স্থিৰ বৰ্ত্ম-মাৰ্কণ্ড কিশোৰ কৌশিক

মাটিৰ বুকু ফালি দুডাল ফটা শিৰাৰ দৰে শুই থকা অনন্ত ৰে’ল ট্ৰেকডালৰ পাৰত, এক নিমাওমাও উপনগৰীয় ষ্টেচন। আকাশখনক যেন দুপৰীয়াৰ সূৰ্যৰ এটা ক্ৰোধিত চকুৱেহে চাই আছে।বতাহত কোনো প্ৰাণ নাই।জৰুৰী কাম নথকা মানুহৰ বাবে এইয়া জিৰণি লোৱা সময়। কিন্তু দুজন পুৰুষ, অৰূপ আৰু মানস, সেই পুৰণি কাঠৰ বেঞ্চখনত বহি আছিল।জেঠমহীয়া প্ৰখৰ ৰ’দে তেওঁলোকৰ কপালেৰে ঘাম বিৰিঙাই তুলিছে। তেওঁলোক দুয়োজনৰে মুখত ভাগৰতকৈ বেছি গভীৰ কিবা এক অস্তিত্বৰ, শূন্যতাৰ চাপ হে পৰিছিল।অৰূপৰ পিন্ধনত আছিল এটা বগা টি-চাৰ্ট, বুকুৰ ঠাই ডোখৰত ডাঙৰ-ডাঙৰ ক’লা আখৰেৰে লিখা আছিল- “আই এম টাইম্, টাইম ইজ্ ইনেৱিটেবল”, আৰু তলত এটা ক’লা ট্ৰেক পেণ্ট। ভৰিত এযোৰ জোতা, পিছে জোতাযোৰৰ ফিতা কেইডাল চুটি, বান্ধি ল’ব খুজিলেও নোজোৰে। মানসৰ গাত আছিল ক’লা কুৰ্তা আৰু পাইজামা।ভৰিত এযোৰ অতি পুৰণি চপ্পল;নিতৌ পৰিধান কৰাৰ ফলত চপ্পলযোৰত মানসৰ ভৰিৰ চাপ অংকিত হৈ গৈছে। তেল, ধূলি-মাকতিৰ ডাগবোৰে এসময়ৰ বগা চপ্পলযোৰ মলিয়ন কৰি পেলালে।

বেঞ্চখনৰ কাঠৰ গাঁথনিবোৰ পুৰণি আৰু তেওঁলোকৰ চাৰিওফালে থকা নিস্তব্ধতাটো ইমানেই ঘন আছিল যে ই যেন নিজেই এটা চৰিত্ৰ।এই নিস্তব্ধতাক ভাঙিছিল কেৱল মাজে মাজে পাৰ হৈ যোৱা ৰে’লৰ শব্দই। হঠাৎ দূৰৰপৰা এক গগনভেদী হাঁহাকাৰ শুনা গ’ল।বিশালাকাৰ, মালবাহী ৰে’ল এখন দৈত্যৰ দৰে ট্ৰেক ফালি তেওঁলোকৰ আগেৰে পাৰ হৈ গ’ল।লোহাৰ চকা আৰু ট্ৰেকৰ মাজৰ ঘৰ্ষণে যেন পৃথিৱীখন কঁপাই তুলিলে।বতাহে কঢ়িয়াই অনা তপ্ত ডিজেলৰ গোন্ধ, ধূলি আৰু পুৰণি লোহাৰ তীক্ষ্ণ শব্দই তেওঁলোকৰ কথাবোৰ ক্ষণিকৰ বাবে বন্ধ কৰি দিলে।ৰে’লখন পাৰ হৈ যোৱাৰ পিছতো সেই শব্দৰ অনুৰণন তেওঁলোকৰ কাণত আৰু বুকুৰ ভিতৰত বহু সময়লৈ বাজি থাকিল — ঝক্-ঝক্, ঝক্-ঝক্, ঝক্-ঝক্। অৰূপে এটা দীঘল নিশ্বাস এৰি ট্ৰেকডাললৈ চাই ৰ’ল।

অৰূপ: মানস, ক’লৈ গৈ আছে অ’ এইবোৰ ৰে’ল?ক’ৰ পৰা আহিছে?একেটা ট্ৰেকতে যেতিয়া হাজাৰ হাজাৰ ৰে’ল চলে, তেতিয়া ট্ৰেকডালো ক্লান্ত নহয় নে?সি কেৱল সহি গৈ আছে, সহি গৈ আছে… তাৰ শেষ ক’ত?ই নিজকে কেনেকৈ ধৰি ৰাখিছে?

মানস: ট্ৰেকৰ ভাগৰ নালাগে, অৰূপ। ট্ৰেকৰ একো আশা নাই, নাই কোনো লক্ষ্য।ই কেৱল এটা পথ, যিটোৱে আমাক আমাৰ ভ্ৰমণৰ বিভ্ৰমত ৰাখে।ভাগৰ লাগে আমাৰ।যিবোৰে সেই ট্ৰেকৰ ওপৰেৰে আমাৰ জীৱনৰ ৰে’লখন দৌৰাই লৈ ফুৰোঁ।আমি প্ৰতিদিনে সেই একেই ট্ৰেকত দৌৰি ফুৰোঁ।কিন্তু গন্তব্যস্থান আজিও অজ্ঞাত।

অৰূপ: ঠিক কৈছা। অজ্ঞাত। কিয় দৌৰিছোঁ, কিয় থমকিছোঁ? ইমান কোলাহল। ইমান প্ৰচেষ্টা। কিহৰ বাবে? এই পৃথিৱীখনত মানুহৰ এই অস্থিৰতা সহ্য কৰিবলৈ টান পাওঁ। মই মানুহ বেয়া পাওঁ । এই পৃথিৱীৰ পৰিসৰত এটা পৰজীৱীহে আমিবোৰ।মানুহ বৰ স্বাৰ্থপৰ।তুমি মানুহে ঢুকি নোপোৱা দূৰণিত প্ৰকৃতিৰ ঠাইবোৰ দেখিছা?তুলনা কৰাচোন মানুহ থকা ঠাইবোৰৰ লগত।কি দেখিবা? কেৱল ধ্বংস আৰু লোভৰ কদৰ্য ৰূপ। ইহঁতৰ স্বাৰ্থ পূৰণৰ দৌৰত প্ৰকৃতিও যেন ক’ৰবাত অসহায়!

মানস: তুমি মানুহৰ স্বাৰ্থপৰতাক তাৰ অস্তিত্বৰ তাড়না বুলিও চাব পাৰা, অৰূপ। প্ৰতিখন ৰে’লে তাৰ গন্তব্যস্থানলৈ দৌৰিছে—সেইটোৱেই তাৰ ‘স্বাৰ্থ’।আমাৰ জন্মৰপৰা মৃত্যু পৰ্যন্ত, আমাৰ জীৱনবোৰো একেই ট্ৰেকত থকা বেলেগ বেলেগ ৰে’লৰ দৰে। কিছুমান পাৰ হৈ যায়, কিছুমান আমাৰ সমান্তৰালকৈ চলে। আমি কিয় চলিছোঁ?সেই উত্তৰটো পাবলৈ আমি ৰৈ থাকোঁ। এই ষ্টেচনৰ বেঞ্চখনৰ দৰে।

অৰূপ: গডোটৰ বাবে অপেক্ষা কৰি থকাৰ দৰে? যি কেতিয়াও নাহে?

মানস: (হুমুনিয়াহ কাঢ়ি) হম্। গডোটৰ দৰে। আমি আশা কৰোঁ যে এদিন এখন ৰে’লে আমাক নিজৰ ভিতৰলৈ লৈ যাব। আত্মানুসন্ধানৰ বাট বিচাৰি দিব।কিন্তু আমি পাহৰি গৈছোঁ যে কেৱল ৰে’লৰ চকাৰ শব্দহে আহে — ঝক্-ঝক্, ঝক্-ঝক্।যাত্ৰা আৰম্ভ নহয়। লক্ষ্যস্থানটো বাহিৰত নহয়। ট্ৰেকৰ ওপৰত থকা এই অপেক্ষাটোৱেই আছিল। এই অপেক্ষা, যাৰ কোনো ইতি নাই। সৌৱা চোৱাচোন, দূৰণিৰ ক্ষিতিজত টিপ্ টিপ্ কৰি থকা ৰঙা আৰু হালধীয়া লাইটৰ পোহৰটো। আমাৰ লক্ষ্য কিজানি তাতেই!

দুয়ো কিছু সময় সেই লাইটবোৰৰ ফালে চাই থাকিল । নিৰন্তৰ টিপ-টিপাই থকা লাইটবোৰেনো কি সূচায় ? তাৰ পিছত তেওঁলোকে পুনৰ ট্ৰেকডালৰ পিনে চালে। ট্ৰেকডালে তেওঁলোকৰ পিনে চাই এক বিদ্রূপাত্মক হাঁহি মাৰি থকা যেন লাগিল।

অৰূপ: আৰু যদি সেই উদ্দেশ্যটো কেতিয়াও নাহে? যদি ৰে’লখন নিজেই লক্ষ্য হয়, ট্ৰেকডাল নহয়, নতুবা সেই লাইটবোৰো নহয়? তেতিয়া আমি ক’ত যাম?

মানস: (দীঘলকৈ উশাহ লৈ, চকুত এক গভীৰ বিষাদ লৈ) তেতিয়া আমি এই বেঞ্চখনতে বহি থাকিম। ট্ৰেকৰ নিচিনাকৈ। কেৱল এটা পথ হৈ…  ।সকলো ৰে’লক নিজৰ ওপৰেৰে পাৰ হৈ যাবলৈ দিম। হয়তো সেইটোৱেই আমাৰ অস্তিত্ব।অইনৰ যাত্ৰাৰ বাবে এটা ভেটি।

অৰূপ: (হঠাৎ, যেন মনত পৰিল) যিহেতু কোনো ৰে’ল আহা নাই… ব’লা মানস। আমি যাওঁ। আন এটা ষ্টেচনলৈ।

মানস:(নিৰ্বিকাৰভাৱে) যাম নে?

অৰূপে বেঞ্চখনত থিয় হ’বলৈ চেষ্টা কৰিলে। তেওঁৰ শৰীৰটো যেন বেঞ্চৰ কাঠৰ লগত মিলি গৈছে। বেঞ্চৰ কাঠবোৰে যেন তেওঁক খামোচ মাৰি ধৰিছে। তেওঁ থিয় হ’ব নোৱাৰি পুনৰ বেঞ্চত বহি পৰিল।

অৰূপ: (দুয়োখন হাতেৰে মূৰটো ধৰি) মই যোৱাৰ কথা কৈছোঁহে, কিন্তু যাব পৰা নাই।

মানস: (একেবাৰে শান্ত, ট্ৰেকডাললৈ চাই) আমি ট্ৰেকডালৰ নিচিনাই। এইখিনিতে আমাৰ শেষ যাত্ৰাটোৱে আমাক এৰি থৈ গ’ল।

এনে লাগিছিল যেন তেওঁলোক দুয়োজন সেই বেঞ্চখনৰ সৈতে চিৰদিনৰ বাবে বান্ধ খাই গৈছে। দুয়োৰ মাজত আকৌ এক গভীৰ, অথচ ভয়ংকৰ নিস্তব্ধতা। সূৰ্যটোৱে লাহে-লাহে পশ্চিমলৈ হেলান দিছে।কিন্তু ট্ৰেকডালত কোনো ৰে’ল নাই। ৰে’ল অহাও নাই । উকিবোৰ শুনা নাই। হয়তো আৰু কেতিয়াও নাহিব।

*******

One comment

  • গীতা মণি দত্ত ।

    বৰ সুন্দৰ গল্প ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *