প্ৰেমৰ দাৰ্শনিক সংজ্ঞা-সংহিতা ভট্টাচাৰ্য্য

(ভাৰতীয় দৰ্শন আৰু পাশ্চাত্য দৰ্শনত প্ৰেম: এক তুলনামূলক আলোচনা)   (১) আত্মিক প্ৰেমঃ প্ৰেম সাধাৰণতে মানুহৰ লগত মানুহৰ মাজৰ এক আবেগগত সম্পৰ্ক বুলি ধৰা হয়, কিন্তু দাৰ্শনিক আৰু আধ্যাত্মিক দৃষ্টিকোণত প্ৰেম কেৱল আবেগ নহয়; ই আত্মাৰ গভীৰ অনুভৱ। এই প্ৰেম কেৱল মানুহৰ লগত মানুহৰ মাজৰ আবেগিক সম্পৰ্কই নহয়। বৰঞ্চ প্ৰেম হৈছে মানুহৰ লগতে জীৱ জন্তু, গছ-গছনি, প্ৰকৃতি আদি সকলোৰে লগত হোৱা এক আত্মিক উপলব্ধি। আত্মিক প্ৰেম মানে হৈছে এনে এক অনুভূতি য’ত মানুহে নিজৰ স্বাৰ্থ, অহংকাৰ আৰু সংকীর্ণতাক অতিক্ৰম কৰি আনজনৰ

Read more

অৱজ্ঞা….এক বিষ-মাতু কুকুৰাছোৱা

“তুমি মোলৈ বেলেগ নাম্বাৰৰ পৰা কিয় ফোন কৰিছিলা?” মেজিকখনত উঠিয়েই কথাষাৰ কাণত পৰাত ল’ৰাটোলৈ চালো।ল’ৰাটোৰ কাষতে এজনী ছোৱালী বহি আছে। ধুনীয়া মৰম লগা ছোৱালীজনী।মেজিকখনত মানুহো বেছি নাই। সিহঁতৰ বাহিৰে মোৰে সৈতে পাঁচজন মাথোন। কিন্তু কোন ক’ত বহি আছে ল’ৰা-ছোৱালীহালৰ সেইবোৰলৈ কাণসাৰ নাই। ল’ৰাটোৰ কথাষাৰ শুনি মই সিহঁতলৈ চালোঁ। ধুনীয়া ছোৱালীজনীৰ চকুকেইটা সজল হৈ আছে।তাই মাত্ৰ কৈছে, “কিয় তুমি মোৰ ফোন বা মেচেজবোৰ ইগ’নৰ কৰিছা। আগতে দেখোন তোমাৰ সময়ৰ অভাৱ নাছিল আৰু এতিয়া সময় নাই বুলি কিয় কোৱা বাৰে বাৰে।” ল’ৰাটোয়ে

Read more

অসমত নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া…..হেমচন্দ্ৰ বৰুৱা-ববিতা শৰ্মা

নাৰী আৰু পুৰুষ সমাজৰ দুই প্ৰধান চালিকা শক্তি। দুই স্তম্ভ।উভয়ে উভয়ৰ পৰিপূৰক হৈ নাৰী আৰু পুৰুষ মিলি সমাজ এখন আগবঢ়াই নিয়ে।পুৰুষৰ অবিহনে নাৰী, নাৰীৰ অবিহনে পুৰুষ অসম্পূৰ্ণ।বিশ্ব ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে সভ্যতাৰ বিকাশত নাৰীসকলে পুৰুষৰ সমানেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।এই ক্ষেত্ৰত ভাৰতীয় নাৰীসকলো পিছ পৰি থকা নাই।বৈদিক যুগৰেপৰা ভাৰতীয় নাৰীয়ে সভ্যতাৰ বিকাশত আগবঢ়াই অহা অৱদানৰ সাক্ষী ভাৰতীয় ইতিহাস। বৈদিক যুগৰেপৰা যুগে যুগে ভাৰতীয় নাৰী  ৰাজনীতিৰ পৰা শিক্ষা-সংস্কৃতি, সামৰিক, প্ৰশাসনিক, অৰ্থনীতি তথা সামাজিক ক্ষেত্ৰত স্ব মহিমাৰে জিলিকি আছে।প্ৰাচীন

Read more

পৰীৰ দেশৰ সপোনকোঁৱৰ (Peter Pan,ইংলেণ্ডৰ সাধু)-কুমকুম শৰ্মাবৰুৱা

সপোনকোঁৱৰ থাকে আকাশৰ সিপাৰৰ পৰীৰ দেশৰ এটা দ্বীপত।সেই দেশখনত মানুহবিলাক একেটা বয়সতে ৰৈ থাকে ; ডাঙৰো নহয়,বুঢ়াও নহয়। সপোনকোঁৱৰো কাহানিও ডাঙৰ নোহোৱা এটি সৰু ল’ৰা। সি পৰীৰ দেশখনৰ পৰা ৰাতি ৰাতি পৃথিৱীলৈ আহে । দিনৰ পোহৰত আহিলে সি ডাঙৰ হৈ যোৱাৰ ভয় থাকে।ডাঙৰ হোৱাটো সি কেতিয়াও বিচৰা নাছিল। সপোনকোঁৱৰৰ এটা আচৰিত গুণ হ’ল–সি উৰিব পাৰে। গুৱাহাটীৰ এটা ডাঙৰ ঘৰত শ্ৰীযুত আৰু শ্ৰীমতী বৰুৱা নামেৰে এযোৰা সুখী দম্পতীয়ে বাস কৰিছিল। তেওঁলোকৰ জুৰণি নামেৰে এজনী ছোৱালী আৰু পোহৰ আৰু অমৰ নামেৰে দুটা

Read more

অসমভূমিৰ মুকুটবিহীন সংগীত সম্ৰাট জুবিন গাৰ্গ-অৰবিন্দ গোস্বামী

মই…..মৰিম যিদিনা ঐ…… একেডাল বাঁহকে তিনিচেও কৰি লৈ ঐ….. মাজৰ চেও খচালিৰ কামি….. চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলৈ বুলি…মোৰ মনাই ঐ নৈৰ ঘাটলৈ বুলি……..                                         _____জুবিন গাৰ্গ____ অনাদি কালৰেপৰা পৃথিৱীত মানুহৰ জন্ম হৈছে আৰু এদিন মানুহে জীৱন নামৰ এই নাটখনিৰ যৱনিকা পেলাই পৃথিৱীৰপৰা মেলানি মাগিছে।এইদৰে পৃথিৱীলৈ সীমাহীন মানুহৰ সোঁত বৈ আছে আৰু আগলৈও বৈ থাকিব।এনে সীমাহীন মানুহৰ মাজত মুষ্টিমেয় কিছু সংখ্যকে জীৱন কালত এনে কিছুমান কাম কৰে,যাৰ বাবে তেওঁ এই ধৰাত অমৰ হৈ ৰয়।এনে

Read more

ওপজা মাটিৰ গোন্ধ-পঙ্কজ সভাপণ্ডিত 

পৈতৃক সম্পত্তি বুলি ৫ বিঘা ৰোৱতী মাটি অনন্তই পাইছিল।দেউতাকে মৃত্যুৰ পূৰ্বে খাজানাৰ ৰচিদৰ লগতে মাটিৰ পট্টা  তাৰ হাতত তুলি দিছিল।আজি দেউতাক ঢুকুৱা দহ বছৰেই হ’ল।গাঁৱৰপৰা অনন্তৰ বহু আত্মীয় কুটুম,চহৰ অভিমুখী হ’ল।নিজৰ জন্মৰ ভেটিৰ মোহ এৰিব নোৱাৰি অনন্ত তাৰ আপোন গাঁৱতে থাকি গ’ল, পিতৃ পুৰুষৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ।কিন্তু এটা সময়ত সিহঁতৰ ৰোৱতী মাটিত জিলাখনৰ মেডিকেল কলেজ নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰিলে।চৰকাৰৰপৰা পোৱা কেইবালাখো টকা আজি অনন্তৰ বেংক একাউন্টত ভৰ্তি হৈ আছে কিন্তু নিজৰ জন্মৰ ভেটি,পথাৰৰ কেঁচা মাটিৰ গোন্ধ,আঘোণৰ পথাৰৰ সোণগুটি বুটলাৰ

Read more

অন্তৰীপ:গ্ৰন্থকাৰ ড° ভবেন্দ্ৰনাথ শইকীয়া-শেৱালি শৰ্মা বৰকটকী 

ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ ৩৩০ পৃষ্ঠা জোৰা ‘অন্তৰীপ’ নামৰ এই  মননশীল উপন্যাসখন ১৯৭৯ চনত সেই সময়ৰ সামাজিক পটভূমিত ৰচনা হৈ “ৰামধেনু” আলোচনীত তিনিটা সংখ্যাত প্ৰকাশ হোৱাৰ পিছত বন্ধ হৈ যায় যদিও প্ৰান্তিক আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ পৰা  ছপা হৈ  ১৯৮৪ চনৰ ১ জানুৱাৰীৰ সংখ্যাত  শেষৰ খণ্ড প্ৰকাশ হয়। এই উপন্যাসখনৰ বিষয়বস্তু প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া সমাজৰ পটভূমিৰ এখন সৰু চহৰৰ এটা আঢ্যৱন্ত পৰিয়ালক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। উপন্যাসখনত এহাতেদি আমাৰ সমাজত যুগ যুগ ধৰি চলি থকা পুৰুষৰ একনায়কত্ববাদী শাসনৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা

জুলাই মাহৰ শেষৰ সপ্তাহত আবেলি সময়ত শব্দচিত্ৰ গোটৰ মুখ্য প্ৰসাশক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামী ডাঙৰীয়াই মোক ফোন কৰিছিল ,কিন্তু মই সভা এখনত ব্যস্ত থকা বাবে ফোনটো ধৰিব নোৱাৰিলোঁ। ঘৰ পাই তেখেতলৈ ফোন কৰাত ক’লে….. “আপোনাক অক্টোবৰ মাহৰ পুজা সংখ্যাৰ আলোচনী খনৰ সম্পাদনাৰ দায়িত্ব অৰ্পণ কৰিলে আপোনাৰ কিবা আপত্তি থাকিব নেকি?” মই অলপ সময় তভক মাৰিলোঁ, তেখেতে সম্ভৱ বুজি পালে মই উত্তৰটো তেতিয়া দিব বিচৰা নাই। তেখেতে সময় দিলে মোক উত্তৰটো দিবলৈ। বিভিন্ন ঘৰুৱা ব্যস্ততাৰ লগতে সামাজিক কাম কিছুমানত লাগি থাকোঁ বাবে

Read more

এজন লেখকৰ মৃত্যু , এটা কলমৰ মৃত্যু-ৰুনাল্ডো টাইদ 

(বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ প্ৰতি ) “Dead people Receive more flowers than the living one, because Regret is more stronger than gratitude “-  Anne Frank  যুগস্ৰষ্টা নায়কজন গ’লগৈ, কোনেও মানিব নোখোজে এই কথা এজন বুদ্ধৰ মৃত্যু হৈছে, কোনেও শুনিব নোখোজে এই কথা শোকত ম্ৰিয়মান চাৰিকড়ীয়া নৈ খন ম’হঘুলি চাপৰিৰ আজাৰবোৰে উচুপিছে  ম’হ গুৱালে শোকত কাবান জুৰিছে। বুকুখন শিল হ’ল  ভাৱনাবোৰ  ধোঁৱা হৈ উৰি গ’ল বিনা মেঘে ব্ৰজপাতত মানুহবোৰ বোবা হ’ল ! এজন লেখকৰ মৃত্যু, এখন নদীৰ মৃত্যু এজন লেখকৰ

Read more

ঋণাত্মক চিন্তা উন্নতিৰ অন্তৰায়-দ্বিজেন্দ্ৰ নাথ শৰ্মা

কোনো বিষয় সংক্ৰান্তত আমি যি ভাবোঁ সেয়াই হৈছে দৃষ্টিভংগী।এই দৃষ্টিভংগী সাধাৰণতে দুই ধৰণৰ… ধনাত্মক দৃষ্টিভংগী আৰু ঋণাত্মক দৃষ্টিভংগী।ধনাত্মক দৃষ্টিভংগী বা ধনাত্মক চিন্তাই মনলৈ কঢ়িয়াই আনে আশাৰ বতৰা।আশাই আমাৰ মনক দিয়ে উৎসাহ উদ্দীপনা আৰু বৃদ্ধি কৰে কৰ্মদক্ষতা।আনহাতে ঋণাত্মক চিন্তাই মনলৈ আনে নিৰাশা ভাব।এই নিৰাশাই আমাৰ কৰ্মোদ্যম হ্ৰাস কৰে।কৰ্মোদ্যম হ্ৰাসেই নাশ কৰে কৰ্ম কৌশলতা।ফলত ই হৈ পৰে উন্নতিৰ অন্তৰায়।আমাৰ মনবোৰ  যেতিয়া দ্বিধাগ্ৰস্ত হয়, তেতিয়াই ঋণাত্মক ভাববোৰে সুবিধা লয়, মনটো ঋণাত্মক চিন্তাৰে আৱৰি ৰাখিবলৈ।এই ঋণাত্মক ভাববোৰ মনলৈ অহাত সহায় কৰে এচাম নেতিবাচক চিন্তাৰ

Read more
1 10 11 12 13 14 81