ভোগালী বিহুৰ তাৎপৰ্য-ইভা শইকীয়া গোহাঁই   

সৰুতে মাঘ বিহু বুলি কলে বহুত দিনৰ আগৰেপৰাই ৰঙত মতলীয়া হৈ থাকো। সেই সময়ত বস্তুৰ অভাৱ নাছিল। নামঘৰত সকলোৱে লগলাগি ভোজৰ আয়োজন কৰে।আমি লৰাছোৱালী বোৰে ঘৰে ঘৰে বাচন বৰ্তন, হেতা আদি সংগ্ৰহ কৰি ফুৰো। সেইবোৰ আনি নামঘৰত থকা ডাঙৰ সকলক চমজাই দিওঁহি।আমি কাৰ ঘৰৰ পৰা কি আনিছো, সকলো কাগজত লিখি ৰাখো। তেতিয়া আমি সেই বিহুৰ তাৎপৰ্য সিমান বুজি পোৱা নাছিলো। বস্তুবোৰ গোটাই ফুৰোতে পিঠাপনা ঘৰে ঘৰে খাই ফুৰো। মুঠতে ভোগালীৰ ভোগকহে চিনি পাইছিলো। বিহু ৰচনা লিখোতে, বিহু আমাৰ জাতীয় উৎসৱ বুলি আৰম্ভ কৰো।বিহু আমাৰ তিনিটা।মাঘবিহু, বহাগ বিহু, কাতি বিহু।এতিয়াহে বিহুৰ তত্ব বুজিবলৈ চেষ্টা কৰো। 

ভোগালী বিহু অসমৰ তিনিটা প্ৰধান বিহুৰ ভিতৰত এক গুৰুত্বপূৰ্ণ উৎসৱ। ই মূলতঃ খেতি চপোৱা শেষ হোৱাৰ আনন্দ আৰু সমৃদ্ধিৰ উদযাপন। “ভোগালী” শব্দটো “ভোগ”ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে আহাৰ-আনন্দ আৰু ভোগ-বিলাস।খেতিয়কে বছৰজোৰা পৰিশ্ৰমৰ ফল স্বৰূপে এই সময়ত নতুন ধান ঘৰলৈ আনে আৰু আনন্দৰে এই উৎসৱ পালন কৰে।

ভোগালী বিহুৰ মূল তাৎপৰ্য হৈছে সমবেততা বা সামাজিক ঐক্য।উৰুকাৰ নিশা গাঁৱৰ লোকসকল একেলগে মিলি ভোজভাত খায়, মেজি সাজে আৰু পৰস্পৰৰ মাজত সুখ-দুখৰ ভাগ-বতৰা কৰে।এই মিলন-মেলাই মানুহৰ মাজত ভাতৃত্ববোধ দৃঢ় কৰে আৰু সামাজিক বন্ধন মজবুত কৰে।

এই উৎসৱে কৃতজ্ঞতাৰ ভাবো জগাই তোলে। প্ৰকৃতি, মাটি আৰু কৃষিৰ প্ৰতি মানুহে কৃতজ্ঞতা প্ৰকাশ কৰে। পুহ মাহৰ শীতল বতাহৰ মাজত মেজিৰ জুইত শীত দূৰ কৰি নতুন আশা আৰু নতুন সপোনেৰে আগলৈ আগবাঢ়িবলৈ মানুহে সংকল্প লয়। সেইদিনাৰ পৰাই জুই ডাঙৰ হয় বুলি জেষ্ঠজনে কয় আৰু আমাক ভৰি জুইৰ ফালে আগবঢ়াবলৈ নিদিয়ে।এই পৰম্পৰা লাহেকৈ চহৰো পালেহি।পুৱাই মাছৰ বজাৰত কিমান ডাঙৰ মাছ ওলাইছে, সেইয়া ফটোসহ বাতৰিত ওলায়।আগতে ভোজ খোৱাৰ দিনা ৰাতি ল’ৰাবোৰে কাৰোবাৰ ঘৰৰ জেউৰা, হাঁহ আদি চুৰ কৰি লৈ আহে।তেতিয়া মানুহবোৰৰ খং উঠা নাছিল কাৰণ কাৰো ঘৰত অভাৱ নাছিল।এতিয়া সকলো পৰিবৰ্তন হ’ল।এতিয়া কোনো মানুহে এনে কৰ্ম সহ্য নকৰে কাৰণ বাঁহৰ দাম, হাজিৰা কৰা মানুহৰ অভাৱে মানুহবোৰক অতীষ্ঠ কৰি পেলাইছে, ৰংবোৰ খঙলৈ সলনি হৈ যায়। 

সামগ্ৰিকভাৱে ভোগালী বিহু কেৱল খোৱা-বোৱা বা আনন্দৰ উৎসৱ নহয়; ই অসমৰ সংস্কৃতি, পৰম্পৰা আৰু জীৱনদৰ্শনৰ এক সুন্দৰ প্ৰতিফলন। এই বিহুৱে আমাক শিকায়—একতাৰ মাজতেই সুখ, আৰু পৰিশ্ৰমৰ পাছতেই প্ৰকৃত আনন্দ।উৰুকাৰ ভোজে আনন্দ আনে গাঁৱৰ ঘৰে ঘৰে।চিৰা-পিঠা লাৰু খাই হাঁহি উঠে মুখত,

ভোগালী আহি ভৰালে সুখৰ সুৰ সকলোৰে জীৱনত।

ধানৰ ভঁৰাল ভৰিছে আজি সোনালী আশাৰে,

খেতিয়কৰ হাঁহি ফুটি উঠে পৰিশ্ৰমৰ ধাৰে।

ঢোলৰ মাতত নাচে ডেকা-গাভৰু সকল,              

আবাল বৃদ্ধ বনিতাইও ৰৈ নাথাকে, উল্লাসিত হয় নতুনক আদৰি, পাহৰি দুখৰ সমল। 

মেজিৰ আগত প্ৰাৰ্থনা নতুন বছৰৰ বাবে,

সুখ-শান্তি, সমৃদ্ধি থাকক গাঁও-দেশ জুৰি। 

ভোগালী বিহু আহিলে, লগত আনে একতাৰ গান,

অসমৰ মাটিত বাজে আনন্দৰ ঐক্যতান।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *