পাঁচ দুগুনে সাত (৫×২=৭)-সংগীতা পাচনি

তৰুলতাই ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে টোপনিৰ পৰা সাৰ পালে।অলপ সময় বিছনাতে পৰি থাকিল। ঈশ্বৰক চিন্তা কৰি দিনটোৰ কাৰ্যক্ৰমণিকা বোৰ মনতে এবাৰ ফঁহিয়াই ল’লে।আজি সহায়কাৰী মালতী নাহে, নাতিনীয়েকৰ নোৱাই তুলনি বিয়া। কথাষাৰ মনত পৰাৰ লগে লগে তৰুলতাই ততাতৈয়াকৈ বিছনা ত্যাগ কৰি পোনতেই বাহি ঘৰটো সাৰি ললে।বাঢ়নী টাৰেৰে বাহি চোতালত পৰি থকা পাতবোৰ সাৰিও ল’লে। একেবাৰে গাটো ধুই পেলালে।আজি মালতীবাই নাহে যেতিয়া গোটেই ঘৰৰ কামবোৰ অকলে কৰিব লাগিব বুলি ভাবি এপাকত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ফোন কৰি অলপ দেৰি হ’ব পাৰে

Read more

ধৰাত সৰগৰ পৰশ -নিবেদিতা শৰ্মা

মুকুতাৰ দৰেই হিমবোৰ পৰি পৰি যেতিয়া ধৰাত সৰগৰ পৰশ দিয়ে, সচাঁকৈ লাগে যেন স্বৰ্গ নামিছে ‛ধৰা’ত.. তুষাৰৰ টোপালবোৰে সেউজীয়া বোৰ আৱৰি যেতিয়া শুকুলা আঁচল মেলে, প্ৰকৃতিও মুগ্ধ হয় ‛সৌন্দৰ্য্য’ত.. বৰফাবৃত জুপুৰীত আশাৰ এগছি বন্তি জ্বলাই হৃদয় খন উমাল কৰি ৰখাৰ বৃথা প্ৰয়াস ইতি পৰে ‛আনন্দ’ত.. তুমি অবিহনে একোৱেই যেন ভাল নালাগে, হাঁহিবোৰ হতাশাই গ্ৰাস কৰে, সুখবিলাক হেৰাই ‛হুমুনিয়াহ’ত.. নিশাবোৰ গভীৰ হয়, চপৰা চপৰে বৰফবোৰ খহে, তপত অশ্ৰুবোৰে  বুকুখন পাতলাই বৈ যায় ‛হিমবাহ’ত.. গাড়ীৰ ইঞ্জিনটোৰ দৰে কলিজাৰ তৰঙ্গবোৰো স্তব্ধ হৈ যোৱাৰ

Read more

শৰৎ আহিল চুচুক-চামাককৈ-হৰিচন্দ্ৰ ডেকা

শাৰদী ৰাণী মোৰ হিয়াৰ পদুম নিৰলা কুটীৰৰ হেঁপাহ চাৱনিত সৰে মেঘৰ দুন্দুভি দুচকুত বিজুলীৰ চমক৷ নিকুঞ্জ বনত হেৰাল  ডাৱৰৰ বাতৰি সৰগত হেৰাল তুমি অহাৰ বতৰা৷ উশাহ নিশাহৰ খলা-বমা, মৃদঙ্গৰ অহিৰ ভৈৰৱ এয়াও পিৰীতিৰ সৰগ মোৰ বাৰমহীয়া শৰৎ আকাশে-বতাহে দেৱী নামি অহাৰ শঙ্খধ্বনি ক’ত জানো হেৰাল সুৰভি! সময়েও কৰে প্ৰতাৰণা, শাৰদী ৰাণীৰ প্ৰেমিক যে আনমনা৷ এয়াও সময়ৰ গান স্মৃতিয়ে বুজি নাপায় আন, সুৰভিত বাজে  তোমাৰ জয়গান৷ *******

Read more

জোনাকী গাঁথা-কুশল মহন্ত

টুলুঙা নাৱৰ টিঙত বহি শুনিবানে  জোনাকৰ জীৱন গাঁথা?  পূৰ্ণিমাৰ জোনো যে গলে , নিৰৱে,অকলে .. বিৰহী প্ৰেমৰ কৰুণ স্মৃতিত , ঈশ্বৰেও টোকে চকুপানী … মুৰুলীৰ সপ্ত সুৰত বাজে বিৰহৰ ৰাগিণী। সকলো আপোন হোৱাৰ ভাৱত , ভাৱৰীয়া। মায়াৰ জালত বন্দী, মানৱতা।   সময়ে সকলো কয় , তথাপিও চেষ্টা, জোনাকী কাৰেং-ঘৰত, উষাৰ তিমিৰ ফালি পোহৰৰ অনিৰুদ্ধ যাত্ৰা  গোপনে গোপনে, আজীৱন! *******

Read more

আইতাৰ দুখ-ৰাজু কুমাৰ নাথ

অ’ আইতা, জেঠৰ প্ৰখৰতা শৰতত যে দেখিলো! আইতা, এইবাৰ কাতিমহীয়া শুকুৱাম দেই কলাখাৰ।   বোপাই, আমাৰেই মূঢ়তা, প্ৰকৃতিয়ে কৰিছে শত্ৰুতা, ছিৰালফাট দিছে চাগৈ আহিনৰ গাভিনী পথাৰ।   সোণটোৱে ক’লে, সুমেৰু হেনো গলিছে, কুমেৰুও গলিছে, চৌপাশে দুঠেঙীয়াই জ্বলাইছে জুই।   বেচিদিন আৰু নাই বেপেৰুৱা নহ’বি ভাই, নহৱ যদি তহঁত সচেতন, ইয়াৰ ঔষধো পাবলৈ নাই নাথাকিবি দেই শুই।   এডাল কাটিলে দহডাল ৰুবি পিতায়েৰাই আদৰ্শ দেখুৱাই থৈ গ’ল।   পিতায়েৰাও মৰিল তহঁতৰ বচনো লৰিল, সকলো ভৰপূৰ বাৰী কৰি তহিলং মৰুভূমি হেন হ’ল।

Read more

নিস্তব্ধতাৰ বাৰ্তালাপ-সমীৰ কাশ্যপ বৰা

মাজ নিশা মোৰ কোঠাৰ খিৰিকীখন খুলি দিলোঁ শীতল  বতাহ এজাক ভিতৰলৈ বৈ আহিল বাউলি হৈ পৰা খিৰিকীৰ পৰ্দাবোৰে  এফালৰপৰা আনফালে  বাৰে বাৰে কোবাই গ’ল, আকাশলৈ জুমি চাই দেখোঁ সীমাহীন নিস্তব্ধতাত জোনাকবোৰ নিথৰ হৈ ৰৈ আছে। উফ্…… সুখৰ সংজ্ঞা বিচাৰি হাহাকাৰ কৰা মোৰ চকু হালত এয়া চোন এক শান্তিৰ নিশ্বাস। দুৱাৰ খুলি বাহিৰলৈ বুলি ওলাই গ’লোঁ, চিগাৰেট এটি জ্বলাই  আকাশৰ ফালে একেথৰে চাই ৰ’লোঁ। ওঁঠৰ ফাঁকেৰে ধোঁৱাবোৰ  আকাশৰ ফালে অকোৱা পকোৱা কৈ বতাহৰ বুকুত হেৰাই গ’ল। এনেকৈ বহুতো নিশা নিজৰ মাজত হাজাৰটা

Read more

বাৰিধাৰ-ড০ মৃদুস্মিতা ফুকন

শাশ্বত নিৰাকাৰ  কোমল মসৃণ  বাৰিধাৰ।  মানুহৰ সিৰে সিৰে  মানুহৰ তেজে তেজে  বৈ আছে এধাৰ বাৰি,  যিধাৰ বাৰিৰ পৰশত  মৰুভূমি জীপাল হৈ উঠে  সেউজীয়াবোৰ হৈ উঠে ঘনঘোৰ।  বাৰিধাৰ……… দূৰণিৰ মেঘ হৈ  ৰিমঝিম বৰষুণ হৈ  হিম চেঁচা  নিয়ৰৰ টোপাল হৈ  পাখি মেলি উৰি আহে  এটি বাখৰুৱা প্ৰাণ হৈ,  অশান্ত সাগৰ সমান  মৰম বিচাৰি।  Be like water  It is the softest  But it can destroy the hardest. *******

Read more

মায়াৱিনী ৰাতিৰ গান-কল্পনা দেৱী গোস্বামী

সুমধুৰ কণ্ঠত  বাজি উঠিছিল আৰ্তজনৰ দুখৰ হুমুনিয়াহ। ৰ’দৰ  ছাঁ বিচাৰি পাখি পাখি লগা থুনুকা মনেৰে মানুহ বিচাৰি ফুৰা সপ্ত সুৰৰ অৱসান। ছাই হৈ গ’ল নিমিষতে সোণাপুৰৰ কমাৰকুছিত। লুণীয়া সাগৰৰ পানীত, জনতাৰ সাগৰত সাঁতুৰি  মহানায়ক গুচি গল  জোনবাইৰ  দেশলৈ। তোমাৰ ঠিকনা  সলনি হ’ল। তোমাৰ গানৰ সুৰেৰে   গানৰ মাজতে জ্বলি জ্বলি শেষ  হ’ল তোমাৰ পাৰ্থিৱ  শৰীৰ। জন সমুদ্ৰৰ জোৱাৰত নিনাদিত কণ্ঠত মায়াৱিনী  ৰাতিৰ গান। ইমান মানুহৰ অন্তৰ  মাথোঁ গানেৰে জয় কৰিব পৰা উদাত্ত কণ্ঠৰ গৰাকী তুমি ঈশ্বৰৰ সন্তান। হেজাৰ লক্ষ জন গুণমুগ্ধ,

Read more

মেঘালয় ৰাজ্যৰ ডাউকী গাঁৱত এদিন-গীতামণি দত্ত

২০১৪ চনৰ কথা। গ্ৰীষ্ম বন্ধত শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। লগত আমাৰ গিৰীহঁতৰ সহকৰ্মী মনোজ দত্তৰ পৰিয়ালটো ওলাল। মুঠতে আমি সাতজন। আমাৰ চাৰিজন আৰু তেওঁলোকৰ তিনিজন। কিন্তু কি হ’ব! গ্ৰীষ্মৰ বন্ধৰ পিছদিনাৰ পৰাই গৰম দিনত হোৱা সেই আপদীয়া জ্বৰটো আহি লগ ল’লেহি। প্ৰথমে গিৰীহঁতৰ, তাৰ পাছত মোৰ পাল। জ্বৰ ভাল নহয় হে নহয়। যাবলৈ নাপাব বুলি ল’ৰা-ছোৱালীকেইটাৰ মনবোৰ বেয়া। অৱশেষত জ্বৰে লগ এৰিলে। ১৫ জুলাই সোমবাৰে যোৱাটো ঠিক কৰিলোঁ। অনলাইনতে সকলো ঠিক হ’ল। পুৱা সাত বজাত এখন ইন’ভা গাড়ীৰে শ্বিলং অভিমুখে

Read more

ঢেঁকীশালৰ চকুলো-হিমাংশু গগৈ  

পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল ঢেঁকী। সংস্কৃতিৱান বহুলোকৰ ঘৰত চ’ৰাঘৰ, আখলঘৰ, গোহালিঘৰ, ভঁড়ালঘৰ, তাঁতশাল, বাটচ’ৰা থকাৰ দৰে ঢেঁকীশালৰো আছিল এক অনন্য মাদকতা। এই ঢেঁকীশাল ব্যৱহাৰ কৰিয়েই অসমীয়া থলুৱা চহা লোকসকলে আমন্ত্ৰণ জনাইছিল অসমীয়াৰ বাপতিসাহোন বিহুক। ঢেঁকীৰ আছিল অসমীয়া কৃষিজীৱি জীৱনৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক। বিহু অহাৰ লগে লগেই‌ যেন  ঢেঁকীৰ সোণত সুৱগাহে চৰে। গাঁওখনৰ সকলোৰে ঘৰত ঢেঁকী নাথাকে বাবেই বহুলোকে ঢেঁকীশালৰ গৰাকীৰ ঘৰত পুৱাৰপৰাই খাপ দি ৰৈ থাকে।  ৰ’বলৈ অলপো আহৰি নাপায়। জীয়ৰী-বোৱাৰীহঁতৰ ভৰিৰ গচকত

Read more
1 14 15 16 17 18 81