অনুভৱ-সংহিতা ভট্টাচাৰ্য্য
-সপোন হেঁপাহবোৰৰ মাজেৰে–জীৱন! ৰূমটোৰ টেবুলখনৰ ওপৰৰ বাতৰিকাকতখনত জিলিকি থকা হেডলাইনটোলৈ প্ৰথমেই চকু গ’ল তাৰ। ‘ভেন্সাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ এইবাৰো প্ৰাদেশিকৰণ কৰা নহয়।’ অলপ সময় ৰৈ থাকিল সি। বিছনাৰ তুলিখনৰ তলত থৈ দিয়া তাৰ চাৰ্টিফিকেটৰ টোপোলাটো লাহেকৈ উলিয়াই আনিলে অনিৰ্বাণে।এখন এখনকৈ চাই গ’ল সি। এসময়ৰ সপোন আৰু আশাৰ এই চাৰ্টিফিকেটবোৰ আজি মাত্ৰ উকা কাগজ কেইখিলামানৰ দৰে লাগি গ’ল অনিৰ্বাণৰ। দুদিনমান আগতে যমুনাই কোৱা কথাষাৰ তাৰ মনলৈ আহিল। : বুজিছে এইবাৰ আপোনাৰ চাকৰিটো হ’লে ছিলঙলৈকে যাম দিয়ক। আমাৰ সোনটোৱেতো আজিলৈকে গাঁৱৰ বাহিৰখনকে দেখা
Read more