অনুশোচনা-হৰিচন্দ্ৰ ডেকা

অনল গাঁওখনৰ ভিতৰতে সৰবৰহী ল’ৰা৷ সুদৰ্শন, মিষ্টভাষী বুলি সকলোৰে মাজত জনপ্ৰিয়৷ স্কুলতো তাক সকলোৱে বৰ ভাল পায়৷ পঢ়া-শুনাত অত্যন্ত চোকা নহ’লেও সুন্দৰ কণ্ঠৰ অধিকাৰী অনলৰ গান শুনি সকলোৱে মুগ্ধ হৈ পৰে৷ পিছে তাৰ নাম চৌদিশে বিয়পি পৰিছে সি মঞ্চস্থ কৰা নাটকবোৰত তাৰ অনবদ্য অভিনয়ৰ কাৰণে৷ প্ৰতি বছৰেই স্কুলৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহত সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবই৷ যোৱাবেলি আন্তঃৰাজ্যিক স্কুল নাট সমাৰোহতো সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সমৰ্থ হৈছিল৷ এই বছৰ সি নৱমমান পাইছে৷ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্ব তাকে

Read more

ৰহস্যৰ সন্ধানত,মূল লেখিকা:আশাপূৰ্ণা দেৱী,অনুবাদ-চিত্ৰলেখা দেৱী

দেউতাকে নতুনকৈ কিনা এই পুৰণি ঘৰটোলৈ আহি বাসুৰ বৰ ফূৰ্তি লাগিছে। এই ঘৰটো সিহঁতে আগতে থকা ৰে’ল কোৱাৰ্টাৰটোৰ নিচিনা ঠেক-ঠুক, উঁৱলি যোৱা মুঠেও নহয়। যথেষ্ট আহল-বহল, ছাঁ-পোহৰে খেলা কৰি থকা ভাললগা এটা ঘৰ। ঠায়ে ঠায়ে কেনেকুৱাকৈ লুকা-লুকি খেলি থকাৰ দৰে হঠাতে একোটা খটখটি, তাৰ গাতে লগাকৈ একোটা সৰু কোঠা, চিৰিৰপৰা নামিয়েই হঠাতে পায় এখন বাৰান্দা! আৰু এই সকলোবোৰতকৈ ভাল লগাটো হৈছে ভালেমান বেৰত লাগি থকাকৈ থকা আলমাৰীবোৰ। সৰু-ডাঙৰ বিভিন্ন জোখৰ। পুৰণা পুৰণা সেই আলমাৰীবোৰ খুলিলে কেনেকুৱা ধৰণৰ উহুমা-উহুম সেমেকা গোন্ধ

Read more

নিউৰ’টিক-চিৰঞ্জীত বড়া  

চিগাৰেটৰ ধোঁৱাবোৰ উৰি ফুৰে, নাঙঠ দেহত আৱৰণ সানে উকা কলিজাত অকণ ৰঙা তেজ! হৃদয় কঁপাই‌ জী উঠে অতীতৰ ভঙা ৰাজহাড়। গছৰ এখিলা শুকান পাত নিস্তেজ হৈ পৰি ৰয় আলিবাটত; কোনোবাই এদিন তুলি লয়  আৰু ৰূপ দিলে মহাকাব্যৰ। মাৰ্চেল প্ৰুষ্টৰ কথাষাৰলৈ মনত পৰিল। চিটি বাছৰ ভিতৰত  এজন নিউৰ’টিকক দেখি সকলোৰে মনত আতংক। তেওঁ ক’লে ভয় নকৰিবা‌ মই লিখি আছোঁ।। *******

Read more

সংঘাতেও জীৱনক তৰংগায়িত কৰে-বিৰিঞ্চি মহন্ত

মানুহৰ জীৱনত সংঘাত, হতাশা, নিৰাশা এই অনুভূতিসমূহ জীৱনৰ সুখ-দুখৰ দৰে একে মুদ্ৰাৰে গঢ়া। এনে কোনো মানুহ নাই, যি জীৱনত কোনো সংঘাতৰ সন্মুখীন হোৱা নাই অথবা সংঘাতৰ হেঁচাত হতাশাগ্ৰস্ত হোৱা নাই। আচলতে নোহোৱাটোহে অস্বাভাৱিক। এই কাৰণেই অস্বাভাৱিক বুলি কৈছোঁ – আমি তেজ-মঙহেৰে গঠিত, আৱেগ-অনুভূতিৰে সংপৃক্ত আৰু ভাল-বেয়াক উপলব্ধি কৰিব পৰা জীৱ। আমাৰ জীৱনলৈ অহা বিভিন্ন পৰিস্থিতিয়ে অথবা বাস্তৱৰ কঠিনতাৰ মেৰপেচে কঢ়িয়াই অনা সংঘাতে আমাক বহুসময়ত হতাশ কৰে আৰু নিৰাশাত ভোগায়। হতাশ হ’লে মানুহ ভাগি পৰে, আনকি সংঘাত আৰু হতাশাই মানুহক নিজৰ

Read more

বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড° ভূপেন হাজৰিকাৰ অনুপম যোগসূত্ৰ: এক বিশ্লেষণ-ময়ূখী বেজবৰুৱা 

“He who is useful is infinite He who is infinite is immune He who is immune is immortal.” LAOTZO সৌ আকাশত নীহাৰিকা উৰে, কত জীৱন, কত ৰূপৰ, কত গুণৰ বৰ্ণ-গন্ধ-গানৰ সুৰৰ প্ৰকাশ, প্ৰেৰণা মাটি-পানীৰে ৰূপ ল’বলৈ বিষ্ণুভুৱনদ্বাৰ। তাত আশাই কান্দে, ভাষাই কান্দে। তাত হাঁহিয়ে ওঁঠ বিচাৰি মৰে। জ্যোতি-বিষ্ণু যুটি সম্পৰ্কে নানা ঠাইত উল্লেখ আছে, যিদৰে উল্লেখ আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত জন ষ্টেইনবাকৰ প্ৰভাৱৰ কথা তথা ষ্টেইনবাকৰ নিৰ্ভীক বিশ্লেষণ। সেই একেদৰে ক’বলৈ ওলাইছো, অন্য এক বিশেষ যুটিৰ কথা। এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ

Read more

মৰম হেনো এনেকুৱাই -জয়ন্ত গগৈ

জপনাখন খুলি পদূলিটো পাৰ হৈ ঘৰৰ ভিতৰত সোমাইছোঁহে, বাইদেউৱে গলগলীয়া মাতেৰে ক’লে, “তোৰ চিঠি এখন আহিছে। পিয়নে দেউতাৰ হাতত দি গৈছে। কোনোবা ছোৱালী এজনীৰ চিঠি।” ঘৰলৈ সোমাই আহোঁতে যি ফৰকাল মন এটি লৈ গুণগুণাই আহিছিলোঁ, বাইদেউৰ কথাবিলাক শুনাৰ পিছত মনটো কাঁহ পৰি জীণ যোৱাৰ দৰে গোমা হৈ পৰিল। ছোৱালীৰ চিঠি! বিৰাট এটা লাজৰ আৱৰণে শৰীৰৰ শিৰাই শিৰাই বিয়পি যোৱা যেন লাগিল। লাজ লাজ ভাৱেৰেই টি টেবুলৰ ওপৰত থকা চিঠিখন লৈ পঢ়া ৰুমটোলৈ খৰধৰকৈ সোমাই গ’লোঁ। লাজৰ অনুকম্পাত থৰকাচুটি হেৰোৱা ভৰি

Read more

ভূপেন হাজৰিকাৰ গীতত শৰৎ-ববিতা শৰ্মা 

গীত হ’ল কবিতা, চিত্ৰ আৰু সুৰৰ এক সংমিশ্ৰণ।  কবিতা ভাগৰ মূল উপাদান হ’ল কথা, ছন্দ আৰু অনুভূতি; চিত্ৰ ভাগৰ মূল উপাদান হ’ল ৰূপ, ৰং ধাৰণা আৰু সুৰ ভাগৰ মূল উপাদান হ’ল তাল, লয় আৰু স্বৰ-লহৰ। এই তিনিটা ভাগৰ প্ৰথম দুটা ভাগৰ দায়িত্ব গীতিকাৰৰ, তৃতীয় ভাগটোৰ দায়িত্ব সুৰকাৰ আৰু গায়কৰ। এই তিনিও ভাগৰ মাজত সু-সামঞ্জস্যইহে গীত এটা জনপ্ৰিয় কৰে। বহুমাত্ৰিক প্ৰতিভাৰ গৰাকী ড° ভূপেন হাজৰিকাই অকলে এই তিনিওভাগ দায়িত্ব সামৰি লৈ শ্ৰোতাক এটাৰ পাছত এটা কালজয়ী গীত উপহাৰ দি গ’ল। গতিকে

Read more

মূল লেখা:পপী ষ্ট্ৰীটলৈ যোৱা বাটটো,লেখিকা: ৰাচিদা এল চাৰনি,অনুবাদ-ৰঞ্জনা দত্ত

ছোৱালীজনীয়ে লক্ষ্য কৰিলে যে ল’ৰা এটাই গানৰ সুৰ এটাৰ স’তে সুঁহুৰি বজাই বজাই তাইৰ ফালে আহি আছে। সি তাইৰ সমুখত আহি থিয় হ’ল আৰু বিনীত স্বৰেৰে পপী ষ্ট্ৰীট কোনফালে জানিব বিচাৰিলে। প্ৰশ্নটোৰ উত্তৰ দিবলৈ চিন্তা কৰাৰ মুহূৰ্তৰ ভিতৰতেই যে ল’ৰাজনে তাইৰ ডিঙিৰ পৰা সোণৰ হাৰডাল আঁজুৰি লৈ দৌৰি পলাব সেইটো তাইৰ চিন্তাৰো অগোচৰ আছিল।  নিজৰ চিন্তাত বিভোৰ হৈ ছোৱালীজনী ৰাস্তাৰ যিটো দিশলৈ গৈ আছিল ল’ৰাজন সেইফালৰ পৰাই আগুৱাই আহিছিল। তাক দেখি তাইৰ একো সন্দেহ বা সাৱধান হোৱাৰ ভাৱ মনলৈ অহা

Read more

বৰ্ষাৰণ্য_জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে অন্যতম  প্ৰাকৃতিক প্ৰতিৰক্ষা-চন্দামিতা শৰ্মা

বৰ্ষাৰণ্য বা ৰেইনফৰেষ্ট (Rainforest) হৈছে জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এক অৰণ্য, য’ত অনবৰতে সেমেকা বাতাৱৰণে বিৰাজ কৰে৷ এনে অৰণ্যবিশিষ্ট অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়৷ এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। এই অৰণ্য পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে৷ ১৮৯৮ চনত জাৰ্মান উদ্ভিদবিদ আন্দ্ৰে এফ. ডব্লিউ. (Andreas Franz Wilhelm Schimper) -এ পোনপ্ৰথম ৰেইনফৰেষ্ট শব্দটো ব্যৱহাৰ কৰিছিল তেখেতৰ “Pflanzengeographie” ত৷ বছৰটোৰ সকলো সময় আৰ্দ্ৰ হৈ থকা

Read more

তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ-সমুজ্জ্বল ডেকা 

শব্দৰে নক’লেও মোৰ  অন্তৰত কেৱল  তুমি আৰু তুমি। নিশাৰ সপোনৰ ৰাজ্যত ভাঁহি আহে  মাথোঁ তোমাৰেই প্ৰতিচ্ছবি। সৰস্বতী পূজাত ৰঙা  গোলাপজনী হৈ দিয়া  তোমাৰ‌ মিচিকিয়া  হাঁহিয়ে‌ মোৰ হৃদয়ত  মৰমৰ জোৱাৰ তুলিছিল। জ্বলি উঠিছিল ভালপোৱাৰ শিখা। বতাহৰ আলিংগনত লাজুকী চৰাইজাকে তোমাৰ কোলাত  জিৰণি লৈ  প্ৰেমৰ কথা পাতিছিল। একবিংশ শতিকাৰ কোনো  এটা দিনত সুমধুৰ ক্ষণত  তোমাৰ বিবাহৰ আয়োজন চলিব। বন্ধুৱে হঠাৎ আহি খবৰ দিব, অই, ত‌ই জাননে?  তাইৰ বিয়া নহয় ব’হাগত… তেতিয়া মই নিশ্চিতভাৱে ক’ম যে তোমাৰ বিয়াৰ নিমন্ত্ৰণী  পত্ৰখনৰ ডিটিপি  ময়েই কৰিছিলোঁ।

Read more
1 16 17 18 19 20 81