হুঁচৰি, বিহুনাম আৰু ইয়াৰ আঙ্গিকতা-জয়ন্ত গগৈ
অসমৰ হেঁপাহৰ ৰঙালী বিহুৰ এক অবিচ্ছেদ্য অংগ হ’ল হুঁচৰি।অসমীয়া লোক-সংস্কৃতিৰ প্ৰাণস্পন্দন বিহুৰ লগত হুঁচৰি আৰু বিহু নামৰ সম্পৰ্ক অতি গভীৰ আৰু অবিচ্ছেদ্য। হুঁচৰি কেৱল বাদ্য-নৃত্য নহয়, ই অসমীয়া সমাজৰ পৰম্পৰাগত অনুশাসন, ভক্তি আৰু আনন্দৰ এক সুন্দৰ মিশ্ৰণ। হুঁচৰি পৰিৱেশনৰ এক নিৰ্দিষ্ট পৰম্পৰাগত আঙ্গিক বা শৈলী আছে। সামাজিক সমন্বয় ,জাতীয় ঐতিহ্য, মানৱীয় প্ৰমূল্য আদি হুঁচৰিত আছে বাবেই হুঁচৰিয়ে জাতি-বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমীয়া সমাজক একেলগে বান্ধি ৰাখে।গৃহস্থৰ ঘৰলৈ গৈ পৰস্পৰৰ মাজত মৰম-চেনেহ আৰু মান-সৎকাৰ বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য। হুঁচৰি পৰিৱেশন কৰোঁতে
Read more