পাঁচ দুগুনে সাত (৫×২=৭)-সংগীতা পাচনি
তৰুলতাই ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে টোপনিৰ পৰা সাৰ পালে।অলপ সময় বিছনাতে পৰি থাকিল। ঈশ্বৰক চিন্তা কৰি দিনটোৰ কাৰ্যক্ৰমণিকা বোৰ মনতে এবাৰ ফঁহিয়াই ল’লে।আজি সহায়কাৰী মালতী নাহে, নাতিনীয়েকৰ নোৱাই তুলনি বিয়া। কথাষাৰ মনত পৰাৰ লগে লগে তৰুলতাই ততাতৈয়াকৈ বিছনা ত্যাগ কৰি পোনতেই বাহি ঘৰটো সাৰি ললে।বাঢ়নী টাৰেৰে বাহি চোতালত পৰি থকা পাতবোৰ সাৰিও ল’লে। একেবাৰে গাটো ধুই পেলালে।আজি মালতীবাই নাহে যেতিয়া গোটেই ঘৰৰ কামবোৰ অকলে কৰিব লাগিব বুলি ভাবি এপাকত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ফোন কৰি অলপ দেৰি হ’ব পাৰে
Read more