‎চি চি টিভি,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

‎আমাৰ প্ৰিয় বলাই দা সকলোৰে মাজত বুলা দা নামেৰে পৰিচিত।কাৰো হাতে-পাঁচে একোতে তেওঁ নাথাকে। যিটো ফ্লেটত তেওঁ থাকে তাৰ তলতে তেওঁৰ এখন সৰু দোকান আছে।তেওঁ সদায় সোনকালে দোকানখন খোলে।সেই ফ্লেটৰে এদল উদণ্ড ল’ৰাই সদায় ৰাতিপুৱা দোকানৰ সন্মুখৰ ৰাস্তাত ক্ৰিকেট খেলা আৰম্ভ কৰে। প্ৰায়েই বল বুলা দাৰ দোকানৰ ভিতৰত সোমায়। স্বাভাৱিকতেই এই ঘটনাত তেওঁৰ বৰ খং উঠে আৰু তেওঁ ল’ৰাবোৰক তাত খেলিবলৈ মানা কৰে। কিন্তু ক’ত আৰু তেওঁৰ কথা শুনিব ল’ৰাহঁতে, সিহঁতে তাতেই খেলি থাকে। এইবোৰ দেখি কাকো একো ক’ব নোৱাৰি

Read more

অৱচেতন-নিবেদিতা শৰ্মা 

জীৱন প্ৰবাহৰ বিলুপ্ত চেতনাত  জাগ্ৰত হোৱা  বাসনাবোৰ এটা সময়ত শুই পৰে নিঃপালি দি  নৈৰাশ্যই আবৰি ধৰা অস্তিত্বৰ বাসনাত জন্ম লয় এজাক উৰনীয়া জীয়া ৰং বিৰঙেৰে উদ্ভাসিত হয় সাতৰঙৰ সপোন অঙ্কুৰিত হয় অতীত আৰু বৰ্তমানৰ ছবি পঙ্কিলতা আৰু কদৰ্যময় পৰিবেশত ৷ প্ৰতিটো ক্ষণত দোদুল্যমান বাস্তৱে সোঁৱৰায় মোৰ একাকীত্ব কিমান নিঃসহায় মই ভাসমান তৃনকুটা যেন বিশাল সাগৰত  নাই লক্ষ্য নাই কোনো গন্তব্যস্হান ৷ সপোনৰ তামিঘৰৰ বেৰৰ জোলোঙাৰে দৃষ্টিগোচৰ হয় অজানা অদুৰ ভবিষ্যত। বাস্তৱতাৰ থুনপাকত উৱলি যোৱা বাৰিষাৰ সজল বৃষ্টি ধাৰাত উদ্ভাসিত হয় 

Read more

প্ৰতিশ্ৰুতি-শুভ বৰা শইকীয়া

হৰকান্ত  মৌজাদাৰ এজন নেতৃস্থানীয় ব্যক্তি হ’লেও তেওঁৰ কাৰ্যকলাপ বোৰ সকলো মানুহৰ সহ্য নহয়। তেওঁৰ এটা বদগুণ আছিল মানুহক তৎক্ষণাৎ গালি-গালাজ পাৰি মনত অসহনীয় যন্ত্ৰনা দিবলৈ দ্বিধাবোধ নকৰিছিল।স্থান কাল পাত্ৰ বিচাৰ কৰিব নোৱাৰে। ওলোটাই তেওঁক তিৰস্কাৰ কৰিলেও তেওঁ সুৰসুৰীয়া হয়।লাজ কি বস্তু তেওঁ বুজিবলৈ চেষ্টা নকৰে। তেওঁ নিজৰ ল’ৰা ছোৱালীৰ সমান মেধাবী ছাত্ৰ ছাত্ৰী অঞ্চলটোত নাই বুলি ফিতাহি মাৰি ফুৰে।তেনে জহমাৰি ফুৰিলে কাৰ্যক্ষেত্ৰত লাজ পাব বুলি বিবেচনা নকৰে।পৰীক্ষাৰ ফলাফলত তিনিওটা সন্তানেই তৃতীয় স্থান পাই উৰ্ত্তীণ হ’ল যদিও তেওঁ টিঙৰ পৰা নমা

Read more

ভোগালী বিহুৰ তাৎপৰ্য-ইভা শইকীয়া গোহাঁই   

সৰুতে মাঘ বিহু বুলি কলে বহুত দিনৰ আগৰেপৰাই ৰঙত মতলীয়া হৈ থাকো। সেই সময়ত বস্তুৰ অভাৱ নাছিল। নামঘৰত সকলোৱে লগলাগি ভোজৰ আয়োজন কৰে।আমি লৰাছোৱালী বোৰে ঘৰে ঘৰে বাচন বৰ্তন, হেতা আদি সংগ্ৰহ কৰি ফুৰো। সেইবোৰ আনি নামঘৰত থকা ডাঙৰ সকলক চমজাই দিওঁহি।আমি কাৰ ঘৰৰ পৰা কি আনিছো, সকলো কাগজত লিখি ৰাখো। তেতিয়া আমি সেই বিহুৰ তাৎপৰ্য সিমান বুজি পোৱা নাছিলো। বস্তুবোৰ গোটাই ফুৰোতে পিঠাপনা ঘৰে ঘৰে খাই ফুৰো। মুঠতে ভোগালীৰ ভোগকহে চিনি পাইছিলো। বিহু ৰচনা লিখোতে, বিহু আমাৰ জাতীয় উৎসৱ

Read more

বিদ্যালয় শিক্ষাত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা-হৰগোবিন্দ দাস 

সনাতনী সভ্যতাৰে সু-প্রসিদ্ধ, সংস্কাৰ আৰু চিৰ সুন্দৰৰ সাধনাৰ সার্বিকতাৰে পৰিপূৰ্ণ বাৰেৰহণীয়া দেশ ভাৰতবৰ্ষ।অতীজৰে পৰাই পুণ্যভূমি ভাৰতবৰ্ষত মহান ঋষি-মুনি সকলৰদ্বাৰা সৃষ্টি হৈছিল- বৈদিক সাহিত্য, উপনিষদ, বেদান্ত, সাংখ্য, যোগ, আয়ুর্বেদ, নীতি-শাস্ত্র, কাব্য, মহাকাব্য, পুৰাণ আদি বিভিন্ন প্ৰকাৰৰ গ্রন্থ।য’ত ধর্ম, নীতি-জ্ঞান, মানৱৰ জীৱন দৰ্শন আৰু আত্মা-পৰমাত্মাৰ ৰহস্যৰে পৰিপূৰ্ণ আধ্যাত্মিকতাৰ মহা বীজ আৰু বিশ্বব্রহ্মাণ্ডৰ অলেখ ৰহস্যৰ সুগভীৰ শিক্ষা তত্ত্ব সংপৃক্ত হৈ আছে। এই মহা তীর্থস্থান স্বৰূপ বিশাল ভাৰতবৰ্ষৰে এখনি অঙ্গ-ৰাজ্য আমাৰ অসমভূমি। অলেখ প্রাকৃতিক সম্পদ আৰু সৌন্দৰ্য্যৰ ৰম্যভূমি এই অসমতে জন্মগ্রহণ কৰিছিল- মহাপুৰুষ শ্রীমন্ত

Read more

মোবাইলত বন্দী জীৱন-নিবেদিতা শৰ্মা 

গোলোকীয় পৃথিৱীৰ বৰ্তমান সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধেই হৈছে মোবাইল ফোন।এই মোবাইল ফোনৰ কৃপাতেই আঙুলিৰ এটা টিপাতে পৃথিৱীৰ সকলো খবৰ তথা ছবি  আমাৰ চকুৰ সন্মুখত ধৰা দিয়ে।সকলো বস্তু ব্যৱহাৰৰ ভাল বেয়া দুটা দিশ থাকে।যদিওবা আমি মোবাইল ফোন ব্যৱহাৰ কৰা বাবে বহু ক্ষেত্ৰত সুবিধা হৈছে তাৰ বিপৰীতে অত্যাধিক ইয়াক ব্যৱহাৰ কৰাৰ বাবে আমাৰ কিছুমান অসুবিধাও হোৱা দেখা যায়।মূৰৰ বিষ,নিদ্ৰাহীনতা, চকুৰ পাৱাৰ কমা এনেধৰণৰ কিছুমান বেমাৰ বেছি সময় মোবাইল ব্যৱহাৰ কৰা বাবেই হোৱা দেখা যায়।দুই মিনিটকৈ অধিক সময় মোবাইলত কথা পাতিলে কাণৰ লগতে

Read more

চেনিৰ তিতা-উপাসা ভাগৱতী

যিমান পাৰে খৰধৰকৈ লিমাই হাত চলালে। গেছৰ এটা চুলাত চাউলকেইটা ধুই পানী দি দিলে উতলিবলৈ। সিজিলে মাৰ কাঢ়ি দিব। এই কামটো আগতে মাকক কৰা দেখিছিল। ডাঙৰ চচপেন এটাত ভাত বঢ়াই এটা সময়ত এটা বাতি বা চৰিয়াত মাৰ কাঢ়ি দিয়ে । তাই আৰু ভায়েকে সেই ভাতৰ মাৰখিনিত মিঠাতেল আৰু নিমখ অকণ দি খাই বৰ ভাল পায়। সদায় সেইবাবে হেতা-ওপৰা লাগে। মাৰখিনি কাঢ়িবলৈ লৈ কথাবোৰ মনত পৰি মুখেৰে মিচিকি হাঁহি এটা ওলাই গ’ল তাইৰ।  এই প্ৰেচাৰ কুকাৰ নামৰ বস্তুবিধ হোৱাৰপৰা পলকতে সকলো

Read more

স্থিৰ বৰ্ত্ম-মাৰ্কণ্ড কিশোৰ কৌশিক

মাটিৰ বুকু ফালি দুডাল ফটা শিৰাৰ দৰে শুই থকা অনন্ত ৰে’ল ট্ৰেকডালৰ পাৰত, এক নিমাওমাও উপনগৰীয় ষ্টেচন। আকাশখনক যেন দুপৰীয়াৰ সূৰ্যৰ এটা ক্ৰোধিত চকুৱেহে চাই আছে।বতাহত কোনো প্ৰাণ নাই।জৰুৰী কাম নথকা মানুহৰ বাবে এইয়া জিৰণি লোৱা সময়। কিন্তু দুজন পুৰুষ, অৰূপ আৰু মানস, সেই পুৰণি কাঠৰ বেঞ্চখনত বহি আছিল।জেঠমহীয়া প্ৰখৰ ৰ’দে তেওঁলোকৰ কপালেৰে ঘাম বিৰিঙাই তুলিছে। তেওঁলোক দুয়োজনৰে মুখত ভাগৰতকৈ বেছি গভীৰ কিবা এক অস্তিত্বৰ, শূন্যতাৰ চাপ হে পৰিছিল।অৰূপৰ পিন্ধনত আছিল এটা বগা টি-চাৰ্ট, বুকুৰ ঠাই ডোখৰত ডাঙৰ-ডাঙৰ ক’লা আখৰেৰে

Read more

হিন্দু পৌৰাণিক কাহিনীত পঞ্চসতী বা পঞ্চকন্যা হৈছে অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী-কুঞ্জ খাউণ্ড

যদিও প্ৰচলিত ধাৰণাৰে সতী বুলিব পৰা নাৰী ভাৰতবৰ্ষত অজস্ৰ আছিল, বা ঐতিহাসিক কালতো এনে নাৰীৰ অভাৱ নাই তথাপি এইসকলৰ ভিতৰৰে বিশেষ পাঁচগৰাকী নাৰীক চিহ্নিত কৰি পঞ্চসতী বা পঞ্চকন্যাৰ নামেৰে চিহ্নিত কৰি আহিছে।’  -এই পাঁচগৰাকী মহীয়সী নাৰী,যাৰ নাম স্মৰণ কৰিলে মহাপাপ নাশ হয় বুলি বিশ্বাস কৰা হয়।তেওঁলোকৰ কাহিনী ত্যাগ,ধৈৰ্য্য আৰু চৰিত্ৰ দৃঢ়তাৰ প্ৰতীক, যিয়ে ৰামায়ণ আৰু মহাভাৰতৰ গুৰুত্বপূৰ্ণ মোৰসমূহ নিয়ন্ত্ৰণ কৰিছিল।আনকি তেওঁলোকৰ নাম ল’লে মহাপাপো নাশ হয় বুলি বিশ্বাস কৰা হয়। অহল্যা দ্ৰৌপদী কুন্তী তাৰা মন্দোদৰী তথা। পঞ্চকন্যা স্মৰে নিত্যং মহাপাতক

Read more

বিধাতাৰ লিখন-গীতামণি দত্ত

যশোদাৰ আজি ৰতনলৈ বৰ মনত পৰিছে।হাতত তুলি লোৱা কামখিনি যেন কৰিবলৈ তাই অপৰাগ।আজি দিনটোতে তাই ৰতনৰ লগত মুখামুখি হৈছিল আৰু দুয়োৰে মাজত চাৰিচকুৰ মিলন হৈছিল। যশোদাহঁতৰ গাৱঁখনৰ ভিতৰত ৰতনহঁতেই আটাইতকৈ ধনী।লক্ষী-সৰস্বতী দুয়োজনৰে যেন বসতি স্থান ৰতনহঁতৰ ঘৰখন।ৰতন ঘৰখনৰ ডাঙৰ ল’ৰা। সৰুৰেপৰাই ৰতন খেলা-ধূলা পঢ়াশুনা সকলো পিনে আগৰনুৱা।সৰুৰেপৰাই ৰতনে টাউনৰ স্কুলতে পঢ়া শুনা কৰা।সেইবাবে যশোদাহঁতে ৰতনক চিনি নাপায়,যদিও একেখন গাৱঁৰে আছিল। ৰতনৰ পৰিয়ালৰ লগত যশোদাহঁতৰ পৰিয়ালটো নিমিলে।একেবাৰে সাধাৰণ পৰিয়ালৰ ছোৱালী যশোদা। যশোদাৰ মাকে ৰতনৰ ঘৰত দিন হাজিৰা কৰিছিল। তাৰে সিহঁতৰ পৰিয়ালটো

Read more
1 9 10 11 12 13 81