মন্দাগ্নি-নন্দিতা ভাণ্ডাৰ কায়স্থ
পাতল গুলপীয়া ৰঙৰ আশী সূতাৰ চাদৰখনেৰে কপালৰ ঘাম মচি ক’লা ৰঙৰ ডাঙৰ গেটৰ ওচৰতে থকা নামটো পঢ়ি চালে তৰাই, “জয়ন্ত ফুকন প্ৰেৰণা ফুকন” অ’হ! ঠিকেই চিনি উলিয়াইছে তাই। এয়াই তৰাৰ চেনেহৰ ভাতৃৰ আলয়। ঘৰ লোৱা নিমন্ত্ৰণ তাইলৈ পঠিয়াইছিল যদিও স্বামীহাৰা মানুহগৰাকীয়ে সময়ত উপস্থিত থাকিব নোৱাৰিলে। মনতে গণি চালে প্ৰায় এবছৰ হৈ গ’ল, সময় অৱশ্যে কাৰো বাবেই ৰৈ নাথাকে । চালে চকু ৰোৱা ঘৰ বনাইছে দেই জয়ন্তই। সি যি কি নহওক আজি তাই ভায়েকৰ ঘৰলৈ আহিছে। মানে তাই আহিবলগীয়া হ’ল। ল’ৰা
Read more