হুঁচৰি, বিহুনাম আৰু ইয়াৰ আঙ্গিকতা-জয়ন্ত গগৈ

অসমৰ হেঁপাহৰ ৰঙালী বিহুৰ এক অবিচ্ছেদ্য অংগ হ’ল হুঁচৰি।অসমীয়া লোক-সংস্কৃতিৰ প্ৰাণস্পন্দন বিহুৰ লগত হুঁচৰি আৰু বিহু নামৰ সম্পৰ্ক অতি গভীৰ আৰু অবিচ্ছেদ্য। হুঁচৰি কেৱল বাদ্য-নৃত্য নহয়, ই অসমীয়া সমাজৰ পৰম্পৰাগত অনুশাসন, ভক্তি আৰু আনন্দৰ এক সুন্দৰ মিশ্ৰণ। হুঁচৰি পৰিৱেশনৰ এক নিৰ্দিষ্ট পৰম্পৰাগত আঙ্গিক বা শৈলী আছে। সামাজিক সমন্বয় ,জাতীয় ঐতিহ্য, মানৱীয় প্ৰমূল্য আদি হুঁচৰিত আছে বাবেই হুঁচৰিয়ে জাতি-বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমীয়া সমাজক একেলগে বান্ধি ৰাখে।গৃহস্থৰ ঘৰলৈ গৈ পৰস্পৰৰ মাজত মৰম-চেনেহ আৰু মান-সৎকাৰ বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য।  হুঁচৰি পৰিৱেশন কৰোঁতে

Read more

ভালৰ ধৰ্ম-বেয়াৰ ধৰ্ম-সুৰেন গোস্বামী

যিয়ে ভালটো কি নাজানে,  সিনো কেনেকৈ বুজিব হেৰা বেয়াটো কি? তাৰ মতে বেয়াই ভাল, ভালেই বেয়া। সি বেয়া কথা কৈ ভাল পায়, ভাল কথাক বেয়া ভাবি বেয়া গালি দিয়ে; বেয়া মাত মাতে, বেয়া বাক্য লিখে,                     ভালক পাৰে বেয়া গালি, বেয়াই তাৰ ভাল। তাক বেয়া বুলিলেই বেয়া পায়, তাৰ ভুল ধৰি শুদ্ধকৈ ক’লে সি সহ্য নকৰে, সেয়াই তাৰ ধৰ্ম, সেয়াই তাৰ ব্যক্তিত্ব,  সেয়াই তাৰ চৰিত্ৰ ভালৰ আগত।   ভালে মনে মনে পথেৰে গ’লে, গাঁ‌ৱৰ এজাক কুকুৰে একেলগে ভোকে, সেয়াই সিহঁ‌তৰ ধৰ্ম,

Read more

সি আজিও নাহিল-সমীৰ কাশ্যপ বৰা

পৃথিৱীখনে কত দিন যে বৰষুণৰ মুখ নেদেখাকৈ পাৰ কৰি ধূলিময় হৈ পৰিছিল তাৰ হিচাপ নাই। অপেক্ষা শেষ কৰি ফাগুনৰ শেষত অহা বৰষুণছাটিয়ে যেন সকলো সলনি কৰি দিলে। এতিয়া কেৱল মাথো বৰষুণ, বেলিটিও ভালকৈ নেদেখা বহুদিনেই হ’ল। বৰষুণজাক বৰ আচৰিত, নহয়নে! নহাকৈয়ো বহুদিন থাকে আৰু আহিলেও যাবলৈকে পাহৰে।পৃথিৱীখনেও যেন এতিয়া নিজৰ বৰণ সলাবলৈ  হয়তো বৰষুণৰ অপেক্ষাতেই আছিল। ফাগুনে লঠঙা কৰা বিৰিখত এতিয়া লাহে লাহে বসন্তৰ কোমল বসন। বসন্তৰ আগমনিৰ বতাহজাক লাগিলেই গাঁৱৰ কোনোবা এটি প্ৰান্তৰ পৰা ভাহি অহা ঢোলৰ ৰগৰে গাঁৱৰ

Read more

ব’হাগ অহাৰ বতৰা-মণি গোস্বামী

এজাক পখীৰ কুঞ্জনত সাৰ পাই উঠিল ‎এটি বিষণ্ন গধূলি। ‎নীলিমাৰ বুকুত ডেউকা কোবাই ‎পাহাৰৰ দাঁতিয়েদি নীড়মুখী পখীজাকে ‎বতৰা বিলাইছিল ব’হাগ অহাৰ। ‎ৰ’দে পোৰা পথাৰে আকাশলৈ চাই আছিল কিজানিবা ধৰিত্ৰীৰ বুকুত সৰি পৰে ‎মেঘালীৰ আতুৰতা। ‎ব’হাগ অহাৰ উছাহত কুঁহিপাতৰ স’তে গোপনে আলাপ কৰিছিল মৌপিয়াজাকে। ‎গধূলিৰ জোন গলা সময়ত  ‎বসন্তৰ কোমল পৰশত ‎নাহৰৰ নতুন পাতে সুহুৰি বজায় উলাহতে। ‎আৰু ঠিক তেতিয়াই ‎ডাৱৰ আৰু জোনাকৰ আলিংগনত ‎ধৰালৈ নামি আহে বৰদৈচিলাজাক ‎ব’হাগ অহাৰ বতৰা দিবলৈ। প্ৰকৃতিৰ বুকু ভৰাই ঢোলে ডগৰে  ‎বৰপীৰা পাৰি ল’লে পৃথিৱীৰ

Read more

ময়ুৰীৰ বিয়া-কুমকুম শৰ্মাবৰুৱা 

ময়ুৰীৰ বিয়া ঠিক হৈছে।ল’ৰাজন অ’.এন.জি.চি.ৰ অভিযন্তা।স্বভাৱে-চৰিত্ৰই ল’ৰা ভাল।ঘৰখনৰ সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।উপযুক্ত বয়সত ছোৱালী উলিয়াই দিব পাৰিলে সকলোৱে ভাল পায়।গতিকে ময়ুৰীৰ মাক-দেউতাকে ভাল পোৱাটো স্বাভাৱিক।মাকে কিছু দুখো নকৰা নহয়।ময়ুৰী পেটমোচা আদৰুৱা ছোৱালী।ঘৰখন উদং হ’ব। ময়ুৰী আনন্দত উত্ৰাৱল হৈ উঠা নাই।তাইক দেখিলে কিবা উদাসীন হৈ মনটো মাৰি থকা যেনহে দেখি।ময়ুৰী ভিতৰি ভিতৰি এক আশংকাত ভুগিছে।ল’ৰাজনক তাই মাত্ৰ দুদিন অলপ অলপ সময়ৰ কাৰণেহে লগ পাইছে।ভয়ে-সংকোচে সোধা কথা কেইষাৰৰ উত্তৰ মাথোঁ দিছে। “চাকৰি এটা পাব লাগিব,নম্বৰ পাতি কেনেকুৱা….”…..ইত্যাদি ইত্যাদি। শদিয়াৰ ফালৰ এখন বৰ

Read more

সাগৰ মন-সমীৰ কাশ্যপ বৰা

পুখুৰীৰো এটি সাগৰ মন থাকে সাগৰ বিশাল! শেষ সীমাৰ দূৰত্ব অদূৰ… অথচ পুখুৰীৰো এটি সাগৰ মন থাকে। বুকুত পানীৰ ভৰ লৈ পুখুৰীয়েও ভাবে মই জানো সাগৰ হ’ব নোৱাৰোঁ!  জন আলাপৰ তীৰ্যক দৃষ্টি দেখি সামৰি লয় ঔদাস্য হাঁহি…   হুমুনিয়াহৰ আত্ম বুজনিত বাৰে বাৰে মন ভাঙে, অথচ আকাশ খন সন্মুখত! নিঃকিন ভাৱৰ বিশ্বাসৰ উত্তৰ মই সাগৰ ন’হব পাৰোঁ! অথচ মোৰো সাগৰ এটি মন। উত্তাল ঢৌ প্ৰকাণ্ড লহৰৰ সাগৰৰ ধেমালি দেখি অলস্য ভাৱে পুখুৰীয়েও কয়  ক্ষুদ্ৰ এটি ভৰুণ গতি মোৰ বুকুতো সমাৱেশ 

Read more

ভাগৰ-ববিতা শৰ্মা

আজি কিছুদিনৰ পৰা শঙ্কৰ বৰুৱাৰ যেন ভাগৰটো বেছি হৈছে । ভাগৰতে লৰচৰ কৰিবলৈকে মন নাযায়। এৰি অহা সময়ৰ অলেখ ভাৱে মনত জুমুৰি দি ধৰে। দিনটোৰ সৰহভাগ সময় তেওঁ আগফালৰ আৰামী চকীখনত বহি বহি বিস্মৃতিয়ে ম্লান কৰিব নোৱাৰা কিছুমান স্পষ্ট-অস্পষ্ট স্মৃতিৰ লগত খেলা কৰিয়েই সময় কটায়। তাৰ বাহিৰে ঘৰখনত বা সমাজত তেওঁৰ প্ৰয়োজনেই বা কি? স্থানীয় মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শঙ্কৰ বৰুৱা জীৱনাকাশৰ আজি এক অস্তমিত সূৰ্য। সময়ে নিসংগ কৰা এজন বৃদ্ধ ব্যক্তি। শঙ্কৰ বৰুৱাই মানুহৰ সংগ বৰ ভাল পাইছিল।

Read more

ছাঁ-কুশল মহন্ত

আন্ধাৰৰ মাজে মাজে ঘূৰি ফুৰা অবয়ৱবোৰৰ শুকান মুখখনৰ অমৰা গুটি সদৃশ চকুযুৰিত, সেয়া কিহৰ চাৱনি? ভোক!  নে , আন কিবা ? সিহঁতৰ কামিহাড় আঁজুৰি হৃদযন্ত্ৰৰ তেজ পিবলৈ ৰৈ থকা শিয়ালে আন্ধাৰৰ সুযোগতে সিহঁতৰ মুখত ঢালি দিয়ে একলহ নিচা। এতিয়া সিহঁত দিকভ্ৰষ্ট ! সকলো হেৰুৱাই , অলিয়ে -গলিয়ে আন্ধাৰত খেপিয়াই ফুৰে নিজৰ ছাঁ । আৰু , ওখ দেৱালৰ সিপাৰে  ক্ৰমাৎ, আন্ধাৰত বিলীন হয়,  আন এটি ছাঁ .. গোপনে। *******

Read more

প্ৰেমিকাৰ নাম ব’হাগী-ড০ ববিতা বৰ্মন

সোণজনী, ব’হাগ পালেহি জানিছানে নাই? তোমাৰ চেনায়ে যে আছে বাট চাই   মুগা সাজ পিন্ধি বিহুতলীলৈ আহিলে, ৰিহাৰ ভাঁ‌জতেই নাচনীৰ জোখ-মাপ ল’ম কাজল সনা দুচকুত হৃদয়ৰ খবৰ সুধিম জেতুকা সনা দুহাতত গামখাৰু পিন্ধাওঁতেই  লাৱনী হাতৰ পৰশত ৰোমাঞ্চিত হ’ম পাহাৰ বগাই অনা কপৌফুল খোপাত গুজি, সমস্ত ভালপোৱা গোপনে উজাৰি দিম  পখিলাৰ দৰে কঁকাল ঘূৰাই নাচোঁতে ঢুলীয়া আৰু পেঁপুৱৈ হৈ তোমাক নচুৱাম সঁচাকৈ মোৰ অনাবিল প্ৰেমৰ ৰাগীত চিৰদিন মতলীয়া হ’বানে তুমি ?  মোৰ হিয়াখনো ৰঙালীৰে ৰঙীন হৈ পৰিব জানা॥ *******

Read more
1 5 6 7 8 9 81