সংখ্যাটোৰ আঁৰৰ কথা

পোন প্ৰথমেই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ যাচিলোঁ। সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমেই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীদেৱৰ নামটোৱেই ল’ব লাগিব।যোৱা ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহৰ সন্ধিয়া এটাত মোলৈ এটা ফোন কল আহিছিল।কুশল মংগল ভাৱ বিনিময়ৰ পাছতে তেওঁ মোলৈ এটা প্ৰস্তাৱ আগবঢ়ালে। “শব্দচিত্ৰৰ_ জীৱন জিজ্ঞাসা” ই-আলোচনীখনৰ পঞ্চম বৰ্ষৰ,প্ৰথম সংখ্যাৰ সম্পাদকৰ দায়িত্বটো ল’ব লাগে। মই একেকোবেই না কৰিলো।কাৰণ মোৰ ই-আলোচনীৰ সম্পাদনাৰ বিষয়ে জ্ঞান শূণ্য।তেওঁ নেৰে,বোলে আপুনি পাৰিব।মই সকলোবোৰ কথা শিকাই দিম।অৱশেষত ‘সাহেই সিদ্ধি’ বুলি তেখেতৰ মতকে সন্মান

Read more

অন্য এক উৰ্মিলাৰ কথকতা-চিত্ৰলেখা দেৱী

                                (মহাভাৰতৰ কাহিনীৰ আধাৰত) (১)  শুভ্ৰ শৱাচ্ছাদন কিঞ্চিত আঁতৰাই মুখ দৰ্শন কৰোৱাৰ তৎমূহুৰ্ততেই মাতৃ সুভদ্ৰা মূৰ্চ্ছিত হৈ পৰিল।বিশেষ দ্ৰব্যৰে সংৰক্ষণ কৰি ৰখা অভিমন্যুৰ শৱদেহৰ দাহ কাৰ্য্যৰ বাবে ইতিমধ্যে চিতা প্ৰস্তুত কৰা হৈ গৈছে।মাত্ৰ মাতৃ সুভদ্ৰা আৰু পত্নী উত্তৰাৰ বাবে অপেক্ষাৰত হৈ আছিল পাণ্ডৱকূল।যুদ্ধ ভূমিৰ বিৰতিৰ সন্ধ্যাৰ শোকাকুল পৰিবেশ।কেওফালে হাঁহাকাৰ ধ্বনি।অদূৰৰ জংঘলত মাংসাহাৰী শিয়াল-কুকুৰৰ আৰাও।নিয়তি পক্ষীৰো কুৰুলি….যেন অট্টহাস্য দৈনিক ৰণত পৰা শত-সহস্ৰ দুৰ্ভগীয়াৰ;ৰণত পৰা সৈন্যসকলৰ মৃতদেহৰ

Read more

সাক্ষাৎকাৰ

(অসমৰ এগৰাকী বিশিষ্ট কবি,সাহিত্যিক,সমালোচক,ঔপন্যাসিক,গল্পকাৰ,নিবন্ধকাৰ,আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া ডo নন্দ সিং বৰকলাৰ সৈতে এটি সাক্ষাৎকাৰ। বিষয়:মানুহ আৰু সমাজৰ চেতনা) অসমীয়া সমাজ, সাহিত্য, সংস্কৃতিৰ জগতৰ চিনাকি নাম ড০ নন্দ সিং বৰকলা। তেখেতৰ মাটি আৰু মানুহ চেতনা সমাজৰ বিনন্দীয়া বাট। তেওঁৰ কলমত নিৰ্গত হয় মাটিবিলাসী মানুহৰ শ্ৰমচেতনাৰ বাংময়তা। অমৱস্যাৰ ভয় লগা দিনকালৰ বুকুৰপৰা পূৰ্ণিমাৰ জোনটোক প্ৰকাশিবলৈ তেওঁ পান কৰে সমাজৰ যাতনাৰ বিহ। তেওঁৰ প্ৰিয় বিষয় মানুহ আৰু মাটি। মানুহ আৰু মাটিৰ স্বাৰ্থতে তেওঁ ঘুৰি-ফুৰে দিহিঙে-দিপাঙে। তেওঁৰ জীৱন অভিধানত জাত-পাত-বৰ্ণ, ধৰ্মীয় গোড়ামিক কোনোদিনে প্ৰশ্ৰয়

Read more

গোপীয়ে এটা শিক্ষা পালে- কুমকুম শৰ্মাবৰুৱা

(Gopi Learns a Lesson ) এখন গাঁৱত গোপী নামৰ এটা ল’ৰা আছিল।সি পঢ়া-শুনা কৰিও ভাল নাপাইছিল আৰু কাম-কাজতো বৰ এলেহুৱা আছিল।তাৰ দেউতাক সৰুতেই ঢুকাইছিল। তাৰ মাকে অতি কষ্টেৰে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন যেনেতেনে চলাই আছিল।গোপীয়ে মাকক কোনো কামতে সহায় নকৰিছিল।মাকৰ তাক লৈয়েই বৰ চিন্তা হৈছিল।সি স্কুললৈও নগৈছিল বা কোনো কাম-বন শিকিবও নুখুজিছিল।সি গোটেই দিনটো লগ- সমনীয়াৰ লগত মাৰ্বল খেলি কটাইছিল অথবা ৰাস্তাত এনেয়ে অনাই-বনাই ঘূৰি ফুৰিছিল। এনেদৰে সময়বোৰ অবাবতে নষ্ট কৰি থকা দেখি গোপীৰ মাকে এদিন গোপীক ক’লে,  “বাছা, মই

Read more

‎হেৰোৱা বাটৰ আঁত-মৌচুমী হাজৰিকা 

হাতত টিকটটো লৈ ভৈৰৱীয়ে আকৌ ভাবিলে যোৱা উচিত হ’বনে ইমান দিনৰ মুৰত!! তাই নিজৰ বিবেক আবেগেৰে বুজায়।সকলো মানুহ এতিয়াও যন্ত্ৰ হোৱা নাই, তাইৰ আবেগ-অনুভূতিবোৰ সিহঁতে বুজিব। আজিকালি তাইৰ ৰাতি টোপনি নহা হৈছে; অকণমান আহিলেই তাইক গাঁৱৰ সেই শৈশৱৰ দিনবোৰৰ সপোনে আমনি কৰে। তাই যাব…… ‎আহিয়েই তাই পথাৰলৈ লৰ মাৰিলে।চেন্দেলযোৰ খুলি তাই সেউজীয়া আলিটোত খোজ দিলে। ‎সেই মুহূৰ্তটোত তাই অনুভৱ কৰিলে—বহুদিনৰ পিছত তাই প্ৰকৃততে মাটিক স্পৰ্শ কৰিছে। চহৰৰ কংক্ৰিটৰ পথত খোজ দি দি তাই যেন তাইৰ ভৰিৰ সংবেদনশীলতা হেৰুৱাই পেলাইছিল।আজি কোমল

Read more

‎ভিক্ষুকৰ জীৱিকা পৰিবৰ্তন,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

মই শিয়ালদহ ষ্টেচনৰ মূল শাখাৰ নিয়মীয়া যাত্ৰী। যোৱা পোন্ধৰ বছৰ ধৰি কৰ্মসূত্ৰে সেইটো লাইনৰ ট্ৰেইনত অহা-যোৱা কৰি আছোঁ। ট্ৰেইনৰ বহুসংখ্যক নিতৌ অহা-যোৱা কৰা লোক, হকাৰ আনকি ভিক্ষাৰী কেইজনৰো মুখ চিনাকি হৈ গৈছে। ভিক্ষাৰী কেইজনৰ ভিতৰত এজনৰ নাম আছিল মাধাই, পোন্ধৰ ষোল্ল বছৰ বয়সৰ পৰা তেওঁক ম‌ই দেখি আহিছোঁ। তেওঁ জন্মান্ধ। বাৰাকপুৰৰ পৰা দমদমলৈ অহা বাটছোৱাত ট্ৰেইনত ভিক্ষা খোজে। লাহে লাহে মাধাই ডাঙৰ হোৱা দেখিলোঁ, জীৱনসংগী বিচাৰি পোৱাও দেখিলোঁ, আনকি তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হোৱাও দেখিলোঁ। স্বামী-স্ত্ৰী অন্ধ হ’লেও সন্তানটি

Read more

‎মোৰ সংসাৰ-কংকনা শৰ্মা

সদায় বেলেগৰ সংসাৰৰ কথা কৈ থাকিলে মানুহে ক’ব পাৰে নহয়, ই ঘটিৰামে চাল্লা বেলেগৰ কথাকে উকটি ফুৰে । সেইবাবেই আজি নিজৰ কথাকে ক’ব অমুকাই। ‎মই এজন বেলেগ ধৰণৰ মানুহ।আপুনি মোক অহৌবলিয়া, চেৰাবলিয়া যি কয় ক’ব আৰু মোৰ কামবোৰ দেখি।এদিন এই মহামানৱে চিটি বাছত কণ্ডাক্টৰ বুলি নীলা চোলা পিন্ধা যাত্রী এজনকে ভাড়া দি বহি আছিল। ১২ বজাত মৰি থকা ঘড়ী পিন্ধি বিয়া খাবলৈ গৈছিল।তাত সকলোৱে সোধে,  “ভাইটি টাইম কিমান হ’ল?” মোৰ অৱস্থা এবাৰ কল্পনা কৰকচোন।শেষত ঘড়ীটো পকেটত সুমুৱাই থৈহে বাচিলোঁ লাজ

Read more

অক্সিজেন থেৰাপি-কুমকুম শৰ্মাবৰুৱা

‘জীতেন অ’, কোনফালে যোৱানো?আহাঁচোন এইফালে,’……নুমলি আইতাই আগ্ৰহেৰে মাতিলে। ‘জেঠাই,ইয়ালৈকে আহিছোঁ।আপোনালোকৰ ৰবীন ককাইদেৱে মোক ৰঘূ গছজোপা কাটিবলৈ মাতিছিল,’ জীতেনে সোমাই আহি ক’লে। ‘ অ’ হয়নেকি।সেইজোপা সিনো কেলেই কটাব খুজিছে । ৰ’বা সোধো তাক মই।’ ‘ট্ৰেক্টৰখন থ’বলৈ গেৰেজ এটা সাজিব খুজিছোঁ আৰু এনেয়েও ইমান পাতবোৰ সৰি থাকে তলত,’ ৰবীনে ওলাই আহি ক’লে। ‘তাৰ তলতে সাজিলেই হ’ব ট্ৰেক্টৰখন থোৱা ঘৰ।নেকাটিলেও জুৰিব।গছজোপাই ছাঁ পেলাই গোটেই ঘৰটোকে জুৰ পেলাই থয়।অতবোৰ চৰাই -চিৰিকটিয়ে বাঁহ লৈছে।তোৰ বেয়া নালাগিলনে সেইজোপা কটাবলৈ।নেলাগে কাটিব। জীতেন ,তুমি বাৰীখনৰ অপতৃণবোৰকে উঠোৱাগৈ। ৰ’বা

Read more

দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুষমা বিচাৰি-জয়ন্ত গগৈ

ৰাতিপুৱাই বন্ধু প্ৰভাতৰ ফোনটো পালোঁ। সি জানিব বিচাৰিলে মই এইকেইদিন ফ্ৰি আছোঁ নে নাই। বিশেষ ব্যস্ত বা কোনো ফালেই যোৱাৰ প্ৰ’গ্ৰাম নাই বুলি জনোৱাৰ লগে লগেই সি জনালে দূৰ্গাপূজাৰ পিছতে সিহঁতৰ ( প্ৰভাত আৰু একে সহপাঠী এজনৰ) , নাহৰকটীয়া জয়পুৰৰ দিহিং পাটকাই বৰ্ষাৰণ্যলৈ সিহঁতৰ ৰিচাৰ্চৰ কামত তিনিটা দিনৰ বাবে অহাৰ প্লান কৰিছে। গতিকে ৰিচাৰ্চ সহকাৰী হিচাবে স্থানীয় মোকেই সিহঁতে নিৰ্বাচন কৰিছে। উক্ত কেইদিনত সিহঁতৰ পথপ্ৰদৰ্শক তথা সহকাৰী হ’ব লাগে বুলি জনালে। মনটো ভালেই লাগিল। এইখন বিখ্যাত অৰণ্যৰ মাজলৈ পুনৰ যোৱাৰ

Read more

নদীয়াল-কুশল মহন্ত

অৰণ্যৰ সিপাৰে আন্ধাৰ নামিলে। উৰুখা পঁজাত , ভাগৰুৱা পথিক এতিয়া, শেতেলিত টোপনিত লালকাল। সপোনত বন কুকুৰাই খোঁচৰে ইতিহাস। বুকুৰ শুকাবলৈ ধৰা ঘাঁ ডোখৰত সময়ৰ আঁচোৰ…. সজীৱ যাতনাত ছটফটাই কেঁচা কলিজাই , নৈৰ যুঁৱলিত হেৰুৱাই , এৰি অহা ঘৰৰ ভেটিত, এতিয়া, নৈখনৰ বালিৰ পলস ! শিপাৰ সন্ধানত, মন-পখিলা উৰি যায় , জোনাকী বাট বিচাৰি.. কি জানিবা ? পলসত এটি অংকুৰিত বীজে থিতাপি লৈ গঢ়ে এডৰা সেউজীয়া…   *******

Read more
1 7 8 9 10 11 81