সংখ্যাটোৰ আঁৰৰ কথা

জুলাই মাহৰ শেষৰ সপ্তাহত আবেলি সময়ত শব্দচিত্ৰ গোটৰ মুখ্য প্ৰসাশক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামী ডাঙৰীয়াই মোক ফোন কৰিছিল ,কিন্তু মই সভা এখনত ব্যস্ত থকা বাবে ফোনটো ধৰিব নোৱাৰিলোঁ। ঘৰ পাই তেখেতলৈ ফোন কৰাত ক’লে…..

“আপোনাক অক্টোবৰ মাহৰ পুজা সংখ্যাৰ আলোচনী খনৰ সম্পাদনাৰ দায়িত্ব অৰ্পণ কৰিলে আপোনাৰ কিবা আপত্তি থাকিব নেকি?”

মই অলপ সময় তভক মাৰিলোঁ, তেখেতে সম্ভৱ বুজি পালে মই উত্তৰটো তেতিয়া দিব বিচৰা নাই। তেখেতে সময় দিলে মোক উত্তৰটো দিবলৈ। বিভিন্ন ঘৰুৱা ব্যস্ততাৰ লগতে সামাজিক কাম কিছুমানত লাগি থাকোঁ বাবে আলোচনী এখনৰ সম্পাদনাৰ কাম কৰিবলৈ  অলপ ভয় কৰিছিলোঁ। 

সৰু ল’ৰাৰ পৰীক্ষাৰ বাবে মই অলপ দিনৰ বাবে তাৰ লগত দুলীয়াজানত থাকিব লাগিব,তাত মোৰ সময়ৰ অভাৱ নহয়।সেয়ে তেখেতক পাৰিম বুলি কলোঁ। পাৰিম বুলি কলোঁ যদিও কেতিয়াও “ই আলোচনী”সম্পাদনা কৰি পোৱা নাছিলোঁ বাবে  ভয় কৰিছিলোঁ। কিন্তু গোস্বামী ডাঙৰীয়াই সাহস দিয়া বাবে ভাল লাগিছিল। তেখেতৰ কথা মই গোটৰ প্ৰশাসক মোৰ বান্ধৱী উপাসা ভাগৱতীক কলোঁ আৰু তেতিয়া তেওঁ মোক ক’লে, 

“একো চিন্তা কৰিব লগা নাই। তই লেখাবোৰ সংগ্ৰহ কৰি বৰ্ণাশুদ্ধি কৰিবলৈ দিলেই হ’ল, বাকী সকলো কাম অৰবিন্দ গোস্বামীয়ে কৰিব।”

গোস্বামীয়ে মই আছোঁ,, মই মিলাই লম বুলি দিয়া কথাৰ সাহসতে আলোচনী খনৰ সম্পাদনাৰ বাবে আগবাঢ়িলোঁ। 

কিন্তু দুৰ্ভাগ্য যে গ্ৰুপত লেখা বিচাৰি আহ্বান জনোৱাৰ দিনটোতে অৰ্থাৎ ১৯ চেপ্তেম্বৰত অসম স্তব্ধ কৰা এক অপ্ৰত্যাশিত ঘটানাই সকলো স্থবিৰ কৰি পেলালে। 

অসমৰ হিয়াৰ আমঠু হেৰাই যোৱা প্ৰায় এমাহ হোৱাৰ পিছত গোস্বামীয়ে ফোন কৰি ক’লে যিহেতু আলোচনীখন পূজা সংখ্যাৰ আছিল,সেয়ে অক্টোবৰৰ শেষৰফালে প্ৰকাশ কৰিব পাৰিলে ভাল আছিল,আপুনি গ্ৰুপত লেখা আহ্বান জনাই গোহাৰি প্ৰকাশ কৰক।পুনৰ গ্ৰুপত লেখা আহ্বান জনাই গোহাৰি প্ৰকাশ কৰিলো।

প্ৰাণৰ শিল্পী গৰাকীৰ অকাল মৃত্যুৱে সকলোৰে মনবোৰ অস্হিৰ কৰা বাবে সম্ভৱ লেখাবোৰ কিছু দিন অহা নাছিল।‌লাহে লাহে লেখাবোৰ আহিবলৈ লোৱাত ভাল লাগিল।ময়ো যিহেতু কম বেছি পৰিমাণে লিখা মেলাৰ লগত জড়িত হৈ থাকোঁ,সেয়ে মোৰ ভাল লগা দুগৰাকী মান বিশেষ লেখক-লেখিকাৰপৰা কিছু লেখা সংগ্ৰহ কৰিলোঁ। এই চেগতে “ই আলোচনী জীৱন জিজ্ঞাসা” লৈ প্ৰেৰণ কৰা আপোনালোকৰ সাৰগৰ্ভ লেখা সমূহৰ বাবে প্ৰত্যক গৰাকী সন্মানীয় লেখক-লেখিকাক আন্তৰিকতাৰে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া লেখাসমূহৰ বাবে আলোচনী খন সোণত সুৱগা চৰিছে ।

গ্ৰুপৰ লগতে আলোচনীখনৰ আঁৰৰ মুখ্য ব্যক্তিগৰাকী হৈছে অৰবিন্দ গোস্বামী ডাঙৰীয়া।তেখেতে স-হৃদয়ে আলোচনীখন প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহা বাবে ইমান এখন সুন্দৰ আলোচনী এখন প্ৰতি তিমি মাহৰ মূৰে মূৰে প্ৰকাশ পাবলৈ সক্ষম হৈছে। আলোচনীখনৰ প্ৰতিটো কাম নিজেই মূৰ পাতি লৈ সুন্দৰভাৱে গোটেই কামখিনি আমাক অকণো চিন্তা কৰিবলৈ নিদিয়াকৈ কৰি দিয়াৰ বাবে গোটৰ মুখ্য প্ৰশাসক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ হৈ ৰলোঁ।

অৰবিন্দ গোস্বামী ডাঙৰীয়াৰ পৰামৰ্শ মতে সংগ্ৰহিত লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ কৰিবৰ বাবে তেখেতে দিয়া ফোন নম্বৰ সমূহত যোগাযোগ কৰিলোঁ। শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউ ,কংকনা গোস্বামী,বৰষা ডেকা, ববিতা শৰ্মা,মাতু কুকুৰাছোৱাৰ লগত হোৱাটছএপ মেচেজতে লেখা সমূহ দিবলৈ অনুমতি ললোঁ। তেখেত সকলে আগ্ৰহৰে লেখাসমূহ পঠিয়াবলৈ কোৱাত সুখী হলোঁ।অতি কম সময়ৰ ভিতৰতে প্ৰত্যেকগৰাকীয়ে লেখা সমূহ চাই দিলে।নিজৰ বিভিন্ন কৰ্ম ব্যস্ততাৰ মাজতো তেখেতসকলে নিজৰ বহুমূলীয়া সময় নষ্ট কৰি লেখা সমূহ চাই দিয়া বাবে আটাইকে হৃদয়ৰ নিভৃততম কোণৰ পৰা ধন্যবাদ ও কৃতজ্ঞতা জনাইছোঁ। 

ই আলোচনী খন প্ৰকাশৰ ক্ষেত্ৰত নীৰৱে কাৰিকৰী দিশটো সুন্দৰভাৱে সম্পন্ন কৰি দিয়া আন এজন ব্যক্তি হৈছে দেৱজিত শৰ্মা।তেখেতে এই কামসমূহ কৰি নিদিয়া হ’লে আলোচনীখনে প্ৰকাশৰ মুখ কেতিয়াও নেদেখিলেহেঁতেন।কাৰিকৰী বিভাগৰ সকলোখিনি দায়িত্ব পালন কৰি আলোচনীখন প্ৰকাশ উপযোগী কৰি তোলা বাবে এই ছেগতে শ্ৰদ্ধাৰ দেৱজিত শৰ্মা ডাঙৰীয়াক হৃদয়ৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ই আলোচনীখনৰ বেটুপাতটো আকৰ্ষনীয় ভাৱে সজাই তোলা বাবে শ্ৰদ্ধাৰ প্ৰাঞ্জল বৰা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।

ই আলোচনী সম্পাদনা কৰাৰ পূৰ্বে কোনো অভিজ্ঞতা নাছিল, যথেষ্ট ভয় শংকা হৈছিল আগবাঢ়িবলৈ, কিন্তু অৰবিন্দ গোস্বামী ডাঙৰীয়া,উপাসা ভাগৱতী আৰু গোটৰ সমূহ প্ৰশাসক আৰু সদস্য -সদস্যা বৃন্দই আগবঢ়োৱা সহায়-

সহযোগিতা,অনুপ্ৰেৰণা,উৎসাহ-উদ্দীপনা, আৰু আমাৰ ওপৰত থকা বিশ্বাসে মোৰ ভয় শংকা নোহোৱা কৰি সম্পাদকৰ দৰে এটা গুৰু দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাই আগুৱাই যাবলৈ সাহস দিলে।এই ছেগতে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাই কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ।

যি সকল ব্যক্তিয়ে ই আলোচনীখন প্ৰকাশৰ আৰঁত থাকি সু-দিহা পৰামৰ্শ আৰু সৰ্বতোপ্ৰকাৰে  অৰিহণা যোগালে   সেইসকল সুহৃদ ব্যক্তিৰ কষ্ট তথা চেষ্টাৰ আন্তৰিকতাৰে শলাগ লৈছোঁ। 

ই-আলোচনী ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ক শুদ্ধভাৱে প্ৰকাশ কৰিবলৈ এশ শতাংশ চেষ্টা কৰিছোঁ যদিও মানুহ মাত্ৰেই ভুল হয়।সীমিত জ্ঞানৰে আলোচনীখন সম্পাদনা কৰিবলৈ যাওঁতে আমাৰো ভুল-ভ্ৰান্তি হোৱাটো স্বাভাৱিক।অনাকাংক্ষিত ভুল-ত্ৰুটিৰ বাবে শেষত আপোনালোকৰ ওচৰত কৰযোৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ ।

আজিৰ এই শুভক্ষণত ই-আলোচনী ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ আপোনালোকৰ বাবে আগবঢ়ালোঁ।ই- আলোচনীখন পঢ়ি ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দি গঠনমূলক পৰামৰ্শ আগবঢ়ালে অনাগত দিনত ভুল বোৰ শুধৰাই আলোচনীখন শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ সহায় হ’ব।

সদৌ শেষত কোনো লেখক-লেখিকাৰ লেখা যদি ভুলক্ৰমে প্ৰকাশিত নহ’ল,তাৰ বাবে কৰযোৰে ক্ষমা বিচাৰিছো।সকলোকে পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 

 

‘শব্দচিত্ৰ ফেছবুক গোট’ৰ এই যাত্ৰা বোৱতী নদীৰ দৰে বৈ থাকক লগতে গোটৰপৰা প্ৰাকাশিত ই আলোচনী খনৰ জয় যাত্ৰা আগন্তুক দিনতো অক্ষুন্ন থাকক,তাকে কামনা কৰিলোঁ।

জয়তু ‘শব্দচিত্ৰ -জীৱনৰ ক’লাজ’।

ধন্যবাদেৰে……..

নিবেদিতা শৰ্মা 

সম্পাদিকা

শব্দ চিত্ৰ জীৱন জিজ্ঞাসা

(চতুৰ্থ বৰ্ষ,চতুৰ্থ সংখ্যা)

One comment

  • Alright guys, I gotta say, sv3888app is where it’s at for some serious cockfighting action. The app’s smooth, easy to navigate, and the odds are pretty sweet. Definitely worth checking out if you’re into this kinda thing. Check them out here: sv3888app

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *