত বুঢ়া এজন থাকে দেখিছনে?” “অঁ অঁ দেখিছো”-  সুবুৱে ক’লে । “সদায় স্কুলৰপৰা অহাৰ সময়ত দেখোঁ।প্ৰথম তলাৰ বাৰান্দা খনত বেতৰ চকী এখনত বহি থাকে।মোৰফালে চাই হাঁহে।” “হাঁহিটো কি খুব স্ফুৰ্তিৰ হাঁহি নেকি?” সুবুৱে অলপমান ভাবি উত্তৰ দিলে ,  “অকণমান দুষ্টামি ভৰাও

Read more

অভিশপ্ত ঘৰ-কুশল মহন্ত 

(পুনশ্চ::::::::::::::ৰক্তিম বৰুৱাই আত্মহত্যা কৰিছিল।আপাতদৃষ্টিত ৰক্তিমৰ দেউতাকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল যদিও প্ৰকৃততে ৰক্তিম বৰুৱাৰ দেউতাকক ৰক্তিমেই হত্যা কৰিছিল।মাকে কৰিছিল এই ষড়যন্ত্ৰ।ৰক্তিমে ভাবিছিল দেউতাকে মাকক মিছাকৈ পৰপুৰুষৰ লগত সন্দেহ কৰি মাৰধৰ কৰে।সিদিনাও ৰক্তিমৰ দেউতাকে মাকক মাৰধৰ কৰিছিল।হিতাহিত জ্ঞান হেৰুৱাই ৰক্তিমে দেউতাকক ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিছিল।ৰক্তিমে পিছতহে গম পালে যে আচলতে তাৰ মাকৰহে সম্পৰ্কীয় খুৰাকৰ সৈতে অবৈধ সম্পৰ্ক আছে।এয়া সি নিজ চকুৰে দেখিছিল।এক ভয়ানক পৰিকল্পনা কৰি ৰক্তিমে নিজৰ মাককো হত্যা কৰে।ৰক্তিমৰ মাকৰ মৃত্যুৰ পিচত ৰক্তিমৰ মানসিক ভাৰসাম্যতা হেৰাইছিল।তাক যেন মাক আৰু দেউতাকে

Read more
1 44 45 46 47 48 74