মনেই একমাত্ৰ সঁজুলি যাক নিয়ন্ত্ৰণ কৰি অসাধ্য সাধন কৰিব পাৰি-বিজয়া শৰ্মা
এই পৃথিৱীত সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰত থকা মূল শক্তিয়েই হৈছে প্ৰচণ্ড ইচ্ছা শক্তি। স্বামী বিবেকানন্দই কৈছিল, “এটা নিয়ন্ত্ৰিত আৰু শান্ত মন সংসাৰত সকলোতকৈ শক্তিশালী। এনেকুৱা মনৰ ওচৰত গোটেই বিশ্ব নতমস্তক হৈ যায়।” সঁচাকৈয়ে, মনত কৈ শক্তিশালী আৰু একোৱেই নাই। যক্ষই যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক পৰীক্ষা লওঁতে সুধিছিল, বায়ুতকৈ বেগী কি? যুধিষ্ঠিৰেও কৈছিল, “আমাৰ মনটোৱেই হৈছে বায়ুতকৈ বেগী।” আমাৰ মনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি নিদ্ৰা নোযোৱালৈকে ক’ত ক’ত যে বিচৰণ কৰি ফুৰে ভাবিলে আচৰিত লাগে। এইখিনিতে মই ইণ্টাৰনেটত পঢ়া এটা সুন্দৰ কাহিনী
Read more