অহমিকাৰ বীজত অহংকাৰৰ বটবৃক্ষ-বিৰিঞ্চি মহন্ত
“অহংকাৰে মানুহক কেতিয়াও মহান নকৰে বৰং ই লাহে লাহে মানুহক নিসংগ কৰি তোলে।” ( ৰবীন্দ্ৰনাথ ঠাকুৰ) সৰুতে এটা সাধু শুনিছিলোঁ। এটা অহংকাৰী কুকুৰা আছিল। সি থকা ঠাইখিনিত তাৰ সমান ডাঙৰ অৰ্থাৎ হৃষ্ট-পুষ্ট চেহেৰা আন কুকুৰা নাছিল বাবে অন্য কুকুৰাবোৰে তাক সমীহ কৰিছিল। তাৰ কাষলৈ কোনো আহিলেও, সি যুঁজ কৰি আঁতৰাই পঠিয়াইছিল। সি কাৰো লগ ল’বলৈ বিচৰা নাছিল। সি পুৱাই ডাক দিয়াৰ লগে লগে ঘৰৰ গৃহস্থই সাৰ পাইছিল। গৃহস্থই তাৰ খোৱা-বোৱাত যত্ন লৈছিল। আনবোৰতকৈ তাক প্ৰাধান্য দিয়া বুলি ভাবি সি লাহে
Read more