হালধীয়া-শ্ৰুতিমালা মিশ্ৰ

যি কথা কোৱা নহ’ল  সেই কথাই বুকুত দৌল বান্ধিলে  নোকোৱাকৈ ৰৈ যোৱা অজস্ৰ কথাই  ঘূলি পকাই পকাই বালিতে পোত খাই ৰʼল।           সকলো কথাইতো কোৱা নাযায়  কথাই পাক হেৰুৱায়  কথাই বাট হেৰুৱায়।          নোকোৱা কথাবোৰে বালিঘৰ সাজিলে,  ঠহৰ ঠহৰলৈ ভাগিলে কলিজাৰ আগফাল-পিছফাল।  অজস্ৰ বিষাদৰ হালধীয়াত বুৰ গৈ  নোকোৱা কথাবোৰে মুখ বান্ধিলে,  নিজৰ মাজতেই সমাধি লʼলে নিজেই নিজক শিকালে  নিজেই নিজক বুজালে  নিজৰ কোলাতে নিজকে নিচুকালে।         সকলো কথাই কোৱা নাযায়  সকলো কথাই শব্দ হৈ নোলায়  সকলো কথাৰ অৱয়ব নাথাকে।        

Read more

স্তব্ধ হ’ল কবিতা-সুমিতা শইকীয়া

আজি বহুদিনেই হ’ল প্ৰেমৰ কবিতা নিলিখা, পাহৰি পেলালোঁ মৌসনা মিঠা মিঠা অনুভৱ প্ৰেমৰ৷ যিদিনা তুমি মোৰ৭পৰা বহু দূৰলৈ গুচি গ’লা,  সেইদিন ধৰি মোৰ কবিতাবোৰো মোৰ পৰা কাঢ়ি লৈ গ’লা।  দুনাই জী নুঠে কেতিয়াও!  সকলো ভাব, চিন্তাধাৰা ,  তোমাৰ নামত উচৰ্গা কৰিছিলোঁ  মোৰ মৰম আৰু ভালপোৱাৰ লগত৷ মোৰ প্ৰেমক  টুকুৰা-টুকুৰ কৰি ডাষ্টবিনৰ আৱৰ্জনা বুলি, দলিয়াই দিলা দূৰলৈ মোৰ ভালপোৱাক নিঠৰুৱা কৰি৷ আৰু সেই তেতিয়াৰপৰা  প্ৰেমৰ বৰষুণৰ শব্দবোৰ, ডাৱৰৰ দৰে গোট মাৰিছিল ভগা কলিজাত মোৰ৷ সেয়ে কৈছোঁ, মোৰ কবিতাই  নাপায় আৰু প্ৰাণ,

Read more

শিপা-পল্লৱী কৌশিক

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাঁথনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকে আছে নে নাই , অথবা এচপৰা এচপৰা ইটাৰে ৱালখন গাঁথি যাওঁতে উলম্ব ৰেখাডালে সঠিক দিশে গতি লৈছে নে নাই , ঠিকেই মন কৰিছোঁ যদিও জীউৰ

Read more

জ্ঞানৰ জ্যোতি-কুমকুম দেৱী শৰ্মাবৰুৱা

প্ৰভাতী সূৰুযে আনে              সদ্ভাৱনা নতুন দিনৰ, বিয়লিৰ আকাশ উজলে               কৰ্মৰ গৌৰৱেৰে দিনান্তৰ | শিশু এটি হয় যদি                সোণালী সপোন, বৃদ্ধজন হ’ব এক                       প্ৰজ্ঞাৰ দাপোন | জীৱনৰ প্ৰতিক্ষণত                       দেখি শিকি পায়,  অভিজ্ঞতাৰ  সঁফুৰা মেলি                     সৌৰভ বিলায় | সূৰ্যৰ দৰে তেওঁ                      স্ব-আলোকেৰে, উদ্ভাসিত হৈ থাকে                        জ্ঞানৰ জ্যোতিৰে। **********

Read more

সময়-মোহাইমিনুৰ ৰহমান

ভূমিষ্ঠ হোৱাৰ প্ৰথম কান্দোনটিৰপৰাই জীৱনৰ প্ৰতিটো শ্বাস-প্ৰশ্বাসত ছাঁৰ দৰে লাগি থকা সময় যে আমাৰ আপোন সংগী। জীৱনৰ তিতা-মিঠাৰ  বাৰেৰহণীয়া অভিজ্ঞতাৰে মানুহ হিচাপে  গঢ়ি তোলাত সহায় কৰা  প্ৰকৃত শুভাকাংক্ষী। সময়ে শিকায় জীৱনৰ প্ৰতিটো স্তৰত একো একোটি নতুন পাঠ দিয়ে জীৱনৰ প্ৰতিটো ক্ষণক নিজস্ব শৈলীৰে গঢ়ি তোলাৰ বাট। শৈশৱৰে আৰম্ভণি কৰা জীৱন নামৰ সোণোৱালী কিতাপখনৰ পাত লুটিয়াই প্ৰতিজন মনুষ্যই ভৰি থয়হি যৌৱনৰ বিয়লি বেলাত। কত যে ৰঙীণ সপোন কল্পনাৰ পৃথিৱীত প্ৰেমমত্ত  হিয়াৰ উগুল-থুগুল। সেই ৰঙীণ সপোনকো পৰিহাৰ কৰি প্ৰতিজন মনুষ্যই এদিন উপস্থিত

Read more

জীৱন তই আগবাঢ়ি যা-প্ৰদীপ চন্দ্ৰ বৰা

জীৱন তই গৈ থাক আগুৱাই গৈ থাক  তোৰ বুকুত যে সীমাহীন ঘাত প্ৰতিঘাত কণ্টকাকীৰ্ণ আৰু সেন্দুৰীয়া বাট ৷ হাঁহি আৰু চকুলো  সুখ আৰু দুখ যন্ত্ৰণা আৰু আনন্দ নীৰৱে সহি যা সকলো ৷ টেঙা আৰু জ্বলা তিতা আৰু মিঠা  ল’লি আকোঁৱালি দিলি আগবাঢ়ি  ৷  সততা আৰু নিষ্ঠাৰে দায়িত্ব আৰু কৰ্তব্যৰে যা আগুৱাই অনাগত দিনবোৰত যা আগুৱাই খোজত খোজ মিলাই সমাজৰ লগত। দাবানলত দে দ’লিয়াই দুৰ্বলতা দুৰ্যোগ দুৰ্ভাৱনা হিংসা  অপ্ৰীতি অসূয়া ৷   খুলি পেলা অভদ্ৰতাৰ মুখা বাচি ল বাঞ্চনীয় সোণালী ৰেখা ৷

Read more

কথাবোৰ গল্পৰ দৰেই-দুলুমণি শইকীয়া

‘বৌটি মোক ইমান ভাত দিছা কিয়?মোৰ মূৰটোহে ভাঙৰ পেটতো নহয় নহয়।’ কথাষাৰ মনত পৰাৰ লগে লগে তৰালীৰ ওঁঠলৈ অজানিতে হাঁহি এটা  আহিল।ক’ত আছে বাৰু এতিয়া সি।জীয়াই আছে বা নাই!মনটো বেয়া লাগিল তাইৰ।ইমান সহজ সৰল আছিল সি!তাক জোকালেহে তাৰ খংটো টিঙিচ কৈ উঠিছিল।যত যিমান বেয়া মাত আছে সেইবোৰেৰে গালি দিছিল।  এইটোও ঠিক যে সেইখিনি মাত শুনিবলৈকে ইচ্ছা কৰিয়েই তাক ল’ৰা-ছোৱালী বোৰে জোকাইছিল। হাঁহি হাঁহি সৱ পাগল হৈ গৈছিল।কথাবোৰ তাই কাৰোবাক কবলৈ মন গ’ল। সেয়ে , তাই বন্ধু পলাশলৈ ফোনটো লগালে।  :

Read more

অনুভৱ -পৰী

শীতৰ পুৱা নিয়ৰৰ আঁচল টানি এচেৰেঙা  ৰ’দে  এঙামুৰি দি  সেউজীয়া দলিচাখনত  জিলিকি উঠিল৷ শীতৰ লঠঙা ডালত  ওলমি থকা নিয়ৰৰ টোপালবোৰ  এটোপ-এটোপকৈ সৰি পৰিছে  নিশাৰ সমীৰণজাকে  যেন  ফুলবোৰ সিঁচি থৈছে৷ পুৱতি নিশা  কোমল সমীৰণজাকত  বৈ যায় শেৱালিৰ  মিঠা সুবাস  মোৰ সিৰে সিৰে  বৈ যায় তপত প্ৰেমৰ ঢৌ৷ শৰতৰ বোকোচাত উঠি  শেৱালি ফুলাৰ বাটেদি  আহিল শাৰদীয় দুৰ্গা পূজা  আৰু  মনৰ স্মৃতিপটত  সিঁচৰতি কৰি থৈ গ’ল সোণসেৰীয়া অনুভৱবোৰ৷ **********

Read more

আপদীয়া সোঁত-ভনিতা শৰ্মা

’ধপং!!’ কপাহীৰ বুকুখন মোচৰ খাই উঠিল৷ক’ত জানো কিহৰ শব্দ হ’ল!গাৰ কাষৰ জেগাকণ খেপিয়াই চালে৷—“আছে,পোনাকণ গাৰ কাষতে আছে”— বুলি তাই স্বস্তিৰ নিশ্বাস পেলালে৷তাই পোনাকণৰ ফালে কাটি হৈ পিয়াহটো তাৰ মুখত লগাই দিলে৷ঘোৰ টোপনিৰ মাজতো দুবছৰীয়া ল’ৰাকণে পিয়াহটো মুখত লৈ চুপিবলৈ ল’লে লাহে লাহে৷কপাহীৰ চকুত তন্দ্ৰা নামি আহিল৷কিবা এক আৱেশে দেহাটো শাঁত পেলাই দিলে৷তাইৰ চকু দুটি মুদ খাই আহিল৷ প্ৰতিবছৰৰ দৰে এইবছৰো বানে কপাহীহঁতৰ গাওঁখনক নিস্তাৰ দিয়া নাই৷এইবাৰ আকৌ বৰষুণজাক চ’তৰপৰাই আৰম্ভ হৈছিল৷কপাহীহঁতো সেয়ে আগতীয়াকৈয়ে বানৰ উপদ্ৰৱৰপৰা ৰক্ষা পৰাৰ হাজাৰ চিন্তাত মূৰ

Read more

অব্যক্ত-জয়শ্ৰী কলিতা

গোৱা যাত্ৰাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেউতাই তাইৰ লগত চিনাকি কৰাই দিয়াৰ লগে লগে খন্তেক সময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ মই। অন্বেষা! অন্বেষা! দুবাৰমান মনৰ ভিতৰতে নামটো আওৰাই মনত পেলাবলৈ চেষ্টা কৰিলোঁ ক’ত লগ পাইছিলোঁ তাইক! কিছু মুহূৰ্ত মগজুটোক কষ্ট দিয়াৰ পিছত হঠাতে তাহানিৰ স্মৃতি এখিনিয়ে চোঁচা মাৰি আহি স্মৃতিকাতৰ কৰি তুলিলে মোক। এইখনেই! হয়, এইখনেই সেই মুখখন! ল’ৰালি গচকি কৈশোৰত ভৰি দিয়া সময়ত প্ৰিয় বন্ধুৰ পেহীয়েকৰ বিয়াত মাত্ৰ পোন্ধৰ মিনিটমানৰ

Read more
1 71 72 73 74