সাক্ষাৎকাৰ

অতিথিঃ জয়ন্ত মাধৱ বৰা, সাহিত্য অকাডেমী বঁটাপ্ৰাপক,গল্পকাৰ, বিশিষ্ট ঔপন্যাসিক তথা শিশু সাহিত্যিক।

সাক্ষাৎ গ্ৰহণঃ ববিতা শৰ্মা

ববিতা শৰ্মা – নমস্কাৰ মহাশয়। কথোপকথনৰ প্ৰাৰম্ভতে আপোনাক শ্ৰদ্ধা জনাইছোঁ। 

প্ৰথমে জানিব বিচাৰিম আপোনাৰ সোণোৱালী শৈশৱৰ বিষয়ে। শৈশৱ কালৰ এনে কোনো এনে স্মৃতি আছে নেকি, যাক আপুনি আজিও পাহৰা নাই? 

জয়ন্ত মাধৱ বৰা – মোৰ শৈশৱ অতিবাহিত হৈছিল গাঁৱত৷ বৰ্তমান গোলাঘাট জিলাৰ এখন ভিতৰুৱা গাঁৱত৷ ‘‘কাকডোঙা’’ নামৰ নৈখন, গাঁৱৰ নামঘৰটো, এখন প্ৰাথমিক বিদ্যালয়, সৰু সৰু কেইখনমান বাঁহনি আৰু বিস্তীৰ্ণ ধাননি পথাৰ, এয়াই আছিল মোৰ শৈশৱৰ পৰিৱেশ৷ মোৰ কৈশোৰ পাৰ হৈছিল চাহ-বাগিচাৰ মাজত৷ সেই পৰিৱেশো বেলেগ৷ কেৱল সেউজীয়া৷ আৰু যৌৱন কালটো কটাইছোঁ টাউনৰ পৰিৱেশত৷ মোৰ লেখাত [বহু গল্প আৰু উপন্যাসত] মোৰ শৈশৱৰ গাঁওখন আহি পৰে৷ বুকুৰ গভীৰ অলিন্দত এতিয়াও শৈশৱৰ কাকডোঙা গাঁওখন আৰু কাকডোঙা নৈখন৷ গ্ৰাম্য পটভূমিৰ প্ৰতিটো লেখাত মোৰ শৈশৱৰ গাঁওখনে দোলা দি থাকে৷ ‘‘মৰিয়াহোলা’’ লিখি থাকোঁতেও আহিছিল মোৰ শৈশৱৰ গাঁওখন৷ কৈশোৰৰ চাহ বাগিচাখনেও মোক আমনি কৰি থাকে৷ মোৰ জীৱনৰ প্ৰথম উপন্যাস [গ্ৰন্থ আকাৰত] ‘‘অমৃত’’ চাহ-বাগানৰ পটভূমিত লিখা; যিখন উপন্যাসৰ বাবে ১৯৮৭ চনতে মই অসম সাহিত্য সভাৰ ‘গিৰিধৰ শৰ্মা বঁটা’ লাভ কৰিছিলোঁ৷

ববিতা শৰ্মা- আপোনাৰ শিক্ষা জীৱন সম্পৰ্কে আমাক চমুকৈ কওকচোন।

জয়ন্ত মাধৱ বৰা – মই পদাৰ্থ বিজ্ঞানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ৷

ববিতা শৰ্মা – শৈশৱ আৰু কৈশোৰ কালত সকলোৱে সপোন দেখে নিজৰ ভৱিষ্যতক লৈ। সেই সময়ত আপুনি সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী আছিলনে?

জয়ন্ত মাধৱ বৰা – সাহিত্যৰ প্ৰতি অনুৰাগ মোৰ সৰুৰে পৰাই আছিল৷ সৰুতে সাধু কিতাপবোৰ পঢ়ি খুব ভাল পাইছিলোঁ৷ বুৰঞ্জীৰ কাহিনীবোৰে মনটোক টানি লৈ গৈছিল৷ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে বিদ্যালয়ৰ মুখপত্ৰত এটা গল্প লিখিছিলোঁ৷ কোনো তাড়না নাছিল৷ তাৰুণ্যৰ বেগৱতী নদীৰ দৰে কেৱল দুৰন্ত গতি৷ গল্পটো বিদ্যালয়ৰ মুখপত্ৰত প্ৰকাশ পাইছিল৷ ছপা আকাৰত নামটো প্ৰকাশ পাইছিল তেতিয়াই৷ তাৰপিছত নৱম শ্ৰেণীত থাকোঁতে আৰু এটা উৎসাহজনক ঘটনা ঘটিছিল৷ আমাৰ বিদ্যালয়ত সদৌ অসম ভিত্তিত এখন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ মই নৱম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ল৷ ময়ো ৰচনা এখন লিখি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ৷ আৰু মোক অবাক কৰি ৰচনাখনে প্ৰথম পুৰস্কাৰ লাভ কৰিলে৷ সেই দিনটোৰ কথা, পুৰস্কাৰ লোৱা মুহূৰ্ত্তটোৰ কথা মই আজিলৈকে পাহৰা নাই৷ মহাবিদ্যালয়ত মই প্ৰাক্‌ স্নাতক বিজ্ঞান শাখাৰ ছাত্ৰ আছিলোঁ৷ বিজ্ঞানৰ ছাত্ৰ হিচাপে পঢ়া-শুনাক লৈয়ে ব্যস্ত আছিলোঁ৷ সাহিত্য চৰ্চাৰ লগত মোৰ কোনো সম্পৰ্কই নাছিল৷ কিন্তু বিজ্ঞানৰ ছাত্ৰ আছিলোঁ যদিও লাইব্ৰেৰীৰপৰা মই নিছিলোঁ উপন্যাস বা গল্পৰ কিতাপ৷ হোষ্টেলত আজৰি সময়ত মোক গল্প-উপন্যাস পঢ়ি থকা দেখি লগৰবোৰ আচৰিত হৈছিল৷ বিজ্ঞানৰ ছাত্ৰইনো গল্প,উপন্যাস পঢ়ি থাকেনে – এনেকুৱা ভাৱ৷ গভীৰভাৱে সাহিত্য চৰ্চা কৰিছিলোঁ যোৰহাট বিজ্ঞান মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে৷ যোৰহাট বিজ্ঞান মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানত সন্মান লৈ স্নাতক শাখা পঢ়িছিলোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ শাখাত পঢ়িছিলোঁ৷ আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই দায়বদ্ধতাৰে সাহিত্য চৰ্চা কৰাৰ বাবে অনুপ্ৰাণিত হৈছিলোঁ৷ অনুপ্ৰেৰণা পাইছিলোঁ বন্ধুবৰ্গৰ পৰা৷ মোক ভালপোৱা জ্যেষ্ঠজনৰ পৰা৷ সবাৰোপৰি লিখিবৰ বাবে অনবৰতে এটা তাড়না দি থাকে মোৰ ভিতৰত থকা অসন্তুষ্ট মানুহ এটাই৷ মানৱতাৰ বিপৰীতে সমাজত চলি থকা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায়, অনীতিৰ বিৰুদ্ধে মোৰ কিছু ক’বলগীয়া থাকে৷ সেই প্ৰতিবাদী সত্বাটোৱে মোক লিখাৰ বাবে প্ৰেৰণা দিয়ে৷

ববিতা শৰ্মা- অসমৰ নৱপ্ৰজন্ম অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত সঠিক দিশত আগবাঢ়িছে বুলি আপুনি ভাবেনে? বৰ্তমানৰ সাহিত্যৰ ক্ষেত্ৰখনত আপুনি কিবা অভাৱ অনুভৱ কৰে নেকি?

জয়ন্ত মাধৱ বৰা – নতুন লেখক-লেখিকাসকলৰ এটা ডাঙৰ সমস্যা হৈছে তেওঁলোকক কষ্ট নকৰাকৈয়ে খুউব সহজতে প্ৰতিষ্ঠিত হ’বলৈ লাগে৷ তেওঁলোকে ভাল ভাল সাহিত্য [দেশী, বিদেশী, অসমীয়া বা অন্য ভাষাৰ] নপঢ়ে৷ কষ্টও নকৰে৷ ফেচবুকত কবিতা লিখি দুটামান ‘‘লাইক’’ পালেই ভাবি লয় তেওঁ উৎকৃষ্ট সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে আৰু এই আত্মসন্তুষ্টিয়েই তেওঁৰ উৎকৃষ্ট সাহিত্য সাধনাৰ বাধা হৈ পৰে৷ ফেচবুকৰ সাহিত্যই সাহিত্যৰ ক্ষতি কৰিছে৷ তাৰমাজতো কিছু কবি, গল্পকাৰ আৰু ঔপন্যাসিক নতুন লেখক-লেখিকাৰ মাজত ওলাইছে যিসকলে খুব আন্তৰিকতাৰে, গভীৰ অধ্যয়নেৰে সাহিত্য সাধনা অব্যাহত ৰাখিছে৷ সেয়া আশাৰ কথা৷

ববিতা শৰ্মা- আপোনাৰ পাৰিবাৰিক আৰু কৰ্মজীৱনৰ বিষয়ে আমাক চমুকৈ জনাওকচোন।

জয়ন্ত মাধৱ বৰা – মোৰ পৰিয়াল থাকে গুৱাহাটীত৷ শিক্ষা বিভাগৰ বিষয়া আছিলোঁ৷ বৰ্তমান অৱসৰ গ্ৰহণ কৰিলোঁ৷

ববিতা শৰ্মা-এতিয়া আপোনাৰ সাহিত্য-চৰ্চা সম্পৰ্কে জানিবলৈ বিচাৰিম। আপোনাৰ ৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি? 

জয়ন্ত মাধৱ বৰা – এতিয়ালৈকে মোৰ ১০ খন গল্প সংকলন, ২০ খন উপন্যাস, ২ খন গৱেষণামূলক গ্ৰন্থ, ৭ খন অনুবাদ গ্ৰন্থ, ১১ খন শিশু গ্ৰন্থ প্ৰকাশ পাইছে৷ মোৰ প্ৰথম গ্ৰন্থখন হ’ল ‘অমৃত’, যিখনৰ বাবে মই অসম সাহিত্য সভাৰ ‘গিৰিধৰ শৰ্মা বঁটা’ লাভ কৰিছিলোঁ।

ববিতা শৰ্মা-সাহিত্য ৰচনা কৰিবলৈ লেখকসকলৰ কি কি গুণ বা কেনে মানসিক অৱস্থাৰ প্রয়োজন বুলি আপুনি ভাবে? 

জয়ন্ত মাধৱ বৰা –  সাধনা আৰু চৰ্চা অবিহনে এজন লেখকে সাৰ্থক সৃষ্টি কৰিব নোৱাৰে৷

 

ববিতা শৰ্মা-আপুনি লাভ কৰা সন্মান আৰু আপোনাৰ ৰচিত গ্ৰন্থসমূহৰ বিষয়ে বিশদভাৱে জানিবলৈ বিচাৰিম। অনুগ্ৰহ কৰি আপুনি লাভ কৰা সন্মান আৰু আপোনাৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ নাম আমাক জনাওকচোন। তদুপৰি অনাতাঁৰযোগে প্ৰচাৰিত নাটক, দূৰদৰ্শনযোগে প্ৰচাৰিত চিত্ৰনাট্য আৰু কাহিনী, অন্য ভাষালৈ অনুদিত গ্ৰন্থ, চলচ্চিত্ৰৰ চিত্ৰনাট্য ইত্যাদি সম্পৰ্কে সবিশেষ জনাবচোন।

জয়ন্ত মাধৱ বৰা –

সন্মান –  [১] সমগ্ৰ সাহিত্য কৰ্মৰ বাবে ২০২৪ চনত অসম চৰকাৰৰ চৈয়দ আব্দুল মালিক বঁটা৷

[২] ‘‘মৰিয়াহোলা’’ উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা৷

[৩] ‘‘মৰিয়াহোলা’’ উপন্যাসৰ বাবে ২০১৪ চনত গোলাঘাট জিলা সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক বঁটা৷

[৪] ‘‘জাকৈয়া ছোৱালী’’ গল্প সংকলনৰ বাবে ২০১৩ চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা৷

[৫] ‘‘অমৃত’’ উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা৷

সাহিত্য কৰ্ম –

(ক) উপন্যাসঃ-

[১] অমৃত [অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটাপ্ৰাপ্ত] [প্ৰকাশক – বনলতাঃ ১৯৮৭]

[২] মৃগয়া [প্ৰকাশক – সাহিত্য প্ৰকাশঃ ১৯৯৮]

[৩] দেওধনী [প্ৰকাশক – বনলতাঃ ২০০০]

[৪] সুমনৰ কাৰণে অকনমান সময় [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০০৩]

[৫] নষ্ট সময় [প্ৰকাশক – বাণী মন্দিৰঃ ২০০৫]

[৬] লহৰে লহৰে কঁপে মনৰে যমুনা [প্ৰকাশক – ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ২০১২]

[৭] জলপ্ৰপাত [প্ৰকাশক – বাণী মন্দিৰ (২০০৯) আৰু জ্যোতি প্ৰকাশনঃ ২০১৫]

[৮] শিৰীষ গাছেৰ ছাঁয়া [প্ৰকাশক – অসম পাব্লিছিং কোম্পানীঃ ২০১২] (ওড়িয়া ভাষালৈ অনুদিত হৈছে।) 

[৯] মৰিয়াহোলা [চৈয়দ আব্দুল মালিক বঁটাপ্ৰাপ্ত] [২০১৭ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত] [প্ৰকাশক –  বনলতাঃ ২০১৩]

[১০] পাঁচখন উপন্যাস [প্ৰকাশক – ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ২০১৫]

[১১] আজান ফকীৰ  [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০১৫]

[১২] নামত মাজুলী কহয় সৱে [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০১৬]

[১৩] মায়ং – যাদুৰ দেশৰ গোপন গাঁথা [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০১৭]

[১৪] নিচান চাহিব [প্ৰকাশক – বনলতাঃ ২০১৯]

[১৫] দোতাৰা [প্ৰকাশক – ৰেখা প্ৰকাশনঃ ২০১৯]

[১৬] দেউল [প্ৰকাশক – বনলতাঃ ২০২০] (ওড়িয়া ভাষালৈ অনুদিত হৈছে) 

[১৭] বজাৰ [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০২০]

[১৮] নৰক গুলজাৰ [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০২২]

[১৯] মহানগৰৰ গদ্য [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০২৪]

[২০] বেংডোবাৰ ঘাট [প্ৰকাশক – বনলতাঃ ২০২৪]

(খ) গল্প সংকলনঃ-   

  

[১] যুদ্ধভূমি [প্ৰকাশ কালঃ ১৯৮৭]

[২] বৰ ভয় লাগিছে [প্ৰকাশক – সৰস্বতী প্ৰকাশনঃ ১৯৯১]

[৩] অনুৰণন [প্ৰকাশক – লয়াৰ্ছঃ ১৯৯৩]

[৪] দেওলগা সময় [প্ৰকাশক – চন্দ্ৰ প্ৰকাশঃ ২০০০]

[৫] জীয়াই থকাৰ আনন্দ [প্ৰকাশক – ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ১৯৯৯]  

[৬] কথা আৰণ্যক [প্ৰকাশক – বাণী মন্দিৰঃ ২০০৯]

[৭] জাকৈয়া ছোৱালী [প্ৰকাশক – পি বি পাব্লিকেশ্যনঃ ২০১৩] [অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটাপ্ৰাপ্ত]

[৮] কালবেলাৰ কথকতা [প্ৰকাশক – অসম পাব্লিছিং কোম্পানীঃ ২০১৫]

[৯] আঁৰৰ মানুহজন [প্ৰকাশক, ৰেখা প্ৰকাশনঃ ২০২০]

[১০] জীৱন সমীপেষু [প্ৰকাশক – বি এণ্ড এম পাব্লিচাৰ্চঃ ২০২৩]

(গ) গৱেষণামূলক গ্ৰন্থঃ-

[১] সম্প্ৰীতিৰ প্ৰতীক অসমীয়া শিখ [প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত, প্ৰকাশ কাল – ২০১৬] [অসম প্ৰকাশন পৰিষদৰ ফেল’শ্বিপ লাভ]

[২] আলোচনীভিত্তিক অসমীয়া শিশু সাহিত্যঃ সমীক্ষাত্মক অধ্যয়ন [অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত, প্ৰকাশ কাল – ২০১৯] [অসম সাহিত্য সভাৰ ড॰ মহেশ্বৰ নেওগ আৰু অসমতত্ত্ব গৱেষণা সংস্থানৰ ফেল’শ্বিপ লাভ]

(ঘ) অনুবাদঃ-

[১] ভোক (উপন্যাস) [প্ৰকাশক – ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ২০১৩]

[২] প্ৰতিবাদৰ গল্প [প্ৰকাশক, ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ২০১৩]

[৩] ৰত্নদ্বীপ (নৱম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে মনোনীত) [প্ৰকাশক – সৰস্বতী প্ৰকাশনঃ ১৯৯০]

[৪] টম ছায়াৰৰ অভিযান (শিশু উপন্যাস) 

[৫] তুমি বিজ্ঞানী হ’ব খোজা নেকি? (শিশু গ্ৰন্থ)

[মূলঃ এ পি জে আব্দুল কালাম] [প্ৰকাশক – অসম পাব্লিছিং কোম্পানীঃ ২০১৪]

[৬] পিয়ানো বজোৱা ছোৱালীজনী (উপন্যাস) [প্ৰকাশক – ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ২০১৬]

(ঙ) শিশু সাহিত্যঃ-

[১] এবাকচ জীৱনী [প্ৰকাশক – অসম পাব্লিছিং কোম্পানীঃ ২০০৬]

[২] শৈশৱৰ সোণালী দিন [প্ৰকাশক – বনলতাঃ ২০০০]

[৩] ল’ৰালি কালৰ কথা [প্ৰকাশক – অসম পাব্লিছিং কোম্পানীঃ ২০০৭]

[৪] লক্ষ্মীনাথ (উপন্যাস) [প্ৰকাশক – মৌচাকঃ ২০১৪]

[৫] জয়মতী (উপন্যাস) [প্ৰকাশক – মৌচাক ২০১৬]

[৬] ইয়াত এখন হাবি আছিল (উপন্যাস) [প্ৰকাশক – জ্যোতি প্ৰকাশনঃ ২০২১]

[৭] ৰবট (উপন্যাস) [প্ৰকাশক – বনলতাঃ ২০২১]

[৮] লাচিত বৰফুকন (উপন্যাস) [প্ৰকাশক – বনলতাঃ ২০২৪]

[৯] বিশ্ব-সাহিত্য (বিশ্বৰ চাৰিখন ধ্ৰুপদী উপন্যাসৰ ভাবানুবাদ) [প্ৰকাশক – বনলতাঃ ২০২৪]

[১০] কথা কোৱা পুতলা (গল্প সংকলন) [প্ৰকাশিতব্য – নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া, নিউ দিল্লীঃ ২০২৪]

 

(চ) সম্পাদনাঃ-

[১] ইত্যাদি (গল্প সংকলন) [প্ৰকাশ কালঃ ১৯৯২]

[২] ললিত বৰুৱা ৰচনাৱলী [প্ৰকাশক – ললিত বৰুৱা ন্যাসঃ ২০১৪]

[৩] সুকৃতি-সাধক প্ৰফুল্ল চন্দ্ৰ বৰা [প্ৰকাশক – ষ্টুডেণ্টচ্ ষ্ট’ৰচঃ ২০১৪]

[৪] কনকসেন ডেকা ৰচনাৱলী [প্ৰকাশক – অসম প্ৰকাশন পৰিষদঃ ২০২০]

[৫] প্ৰকাশৰ নিৰ্বাচিত গল্প [প্ৰকাশক –  অসম প্ৰকাশন পৰিষদঃ ২০২০]                          

(৬)লুম্মেৰ দাই ৰচনাৱলী [প্ৰকাশক – অসম প্ৰকাশন পৰিষদঃ ২০২০]

[৭] শান্তনু তামূলীৰ শিশু উপন্যাসসমগ্ৰ [প্ৰকাশক – বনলতাঃ ২০২২]

[৮] এশ বছৰৰ গল্প (দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষ্যে) [প্ৰকাশক – দেৰগাঁও সাহিত্য                      সভাৰ গ্ৰন্থ-প্ৰণয়ন উপ-সমিতিঃ ২০২৪

(ছ) আলোচনী সম্পাদনাঃ-

[১] আগমনি (কবিতা আলোচনী)

[২] আইনা (শিশু আলোচনী) 

[৩] The North East Mirror (Children Magazine)                        

[৪] সাতখন স্মৃতিগ্ৰন্থ

(জ) অঁনাতাৰযোগে প্ৰচাৰিতঃ-

[১] পৰিচয় (নাটক) 

[২] কবৰতলিৰ আৰ্তস্বৰ (নাটক) 

[৩] তিনিৰ তিনি গ’ল (নাটক) 

[৪] ভাবী জোঁৱাই (নাটক) 

[৫] আমাৰ পৰিৱেশ (নাটক) 

[৬] বহু কথিকা প্ৰচাৰিত

(ঝ) দূৰদৰ্শন যোগে প্ৰচাৰিতঃ-

[১] ৬৪ খন ধাৰাবাহিক দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলযোগে প্ৰচাৰিত

[২] ১২ খন তথ্যচিত্ৰ পৰিচালনা

(ঞ) চলচিত্ৰৰ চিত্ৰনাট্য ৰচনাঃ-

[১] লোকবন্ধু

[২] মায়ং [দ্যা গভৰ্ণমেণ্ট চাৰভেণ্ট]

(ট) পাঠ্যপুথি ৰচনাঃ-

[১] ৰত্নদ্বীপ (নৱম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে মনোনীত) [প্ৰকাশ কালঃ ২০০১]

[২] নৱম শ্ৰেণীৰ সাহিত্যৰ পাঠ ৰচনা

[৩] দশম শ্ৰেণীৰ পাঠ ৰচনা

ববিতা শৰ্মা-গ্ৰন্থ একোখনৰ কাম সমাপ্ত হোৱাৰ পাছত আপোনাৰ কেনে অনুভৱ হৈছিল?

জয়ন্ত মাধৱ বৰা- গ্ৰন্থ এখন লিখি শেষ কৰিব পাৰিলোঁ সেই কথা ভাবি ভাল লাগে৷

ববিতা শৰ্মা-আপোনাৰ প্ৰায় সকলো গ্ৰন্থ পাঠকৰ প্ৰিয়। তথাপি ‘মৰিয়াহোলা’ উপন্যাসখন ৰাইজৰ মাজত বেছি সমাদৃত বুলি ভাবোঁ। উপন্যাসখনৰ সৃষ্টি কেনেকৈ হৈছিল? উপন্যাসখনৰ সৃষ্টিৰ আঁৰৰ কাহিনী কিবা আছে যদি আমাক কওকচোন।

জয়ন্ত মাধৱ বৰা – মৰিয়াহোলা এক অভিশপ্ত নাম৷ বিবৰ্ণ যাৰ চৰিত্ৰ৷ কদৰ্য জীৱন পৰিক্ৰমা৷ বুকুৰ সোণালী মুকুটা জহি-খহি ৰূপ-বাক হেৰুৱাই মৰ্মাহত  মৰিয়াহোলা৷ আৰ্তনাদ, বিভীষিকা, ভয়, ত্ৰাস আৰু চকুৰ পোহৰ হেৰোৱা মৰিয়াহোলাত প্ৰতিদিনেই মানুহ মৰে, হেৰায় জীৱনৰ ন ন বসন্ত৷ ৰাজনীতি আৰু শোষণৰ ৰং য’ত বৰ তীব্ৰ৷ সামন্ত প্ৰভুৰ চকুৰ ইচাৰাত প্ৰতিনিয়ত মানুহৰ মাতবোৰ হৈ উঠে প্ৰতিবাদ আৰু এই প্ৰতিবাদত মৌলিক মানুহৰ সত্বা ৰজাঘৰৰ কদৰ্যতাত হেৰাব ধৰে৷ শুকাই আহে জীৱনৰ যতমানে উৎসাহ, উদ্দীপনা৷ মানুহে মানুহক ভাল-পোৱাৰ বিশ্বাসো মৰিয়াহোলাই চৰকাৰী ফাইলৰ মেৰপেচত প্ৰতিদিনতে চেপি-ৰেপি কুঁহিয়াৰ পেৰা দি পেৰি পেৰি শোষণৰ নিটোল কাৰোবাৰ ঘৰ এখন গঢ়ি তোলে৷

বৰ বিচিত্ৰ চুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্বকাল৷ এই দিহিঙীয়া ৰজাৰ ৰাজত্বকালতে [১৪৯৭-১৫৩৯ খ্ৰীষ্টাব্দ] মোগলে অসম আক্ৰমণ কৰোঁতে ৯০০ জন মৰিয়া সম্প্ৰদায়ৰ লোক আহোম সৈন্যৰ হাতত বন্দী হৈছিল৷ এই মৰিয়াসকলক ‘‘নামদৈয়াং’’ ত থাকিবলৈ দি জীৱিকাৰ বাবে ধানখেতি কৰিবলৈ দিয়া হৈছিল৷ খেতি-খোলাত তেনেই মৰিয়াসকল অজ্ঞ৷ মৰিয়াসকলে স্বৰ্গদেউৰ আজ্ঞা পালি নৈৰ এৰাসুঁতি পলসুৱা বোকা কঢ়িয়াই বাম ঠাইত পেলাই ধানৰ খেতি কৰিছিল৷ এই অদ্ভুত কৃষি প্ৰণালীত মৰিয়াসকলে পালে মাত্ৰ ৬০০ টা ধানৰ ডাঙৰি৷ মৰিয়াসকলে বোকা খান্দি হোলা কৰি লোৱা ঠাইতে পিছলৈ তেওঁলোক থাকিব লৈছিল৷ পাতিছিল একো একোখন নতুন নতুন গাঁও৷ নাম লৈছিল “মৰিয়াহোলা”৷ বোকা আনি যি ঠাইত মৰিয়াসকলে খেতি কৰিছিল সেই ঠাইৰ নাম হৈছিল “বোকাখাত”৷ এয়াই মৰিয়াহোলা উপন্যাসৰ পটভূমি৷

ববিতা শৰ্মা-আপোনাৰ ৰচিত ‘অমৃত’ নামৰ উপন্যাসখনো ৰাইজে বৰ ভাল পাইছে। এই উপন্যাসখনৰ সৃষ্টিৰ বিষয়েও আমাক কিছু কথা জনাওকচোন।

জয়ন্ত মাধৱ বৰা – ‘অমৃত’ চাহ-বাগিচাৰ পটভূমিত ৰচিত  উপন্যাস৷ ‘অমৃত’ উপন্যাসত হৃদয়ক জোঁকাৰি পেলাব পৰাকৈ চাহ-শ্ৰমিকসকলৰ জীৱনৰ ৰং-ৰূপ সজীৱ আৰু বাংময় ৰূপত অৱহেলিত মানুহৰ নিৰ্মম বৰ্ণনাৰে চাহ-জনগোষ্ঠীৰ জীৱনৰ  ছবি ভাস্বত হৈ উঠিছে৷ চাহ বাগানৰ ভাষা প্ৰয়োগে উপন্যাসকেইখনক অধিক অৰ্থৱহ ৰূপেৰে ভাস্বৰ কৰিছে৷ সেইবাবেই বোধহয় পাঠকে ভাল পাইছে৷

ববিতা শৰ্মা-অসমীয়া সাহিত্য জগতলৈ আপোনাৰ যি অৱদান, তাৰ তালিকা বৰ দীঘলীয়া। আপুনি বহুকেইখন শিশুৰ বাবে উপযোগী গ্ৰন্থও ৰচনা কৰিছে। অসমীয়া শিশু-সাহিত্যৰ ভৱিষ্যত কেনেকুৱা বুলি আপোনাৰ ধাৰণা হয়?

জয়ন্ত মাধৱ বৰা – সাধাৰণতে ডাঙৰৰ বাবে লিখা প্ৰথিতযশা সাহিত্যিকসকলে শিশুৰ বাবে লেখা সততে চকুত নপৰে৷ নৱকান্ত বৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ ব্যতিক্ৰম৷ ভাৰতৰ অন্যান্য ভাষা বিশেষকৈ বঙালী ভাষাৰ প্ৰথিতযশা সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়েও শিশু সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল৷ কাৰণ শিশুসকলক কিতাপৰ প্ৰতি আকৃষ্ট কৰিব পাৰিলেহে ডাঙৰ হ’লে তেওঁ এজন ভাল পাঠক হ’ব৷ ভাল লিখক হ’ব৷ জাতীয় সাহিত্যক সমৃদ্ধ কৰিবৰ বাবেই শিশু-সাহিত্যৰ প্ৰতি গুৰুত্ব দিয়া উচিত৷

ববিতা শৰ্মা-আমাৰ হাতত থকা তথ্য অনুসৰি ১৯৮৭ চনৰ পৰা এতিয়ালৈকে আপোনাৰ প্ৰায় ১০ খন গল্প সংকলন প্ৰকাশ পাইছে। আপোনাৰ গল্প সংকলনসমূহ পাঠকৰ মাজত বৰ জনপ্ৰিয় বুলি জানিব পাৰিছোঁ। এই সম্পৰ্কে আপুনি কি ক’ব খোজে? 

জয়ন্ত মাধৱ বৰা – হয়, দহখন গল্প সংকলন প্ৰকাশ পাইছে৷ দুশতকৈয়ো অধিক গল্প লিখিছোঁ৷ কোনো কোনো গল্প পাঠকে ভাল পাইছে৷ কিন্তু মই নিজে ভাবোঁ মই আজিলৈকে এটাও সাৰ্থক চুটি গল্প লিখিব পৰা নাই৷

ববিতা শৰ্মা-অসমীয়া মাতৃভাষা’ ৰ সোণোৱালী ভৱিষ্যতৰ বাবে সাধাৰণ অসমীয়া মানুহৰ কৰণীয় কি বুলি ভাবে? বৰ্তমান এচাম অত্যুৎসাহী লোকে অসমীয়া ভাষাতকৈ ইংৰাজী ভাষাক অধিক প্ৰাধান্য দিব খোজে। এনে মানসিকতাই ভাষাটোত প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবেনে?

জয়ন্ত মাধৱ বৰা – কোনো ভাষাই বেলেগ ভাষাক মাৰিব নোৱাৰে যদিহে মানুহখিনিৰ মাজত জাতীয়তাবোধ থাকে৷ উদাহৰণ – দক্ষিণ ভাৰতৰ ভাষাসমূহ৷ তেওঁলোকে ইংৰাজী ভাষাত পঢ়ে, কথা কয়, কিন্তু নিজৰ ভাষাটো নেৰে৷

ববিতা শৰ্মা-সমালোচকৰ সমালোচনাই আপোনাক ক্ষুব্ধ কৰে নেকি? সমালোচনাক আপুনি কেনেদৰে গ্ৰহণ কৰে?

জয়ন্ত মাধৱ বৰা – গঠনমূলক সমালোচনাক মই সন্মান কৰোঁ৷

ববিতা শৰ্মা-‘শব্দচিত্ৰ’ অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এটি সৰু ফেচবুক গোট। আমাৰ সাহিত্য চৰ্চা কৰা এই সৰু গোটটোৰ সদস্যসকলে আপোনাৰ পৰা অকণমান প্ৰেৰণা আশা কৰে। আপুনি কি ক’ব বিচাৰিব?

জয়ন্ত মাধৱ বৰা – আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিল৷

প্ৰশ্নকৰ্তা – ধন্যবাদ মহাশয়। আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দি কৃতাৰ্থ কৰা বাবে ‘শব্দচিত্ৰ’ গোটৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

*******

2 Comments

  • বৰ ভাল লাগিল সাক্ষাৎকাৰটো।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল পালোঁ সাক্ষাৎকাৰটো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *