দেৱতা-অংশুমান ভূঞা

—  “ছাৰ, আপোনাৰ ইউৰোপ ভ্ৰমণ পাক্কা। কেৱল কলমটো . . .।” — “ঠিক আছে। ইউৰোপ নালাগে, চেম্বাৰৰ বাহিৰত বহি থকা ৰোগী ৩ গৰাকীৰ চেন্নাইলৈ যোৱাৰ সুবিধা কৰি দিয়া।” চকু দুটা ঘোপা কৰি মেডিকেল ৰিপ্ৰেজেণ্টেটিভজন চেম্বাৰৰপৰা ওলাই গ’ল। *******

Read more

মই হেনো বিধৱা-ইলি তালুকদাৰ

“মৃত্যুও এক শিল্প  জীৱনৰ কঠিন শিলত কটা  এক নিৰ্লোভ ভাস্কৰ্য…..” জন্ম যিদৰে সঁচা মৃত্যুও ঠিক তেনেদৰে সঁচা। সেইবাবেই উপলব্ধি হয় আমাৰ জীৱনৰ হাঁহি আৰু চকুলোৰ যেন কোনো দাম নাই। মোৰ গৃহস্থৰ কথা কৈছোঁ। আজি তেওঁ আৰু হুলস্থূল নকৰে। এইটো কাম কৰিবলৈ আছে, সেইটো কাম কৰিবলৈ আছে বুলি চিঞৰ-বাখৰ কৰি কোনোজনকে আৰু কোনোদিনেই আমনি নকৰে। প্ৰাইভেট নাৰ্চিংহ’মৰ এটি কোঠাত শুই আছে প্ৰশান্তিৰে। আজি তেওঁৰ কাৰো ওচৰত আক্ষেপ নাই। এযোৰ উজ্জ্বল চকু, গাখীৰত সেন্দূৰ মিহলোৱা যেন শৰীৰৰ ৰং, সকলোৰে বাবে এটা চিনাকি

Read more

অব্যক্ত যন্ত্ৰণা,মূল : গী দ্য মোপাছাঁ,ভাৱানুবাদ-ড° মৃদুস্মিতা ফুকন

ফুলৰ বতৰ। ফুলনিখনত বসন্তৰ পৰশ সুষ্পষ্ট। মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে খোজকাঢ়ি আছে। দুয়োজন ল’ৰালিৰে বন্ধু। এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ সভ্য। এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল।  দুয়োৰে মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট বস্তুনিষ্ঠ আলোচনা। কিন্তু অলপ সময়ৰ পাছতে বিষয়টো একান্ত ব্যক্তিগত হৈ উঠিল। যুক্তি-তৰ্কতকৈ সেইটোৱেই বেছি আকৰ্ষণীয় যেন লাগিল। কথাই কথাই দুয়ো এৰি অহা সোণালী দিনবোৰ সুঁৱৰিবলৈ ধৰিলে। বসন্তৰ  মধুৰ বতাহজাকত দুই আত্মবিভোৰ প্ৰাণী ফুৰি থাকিল।  দেৱালবোৰো

Read more

তুমিয়েই সকলো, তোমাৰেই অপাৰ শক্তি!-ৰিমঝিম বৰঠাকুৰ

– কোন দিগে যাবি ৰে আইজনী?  – উইদিগে যাব ৰে আমি।।  কথাকেইটা কৈ দুয়ো ঢেকঢেকাই হাঁহি উঠিল। – কি যে হব ৰে তৰ। ইমান দিনে আমাৰ চাথে থাকি ভী আমাৰ ভাচাটো ছিকিব নোৱাৰিলি।  সদায় কোৱাৰ দৰে আজিও জিতেন কায়ে পৰীক কথাটো ক’লে।  – সেইবোৰ বাদ দিয়ক আপোনাৰ মুখেৰে বেয়া বেয়া হাৱা আহিছে যে কিয়? পৰীয়েও সদায় সোধা কথাটোকে তেওঁক সুধিলে। – কি ক’বি ৰে দুখতে অকণমান খাই দিওঁ আৰু। গোন্ধটো একদম আমাৰ মুখতে বহি যায়। পৰী ঘৰলৈ আহিলে এবাৰ সিহঁতৰ

Read more

‎বৰষুণ : এটি প্রেমৰ পদ্য-নিকুঞ্জ শৰ্মা

‎বৰষুণ নামি আহিল, ‎যেন তোমাৰ নামটোহে মিঠা সুৰত বাজি উঠিল, ‎পানীৰ বিন্দুবোৰে মোক সুধিলে— ‎”তোমাৰ এতিয়াও মনত আছে নে তাইক?” ‎ ‎আকাশৰ ঢৌবোৰ যে আজি কোমল, ‎সিহঁতে হয়তো জানে ‎যি অনুভৱ মই বুজাব নোৱাৰোঁ— ‎তুমি থাকিলেও যেন কিবা এটা অপূর্ণ। ‎ ‎নিঃশব্দ ধেমালিত তোমাৰ ওঁঠৰ হাঁহি, ‎চকুৰ কোণত সপোনবোৰ ওলমি থাকে, ‎তুমি যে মোৰ অন্তৰৰ সেউজ পথাৰ, ‎য’ত প্ৰেম ফুলে অহৰহ, অবিৰত! ‎ ‎তুমি এতিয়াও আহা যেন বতাহৰ চুমাত, ‎এজনী মায়াবিনী হৈ যেন ‎গোপনে মোৰ চুলি স্পৰ্শ কৰা, ‎তোমাৰ সোঁৱৰণি

Read more

বাৰাণ্ডা-নন্দিতা ভাণ্ডাৰ কায়স্থ 

দীঘলে প্ৰায় বিশ ফুট আৰু বহলে আঠ ফুটৰ এখন ডাঙৰ বাৰাণ্ডা। মোজাইক কৰা আহল-বহল বাৰাণ্ডাখন জ্যোতি আৰু ৰেখাৰ গোটেই ঘৰটোৰ ভিতৰতে এখন প্ৰিয় ঠাই বুলি ক’লেও ভুল কোৱা নহ’ব। কি কি নকৰে দুয়ো বাৰাণ্ডাখনত। শাক-পাচলি কুটা, কাপোৰত ফুল তোলা, আলোচনীৰ পৃষ্ঠাত ডুবি থকা মুঠতে দিনটোৰ চৌবিশ ঘন্টাৰ পাঁচ-ছয় ঘণ্টা দুয়ো বাৰাণ্ডাখনতে সময় অতিবাহিত কৰে।  জ্যোতিৰ হাতৰ পৰশত যেনেদৰে ছিজন ফুলবোৰে জকমকাই ফুলি উঠে, তেনেদৰে ৰেখাৰ কৰ্মঠ হাতৰ আদৰত বাৰাণ্ডাৰ মজিয়া জিলিকি উঠে। জহকালি দুয়ো বিচনী লৈ বাৰাণ্ডাতে মনৰ কথা পাতে।

Read more

উপহাৰ-শুভ বৰা শইকীয়া

“মা, তুমিনো আজি ৰাতিপুৱাৰ পৰা ইমান মন মাৰি কি চিন্তা কৰি আছা? তুমি এনেদৰে মন মাৰি থকা দেখিলে মই অলপো সহ্য কৰিব নোৱাৰোঁ। তোমাৰ গা বেয়া নেকি মা? নে মোক কিবা কথাত বেয়া পাইছা? তোমাৰ কি হৈছেনো কোৱাচোন মা।” “মোৰ একো হোৱা নাই বাবা। তোমাকনো মই কি কথাত বেয়া পাম বাৰু? মোৰ গা বেয়া লগা নাই। মনটোহে বেয়া লাগিছে। আজি দিনটোতে তোমাৰ দেউতাৰা আমাৰ মাজৰ পৰা কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গৈছিল। অতীতৰ সেই দুখৰ দিনটোৰ কথা আজি বৰকৈ মনত

Read more

 যাত্ৰা-চিৰঞ্জীত বড়া

“We are in the same boat brother We are in the same boat brother, If you tip one end you gonna To rock the other,  We are  in the same boat brother.” আমেৰিকাৰ কৃষ্ণাংগ শিল্পী পল ৰবচনৰ বিখ্যাত গীতটিৰ সান্নিধ্যতে আমাৰ ভূপেন হাজৰিকাদেৱে গাইছে “আমি একেখন নাৱৰে যাত্ৰী” গীতটো। গীতটো মোৰ বৰ প্ৰিয়। সেয়ে কেতিয়াবা অকলে থাকিলে এই গীতটিকে গুণগুণাই থাকোঁ। মই বৰ্তমান স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো দিলোঁ। পৰীক্ষাবোৰ ভালেই গৈছে। জুলাই মাহৰ আৰম্ভণিতে গৰম অলপ বেছিয়েই। সেয়েহে কেইদিনমানৰ বাবে ঘৰলৈ

Read more

লখিমী-পূৰ্ণিমা শইকীয়া গগৈ

: হেৰা শুনিছা, এইবাৰ কলীয়ে মোৰ আশা পূৰণ কৰিব। এইবাৰ তাইৰ লক্ষণ অলপ বেলেগ দেখিছোঁ। কলীলৈ মানুহজনৰ বৰ মৰম। তাতে বুঢ়ী হৈয়ো আহিছে। বছৰি একোটাকৈ মুঠতে চৈধ্যটা পোৱালি দিলে তাই। কিন্তু প্ৰতিবাৰেই দমৰা পোৱালি হে জন্মে। যোৱা বছৰ কলীয়ে পোৱালি নিদিলে। দাইটিয়ে দুখেৰে বোলে ”সঁচটোহে  নাথাকিল’’।  বৰ ঠাণ্ডা প্ৰকৃতিৰ কলী। এইখন ঘৰতে তাইৰ জন্ম। কিন্তু যোৱা চৈধ্য বছৰে তাই সঁচ এটা দিব নোৱাৰিলে। দমৰা পোৱালি পুহি ৰাখি লাভ নাই। সেইবাবে কোনোবাই পুহি হাল বাম বুলি ক’লে দাইটিয়ে কম মূল্যত পোৱালি

Read more

বৃত্ত-নীলাক্ষী ভট্টাচাৰ্য্য

ফাগুণ মাহ, ইফালে বৰষুণ নাই বাবে চাৰিওফালে ধূলি। গছবোৰো লঠঙা হ’ল। সঁ‌চাকৈ বৰষুণ এজাকৰ বৰ প্ৰয়োজন হৈছে।  বাহিৰৰ হেলনীয়া চকীখনত বহি তৰালী অধিকাৰীয়ে সন্মুখৰ পদূলিটোলৈ লক্ষ্য কৰি আছে। আবেলি সময়ত তৰালী অধিকাৰী এনেকৈ বহি থকাটো দৈনন্দিন কৰ্মৰাজিৰ ভিতৰতে পৰে বুলি ক’ব পাৰি। ভিতৰত ভৱদেৱ অধিকাৰী শুই আছে নিজৰ কোঠাত। গা ভাল নহয় তেখেতৰ। গা ভাল নহয় বুলিও ক’ব নোৱাৰি যিহেতু তেওঁৰ মনৰ হে বেমাৰ। মানুহজন দুদিন হ’ল এনেকৈ কোঠাটোত সোমাই থকা। তৰালী অধিকাৰীয়ে বহুত চেষ্টা কৰিছিল মানুহজনক বুজাবলৈ কিন্তু নাই

Read more
1 10 11 12 13 14 74