সাক্ষাৎকাৰ
(‘চান্দেৰ নগৰ’ নামৰ অনুবাদ গ্ৰন্থৰ স্ৰষ্টা, ‘মৌচাক’ৰ এগৰাকী অন্যতম লেখিকা, কিৰণ তামুলী শিশু সাহিত্য পৰ্যালোচনা বঁটাপ্ৰাপক,শিশু সাহিত্যিক ববিতা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ।সাক্ষাৎকাৰটি যুগুতাইছে সমীৰণ শৰ্মাই) সমীৰণ: বাইদেউ নমস্কাৰ। আমাৰ “শব্দচিত্ৰ” গোটৰ তৰফৰ পৰা আপোনালৈ ৰঙালী বিহু তথা অসমীয়া নববৰ্ষৰ ওলগ জনালোঁ। বাইদেউ, আমি প্ৰথমতে আপোনাৰ জন্ম তথা পিতৃ-মাতৃৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ। ববিতা শৰ্মা: নমস্কাৰ।মোৰ ফালৰ পৰাও ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্যকে ৰঙালী বিহুৰ ওলগ জনালোঁ। লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। মোৰ জন্ম হৈছিল অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত।
Read more