আন্ধাৰত পোহৰৰ বাট-মমী বৰা

আবতৰীয়া বৰষুণজাকে প্রতিমাৰ পৃথিৱীখন তচ্-নচ্ কৰি পেলালে। পাতলীয়া ধুমুহা এজাকে কোনোমতে লাগি থকা পিছফালৰ চালিখনো এৰুৱাই নিলে। ছাগলীৰ বেবনি, গাই দুজনীৰ হেম্বেলনীয়ে তাইৰ কাণ দুখন তাল মাৰি ধৰে। এনেকুৱা বতৰ হ’লে গৰু-গাই পুহিবৰ মন নাযায়। কিন্তু গৰুৰ গাখীৰকণ, ছমাহে বছৰেকে ছাগলী পোৱালী দুটা বেচাৰ টকাকেইটাই কিমান যে ততৰ মাৰে। পদূলিলৈ ওলাই আহে প্রতিমা। আজি পূব আকাশ মুকলি। খৰধৰকৈ পদূলিমুখত এনেয়ে বগাই থকা নার্জীফুলজোপাৰ পৰা আগকেইটামান ছিঙি ছাগলীৰ গৰালটোলৈ দলিয়াই দিয়ে। হাততে পোৱা বন-পাত-লতাবোৰো বৰকৈ বাঢ়িল এইকেইদিনতে। হেপা মেলি তাৰো দুডালমান

Read more

পুত্ৰস্নেহ-পূৰ্ণিমা শইকীয়া গগৈ

”আজি কালি মই ৰান্ধি দিলে তোৰ পেট নভৰা হ’ল। ইমান বছৰে ময়ে ৰান্ধি খুৱালোঁ। ঘৈণীয়েৰ অহাৰ দুদিন হওঁতেই মই ৰান্ধিব নজনা হ’লোঁ।”   মাকৰ মুখৰ এনেবোৰ কথা শুনি সি বেয়া নাপায়। কিন্তু মাকক বুজাবলৈ গ’লেই তাক ঘৈণীয়েকে শিকাই দিছে বুলি গালি পাৰে। কথাখিনি সদায়ে শুনি শুনি অশান্তি পায় ৰাহুলে। কেনেকৈ বুজায় মাকক। শৈশৱতে দেউতাকক হেৰুৱাই মাকৰ মৰমতে ডাঙৰ হৈছে সি। গোটেই জীৱনটো তাক মানুহ কৰিবলৈ মাকে কি কৰা নাই? সি ভাবে মাকে এতিয়া জিৰণি লওক।কিন্তু মাকে যে এতিয়াও  আগৰদৰেই তাৰ বাবে

Read more

চিঠিখন-বৰষা ডেকা

আহিন মাহৰ শেষ। আকাশত ডাৱৰৰ লুকাভাকু। ৰাতি বাৰ বাজিবলৈ তেতিয়াও পাঁচ মিনিট বাকী। বাহিৰত ধাৰাসাৰ বৰষুণে চোতালখন ধুই আছে, লগতে বিজুলীৰ চমকনি! মাজে মাজে দুই এটা ঢেৰেকণিয়ে পুৰণি ঘৰটোৰ বেৰত কঁপনি তুলিছে। কাৰেণ্ট গ’ল দুঘণ্টামান আগতেই। মই কেৰাচিনৰ লেম্প এটা জ্বলাই পুৰণি কাঠৰ চকীখনত বহি দেউতাৰ ডায়েৰীখন লুটিয়াই আছিলোঁ।  দেউতা ঢুকোৱা দহ বছৰ হ’ল। তেওঁ আছিল এই গাঁৱৰ একমাত্ৰ স্কুলখনৰ হেড মাষ্টৰ। তেওঁৰ মৃত্যুৰ লগে লগে এই ঘৰলৈ চিঠি-পত্ৰ অহাও বন্ধ হ’ল। মানুহে কয়, মৰা মানুহৰ ঘৰলৈ ভাল খবৰ নাহে।

Read more

উত্থান-অৰবিন্দ গোস্বামী

আজি গৰম বন্ধ শেষ।সেয়ে মুনুৰ মনটো একেবাৰে বেয়া।ৰাতি মাকে বাঢ়ি দিয়া ভাতকেইটা খাবলৈ সি বৰ মন নকৰিলে।কিন্তু মাক আৰু দেউতাকে বৰ জোৰ দি ধৰাত সি উপায়বিহীন হৈ কেইটামান খালে যদিও শেষৰফালে কাঁহীত কেইটামান থাকি গ’ল।মাকে তাক ক’লে…… : মুনু,তুমি কাইলৈ স্কুল যাব লাগিব নহয়।দেউতাৰাই তোমাক গৃহকৰ্মখিনি যে কৰাই দিছে,সেইখিনি বাসন্তী বাইদেউক দেখুৱাবা।আৰু পুৱা সোনকালে উঠিব লাগিব কিন্তু।মই কাপোৰ-কানি ধুই শুকুৱাই থৈছো।বহী,কলম,কিতাপ সকলো যোগাৰ কৰি থৈছো। মাকৰ কথাখিনি শুনি মুনুৰ দুখটো আৰু অলপ বেছিকৈ উজাই আহিল।এই গৰম বন্ধত যে সি কত

Read more

বহাগীৰ চিঠি-নমী ফুকন বৰা

এই নীলাঞ্জনা, বহাগৰ নপানীটুপিতে জুবুৰিয়াই ল’বাচোন  এবাৰ  আধা পোৰা কলিজাটো। নিকা হৈ পৰিব  লিকটা মৰা দাগবোৰ, আৰু — আৰু নিঃশব্দে সৰি পৰিব বেদনাৰ তৰপবোৰ। বহাগী পুৱাতেই আঁকি ল’বা পাৰিলে  এমুঠি ৰ’দালীৰ আল্পনা  চাবাচোন সপোনবোৰে পুনৰ গুণগুণাই উঠিব ক’ৰবাৰ পৰা বৈ অহা বতাহ এজাকে শিমলু তুলাৰ দৰে উৰাই নিব সেই পুৰণি দুখবোৰ, দূৰ- দিগন্তলৈ। মনত পুনৰ অংকুৰিত হ’ব  এমুঠি সেউজীয়া আশা।  মাথোঁ হাঁহি এটি বুলাই ৰাখিবা মুখখনিত চাবাচোন বসন্তই  নিজেই লিখি যাব ভালপোৱাৰ অনেক কাহিনী।         *******

Read more

‎‎মৰুতৃণ-সমুজ্জ্বল কাশ্যপ

‎ছোৱালীজনীৰ নাম মৃণালিকা দত্ত। উত্তৰ অসমৰ এখন সৰু গাঁৱৰপৰা আহি মধ্যপ্ৰাচ্যৰ বালিৰে ঘেৰাও কৰি থকা মহানগৰীখনত উপস্থিত হৈছিল, দুচকুত উচ্চ শিক্ষাৰ স্বপ্ন লৈ।  ‎‎তৈলনগৰীত তাইৰ প্ৰথম অনুভৱ……. ‎”আকাশখনৰ ৰংটো মাটিৰ দৰে; ‎ৰ’দখিনি যেন আগ্নেয়গিৰিৰ মুখৰ পৰা ওলাই অহা একুৰা জুই।” ‎‎তাই পঢ়িবলৈ অহা বিশ্ববিদ্যালয়খন আধুনিক, চহৰখনৰ মানুহবোৰো অত্যন্ত ব্যস্ত, কিন্তু মৃণালিকাৰ মনটো সদায় ব্ৰহ্মপুত্ৰৰ পাৰত। মাকৰ হাতৰ জেতুকাৰ গোন্ধ, দেউতাকৰ সন্ধিয়া বাতৰি শুনাৰ অভ্যাস— এইবোৰ স্মৃতি মনত সামৰি, নতুন পৰিৱেশত নিজকে খাপ খুৱাই ল’বলৈ প্ৰথমতে তাইৰ যথেষ্ট কষ্ট হৈছিল যদিও

Read more

স্বৰ্গৰ হাতী আৰু মৰ্ত্যৰ মানুহ-ড°মৃদুস্মিতা ফুকন

এডোখৰ ধুনীয়া ঠাই। চাৰিওফালে কেৱল সেউজীয়া গছ-গছনি, ফুল-পাত-লতা। যিফালে চোৱা যায় সেইফালেই কেৱল সেউজীয়া পথাৰ।সেই সেউজীয়া পথাৰখনৰ লোভতে স্বৰ্গৰপৰা হাতী এটা দিনৌ তালৈ আহে। পুৱাই আহি সি পচন্দমতে সেউজীয়া ঘাঁহ-বন খায় আৰু সন্ধিয়া আকৌ স্বৰ্গলৈ উৰি যায়গৈ। তাৰ এই অহা-যোৱাৰ কথা কিন্তু কোনেও নাজানে। ইফালে তাৰে ওচৰৰ গাঁওখনতে এজন বুঢ়া মানুহ আছিল। তেওঁ বেছি কাম-বন কৰিব নোৱাৰে। সংসাৰত টকা-পইচাৰ অভাৱ। সেয়ে বুঢ়ীজনীৰো ঘৰ চলোৱাত অনেক আহুকাল। এদিন বুঢ়ীয়ে বুঢ়াক ক’লে……. “হাবিলৈ গৈ কাঠ-বাঁহ দুডালমানকে কাটি আনকচোন। তাকে বেচি অন্তত: দুপইচা

Read more

দান আৰু দানৰ মহত্ব-বিজয়া শৰ্মা

আমাৰ ধৰ্ম গ্ৰন্থসমূহত দানৰ মহত্ব সুন্দৰ কৈ বৰ্ণনা কৰি গৈছে। দান কেৱল ধনেই নহয় অন্ন, বস্ত্ৰ, বিদ্যা, জ্ঞান, শ্ৰম, ৰক্ত দান সকলোৱেই দানৰ ভিতৰত পৰে। সংস্কৃতত  দানৰ ওপৰত অসংখ্য শ্লোক আছে। এটা শ্লোকত কোৱা হৈছে…… “অন্ন দানং পৰং দানং বিদ্যা দান মতঃ পৰম্। অন্নেন ক্ষণিকা তৃপ্তি যাৰ্ব জীবং চ বিদ্যয়া।। অন্ন দান পৰম দান, বিদ্যা দান তাতকৈও শ্ৰেষ্ঠ। কাৰণ অন্ন দানৰ দ্বাৰা ক্ষণিক তৃপ্তি হে পোৱা যায়, কিন্তু বিদ্যাৰ দ্বাৰা যেতিয়ালৈকে জীৱিত থাকে তেতিয়ালৈকে তৃপ্তি পোৱা যায়। দান সদায় নিঃস্বাৰ্থ আৰু

Read more

অৱশেষত -পূৰ্ণিমা শইকীয়া গগৈ

দুদিন মানৰপৰা নিজৰাৰ ব্যস্ততা বাঢ়িছে।ঘৰলৈ বহু লোকৰে আগমন ঘটিছে।ঘৰলৈ আলহী আহিলে চাহ, তামোলখন জানো নেযাচিলে হ’ব? তাৰ লগতে দুষাৰমান কথাও পাতিব লাগে। অকলশৰীয়া মানুহজনীয়ে কোন ফালে চাব! আলহী আহিলে অকনমান বহিলে কামবোৰ থাকি যায়। তাতে খাবলৈ নেপালে ছাগলী, হাঁহ, কুকুৰাৰ চিঞৰ।জীৱ লগা বস্তু সিহঁতক আলৈ-আথানি কৰিব নোৱাৰি। সিহঁতৰ বাবেই আজি তাই সুখৰ মুখ দেখিছে। ঘৰখনৰ উপাৰ্জন এই ছাগলী, হাঁহ, কুকুৰাৰপৰাই হয়। মানুহজনৰ মৃত্যুৰ পিছত ছবছৰীয়া ৰজতৰ সৈতে কমখন অসুবিধাত পৰিছিল নে! এসাঁজ খালে আন সাঁজলৈ চিন্তা। কাৰোবাৰ ঘৰলৈ গ’লেও সকলোৱে তাইক

Read more

ৰঙালী বিহুৰ ঐতিহ্য পৰম্পৰাৰ এক চমু আভাস-বৰষা ডেকা 

বিহু হ’ল চহা জীৱনৰ সৈতে সম্পৰ্ক থকা অসমৰ এটি উৎসৱ৷ তিনিটি বিহুৰ অন্যতম অসমীয়াৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ

Read more
1 2 3 4 5 6 81