বসন্তই আনে বহাগীৰ বতৰা-নিবেদিতা শৰ্মা

ফাগুনে ৰিক্ত-শীৰ্ণ কৰা ধূলি ধুসৰিত  পৃথিৱীয়ে মাজ চ’তৰপৰা অহা বৰষুণজাকৰ পৰশত শীতৰ ৰুক্ষ ৰূপ আঁতৰাই নিজকে নতুন ৰূপত সজাই-পৰাই প্ৰকৃতিয়ে বসন্ত অহাৰ জাননী দিলে…!বসন্তৰ আলফুলীয়া পৰশত গছে গছে পোখা মেলে ন কুঁহিপাতৰ…নানা ৰঙী ফুলবোৰে আঁজলি ভৰাই সুশোভিত কৰিলে লঠঙা গছৰ ডাল… শুষ্ক পৃথিৱীক প্ৰকৃতিৰাণীয়ে শ্যামলী অৱগুন্ঠনেৰে আৱৰি ভৰ যৌৱনা কৰিলে…বোৱনী শিপিনীহঁতো ব্যস্ত হৈ পৰিছে প্ৰিয়জনৰ বাবে এখনি গামোচা বৈ যাচিবলৈ…!পলাশ-মদাৰ-শিমলু-কৃষ্ণচূড়াই আকাশত জুই ছটিয়াইছে ! আঁহতৰ ডালত মেল খোৱা ৰঙা ৰঙৰ কুঁহিপাতৰ ৰাঙলী বোলে কোনোবা অতীতৰ শিল্পীপ্ৰাণা আইতাৰ মনত দোলা দি

Read more

গৰু বিহু:  ভাৰতীয় কৃষি ভিত্তিক সংস্কৃতিৰ এক বর্ণময় দিশ-বৰষা ডেকা

ব’হাগ বিহুৰ মূল তাৎপৰ্য হৈছে প্ৰকৃতিৰ পৰিৱৰ্তনমুখী যাত্ৰা পথত কৃষিয়ে যাতে চহা জীৱন যাত্ৰাক সূচল কৰি তুলিব পাৰে তাৰ বাবে ভৱিষ্যমুখী আশাক সজীৱ কৰি তোলা।কৃষিৰ স’তে গৰুৰ সম্পর্ক ওতঃপ্রোত।এই উৎসৱৰ মূল উদ্দেশ্যক প্ৰতিফলিত কৰিব পৰাকৈ ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপিত কৰা হয়।আহোম ৰাজকীয় শাসন ব্যৱস্থাৰ মাজত গৰুক প্ৰধান গুৰুত্ব দি প্ৰথম দিনটো ‘গৰু বিহু’ হিচাপে উদযাপিত কৰাৰ পৰম্পৰাৰ সূচনা হয়।  গৰু বিহু পালনৰ জৰিয়তে প্ৰকৃতি আৰু প্ৰাণীৰ সম্পৰ্কক ভক্তিভাৱেৰে উদ্ভাষিত কৰা হয়।বড়ো জনগোষ্ঠীৰ ‘ৰঙালী বিহু’ উদযাপনত গৰু

Read more

ধূসৰিত পৃষ্ঠা-সংগীতা পাচনী

অনিৰ্বাণ বৰুৱাই সাক্ষাৎকাৰ দিবলৈ আহিল,মেনেজিং ব’ৰ্ডৰ পাঁচজন সদস্য,স্থানীয় কলেজখনৰ অধ্যক্ষজন, আৰু এম.এল এ। ব্যক্তিগত মাধ্যমৰ বিদ্যালয় যদিও প্ৰায় পঞ্চাশৰ ওচৰত হ’ব প্ৰাৰ্থী।অনিৰ্বাণ বৰুৱাই দেখিবলৈ পালে বি.এড প্ৰাৰ্থী বহু কেইজন আহিছে, যদিও অনিৰ্বাণৰ বি.এড নাই।তথাপিও এটা আশা লৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে। এটা সময়ত অনিৰ্বাণৰ নাম ধৰি মাতিলে,তাৰ বায়’ডাটাসমূহ চাই অলপ কনিষ্ঠজন সাক্ষাৎ গ্ৰহণকাৰী লোকে ক’লে….. “আমি আপোনাক ৰখাটো বিচাৰে নে,নে নৰখাটো? ইতিমধ্যে আপুনি গম পাইছেই চাগৈ,এই পষ্টটো বি.এড ডিগ্ৰী থকাই first preference পাব।” অনিৰ্বাণ বৰুৱাই বিশেষ একো মাতিব পৰা নাছিল, এফালে

Read more

ফাগুনৰ আগমনত-মানসী শৰ্মা

মাঘৰ আঁচল উৰুৱাই  শীতৰ ঠেঁটুৱৈ ধৰা দিনক বিদায় জনাই ধূলিয়ৰি আকাশত ৰং চটিয়াবলৈ  আকৌ আহি পালেহি ফাগুন। ফাগুনৰ পৰশত  ন যৌৱনমতি গাভৰুৰ দৰে  অবুজ শিহৰণ জাগিল  লঠঙা প্ৰকৃতিৰ বুকুত। বাউলি ফাগুনক আদৰিবলৈ মদাৰ, শিমলুও সাজি-কাচি ওলাল সেন্দূৰীয়া হৈ, প্ৰকৃতিৰ বুকুলৈ আহিলে  ফাগুন  আশা ভৰা এখনি ৰঙীন দলিচা হৈ। উচুপি উঠা সৰাপাতত  ফাগুনৰ উতনুৱা বতাহজাকে  চুমা দি কৈ যায়, নকৰিবা চিন্তা তুমি, আহিছোঁ মই আকৌ নতুন প্ৰতিশ্ৰুতি লৈ প্ৰকৃতিক ন কৈ সজাবলৈ। ৰুক্ষ ফাগুনৰ বুকুত সোমাই আহে  সৃষ্টিৰ নৱ নতুন চিন্তাৰ

Read more

আচাৰ্য বিনোৱা ভাৱে-কুঞ্জ খাউণ্ড

বিনোৱা ভাৱেৰ জীৱনী সম্বন্ধে ভাৰতৰ নিচেই কম সংখ্যক লোকেহে জানিবলৈ সক্ষম হৈছে। তেখেতে নিজৰ জীৱনী লিখিবলৈ কাকো উৎসাহ দিয়া নাছিল। আচলতে মানুহৰ কৰ্তব্যইহে মানুহৰ ভিতৰত লুকাই থকা মহৎ আত্মাৰ পৰিচয় দিয়ে। জ্ঞানৰ প্ৰদীপৰ পৰশলৈ আহিলেহে প্ৰকৃত অমৃতৰ সন্ধান পোৱা যায়। ঠিক সেইদৰে বিনোৱা ভাৱেও আছিল প্ৰদীপৰ প্ৰতীক। ১৮৯৫ চনৰ ১১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ কোঙ্কনৰ ৰায়গড় জিলাৰ গাগোডে গাঁৱত জন্ম হৈছিল বিনোৱাৰ। পিতৃৰ নাম আছিল নৰহৰি সম্ভুৰাও ভাৱে আৰু মাতৃৰ নাম আছিল ৰুক্মিণী দেৱী। সৰুৰেপৰা আধ্যাত্মিকতাক বিশ্বাস কৰিছিল বিনোৱা ভাৱেই। তেওঁৰ  শিক্ষা

Read more

ত্ৰৈলোক্য ভট্টাচার্যৰ ঐতিহাসিক উপন্যাস “সাঁচিপাতৰ পুথি”:এক পৰ্যালোচনা-কংকনা গোস্বামী

“সাঁচিপাতৰ পুথি” আৰু “উত্তৰাকাণ্ড” এই দুখন ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ত্ৰৈলোক্য ভট্টাচার্য আছিল অসমীয়া সাহিত্য জগতৰ এগৰাকী নীৰৱ সাধক।  ১৯৭৩ চনত সাহিত্য-প্ৰকাশে প্ৰথম প্ৰকাশ কৰা ত্ৰৈলোক্য ভট্টাচার্যৰ এখনি ঐতিহাসিক উপন্যাস হৈছে “সাঁচিপাতৰ পুথি”।নতুন লিখকৰ সন্ধানত সাহিত্য-প্ৰকাশৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত “সাঁচিপাতৰ পুথি” উপন্যাসখন ১৮৩৬ চনৰপৰা ১৮৫৭ চনলৈ ঘটা অসমৰ বুৰঞ্জীৰ ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। ব্ৰিটিছ যুগৰ পটভূমিত ৰচিত ‘সাঁচিপাতৰ পুথি’ উপন্যাসখন তিনিটা খণ্ডত বিভক্ত; যথাক্রমে ‘হে বিদেশী বন্ধু’, ‘অৰুণোদয়’ আৰু ‘অগ্নিযুগৰ ফিৰিঙতি’। ১৮৩৬ চনৰ ২৩ মাৰ্চ তাৰিখে আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন,

Read more

সেউজীয়া সোণ – ‘বাঁহ’:উপাসা ভাগৱতী

অসমৰ সমাজ আৰু সংস্কৃতিত অতীজৰে পৰা বাঁহ নামৰ তৃণজাতীয় উদ্ভিদবিধৰ ব্যাপক প্ৰচলন আছে। মানুহৰ জীৱনৰ প্ৰতিটো স্তৰৰ লগত বাঁহ ওতঃপ্ৰোতভাৱে জড়িত। পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষিপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম এই বাঁহ অসমৰ হাবিত ২৬ বিধ প্ৰজাতিৰ পোৱা যায়। ব্যৱসায়িক গুৰুত্ব থকা কেইবাটাও প্ৰজাতি  অসমত উপলব্ধ।এই প্ৰজাতি কেইটা হ’ল – মুলি (মালোকানা বাম্বুছ’ইডছ), পাহাৰীয়া জাতি (অক্সিটেনান্থেৰা পাৰভিফোলা), কাক বাঁহ (ডেণ্ড্ৰ’কেলামাছ হেমিল্টনি), দলৌ (টেইনোষ্টাচ্যুম ডাল’য়া) আদি । অসমত বাঁহ মানুহৰ সৈতে এনে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই আছে যে অসমীয়া কবিতা,

Read more

ফেঁহুজালি-চন্দামিতা শৰ্মা

মাজে সময়ে কোনো বিশেষ উদ্দেশ্য বা বিশেষ কাৰণ নোহোৱাকৈও অচিন অজানা বনপথ এটাৰে আগবাঢ়ি গৈ থাকিব পাৰি।আজি পিছে কথাটো ঠিক তেনেকুৱা নহয়।মোৰ মগজুক কোনো বিশেষ চিন্তাই ব্যতিব্যস্ত কৰা নাছিল বা চিন্তাশূন্য ভেকুৱাম অৱস্থা এটাও সৃষ্টি হোৱা নাছিল যদিও এক বিশেষ কাম আগত ৰাখি আজি এই বনপথেৰে আগবাঢ়িলো। ফাগুন মাহৰ আকাশ।কোনে কয় ফাগুন কেৱল লঠঙাৰ সমাহাৰ।ফাগুনৰ আছে নিজস্ব এক সুকীয়া সৌন্দর্য।আজি চৌপাশৰ পৰিৱেশে তাকেই কয়চোন। বহুক্ষেত্ৰত নতুনৰ আৰম্ভণিও ফাগুন।  ৰাতিপুৱাৰ সময়।চহৰত সততে  অনুভৱ কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ,ইয়াত বাৰু বৰকৈ অনুভূত

Read more

জন্মদিনৰ গল্প,মূল:অভীক দত্ত, ভাৱানুবাদ-মামনি কলিতা

মই তেতিয়া নৱম শ্ৰেণীত।পঢ়া-শুনা লাহে লাহে চেকেণ্ড গিয়েৰ পাইছে।এজন বন্ধুৰ ঘৰলৈ পঢ়িবলৈ যাওঁ। সি আমাৰ শ্ৰেণীৰ তিনি নম্বৰত থকা চোকা ল’ৰা।মই গোটেই বছৰটো নপঢ়াকৈয়ে থাকোঁ।যি পঢ়োঁ অকল পৰীক্ষাৰ আগৰ কেইদিনহে।তথাপিও কিবা এটা মেজিক কৰাৰ দৰে সদায় প্ৰথম দহটাৰ মাজতে থাকোঁ।মোৰ নিজৰ মাজতে এইটো লক্ষ্য স্থিৰ কৰি লৈছিলোঁ যে একৰ পৰা দহৰ ভিতৰত থাকিলেই হ’ব। ইয়াতকৈ ডাঙৰ একো লক্ষ্য মোৰ নাছিল।এবাৰ চাগে বাংলাত ৫৪ পাইছিলোঁ। ইমান কম নম্বৰ পাই মনটো বৰ বেয়া লাগিছিল। আটাইবোৰ বিষয়ত ৭০ নম্বৰকৈ পালেই বৰ ভাল লাগি

Read more

সুখৰ সংজ্ঞা মানুহৰ জীৱনৰ-অনামিকা (সংগীতা) কলিতা

“সুখ সুখ বুলি মানুহ বলিয়া               নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় সংসাৰত               দুখৰ উপৰি দুখ।” এই কবিতাফাঁকিৰ পৰা অনুভৱ হয় সুখ এটা সংজ্ঞাবিহীন শব্দ। ইয়াৰ কোনো এটা পৰিধি নাই; ইমানেই বিশাল, বিচাৰি পোৱা নাযায়। মনৰ সন্তুষ্টিয়েই জীৱনৰ শান্তি।ৰাজ অট্টালিকাত থাকিও সুখ নাথাকিব পাৰে যদি বেমাৰ বা বিভিন্ন সমস্যাৰে ভৰপূৰ। কিন্তু জুপুৰি ঘৰ এটাতো সুখ থাকিব পাৰে তাত যদি প্ৰশান্তিৰে ভৰি থাকে। ক’বলৈ গ’লে, আত্ম-সন্তুষ্টিত সুখ থাকে। কাৰণ জীৱন নামৰ পাহাৰটোৰ মাজত দুখোজমান দূৰৰপৰা দেখা সেউজীয়া বৰণৰ সুখখিনি বিচাৰি মৰুভূমিৰ মাজত

Read more
1 12 13 14 15 16 74