অহমিকাৰ বীজত অহংকাৰৰ বটবৃক্ষ-বিৰিঞ্চি মহন্ত

“অহংকাৰে মানুহক কেতিয়াও মহান নকৰে বৰং ই লাহে লাহে মানুহক নিসংগ কৰি তোলে।” ( ৰবীন্দ্ৰনাথ ঠাকুৰ) সৰুতে এটা সাধু শুনিছিলোঁ। এটা অহংকাৰী কুকুৰা আছিল। সি থকা ঠাইখিনিত তাৰ সমান ডাঙৰ অৰ্থাৎ হৃষ্ট-পুষ্ট চেহেৰা আন কুকুৰা নাছিল বাবে অন্য কুকুৰাবোৰে তাক সমীহ কৰিছিল। তাৰ কাষলৈ কোনো আহিলেও, সি যুঁজ কৰি আঁতৰাই পঠিয়াইছিল। সি কাৰো লগ ল’বলৈ বিচৰা নাছিল। সি পুৱাই ডাক দিয়াৰ লগে লগে ঘৰৰ গৃহস্থই সাৰ পাইছিল। গৃহস্থই তাৰ খোৱা-বোৱাত যত্ন লৈছিল। আনবোৰতকৈ তাক প্ৰাধান্য দিয়া বুলি ভাবি সি লাহে

Read more

২০২৫ বৰ্ষৰ পাখিলগা সময়ৰ অভিজ্ঞতা-বৰষা ডেকা

সময় কাৰোৰে বাবে কেতিয়াওঁ ৰৈ নাথাকে। সময় পৰিৱৰ্তনশীল। আজিৰ কৰিবলগীয়াখিনি আমি কাইলৈ কৰিম বুলি ভাবিলেও যেন সময় গৈয়ে থাকে। নদীৰ পানী যেনেকৈ অহৰহ বৈ থাকে ঠিক তেনেকৈ সময় কেতিয়াওঁ স্তব্ধ নহয়। মানুহৰ জীৱনটো দুদিনীয়া সেয়ে আমি প্ৰতিদিনে সৎ কৰ্ম,সৎ চিন্তাৰে আগুৱাই গৈ বাস্তৱৰ পৃথিৱীখনৰ লগত চিনাকি হ’ব লাগে। মানুহৰ জীৱনত কেতিয়াও কাৰোৰে লগত হিচাপ- নিকাচৰ পিছত দৌৰি নাথাকি নিত্য বৰ্তমান কৰ্মৰ যোগেদি জীৱন জীয়াব লাগে। প্ৰত্যেকদিনাই আমি নতুন নতুন কাম,নতুন চিন্তা, নতুন নতুন উদ্ভাৱনৰ দিশে ধাৱমান হ’ব লাগে।  মানৱ জীৱন

Read more

গগণ চৌধুৰীৰ ষ্টুডিঅ’,মূল : সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত

এটা ফ্লেট দিনৰ ভাগত দেখি পচন্দ হ’লেও, তাত গৈ নথকা পৰ্যন্ত  তাৰ সুবিধা অসুবিধাসমূহ  ভালদৰে ধৰিব নোৱাৰি। সুধীন চৰকাৰে ভবানীপুৰৰ এই ফ্লেটটোত থাকিবলৈ লোৱাৰ পাছৰে পৰাই এই কথাটো অনুভৱ কৰিলে। এই এটা কথাতেই ভাগ্যদেৱীয়ে এটা শুকান হাঁহি মাৰিলে; নহ’লে তেওঁ যে সুধীনৰ প্ৰতি বিশেষ প্ৰসন্না তাৰ উদাহৰণৰ অভাৱ নাই। যিদৰে তেওঁৰ পদোন্নতিৰ কথাটোৱেই ধৰা যাওক। তেওঁ এতিয়া অফিচৰ এটা ডিপাৰ্টমেণ্টৰ হেড। ইমান সোনকালে তেওঁ ইমান ওপৰলৈ উঠাৰ কথা নহয়, হাজাৰ হওক  তেওঁৰ বয়সটোতো বেছি নহয় – এই আহাৰত একত্ৰিছত ভৰি

Read more

হলিডে’-নন্দিতা ভাণ্ডাৰ কায়স্থ 

ইচ্ছা নাছিল যদিও ৰাতিপুৱা পাঁচ বজাতে এলাৰ্ম লগাই থলো। কাইলৈ দেওবাৰ, সকলোৰে বন্ধ। মোৰো বন্ধ। পিছে ঘৰ চফা কৰিবলগীয়া আছে। সেয়েহে উঠিবই লাগিব।বাকী কেইদিন মিলাবই নোৱাৰোঁ। চাকৰি কৰো, ক’তনো সময় থাকে। তাতে আকৌ ঘৰৰপৰা ত্ৰিশ কিলোমিটাৰ আঁতৰৰ স্কুলত নিতৌ বাছেৰে অহা যোৱা কৰা হয়। ধেমালি নহয় দেই।মুখেৰে চাকৰি ওলাই যায় কেতিয়াবা। তথাপি গিৰীহঁতৰ লগতে সন্তান দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই চাকৰিটো কৰি আছোঁ। কিবা আংবাং সোপা ভাবি ভাবি কেতিয়ানো নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিলোঁ গমকে নাপালোঁ। ঘড়ীটোৱে বিপ বিপ কৰাত

Read more

কাজলী-ড. মৃদুস্মিতা ফুকন

হাতী, মাউত-ফান্দী আৰু হাতী চিকাৰৰ এক বিচিত্ৰ ৰোমাঞ্চকৰ পটভূমিত, এক অভিনৱ বিষয়বস্তুৰে ৰচিত এখন অগতানুগতিক উপন্যাস অমৰ বৰা ৰচিত ‘কাজলী’। উপন্যাসখনৰ নাম ভূমিকাত থকা এই কাজলী হৈছে এজনী হাতী। বন্যপ্ৰাণীৰ জীয়া জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা এই উপন্যাসখনৰ কাহিনীৰ গতিশীলতাই ‘কাজলী’ক নিশ্চয়কৈ এক অনন্য মাত্ৰা প্ৰদান কৰিছে।উপন্যাসখনৰ পাতে পাতে আছে কাজলী, নয়নমণি, পদ্মা, গদাধৰ, জয়মতী, বাহাদুৰ, কাৰ্তিক, চেনেহী আদি অনেক চতুষ্পদীৰ জীৱনৰ লগতে অধুনালুপ্ত হাতী চিকাৰ, হাতী পিলখানা আৰু তাত সংযুক্ত বটু, পেটুকণ আদি মাউত-ফান্দী-ঘাঁহীৰ হাঁহি-কান্দোনেৰে বিঢৌত জীৱনযাত্ৰা। সৰ্ব সাধাৰণ

Read more

প্ৰেমিক হোৱাটো সহজ কিন্তু পতি হোৱাটো…… নমি ফুকন বৰা

শৰতৰ হিমশীতল বতাহজাকে বাৰে বাৰে দি থৈ যায় এৰি অহা দিনবোৰৰ স্মৃতি। স্মৃতিবোৰ শুকান সৰাপাত হোৱা হ’লে মৰহি শেষ হৈ গ’লহেঁতেন।কিন্তু ই বসন্তৰ নকুঁহিপাতৰ দৰে ঠন ধৰি উঠে। সিদিনা আছিল শৰতৰেই কোনোবা এটি দিন।বিয়া এখনত নীলাঞ্জনাৰ স’তে চিনাকি হৈছিলোঁ।চিনাকি,বন্ধুত্ব আৰু এদিন প্ৰেম। প্ৰায় পাঁচবছৰ প্ৰেমৰ বাত গা জুৰাই শৰতৰ কোনোবা এটি দিনতেই সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলোঁ।   ক্ৰমে  দিন বাগৰিল।পত্নীৰ ধৰ্ম পালন কৰাত তিলমানো ইফাল-সিফাল নকৰাকৈ  ঘৰখন নিয়াৰিকৈ চলাই নিলে।শহুৰ-শাহু আৰু দেওৰ-ননদৰে ভৰা ঘৰখনত সকলোকে মৰমৰ বান্ধোনেৰে বান্ধি তাই  হৈ পৰিল

Read more

নদী দ্বীপ মাজুলীৰ কথাৰে-কল্যাণী দেৱী গোস্বামী

​সূৰ্য্য অস্তমিত লুইতৰ বুকুত তেতিয়া হেজাৰ তৰঙ্গৰ খলকনি। শুকান বাঁহেৰে সজোৱা পার্কুপাইনবোৰে সগৌৰৱে নদীখনৰ বুকুত আশে-পাশে থিয় হৈ যেন ক’ব বিচাৰিছে – এয়া চোৱা বুঢ়া লুইতক ভেটিবলৈ আমাৰ নেৰানেপেৰা প্ৰয়াস। ভৰা নৈৰ প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৱে  আমাৰ বুকুত খুন্দা মাৰি পাৰ পায়গৈ মানে শক্তি কমি যোৱাত গৰাখহনীয়াৰ প্ৰকোপ কিছু হলেও কমে। ​এতিয়া এই মুহূর্তত লুইতৰ জলধাৰা শান্ত, সমাহিত। ভাবিব পৰা নায়ায় এই গভীৰ পানীৰ বক্ষত জাহ গৈছিল কতজনৰ আশা-আকাঙ্ক্ষা, কাৰোবাৰ আশাৰ চাকি সমৰ্পিত হৈছিল এই লুইতৰ বুকুত। ডুবন্ত জাহাজখনত কতজনে কঢ়িয়াই

Read more

জীৱন-ঋতুপৰ্ণা দত্ত

ক’ৰবাত কিবা এটা হ’ল। এটা বেলি হ’ব খোজা আত্মা খহি পৰিল। কিবা এটা নিস্তেজ হ’ব খোজা সতেজ ধৰফৰণিয়ে  আঁকুহী গ’ল ভিতৰখন… জীৱনত কেতিয়াও সংযোগ নঘটা সত্বাৰ বাবে  টোপনিবোৰ পলাল… বুকুত এটা প্ৰচণ্ড বা-মাৰলিৰ তাণ্ডৱ। সময়… আকুতি কৰিছোঁ তোমাক আহা, ধুই নিয়া মোৰ সমস্ত টোপনিহীন ৰাতি। তাৰ ঠাইত ৰুই দিয়া এজোপা শেৱালি। যি জীৱনে দিব আশা… ,ভৰসা.. আৰু জীয়াই থকাৰ বাসনা। জীৱন.. মোক মোৰ দৰে জীয়াবলৈ দিয়া  প্লিজ…  *******

Read more

মই নৰকৰ পৰা কৈ আছোঁ,মূল :হৰি শংকৰ পৰসাই ,অনুবাদ-বিজয়া শর্মা

(মে নৰ্ক চে বোল ৰহা হু) হে পাথৰ পূজোতা সকল!তোমালোকৰ যিহেতু জীৱিত মানুহৰ কথা শুনাৰ অভ্যাস নাই ,সেয়েহে মই মৰিও কৈ আছোঁ।জীৱিত অৱস্থাত তোমালোকে যাক চকু পাৰিও দেখিব নোৱাৰিছিলা, তেওঁৰ কিন্তু শৱৰ লগত সমদল কৰিও গৈছিলা। জীৱন ভৰ তোমালোকে যাক ঘৃণাৰ চকুৰে চাইছিলা,তেওঁৰ চিতাত চাকি জ্বলাবলৈও গৈছিলা।মৰালৈকে যাক এচলু পানী দি নাপাইছিলা, তেওঁৰ অস্থি গঙ্গালৈও লৈ গৈছিলা। তোমালোকে জীৱিত অৱস্থাত মানুহক তিৰস্কাৰ কৰা আৰু মৃতকক সৎকাৰ কৰা।সেয়েহে মৰিও নৰকৰ পৰায়েই  মই কৈ আছোঁ। কিন্তু মোৰনো কি দৰকাৰ পৰিছিল যে জীৱন কালত

Read more
1 8 9 10 11 12 81