শিশুসকল এটি সদ্যস্নাতা জোনৰ দৰে-মৃণালী শইকীয়া

শিশুসকল সকলোৰে প্ৰিয়।যাৰ সমুজ্জ্বল জ্যোতিয়ে সকলোকে সন্মোহিত কৰিব পাৰে।দুখৰ অৱগুণ্ঠন খুলি বিলাব পাৰে উদিত সূৰুযৰ শুভ্ৰ জ্যোতি।শিশুসকল পৃথিৱীৰ প্ৰথম হিৰণ্ময়ী খোজ।শিশুৰ সান্নিধ্যৰ শুভ – নিৰ্মলজ্যোতিয়ে  সকলোকে বুৰাই ৰাখে।শিশুসকল আদি অনাদি এটা কবিতা।সঁচাকৈয়ে শিশুসকল এটি সদ্যস্নাতা জোনৰ দৰে চিকমিকাই থাকে।পূৰ্ণিমাৰ দ্বিতীয়া জোনটোৰ দৰে একলা দুকলাকৈ বাঢ়ি গৈ পূৰ্ণিমাৰ দিনা পৰিপূৰ্ণ হোৱাৰ দৰে শিশুসকলো সুশোভিত জোনাকেৰে তেজোদ্দীপ্ত হৈ পৰে ৷ শিশুসকলৰ শোভনীয় জোনাক,যাৰ তিৰবিৰণিয়ে জগতখন পোহৰাই ৰাখে।শিশু এটিৰ বুকুত যেন চিৰ খোদিত হৈ থাকে জোনৰ দেশৰ এটি সাধু আৰু ঈশ্বৰৰ নিনাদ ৷

Read more

অমৰ প্ৰেম গাঁথা-ইভা শইকীয়া গোহাঁই

পাহাৰৰ তলত এটা সুন্দৰ উপত্যকা। নদীৰ দুয়োফালে দুখন গাঁও।এখন কলংগাঁও, আনখন মধুৰীপুৰ। প্ৰতি বছৰে এই দুই গাঁৱৰ সীমান্তত অনুষ্ঠিত হয় বসন্ত উৎসৱ—ঢোল, পেপা, বাঁহীৰ সুৰে পাহাৰ-উপত্যকা গুঞ্জৰি উঠে। ডেকা গাভৰুৱে মিলি নাচ গান কৰে। এনে এটা দিনতেই প্ৰথমবাৰ লক্ষ্মী আৰু হিৰণৰ এজনৰ আনজনৰ ওপৰত চকু পৰিল। লক্ষ্মী আছিল কলংগাঁৱৰ, লাহিপাহি গাভৰু ,গাঁৱৰ সকলো অনুষ্ঠানত ধুনীয়াকৈ কাপোৰ পিন্ধি নাচিবলৈ যায়। হিৰণ আছিল মধুৰীপুৰৰ যুৱক,যাৰ বাঁহীৰ সুৰে পাহাৰৰ সকলোৰে অন্তৰ জয় কৰিব পাৰিছিল ।তেওঁ এজন নিপুণ শিল্পী। উৎসৱৰ দিনা সমূহীয়া নৃত্যত লক্ষ্মীক

Read more

ৰাখে হৰি মাৰে কোনে-মায়াশ্ৰী মহন্ত

জঙ্গল  বা বনৰ ভিতৰত নদীৰ আশে-পাশে হৰিণাবোৰ থাকে। হৰিণাই বনৰ আশে-পাশে থকা  নদীৰ ওচৰতে থাকি ভাল পায়।এবাৰ এজনী হৰিণীৰ পোৱালি জন্ম দিয়া সময় আহি পালেহি।তাই নদীৰ পাৰতে ঘাঁহনিৰ মাজতে এডোখৰ সুন্দৰ ঠাই বাচি ল’লে। ইয়াতেই তাই পোৱালি প্ৰসৱ কৰিব। লাহে লাহে তাইৰ প্ৰসৱৰ সময় আহি পালে  আৰু এটা সময়ত পোৱালি জন্ম দিয়াৰ বিষ বেদনা আহিল ।  বিধিৰ কি বিধান!এনে সময়তে তাইৰ চাৰিওফালে বিপদৰ সংকেতে দেখা দিলে। হৰিণীজনীয়ে নিজৰ বিপদৰ সংকেত পাই  পাহাৰৰ ওপৰলৈ উঠি গ’ল।ওপৰলৈ গৈ থাকোঁতে দেখিলে, আকাশখন মেঘে

Read more

ভক্ত,মূল:সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত

অৰূপবাবু-অৰূপ ৰতন সৰকাৰ- এঘাৰ বছৰ পিছত পুৰীলৈ ফুৰিবলৈ আহিছে। এইবাৰ চহৰখনত কিছুমান পৰিৱৰ্তন চকুত পৰিছে।বহুতো নতুন নতুন ঘৰ, নতুনকৈ বনোৱা কেইটামান ৰাস্তা, সৰু-ডাঙৰ কেইখনমান হোটেল; কিন্তু সাগৰৰ পাৰলৈ আহি বুজিব পাৰিলে যে এইটো বস্তু কেতিয়াও সলনি হ’ব নোৱাৰে। তেওঁ য’ত আহি উঠিছেহি, সেই সাগৰিকা হোটেলৰপৰা সাগৰ দেখা নগ’লেও, ৰাতি হোটেলৰ বাসিন্দাসকলৰ কথা-বতৰা বন্ধ হৈ গ’লে স্পষ্টকৈ সাগৰৰ ঢৌৰ শব্দ শুনা যায়। সেই শব্দ শুনিয়েই কালি ৰাতি অৰূপবাবু বাহিৰলৈ ওলাই আহিছিল। তেওঁ পুৰীলৈ কালিয়েই আহিছিল। দুপৰীয়া কেইটামান দৰকাৰী বস্তু কিনিবলগীয়া আছিল

Read more

স্বীকৃতি-শুভ বৰা শইকীয়া 

ঘৰৰ একমাত্ৰ সন্তান ভৈৰৱী উচ্চ শিক্ষাৰে শিক্ষিতা ছোৱালী। একপ্ৰকাৰ তাইক সৰ্ববিদ্যা বিশাৰদ বুলি ক’লেও বঢ়াই কোৱা নহয়। পঢ়া-শুনা কৰি সুনাম অৰ্জন কৰাৰ লগতে ঘৰৰ কাম ,পথাৰৰ কাম, বোৱা-কটা, চিলাই কৰা সকলো কামতে পাকৈত। গাঁৱতে প্ৰতিষ্ঠা কৰা মজলীয়া বিদ্যালয়খনতে তাই শিক্ষকতা কৰে। বিয়াৰ উপযুক্ত বয়সত তাইৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই মাক -দেউতাক মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিল। একপ্ৰকাৰ তেওঁলোকে ভৈৰৱী গোটেই জীৱন আবিয়ৈ হৈ থাকিব লাগিব বুলি চিন্তা বাঢ়িল। মাক-দেউতাকে তাইৰ অনুপস্থিতিৰ সুবিধা লৈ আলোচনা কৰে ‘অতি কাজীৰ ঘৰ নাই’ বুলি

Read more

 বোন্দা ককাইৰ বিয়া-জুৰি শৰ্মা

আঘোনমহীয়া ৰাতি বোন্দা ককাইৰ বিয়া  চুৰুনী নিগনি কইনা হ’ব কেনে লাগিব মজা ৷ দৰাই পিন্ধে চুৰিয়া চেলেং ডিঙিত আৰে টিলিঙা ভৰিত বুট চকুত বিট দেখাত লাগে বেঙা। কইনাই পিন্ধে কুৰ্তা আৰু ৰঙীন দোপাত্তা হাতত বালা, ভৰিত হাইহিল লাগে জোতা-পোটা ৷ নাকত ফুলি, গলত মণি আৰু কাণত কেৰু  চোৱানা সখীসকল মোক কেনে লাগিছে বাৰু ৷ ৰাতি দুপৰত দৰা আহে মাদল বজাই বজাই নিগনি কইনাক ধুনীয়াকৈ থৈছে সজাই পৰাই ৷ কঁঠালগুটিয়ানি ক’ৰবাৰপৰা আহিল ফোঁপাই -জোপাই  ভিনিহিৰ ভৰি ধুৱাবলৈ পাই আনন্দৰ পাৰ নাই

Read more

মাই লেগচি (My Legacy)-মাৰ্কণ্ড কিশোৰ কৌশিক

চ’চিয়েলিষ্ট হোৱাৰ মন, ইউকেলিপ্টাছ জোপাৰ দৰে বগাই গৈ, আকাশ ঢুকি পোৱাৰ চেষ্টা। এই পানীৰ কায়া। ধূসৰ বালিচন্দাত অনাই-বনাই ঘূৰি, চিকমিক কৰি থকা ৰ’দৰ ফুলবোৰ খৰাহিৰে কঢ়িয়াই, মৰমেৰে ঘটি যোৱা আপোনবোৰৰ মাজত,  বিলাই দিয়াৰ অক্লান্ত হেঁপাহ। হেঁপাহ হৃদয় জিনাৰ, হেঁপাহ মৰমৰ দোলেৰে আপোনৰ মালা গঁথাৰ। সেই মালাই হ’ব শিকলি, তাৰেই সাজিম জখলা, জখলাৰে বগাই গৈ চুমিম কাঞ্চনজংঘা। আকাশৰ চাদৰখন দুহাতেৰে আজুৰি, পাৰি লম ধৰণীত,  সৰিব নিয়ৰৰ মুকুতা। নক্ষত্ৰবোৰৰ মাজত আমি একেলগে ওমলিম, বিয়পি পৰিব সুৰৰ বন্যা। সাগৰত নামিছোঁ আজি, এখন জনসাগৰ!

Read more

বনত ৰঙৰ মেলা : সংগীত আৰু সাহিত্যৰ এক সাৰ্থক যুগলবন্দী-ববিতা শৰ্মা

সংগীত আৰু প্ৰকৃতিৰ মাজত এক গভীৰ সম্পৰ্ক আছে। আমাৰ চাৰিওফালে থকা গছ-গছনিবোৰে প্ৰকৃতিৰ শোভা  বৰ্ধন কৰাত অৰিহণা যোগাই আহিছে । প্ৰকৃতিৰ এক নিজস্ব ৰূপ আৰু শোভা থকাৰ পাছতো গছ-গছনিবোৰেও যে সুৰ সমলয়ত ন-দীপ্তিৰে নাচি উঠিব খোজে সেইকথা জানিব পাৰিলোঁ ‘বনত ৰঙৰ মেলা’ নামৰ এখন বহু চৰ্চিত শিশু পুথিৰ যোগেদি। দক্ষিণ-পশ্চিম এছিয়াৰ ২৬খন দেশৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে নিৰ্বাচিত হোৱা ‘বনত ৰঙৰ মেলা’ মৌচাক মামা শান্তনু তামূলীৰ অনুপম সৃষ্টি। অসমীয়া ভাষাত  শিশু-সাহিত্য ৰচনাৰে শিশুৰ মনোজগতৰ মাজলৈ সোমাব বিচৰা অনুসন্ধিৎসু লেখক তথা নিৰলস

Read more

শব্দ-বিজয় ভৰাঁলী

নিৰ্জনতা ভংগ কৰা তোমাৰ জাননী নিজানত সুৰ এৰে পোহৰৰ বাটৰে,  উৰি যোৱা ৰিঙা মন ৰৈ যাব খোজে!  তুমি যে আহিলে মোৰ কাষলে, মৌনতাত যে তুমি থাকিব নোৱাৰা,  তোমাৰ জগতত উশৃংখলতা।  তোমাৰ অবিহনে কোনোবা অপ্ৰিয় প্ৰিয় সৃষ্টিৰে জগোৱা কোলাহলত। নিৰৱতাৰ বাবেই যে বিপৰীতত তুমি,  তোমাক এৰি নিৰৱে থাকিব নোৱাৰি।  তোমাৰ অবিহনেই যে মৌন জগতত মানৱেই সৃষ্টি কৰিব পৰা শব্দ। *******

Read more

লটকন-ইলি তালুকদাৰ

(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা বুঢ়ী আইৰ সাধুৰ একে নামৰ সাধুকথাৰ পদ্য ৰূপ)    লটকন নামেৰে              অতি এলেহুৱা                 বামুণ  আছিল  এজন ,  ঘৈণীৰ দপালনি               খাই খাই বাপে                এদিন এৰিলে ঘৰখন ।   বেলি দূপৰত                    মিঠাইৰ দোকান                 দেখিলে থাকোঁতে গই,  পুত্ৰক ৰখীয়া                   কৰি  দোকানী                   ভিতৰত আছিলে শুই।  ল’ৰাই সুধিলে     

Read more
1 12 13 14 15 16 81