প্ৰতিশ্ৰুতি-শুভ বৰা শইকীয়া
হৰকান্ত মৌজাদাৰ এজন নেতৃস্থানীয় ব্যক্তি হ’লেও তেওঁৰ কাৰ্যকলাপ বোৰ সকলো মানুহৰ সহ্য নহয়। তেওঁৰ এটা বদগুণ আছিল মানুহক তৎক্ষণাৎ গালি-গালাজ পাৰি মনত অসহনীয় যন্ত্ৰনা দিবলৈ দ্বিধাবোধ নকৰিছিল।স্থান কাল পাত্ৰ বিচাৰ কৰিব নোৱাৰে। ওলোটাই তেওঁক তিৰস্কাৰ কৰিলেও তেওঁ সুৰসুৰীয়া হয়।লাজ কি বস্তু তেওঁ বুজিবলৈ চেষ্টা নকৰে। তেওঁ নিজৰ ল’ৰা ছোৱালীৰ সমান মেধাবী ছাত্ৰ ছাত্ৰী অঞ্চলটোত নাই বুলি ফিতাহি মাৰি ফুৰে।তেনে জহমাৰি ফুৰিলে কাৰ্যক্ষেত্ৰত লাজ পাব বুলি বিবেচনা নকৰে।পৰীক্ষাৰ ফলাফলত তিনিওটা সন্তানেই তৃতীয় স্থান পাই উৰ্ত্তীণ হ’ল যদিও তেওঁ টিঙৰ পৰা নমা বিধৰ পুৰুষ নাছিল।আনৰ সন্তানৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা কোন সময়ত কি কৰি ক’ত থাকে সেই চিন্তাইহে তেওঁৰ মন মগজুত স্থান পায়।
এবাৰ গাঁৱৰ আৰ্থিক ভাৱে দুৰ্বল ৰতনে বোৱাৰীয়েকক সামান্য পৰিমাণৰ খাটি সোণৰ গহনা দি পুতেকলৈ বিয়া পাতি অনা বাবে তেওঁ বৰ সমালোচনা কৰিলে।যিকোনো মানুহৰ আগত ক’বলৈ ল’লে।ৰতনে কম সোণ দি পালমৰা গহনা দি বিয়া পাতি বোৱাৰীজনীক অপমান কৰা নাইনে? নোৱাৰিলে তেনেদৰে বিয়া পাতিবলৈ আগবাঢ়ি যাব নালাগে।লাজ পালো জোৰোণত গৈ। মৌজাদাৰৰ কথাবোৰে ৰতনৰ মনত বৰ কষ্ট দিলে যদিও একো উত্তৰ নিদি সময়লৈ বাটচাই ৰ’ল।
মৌজাদাৰে নকল সোণৰ সৰহকৈ গহনা বনাই বৰ আড়ম্বৰপূৰ্ণ ভাৱে ডাঙৰ পুতেকৰ বিয়া আৰম্ভ কৰিলে।ৰতনক ক’লে ৰতন জোৰোণৰ লগত তয়ো যাব লাগিব।তোৰ পুতেৰৰ বিয়াত বোৱাৰীয়েৰক দিয়াৰ দৰে সামান্য গহনা দি মই মানুহ বোৰক লাজত নেপেলাওঁ। বোৱাৰীৰ মন পছন্দৰ গহনা দি জোৰোণত যোৱা সকলো মানুহৰ আত্মসন্মান ৰক্ষা কৰিম। মৌজাদাৰে কোৱামতেই ৰতন জোৰোণ দিবলৈ গ’ল।নিয়মৰ মাজেৰে জোৰোণ ভিতৰলৈ পঠোৱাৰ আধাঘণ্টাৰ পিছত মৌজাদাৰৰ হ’ব লগীয়া বোৱাৰীয়ে উগ্ৰ মূৰ্তি ধাৰণ কৰি সমাজৰ মাজত মৌজাদাৰৰ হাতত গহনাবোৰ চমজাই দি ক’লে….
“নকল সোণ দি মোক বোৱাৰী কৰি নিবলৈ আহিবলৈ লাজ নালাগিল।এয়া ল।আন সহজ সৰল মানুহবোৰক কণা হাঁহক পতান দি ঠগি খোৱাৰ দৰে মোক ঠগিব নোৱাৰ। মই খেদি পঠিওৱাৰ আগতে সসন্মানে ৰভাতলৰপৰা ওলাই যা”…….বুলি কৈ জোৰোণৰ লগত যোৱা মানুহবোৰক উদ্দেশ্যি সেৱা জনাই ক’লে,
“আপোনালোকে মোক ক্ষমা কৰিব।এনেকুৱা শোষণ কাৰী ঠগবাজ মানুহ সন্মানৰ যোগ্য নহয়।এনেকুৱা বিষবৃক্ষৰ পুলি সমাজৰ পৰা উভালি নেপেলালে মোৰ দৰে বহু ছোৱালীক মিছা প্ৰলোভন দিব।”
ৰতনে মৌজাদাৰক উত্তৰ দিয়া উপযুক্ত সময় বাটতে পাই হাততে হেৰুৱাব নুখুজি মৌজাদাৰক ক’লে…..
“মৌজাদাৰ দেউতা সোণৰ যেনেকৈ আচল নকল থাকে মানুহৰ চৰিত্ৰৰো আচল নকল থাকে।তাৰপ্ৰমাণ আপুনি।মোক লাজ দিবলৈ আপোনাৰ যি অভিপ্ৰায় আছিল সেয়া নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে।মোৰ ল’ৰাৰ বিয়াৰ জোৰোণত কম সোণৰ গহনা দিয়াত মোৰ বাবে সমাজত লাজ পাবলগীয়া হ’ল বুলি কথা শুনাইছিল। কিন্তু এতিয়া নিজৰ বোৱাৰীৰ ক্ষেত্ৰত কি হ’ল?ঠগ-প্ৰৱঞ্চনা কৰি সকলোকে ঠগিব নোৱাৰে। বহুত সোণৰ গহনা দি মোক লাজ দিবলৈ ষড়যন্ত্ৰ কৰোঁতে আপুনি আজি নিজেই লাজৰ মুখ্য কাৰণ হৈ পৰিল।
ৰতনৰ কথাত নিজৰ ভুলৰ বাবে অনুশোচনা কৰি মৌজাদাৰে আগলৈ মানুহক লাজ দিবলৈ ষড়যন্ত্ৰ নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলে।
*******

10:20 AM
Wondering how to snag a Casibom bonus code? It’s pretty simple! Often found on their website or through their promos. Always check the terms! Learn more casibom bonus kodu nasıl alınır
10:21 AM
Slotomania Casino can be a lifesaver when you need to relax and have a good time! Good selection of games to pick from. Could use some more free coins, but hey, who’s complaining. Definitely worth checking out. slotomania casino
10:21 AM
Typo alert! You probably meant Nesine. Here’s the correct link: nedine. Hope you find what you’re looking for.