সম্পাদনা সমিতি

অসমীয়া ভাষাৰ আলোচনী এখন প্ৰকাশ কৰাটো এক শুভ প্ৰচেষ্টা।প্ৰকৃততে বহুজনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতহে ই বাস্তৱায়িত হয়।”শব্দচিত্ৰ—জীৱন জিজ্ঞাসা” ই-আলোচনীৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটি প্ৰকাশৰ সৈতে জড়িতসকলৰ সৈতে চিনাকি হওঁ আহকচোন- মুখ্য ব্যৱস্থাপক:  অৰবিন্দ গোস্বামী সম্পাদনা মণ্ডলী : হেমন্ত কাকতি,মানস শইকীয়া,অৰবিন্দ গোস্বামী আৰু এই মাহৰ সম্পাদিকা নিবেদিতা শৰ্মা  কাৰিকৰী সমিতি: হেমন্ত কাকতি,দেৱজিত শৰ্মা অলংকৰণ: প্ৰাঞ্জল প্ৰতিম বৰা বৰ্ণাশুদ্ধি: চাহিন জাফ্ৰি,মাতু কুকুৰাছোৱা,ৰাজশ্ৰী শৰ্মা আৰু কুশল মহন্ত। প্ৰচাৰ: চিত্ৰলেখা দেৱী,কমলা দাস,কুঞ্জ খাউণ্ড,বন্দিতা জৈন,সমীৰণ শৰ্মা,কুশল মহন্ত,ৰাজশ্ৰী শৰ্মা আৰু ডলী তালুকদাৰ,উপাসা ভাগৱতী

Read more

সম্পাদনা সমিতি

অসমীয়া ভাষাৰ আলোচনী এখন প্ৰকাশ কৰাটো এক শুভ প্ৰচেষ্টা।প্ৰকৃততে বহুজনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতহে ই বাস্তৱায়িত হয়।আহকচোন,এই শুভ প্ৰচেষ্টাৰ সৈতে জড়িতসকলৰ সৈতে চিনাকি হওঁ। মুখ্য ব্যৱস্থাপক:  অৰবিন্দ গোস্বামী সম্পাদনা মণ্ডলী : হেমন্ত কাকতি,মানস শইকীয়া,অৰবিন্দ গোস্বামী আৰু এই মাহৰ সম্পাদিকা ইলি তালুকদাৰ। কাৰিকৰী সমিতি: হেমন্ত কাকতি,দেৱজিত শৰ্মা,সমুজ্জ্বল কাশ্যপ। অকংকৰণ: প্ৰাঞ্জল প্ৰতিম বৰা। বৰ্ণাশুদ্ধি: ইলি তালুকদাৰ,জ্যোৎস্নাৰাণী দাস,কুশল মহন্ত,কুমকুম দেৱী শৰ্মাবৰুৱা আৰু অৰবিন্দ গোস্বামী। প্ৰচাৰ: চিত্ৰলেখা দেৱী,কমলা দাস,কুমকুম দেৱী শৰ্মাবৰুৱা,কুঞ্জ খাউণ্ড,বন্দিতা জৈন,মানস শইকীয়া,সমীৰণ শৰ্মা,কুশল মহন্ত,ৰাজশ্ৰী শৰ্মা আৰু ডলী তালুকদাৰ।

Read more

বস্তুবাদী-অনসূয়া বৰঠাকুৰ

মালিকনী বাইদেৱে বাহিৰৰপৰা অনা ধুনীয়া কাঁচৰ সজোৱা বস্তুটো হঠাৎ এটা শব্দ কৰি তলত সিঁচৰতি হৈ পৰিল। কেনেকৈ কি হৈ গ’ল তৎ ধৰিবই নোৱাৰিলোঁ, ওচৰতে থকা হ’লে মই গালি খোৱাটো খাটাং আছিল, নেদেখাজনৰ কৃপাত এইবাৰলৈ বাচিলোঁ যদিও গুৱাল-গালিবোৰ হজম কৰি গ’লোঁ।  “নিজেই কেনেকৈ পৰি যাব পাৰে?”  “একেবাৰে কাষত কোনে থৈছিল?”  “ইচ্ ইচ্ পইচাখিনি পানীত পৰিল।” “মোলৈ আজি ভাত নবনাবি মালতী।”  খঙে-দুখে একাকাৰ হৈ ভাত-পানী নাখাই বাইদেউ শুবলৈ গ’ল; হয়তো আজি তেওঁৰ টোপনি নাহিবও পাৰে। এদিন কন্যা মালাৰো হৃদয়খন ভাঙি চূড়মাৰ কৰি

Read more

সঁচাকৈয়ে -হৰিচন্দ্ৰ ডেকা

গোলাপৰ যদি কাঁইটেই নাথাকে ফুলৰ সুবাসৰ মাদকতা ক’ত? উষাৰ উজ্জ্বল ৰশ্মিত যদিহে চকু চাট মাৰি নধৰে সূৰ্য্যোদয়ৰ সৌন্দৰ্য্যই বা ক’ত?  দুবৰি বনৰ শীতল পৰশত যদি নিয়ৰৰ চিটিকনি নপৰে প্ৰাতঃভ্ৰমণৰ আনন্দ ক’ত? দুখেই যদি নাথাকে জীৱনত সুখী হোৱাৰ বিলাসিতা ক’ত? খলাবমা শিলাময় পথত  যদি তুমি উজুটিয়ে নোখোৱা ৰক্তক্ষৰণৰ আঘাতৰ শিহৰণ  কিদৰে অনুভৱ কৰিবা?  অনাহাৰী বন্যাৰ্তৰ মাজত যদি  তুমি এটা দিনো নকটোৱা বানপানীৰ তাণ্ডৱৰ কথা  কিদৰে হৃদয়ঙ্গম কৰিবা? সোঁতৰ বিপৰীতে যদি  এবাৰো সাঁতুৰি নোচোৱা বিশাল জলধাৰাৰ শক্তি কিদৰে অনুভৱ কৰিবা ? তোমাৰ সোঁহাতখনেৰে

Read more

সংখ্যাটোৰ আঁৰৰ কথা (পৰিপূৰক লেখা)-অৰবিন্দ গোস্বামী

‘শব্দচিত্ৰ ই-আলোচনী’ৰ এই বিশেষ শিতানটিত প্ৰকৃততে সম্পাদক/সম্পাদিকা গৰাকীয়েহে লিখিব লাগে।কিন্তু এইবাৰ এই শিতানটোত লিখাৰ দায়িত্ব মোৰ ভাগতেই পৰাৰ আঁৰত অন্য এক কাহিনী আছে।সেয়ে লেখাটোক ‘পৰিপূৰক লেখা’ বুলিহে উল্লেখ কৰিলো। আৰম্ভণিতে মই সেইসকল লেখক লেখিকাক ধন্যবাদ জনাব খুজিছোঁ,যিসকলে নিজৰ অমূল্য সময় খৰচ কৰি আমাৰ আলোচনীখনলৈ বুলি লেখা এটা যুগুত কৰি পঠিয়ালে।’শব্দচিত্ৰ আলোচনী টিম’ আপোনালোকৰ ওচৰত সদাকৃতজ্ঞ। আলোচনীখনৰ দ্বিতীয় সংখ্যাটো প্ৰকাশৰ পিছতেই শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউক আমি পৰৱৰ্তী সংখ্যাৰ আলোচনীৰ সম্পাদিকাৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ।বাইদেউ সহজেই মান্তিও হৈছিল।যিহেতু ফেছবুকত তেওঁক আমি

Read more

বৈদিক যুগত নাৰীৰ স্থান -বিজয়া শৰ্মা

ভাৰতীয় সভ্যতা হৈছে অতি পুৰণি সভ্যতা। ভাৰতীয় সংস্কৃতিৰ বিশ্ব ইতিহাসত আছে এক বিশেষ মৰ্যাদা।আমাৰ ধৰ্মগ্ৰন্থ সমূহৰপৰাও জীৱন দৰ্শনৰ সুন্দৰ জ্ঞান আহৰণ কৰিবপৰা যায়। আনুমানিক খ্ৰী:পূ: ১৫০০ ত সিন্ধু সভ্যতা ধ্বংসৰ পিচত বেদক ভিত্তি কৰি বৈদিক যুগৰ সূচনা হৈছিল। বেদ অৰ্থাৎ জ্ঞান —এই বেদ শব্দটি সংস্কৃত “ৱিদ্ ” ধাতুৰপৰা আহিছে। বেদক ‘শ্ৰুতি’ বুলিও কোৱা হয় কাৰণ ঋষিসকলে বেদমন্ত্ৰ মুখে মুখে উচ্চাৰণ কৰি শিষ্য সকলক শুনাইছিল আৰু শিষ্য সকলে মনত ৰাখিছিল। চাৰি বেদ হৈছে— ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ । প্ৰত্যেক বেদৰ

Read more

উপল ধৰা-চন্দামিতা শৰ্মা

“Raped and murder”- শব্দ দুটাৰে পোষ্টমৰ্টেমৰ কাগজখন দাঙিব নোৱাৰাকৈ গধূৰ হৈ পৰিছে।নিস্তব্ধ- নিতাল সময়।যেন মৃত্যুমুখী মানুহ এজনৰ শেষ হ’বলৈ উপক্ৰম হোৱাৰ উশাহ। চুমকীৰ অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ পিচত ঘৰ সোমাই দেখিলোঁ- সকলো যেন কিবা উদং।অনুভৱ কৰিলোঁ নিস্তব্ধতাৰ একধৰণৰ তীক্ষ্ণ দংশনৰ দৰে প্ৰভাৱ আছে। চুমকীৰ অনুপস্থিতিয়ে  এক দৃঢ় উপস্থিতিৰ সঞ্চাৰ কৰিছে। শেষ হৈও শেষ নোহোৱাৰ স্থিতি। -চুমুকী বা ক’ত দেতা? ঋতুৰ প্ৰশ্ন।  চুমকী বা ঋতুৰ কথা পতা আৰু খেল-ধেমালিৰ একান্ত সংগী।ঋতুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মই ৰৈ দিলোঁ- সময়ে উত্তৰ দিব।সময়ত নিজৰ উত্তৰ

Read more

সাক্ষাৎকাৰ

(‘শব্দচিত্ৰ ই আলোচনীৰ এই সংখ্যাৰ সাক্ষাৎকাৰ যুগুতাইছে কুমকুম দেৱী শৰ্মাবৰুৱাই) বিশিষ্ট শিক্ষাবিদ,লেখক, সমাজ সংগঠক তথা ‘অসম সাহিত্য সভা’ৰ প্ৰাক্তন উপ -সভাপতি শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ সাক্ষাৎকাৰ ল’বলৈ ‘শব্দচিত্ৰ’ৰ প্ৰশাসক মণ্ডলীয়ে মোক দায়িত্ব প্ৰদান কৰাত মনে মনে খুব আনন্দিত হৈছিলো।শইকীয়াদেৱৰ দৰে এগৰাকী বৰেণ্য,সুবিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল ব্যক্তিৰ সৈতে সাক্ষাৎকাৰৰ মুহূৰ্ত মোৰ জীৱনৰ বাবে চিৰস্মৰনীয় হৈ ৰ’ব। আহকচোন,শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ মনৰ সৈতে কিছু সময় একাত্ম হৈ পৰোঁ। মই : নমস্কাৰ ছাৰ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা আপোনাৰ লগত সাহিত্যৰ বিষয়ে দুআষাৰ কথা পাতিব

Read more

ভ’লী,মূল লেখক:খাজা আহমেদ আব্বাছ,ভাবানুবাদ-চিত্ৰলেখা দেৱী

তাইৰ নাম আছিল সুলেখা, কিন্তু  নিচেই সৰুৰেপৰা তাইক সকলোৱে  ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলিহে মাতিবলৈ লৈছিল৷ তাই আছিল খাজনা সংগ্ৰহৰ কাৰ্যালয়ত চাকৰি কৰা ৰামলালৰ চতুৰ্থ  কন্যা৷ যেতিয়া তাইৰ বয়স দহ মাহ হৈছিল, এদিন তাই মজিয়াত মূৰটো দি পৰিল আৰু কিজানি এইবাবেই তাইৰ মগজুৰ কোনো অংশ বিকল হৈ পৰিল। তেতিয়াৰ পৰাই তাই মানসিকভাৱে অনগ্ৰসৰ শিশু হিচাবে থাকি গ’ল আৰু ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলি জনাজাত হৈ পৰিল। জন্মতে ছোৱালীজনী বৰ ধুনীয়া আৰু মৰম লগা আছিল। কিন্তু, তাই দুবছৰীয়া হওঁতেই সৰুআইৰ আক্ৰমণৰ বলি হ’ল।

Read more

সাহসৰ ছাঁ-নাজিয়া হাচান

প্ৰায়ে নিশা মাজভাগত, ৰিধিমা শুই থকা কণমানি বিচনাখনৰ একেবাৰে কাষত, লাখুটি লৈ বহি থকা বুঢ়া মানুহ এজনৰ ছাঁ এটা আঠুৱাখনৰ বাহিৰফালে তাই অস্পষ্টকৈ দেখা পায় আৰু ঠিক সেই সময়খিনিত ৰিধিমাৰ সৰ্বশৰীৰ শিলৰ দৰে যেন জঠৰ হৈ পৰে; ডিঙিটো শুকাই যোৱাৰ দৰে অনুভৱ কৰি তাই মানুহজনীয়ে চেষ্টা কৰিও শৰীৰৰ কোনো অংগ সক্ৰিয় কৰি ৰাখিব নোৱাৰে। মাথোন থৰ চকু হালেৰে বুঢ়া মানুহজনৰ ছাঁটো স্থিৰ হৈ লক্ষ্য কৰি থাকে। আজিও হঠাৎ মাজ নিশা ছাঁটো সেইদৰে তাইৰ কাষত বহি থকা দেখি, সমস্ত শক্তিৰে হাত-ভৰি

Read more
1 58 59 60 61 62 74