বৰ্ষাৰণ্য_জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে অন্যতম প্ৰাকৃতিক প্ৰতিৰক্ষা-চন্দামিতা শৰ্মা
বৰ্ষাৰণ্য বা ৰেইনফৰেষ্ট (Rainforest) হৈছে জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এক অৰণ্য, য’ত অনবৰতে সেমেকা বাতাৱৰণে বিৰাজ কৰে৷ এনে অৰণ্যবিশিষ্ট অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়৷ এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। এই অৰণ্য পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে৷ ১৮৯৮ চনত জাৰ্মান উদ্ভিদবিদ আন্দ্ৰে এফ. ডব্লিউ. (Andreas Franz Wilhelm Schimper) -এ পোনপ্ৰথম ৰেইনফৰেষ্ট শব্দটো ব্যৱহাৰ কৰিছিল তেখেতৰ “Pflanzengeographie” ত৷ বছৰটোৰ সকলো সময় আৰ্দ্ৰ হৈ থকা এনে অতি সমৃদ্ধিশালী জৈৱবৈচিত্ৰ্যৰে ভৰপূৰ অঞ্চলত বিভিন্ন প্ৰজাতিৰ বৃক্ষ, তৃণ, লতা আৰু প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰে আৰু লগতে বিভিন্ন প্ৰাণীৰ জন্ম আৰু বিকাশৰ অনুকূল পৰিৱেশৰ আবাসস্থল গঢ় লৈ উঠাত সহায়ক হয়৷ সাধাৰণ অৰণ্য এখনতকৈ বৰ্ষাৰণ্যৰ সেউজৰ মাত্ৰা বেছি হয়৷ এশ বৰ্গ কিলোমিটাৰৰ এখন বৰ্ষাৰণ্য চাৰিশ বৰ্গ কিলোমিটাৰৰ এখন সাধাৰণ অৰণ্যৰ সমান বুলি ক’ব পাৰি৷ অধিক বৰষুণৰ বাবে এনে অৰণ্যবোৰত বৰষুণৰ পানী বাষ্পীকৰণ হৈ পুনৰ অৰণ্যভূমিত আবৃত কৰি ৰাখে আৰু সেয়ে বৰ্ষাৰণ্যত আৰ্দ্ৰতাৰ পৰিমাণ বেছি হয়। সাধাৰণতে একোখন বৰ্ষাৰণ্যত বছৰি ২৩০ দিন পৰ্যন্ত বৰষুণ হয়। বৰ্ষাৰণ্যৰ পাত, জলীয় বাষ্প আৰু দৈনিক জলচক্ৰৰ প্ৰভাৱত বৰষুণৰ পৰিমাণ বছৰি ৮০ ইঞ্চি বা তাতোকৈ বেছি হয়। বৰ্ষাৰণ্য এখনত বৰষুণৰ সৰ্বোচ্চ পৰিমাণ ৩৫০ ছেণ্টিমিটাৰ। পৃথিৱীৰ প্ৰায় দুই লাখ পঁচিশ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু বাৰ লাখ প্ৰজাতিৰ প্ৰাণীকুলৰ সৰহভাগৰে বাসস্থান এই বৰ্ষাৰণ্য৷ উল্লেখযোগ্য যে শেলুৱৈয়ে আৱৰা ভূমি সংলগ্ন স্তৰৰ শিপা আৰু জলাশয়ৰ অন্তৰ্ভাগকে ধৰি নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছৰ বিভিন্ন স্তৰ দেখিবলৈ পোৱা যায়৷ বৰ্ষাৰণ্যত অতি ওখ গছ, জোপোহা, গুল্ম, ঢেঁকীয়া, শেলুৱৈজাতীয় উদ্ভিদৰ লগতে আন আন গছৰ সমাহাৰত এক জটিল তৰপৰ সৃষ্টি হয়৷
বৰ্ষাৰণ্যসমূহৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে; যেনে:- এনে অঞ্চল বছৰৰ বেছিভাগ সময়েই সেমেকা তথা আৰ্দ্ৰ হৈ থাকে আৰু সেই সেমেকা বাতাবৰণতহে এনে অৰণ্যৰ গঠন প্ৰক্রিয়া নিৰ্ভৰ কৰে৷ বৰ্ষাৰণ্যৰ উদ্ভিদবোৰৰ চাৰিটা স্তৰ পৰিলক্ষিত হয়৷ এই স্তৰ চাৰিটা হ’ল –
১) ভূমিসংলগ্ন স্তৰ (Herb Layer): এই স্তৰ অৰ্থাৎ অৰণ্যৰ ভূমিভাগ বিভিন্ন ঢেঁকীয়াজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, ঘাঁহ, বনৰীয়া কল আৰু পাতাবাহাৰৰ দৰে ৰঙীণ গছেৰে পৰিপূৰ্ণ হৈ থাকে।
২) নিম্ন স্তৰ (Understory Layer): মধ্যস্তৰৰ কিছুমান অপৈণত গছ আৰু কিছুসংখ্যক জোপোহা গছৰ সমষ্টিৰে গঠিত হৈছে এই স্তৰ; যাৰ গছবোৰ সাধাৰণতে ১৫ৰপৰা ২০ ফুটলৈকে ওখ হয়৷
৩) মধ্য স্তৰ (Canopy Layer): শীৰ্ষস্তৰৰ ঠিক তলতে যিটো স্তৰ দেখিবলৈ পোৱা যায়, তাক কোৱা হয় মধ্যস্তৰ বা কেনপী লেয়াৰ৷ এই স্তৰৰ গছবোৰৰ শীৰ্ষভাগ সাধাৰণতে চেপেটা আৰু ৬৫ ৰ পৰা ১০০ ফুট পৰ্যন্ত ওখ হয়৷
৪) শীৰ্ষস্তৰ (Emergent Layer): এই স্তৰৰ উদ্ভিদসমূহ আটাইতকৈ ওখ। শীৰ্ষস্তৰৰ গছবোৰ সাধাৰণতে ১১৫ ফুটৰ পৰা ১৫০ ফুট পৰ্যন্ত ওখ হয়৷ এইধৰণৰ বৃক্ষ প্ৰতি একৰত দুজোপামানহে দেখা যায়৷ এনেধৰণৰ বৃক্ষৰ পাতবোৰ সৰু আৰু দেখাত এটা মেলি থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু খীণ৷ হোলোং, মেকাই আদি এইশ্ৰেণীৰ অন্তৰ্ভুক্ত৷
উল্লেখযোগ্য যে শীৰ্ষ স্তৰ আৰু মধ্যস্তৰৰ বৃক্ষই সমগ্ৰ অৰণ্যখনকে এটা বৃহৎ ছাতিৰ দৰে আৱৰি ৰাখে আৰু এই দুইস্তৰৰ গছৰ পাতবোৰে সূৰ্যৰ বেছিভাগ ৰশ্মি আহৰণ কৰে৷ কেৱল দুইৰ পৰা পাঁচ শতাংশমান ৰশ্মিহে এই স্তৰৰ মাজেৰে পাৰ হৈ অৰণ্যৰ ভূমিভাগত পৰে৷
পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলৰ উষ্ণ আৰু সেমেকা ঠাইত, বিশেষকৈ কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ মাজত উদ্ভিদ আৰু প্ৰাণীৰ বিচিত্ৰতাত অধিক চহকী যাক বৃহৎ জীৱ বিচিত্ৰতা মণ্ডল আখ্যা দিয়া হয়৷
পৃথিৱীৰ বহুতো আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান বৰ্ষাৰণ্যত প্ৰাণ প্ৰাচুৰ্যও বহুত বেছি পৰিলক্ষিত হয়। কাৰণ ই হৈছে জৈৱবৈচিত্ৰ্যতাৰ অপূৰ্ব ভাণ্ডাৰ৷ বৰ্ষাৰণ্যক জীৱন্ত পৰীক্ষাগাৰ বুলিও আখ্যা দিয়া হয়; কাৰণ এনে অৰণ্য হাজাৰ হাজাৰ প্ৰজাতিৰ ঔষধী উদ্ভিদৰ বাসস্থান৷
বৰ্ষাৰণ্য পৰিৱেশতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে বায়ু বিশুদ্ধ কৰা, জলবায়ু নিয়ন্ত্ৰণ কৰা, মাটি সংৰক্ষণ কৰা আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা। বৰ্ষাৰণ্যবোৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি অক্সিজেন মুকলি কৰে, যাৰ ফলত বায়ু বিশুদ্ধ হয় আৰু জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। ইয়াৰ উপৰিও, বৰ্ষাৰণ্যবোৰে ভূমিস্খলন প্ৰতিৰোধ কৰে আৰু মাটিৰ গুণাগুণ বজাই ৰাখে। বৰ্ষাৰণ্যবোৰ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হোৱাৰ বাবে ই জৈৱ বৈচিত্ৰ্যৰ এক সমৃদ্ধ ভঁৰাল।
জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বৰ্ষাৰণ্যই৷ বৰ্ষাৰণ্যৰ প্ৰভাৱতে এক বিস্তীৰ্ণ অঞ্চলৰ জলবায়ু আৰু ভূমিভাগ আৰ্দ্ৰ হৈ থাকে৷ তদুপৰি এই অৰণ্যৰ পৰা উৎপন্ন হোৱা জৈৱ সাৰে পৰোক্ষভাৱে আমাৰ কৃষি-মাটিক হাজাৰ হাজাৰ বছৰ ধৰি উৰ্বৰ কৰি ৰখাত সহায় কৰে৷ ভূ-গৰ্ভস্থ পানীৰ নিয়ন্ত্ৰণতো এই বৰ্ষাৰণ্যই অনুকূল ভূমিকা পালন কৰি আহিছে৷ বৰ্ষাৰণ্যবোৰে শিপাৰে মাটি ধৰি ৰাখে; যাৰ ফলত ভূমিস্খলন আৰু মাটিৰ ক্ষয় প্ৰতিহত হয়। বৰ্ষাৰণ্যই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি অক্সিজেন মুকলি কৰে, যাৰ ফলত বায়ু বিশুদ্ধ হয় আৰু লগতে পানী পৰিশোধন কৰে আৰু পানীৰ গুণাগুণ উন্নত কৰাত সহায় কৰে৷ বৰ্ষাৰণ্যই পৰিৱেশতন্ত্ৰৰ বিভিন্ন উপাদানৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ পৰিৱেশতন্ত্ৰৰ বিভিন্ন উপাদানৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰা এই বৰ্ষাৰণ্যবোৰ আমাৰ পৰিৱেশৰ এক অপৰিহাৰ্য অংগ আৰু ইয়াৰ সংৰক্ষণ অতি আৱশ্যক।
সমগ্ৰ পৃথিৱীতে বৰ্ষাৰণ্যৰ পৰিমাণ মাত্ৰ সাত শতাংশ; যি পৃথিৱীৰ প্ৰায় ১.৮৪ বিলিয়ন হেক্টৰ মাটি আগুৰি আছে৷ যোৱা কেইবছৰমানৰ আগতে পৃথিৱীৰ উপৰিভাগত প্ৰায় বিশ শতাংশ এনে অৰণ্য আছিল৷ তদুপৰি সমগ্ৰ বিশ্বৰ প্ৰায় পঞ্চাশখন দেশতে বৰ্ষাৰণ্যৰ প্ৰসাৰতা মন কৰিবলগীয়া আছিল যদিও তিনিখন দেশতহে ইয়াৰ অস্তিত্ব বিচাৰি পোৱা গৈছিল৷ সেই দেশকেইখন হ’ল– ব্ৰাজিল (৩৩%), জেইৰী (১০%) আৰু ইণ্ডোনেচিয়া (১০%)৷ বিশ্বৰ মুঠ ৮৫ খন ৰাষ্ট্ৰত বৰ্ষাৰণ্যৰ প্ৰায় ৯০% বিয়পি আছে৷ ইয়াৰে প্ৰতিখন ৰাষ্ট্ৰৰ গড়ে দহ মিলিয়ন হেক্টৰ মাটি বৰ্ষাৰণ্যই আগুৰি আছে৷ কিন্তু আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে বিভিন্ন কাৰকৰ প্ৰভাৱৰ বাবে ক্ৰমে বৰ্ষাৰণ্যৰ পৰিমাণ ভয়াৱহ ৰূপত হ্ৰাস পাইছে। এনেবোৰ কাৰণৰ ভিতৰত খনিজ সম্পদৰ আহৰণ, বনজুঁই, কৃষিকৰ্মৰ বাবে মাটি মোকলোৱা আদি কাৰণেই প্ৰধান৷ এনেবোৰ কাৰণত সমগ্ৰ বিশ্বক বিশ্বৰ হাওঁফাওঁস্বৰূপ বৰ্ষাৰণ্যক সুৰক্ষিত কৰাৰ উদ্দেশ্যে 2017 চনৰ 22 জুনত প্ৰথম বিশ্ব বৰ্ষাৰণ্য দিৱস উদযাপন কৰা হৈছিল, যেতিয়া টেক্সাছৰ অষ্টিনত অৱস্থিত বৰ্ষাৰণ্য অংশীদাৰিত্ব (Rainforest Partnership) নামৰ অ-লাভজনক পৰিৱেশ সংস্থাটোৱে এই বিশ্বব্যাপী অনুষ্ঠানটো আৰম্ভ কৰিছিল৷ এই পদক্ষেপৰ লক্ষ্য আছিল বৰ্ষাৰণ্যৰ গুৰুত্ব আৰু গ্ৰহটোলৈ ইয়াৰ অমূল্য অৱদানৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷ 2021 চনত বিশ্ব বৰ্ষাৰণ্য দিৱস সন্মিলন আৰম্ভ হৈছিল সকলো খণ্ডৰ লোক আৰু সংগঠনক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে৷ বিশ্ব বৰ্ষাৰণ্য দিৱসে পৰিৱেশৰ সমৰ্থক আৰু সংবাদ মাধ্যমকে ধৰি 70 ৰো অধিক বিশ্ব অংশীদাৰৰ পৰা সমৰ্থন লাভ কৰিছে৷ বৰ্ষাৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল’বলৈ চেষ্টা কৰা বিভিন্ন সংগঠনৰ সমৰ্থনত 22 জুনত অনুষ্ঠিত হোৱা এক বাৰ্ষিক অনুষ্ঠানত পৰিণত হৈছে৷ বৰ্ষাৰণ্য অংশীদাৰিত্ব ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ এক সংযুক্ত সদস্য, ইয়াৰ মিছনক আৰু অধিক বৃদ্ধি কৰিছে৷ প্ৰকৃতাৰ্থত এই দিৱস হৈছে বৰ্ষাৰণ্যক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত আৰু সংৰক্ষণ কৰা যাতে বৰ্ষাৰণ্যই প্ৰদান কৰা কেইবাটাও পৰিৱেশগত সুবিধাৰ অৰ্থ সকলোৱে অনুধাৱন কৰিব পাৰে আৰু লগতে এইটোও বুজি উঠে যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আমাৰ অন্যতম শ্ৰেষ্ঠ প্ৰাকৃতিক প্ৰতিৰক্ষাও।
অসমৰ বৰ্ষাৰণ্যৰ বিষয়ে সঁচা অৰ্থত অসমৰ জনগণক উদ্বুদ্ধ কৰি ইয়াৰ লগত ভালদৰে পৰিচিত কৰি দিয়াৰ ক্ষেত্ৰত সৰ্বপ্ৰথমে নাম ল’ব লাগিব “নেচাৰ্চ বেকন” ৰ ৷ প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰা নেচাৰ্চ বেকনে অসমৰ বৰ্ষাৰণ্যৰ ক্ষেত্ৰত পালন কৰা
ভূমিকা সদায়েই অদ্বিতীয় হৈ জিলিকি ৰ’ব৷ অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ স্বাৰ্থত নেচাৰ্চ বেকনে ১৯৯৪ চনৰ পৰা (সৰ্বেক্ষণৰ সময়ৰ পৰা ধৰিলে ১৯৮৯ চন) দহ বছৰ ধৰি নিৰৱিচ্ছিন্নভাৱে আন্দোলন অব্যাহত ৰাখিছিল। শ শ ল’ৰা-ছোৱালীক অৰণ্য সংৰক্ষণৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও অৰণ্য শিবিৰ পাতি বাস্তৱ অৰণ্য সংৰক্ষণৰ প্ৰশিক্ষণ আৰু অৰণ্যক অধ্যয়নৰ পাঠদান কৰিছিল। স্থানে স্থানে বৰ্ষাৰণ্যক অভয়াৰণ্য কৰাৰ দাবীত প্ৰদৰ্শন কৰিছিল আৰু বৰ্ষাৰণ্য সংৰক্ষণৰ আন্দোলন, স্থানীয়, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী কৰি তুলিছিল। ২০০১ চনত অসমৰ বৰ্ষাৰণ্যৰ কথা সমগ্ৰ বিশ্বক জনোৱাৰ উদ্দেশ্যে অসমৰ জয়পুৰত “আন্তৰ্জাতিক বৰ্ষাৰণ্য উৎসৱ” অনুষ্ঠিত কৰছিল।
(সৌম্যদ্বীপ দত্তৰ “নামচাঙৰ অন্তেষপুৰ” নামৰ কিতাপখনত সন্নিৱিষ্ট তথ্য৷)
‘নামচাঙৰ অন্তেষপুৰ’ বুলি অভিহিত কৰা উজনি অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্য প্ৰকৃতি দেৱীৰ অপূৰ্ব সৃষ্টি। অসম তথা সমগ্ৰ ভাৰতেই গৌৰৱান্বিত হ’ব পৰা এই অবিচ্ছিন্ন বৰ্ষাৰণ্য জৈৱ বৈচিত্ৰতাৰ ফালৰ পৰা যথেষ্ট চহকী। অসমৰ ৰাজ্যিক গছ হোলোং, ৰাজ্যিক চৰাই দেওহাঁহকে ধৰি ভাৰতৰ একমাত্ৰ বন মানুহ হলৌৰ আদৰ্শ বাসস্থান এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসম-অৰুণাচল হস্তী কৰিড’ৰ হিচাপেও এই অৰণ্যৰ গুৰুত্ব যথেষ্ট বেছি। বৰ্তমান উজনি অসমৰ এই বৃহৎ বৰ্ষাৰণ্যৰ অঞ্চলৰ প্ৰায় ২৩৪.২৬ বৰ্গ কিলোমিটাৰ অঞ্চলক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ আগতে ২০০৪ চনত এই বৰ্ষাৰণ্যৰ ১১১.১৯ বৰ্গ কি:মি: ৰ এক ক্ষুদ্ৰ অংশক দিহিং পাটকাই অভয়াৰণ্য স্বৰূপে ঘোষণা কৰা হৈছিল। তাৰ আঁৰত আছে নেচাৰ্চ বেকনৰ সুদীৰ্ঘ ১০ বছৰীয়া আন্দোলনৰ কাহিনী। দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য৷ ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰে৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪০ ৰো অধিকবিধ স্তন্যপায়ী প্ৰাণী, ২৯৩ বিধ বনৰীয়া চৰাই, ৪০ বিধ সৰীসৃপ আৰু উভচৰ, ৩০ বিধ পখিলা চিনাক্ত কৰা হৈছে৷ এই বৰ্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্ৰাণীৰ অন্যতম সৰ্বোৎকৃষ্ট বাসস্থান৷ এই বনাঞ্চলত হলৌ বান্দৰকে ধৰি লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, বাঘ, বনগৰু, হিমালয়ৰ কেৰ্কেটুৱা, নাহৰফুটুকী, লতামাকৰী, গোধাফুটুকী, শৰপহু, বনৰৌ, কেটেলা পহু, কেঁকোৱাখোৱা নেউল, ভালুক আদি বন্যজীৱ পোৱা যায়৷ চৰাইৰ ভিতৰতো হয়কলি, ৰাজধনেশ, দেওহাঁহ, হুদু, বাঢ়ৈটোকা, সাপকটা, শেন, ঈগল, চুলটান টিট, ৰূপহী, হাইঠা ইত্যাদি৷
নামচাং আৰু বুঢ়ী দিহিঙৰ সংগমস্থলী দিহিং-পাটকাই৷ সেয়েহে বিভিন্ন প্ৰজাতিৰ মাছ আৰু অভ্যন্তৰৰ পিতনিবোৰ দেওহাঁহৰ আদৰ্শ বাসস্থান৷ বিশ্বৰ সৰ্বসংখ্যক দেওহাঁহৰ সংখ্যা সংৰক্ষিত হৈ আছে এই অৰণ্যতে৷ তদুপৰি হলৌ বান্দৰৰো প্ৰধান আশ্ৰয়স্থল এই দিহিং-পাটকাই৷ হলৌ বান্দৰৰ লগতে আন ছবিধ বান্দৰজাতৰ প্ৰাণীৰ আবাসস্থল এই বৰ্ষাৰণ্য৷ এই বৰ্ষাৰণ্যত প্ৰধানকৈ হোলোং, মেকাই, ধূনা, উৰিয়াম, নাহৰ, চামকঁঠাল, ভেলু, শিমলু, ঔ টেঙা, চিধা আৰু বিভিন্ন প্ৰজাতিৰ ডিমৰু বৃক্ষ পৰিলক্ষিত হয়৷
অসমৰ আন এখন বৰ্ষাৰণ্য হ’ল পবা, ধেমাজি জিলাৰ জোনাই মহকুমাত থকা একমাত্ৰ প্ৰাণময় বনাঞ্চল৷ পবা বনাঞ্চলৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ অন্তৰ্গত চিৰসেউজ অৰণ্যাঞ্চল সংলগ্ন হৈ আছে৷ উত্তৰ-পূব কোণেৰে বৈ অহা ছিয়াং নৈ পশ্চিমলৈ ১০ কি.মি. বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ৷ পূব দিশত কবুচাপৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ অৰুণাচলৰ ডি ইৰিং, লক্ষী ৰিজাৰ্ভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সংগঠিত ৰূপত ৰাখিছে৷ মূলতঃ পবা এখন বৰ্ষাৰণ্য৷ বৰ্ষাৰণ্যৰ প্ৰতিটো বৈশিষ্ট্যই পবাত বিদ্যমান৷ ইয়াত চিৰসেউজীয়া, পৰ্ণপাতী, ঘাঁহনি, জোপোহা তৃণাঞ্চল, জলাশয় আৰু পিতনিৰে ভৰা আৰ্দ্ৰভূমি আছে৷ ভূ-প্ৰাকৃতিক গঠন অনুসাৰে পাহাৰৰ নামনি অংশত অৱস্থিত গেজেপনি, বনভূমি আৰু ছিয়াং দিবং নৈৰ অৱবাহিকা অঞ্চলত অৱস্থিত প্লাৱন ভূমিয়ে পবাক সমৃদ্ধি দান কৰিছে৷ পবাত বৰ্তমানলৈকে ২১৮ প্ৰজাতিৰ বন্যচৰাই, ২১ প্ৰজাতিৰ স্তন্যপায়ী, ২৬০ প্ৰজাতিৰ বৃক্ষ আৰু অলেখ পখিলাৰ সন্ধান পোৱা গৈছে। পবা বৰ্ষাৰণ্যৰ অন্যতম বৈশিষ্ট্য হ’ল শলখ গছৰ বিচিত্ৰতা৷ শলখ গছৰ উপৰিও পবাৰ বনভূমিত ভেঁৰ গছ [Salix tetrasperma] ৰ প্ৰাচুৰ্যই পবাক অসমৰ জাতীয় পক্ষী দেওহাঁহৰ [Cairina scutulata] আদৰ্শ আবাসস্থলীৰূপে পৰিগণিত হৈছে৷
পৃথিৱীৰ বৰ্ষাৰণ্যসমূহ প্ৰাণৰ আধাৰ, লগতে ই প্ৰাকৃতিক সম্পদৰো ভাণ্ডাৰ। পৃথিৱী নামৰ গ্ৰহটোৰ বাবে আৰু সমগ্ৰ মানৱজাতিৰ বাবে বৰ্ষাৰণ্য অতিকৈ গুৰুত্বপূৰ্ণ; কাৰণ ই জলবায়ু নিয়ন্ত্ৰক, জৈৱবৈচিত্ৰ্যতাৰ ‘হট স্পট’ আৰু অতীৱ প্ৰয়োজনীয় সম্পদৰ ভাণ্ডাৰ। জলবায়ু নিয়ন্ত্ৰণ অৰ্থাৎ কাৰ্বন চিংক (carbon sink) ৰূপে কাম কৰি জলবায়ু পৰিৱৰ্তনক নিয়ন্ত্ৰণ কৰি ৰাখে, জলচক্ৰক সুস্থিৰ কৰি ৰাখি খৰাং হোৱাৰ পৰা ৰক্ষা কৰে, বৰষুণৰ পৰিমাণ সঠিক কৰি ৰখাৰ লগতে আৰ্দ্ৰতাৰ পৰিমাণো নিয়মীয়া কৰি ৰাখে। বৰ্ষাৰণ্যই ১স্থানীয় তথা আঞ্চলিক ভিত্তিত তাপমান সঠিক কৰি ৰখাত সহায়ক হয়। ইয়াৰোপৰি এটা উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ দিশ হৈছে যে বৰ্ষাৰণ্য অগণন প্ৰজাতিৰ জীৱৰ ই সুৰক্ষিত বাসস্থান। লগতে এনে কিছুমান প্ৰজাতিৰ ই আৱাসস্থলী, যিবোৰ পৃথিৱীৰ কোনো ঠাইতে পোৱা নাযায়। বৰ্ষাৰণ্যই লাখ লাখ মানুহক য’ত খিলঞ্জীয়া লোকো অন্তৰ্ভুক্ত হৈ আছে; খাদ্য, পানী আৰু অন্যান্য সম্পদ যোগানৰ মূল শক্তি। ইক’ টুৰিজিম আৰু অন্যান্য সম্পদৰ আহৰণৰ দ্বাৰা জীৱনধাৰণক প্ৰভাৱিত কৰে। নিজস্ব বৈশিষ্ট্য আৰু শৈলীৰ বহুতো খিলঞ্জীয়া জনগোষ্ঠীৰ আৱাসস্থল বৰ্ষাৰণ্যই বহুতো সমাজৰ বাবে গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক মূল্যবোধৰ বৈশিষ্ট্য প্ৰতিফলিত কৰে। বৰ্ষাৰণ্য অবিহনে পৃথিৱীৰ অৱস্থা কি হ’ব সেয়া সহজেই অনুমেয়৷ বৰ্ষাৰণ্য ৰক্ষা কৰাৰ অৰ্থই হৈছে প্ৰকৃতি ৰক্ষা কৰা, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা৷
উৎসঃ
১. Wikipedia
২. অসমত বৰ্ষাৰণ্যৰ সুষমা
ড০ নৱ কুমাৰ চমুৱা
*******
