মূল লেখা:পপী ষ্ট্ৰীটলৈ যোৱা বাটটো,লেখিকা: ৰাচিদা এল চাৰনি,অনুবাদ-ৰঞ্জনা দত্ত

ছোৱালীজনীয়ে লক্ষ্য কৰিলে যে ল’ৰা এটাই গানৰ সুৰ এটাৰ স’তে সুঁহুৰি বজাই বজাই তাইৰ ফালে আহি আছে। সি তাইৰ সমুখত আহি থিয় হ’ল আৰু বিনীত স্বৰেৰে পপী ষ্ট্ৰীট কোনফালে জানিব বিচাৰিলে। প্ৰশ্নটোৰ উত্তৰ দিবলৈ চিন্তা কৰাৰ মুহূৰ্তৰ ভিতৰতেই যে ল’ৰাজনে তাইৰ ডিঙিৰ পৰা সোণৰ হাৰডাল আঁজুৰি লৈ দৌৰি পলাব সেইটো তাইৰ চিন্তাৰো অগোচৰ আছিল। 

নিজৰ চিন্তাত বিভোৰ হৈ ছোৱালীজনী ৰাস্তাৰ যিটো দিশলৈ গৈ আছিল ল’ৰাজন সেইফালৰ পৰাই আগুৱাই আহিছিল। তাক দেখি তাইৰ একো সন্দেহ বা সাৱধান হোৱাৰ ভাৱ মনলৈ অহা নাছিল, আনকি তাৰ মাৰ্জিত সাজ-পোছাক আৰু কথা-বতৰাৰ ধৰণে একধৰণৰ শ্ৰদ্ধা আৰু নিশ্চিন্ত ভাৱৰ হে সৃষ্টি কৰিছিল। তাৰ চেহেৰাপাতিত অৱস্থাপন্ন ঘৰৰ পৰিচয় ফুটি উঠিছিল।

ল’ৰাটোৰ হাতখনে তাইৰ গাটো স্পৰ্শ কৰাৰ তীব্ৰ আঘাটত ছোৱালীজনীৰ বুকুৰ কামিহাড়লৈকে যেন কঁপি উঠিল। ক্ষন্তেকৰ বাবে হতভম্ব হৈ পৰিলেও এটা ভীষণ ক্ৰোধে তাইক তৎক্ষণাত প্ৰকৃতিস্থ কৰাত সহায় কৰিলে। তাই “চোৰ.. চোৰটো ধৰ! মোৰ হাৰডাল নিলে!” বুলি চিঞৰি চিঞৰি ল’ৰাটোৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। বাটৰ দাঁতিৰ দোকান-পোহাৰ, ঘৰ-বাৰী আৰু সৰু সৰু কাৰখানাবোৰৰ পৰা মানুহবোৰ ওলাই আহিল। সকলোৱে যেন বেচ ভয় খাইছে তেনে ভাৱেৰে ৰাস্তাৰ কাষত থিয় হৈ ঘটনাটো চাবলৈ ধৰিলে।

কিছু সময়ৰ পিছতেই ছোৱালীজনীয়ে চোৰটোক পিছ পেলাই তাৰ পথ আগচি ধৰিলে। ছোৱালীজনীয়ে যে ইমান অদমনীয় বেগত দৌৰি দৌৰি তাক খেদি আহিব ল’ৰাটোৱে একেবাৰে ভাৱিব পৰা নাছিল। চোৰটোৱে এইবাৰ অঁকাই-পঁকাই দৌৰিবলৈ ধৰিলে। মানুহবোৰৰ মূৰৰ ওপৰত বেলিটোৱে জুই বৰষিবলৈ ধৰিছিল। ল’ৰাটোৰ ঘৰ্মাক্ত মুখৰ ওপৰতো ৰ’দ পৰিছিল। অপকৰ্মত অভ্যস্ত তাৰ হাতৰ আঙুলিত সোণৰ হাৰডাল চকচকাই উঠিল। ওলমি থকা চাৰিকোণীয়া লকেটটোৰ এফালে খোদিত আছিল বেবল টাৱাৰ (১) আৰু ওলোটাফালে ৰক-ড’ম (২) ৰ প্ৰতিকৃতি। 

গোটেই জীৱনটোত তাই কেইবাবাৰো গহনা-পাতি হেৰুৱাইছে আৰু সেইবোৰ লৈ বেছিদিন মন বেয়া কৰি থকাও নাই। আনকি কিমান বেছি মূল্যৱান বস্তু হেৰাইছে সেইটো লৈও তাই বেছি চিন্তা কৰি থকা নাই। কিন্তু আজি ভাৱ হ’ল যেন তাইৰ আত্মাটোৱেই শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।

দাঁত-মুখ কামুৰি চোৰটোক ধৰিবৰ বাবে ছোৱালীজনীৰ হাতখন আগবাঢ়ি গ’ল আৰু তাক খামোচ মাৰি ধৰিবলৈ আঙুলিবোৰ প্ৰস্তুত হৈ পৰিল। চোৰটোৱে তাইৰ ফালে চালে আৰু ঘূৰিবলৈ চেষ্টা কৰোঁতেই তাৰ সোঁ ভৰিখন ভাঁজ খাই ভাৰসাম্য হেৰুৱাই সি বাগৰি পৰিল। তেতিয়াই ছোৱালীজনীয়ে থাপ মাৰি ল’ৰাটোৰ চাৰ্টৰ একোণত ধৰি ল’লে। ল’ৰাটোৱে ল’ৰচৰ কৰিব পৰা নাছিল। ছোৱালীজনীৰ হাতৰ টানত ল’ৰাটোৰ চাৰ্টটো পিঠিৰ ফালে ওপৰলৈ উঠি গৈ তাৰ ক’লা পিঠিখন ওলাই পৰিল। বহু চেষ্টা কৰিও ল’ৰাটোৱে ছোৱালীজনীৰ সুদৃঢ় বান্ধোনৰ পৰা মুক্ত হ’ব নোৱাৰিলে। 

মানুহবোৰে মৌ-মাখিৰ দৰে সিহঁতক আগুৰি ধৰি ৰং চাবলৈ ল’লে; কিন্তু কোনেও ছোৱালীজনীক সহায় কৰিবলৈ আগুৱাই নাহিল। এনেকুৱা লাগিছিল যেন মানুহবোৰ সন্মোহিত হৈ পৰিছে আৰু সিহঁতৰ মগজুৱে যেন কাম কৰা বন্ধ কৰি দিছে। সহায়ৰ আশাত ছোৱালীজনীয়ে আকৌ প্ৰানটাকি চিঞৰি উঠিল – “চোৰ! মোৰ হাৰডাল ঘূৰাই দে!”

হঠাৎ চোৰটোৱে তাৰ পেন্টৰ গুপ্ত পকেটৰ পৰা ছুৰি এখন উলিয়াই ছোৱালীজনীৰ মুখৰ ওপৰত ঘূৰাবলৈ ধৰিলে। ছোৱালীজনীয়ে গম পাইছিল যে মানুহবোৰ ভয়তে পিছুৱাই গৈছে আৰু সিহঁতৰ ইটোৰ ভৰিৰ ওপৰত সিটোৰ গছক পৰিছে। সিহঁতে সন্মিলিত কন্ঠেৰে তাইক সাৱধান কৰিবলৈ ধৰিলে –

“আঁতৰি আহক। তাৰ হাতত ছুৰি আছে”।

‘“আৰে আঁকৰী ছোৱালী, সি তোমাৰ মুখখন বখলিয়াই পেলাব”।

“জেদী ছোৱালী ক’ৰবাৰ!”

ছোৱালীজনীৰ মুখখন আৰু দৃঢ় হৈ পৰিল যেন ধীৰ-শান্ত ছোৱালীজনীৰ গাত এক মহা শক্তিমান অপদেৱতা লম্ভিছে। সঁচাই তাইৰ মাজত এটা ভয়ঙ্কৰ সাহসে গা কৰি উঠিল। এক মুহূৰ্তৰ বাবেও ভয় নামৰ একো বস্তুৰ কথাই তাইৰ মনলৈ নাহিল। তাই কোনোপধ্যেই পিছুৱাই নাযায়।

কাৰখানাত কামকৰা ডেকা ল’ৰা এজন তাইক সহায় কৰাৰ বাবে আগুৱাই অহা দেখি মানুহবোৰে তাক বাধা দিবলৈ আৰম্ভ কৰিলে। সিহঁতৰ কথাৰ সুৰত জ্ঞানতকৈ হিংসাৰ ভাৱ বেছি প্ৰকট হৈ পৰিছিল। 

“মৰিব খুজিছা নেকি? তাইৰ যি ইচ্ছা কৰিব দিয়া, নিজৰ গোঁৱাৰামিৰ পৰিণাম নিজেই ভোগক। আন কোনো তাৰ বাবে জগৰীয়া নহয়”।

ভীতিগ্ৰস্ত সুৰেৰে চিঞৰি চিঞৰি কোৱা এই কথাবোৰে ছোৱালীজনীৰ বুকুত খুন্দিয়াই তাইৰ হৃদয়ত আঘাট কৰিলে। এনেকুৱা লাগিলে যেন তাইৰ চাৰিওফালে সৰু সৰু চৰাইৰ জাক কিছুমানে চিঁচিঁয়াই জপিয়াই ফুৰিছে। 

“বাধা দিয়াৰ কথা চিন্তাই কৰিব নালাগে। মানুহটোৰ হাতত মাৰাত্মক অস্ত্ৰ আছে”! 

বিনাযুদ্ধে হাৰ মনাৰ সুৰত দুজনমানে ক’লে।

তেওঁলোকৰ আত্মসমৰ্পণে ছোৱালীজনীৰ জেদ আৰু বঢ়াই তুলিলে। তাইৰ মনৰ ভিতৰত এক অন্ধ উন্মাদনাৰ সৃষ্টি হ’ল। তাই নিজৰ চোকা নখকেইটা ল’ৰাটোৰ হাতৰ চুৰিখনতকৈও বেছি শক্তিশালী কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰিলে। তাই ল’ৰাটোৰ চুৰি লৈ থকা হাতখন বাধা দি নিজৰ নখবোৰ একোটা অস্ত্ৰ লৈ পৰিণত কৰি তাৰ মুখখন নিজৰ হাতৰ কাষত পাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। প্ৰৱল বিশ্বাসেৰে তাই নিজকে নিজে ক’বলৈ ধৰিলে – “তাৰ হাতত গোটেই পৃথিৱীৰ অস্ত্ৰ থাকিলেও মোৰ হাৰডাল মই তাৰ হ’বলৈ নিদিওঁ!”

সেই সময়তে ল’ৰাটোৱে তলৰ ওঁঠটো দাঁতেৰে কামুৰি তাইৰ ফালে খঙেৰে চাই পঠালে আৰু দাঁত মুখ কৰচি শুকান মাতেৰে ক’লে – “জেদী অসভ্য ছোৱালী ক’ৰবাৰ!”

ছোৱালীজনীয়ে সেই সময়তেই মন কৰিলে যে ল’ৰাটোৰ হালধীয়া ৰঙৰ চকুৰ মণিত তাইৰ উদগ্ৰীৱ মুখখনৰ প্ৰতিচ্ছবি পৰিছে। কিবা তৰ্কিব পৰাৰ আগতেই ল’ৰাটোৱে অকস্মাতে তাইৰ কঁপালৰ কাষত আৰু মুখত প্ৰচণ্ড শক্তিৰে ঘোঁচা মাৰিবলৈ ধৰিলে। ভাৰসাম্য হেৰুৱাই ছোৱালীজনী ঠাইতে বাগৰি পৰিল। ঘোঁচা চলিয়েই থাকিল আৰু সেই সময়তেই ছোৱালীজনীৰ হাতৰ মুঠিৰ পৰা ল’ৰাটোৰ চাৰ্টৰ কোণাটো এৰাই গ’ল। চয়তানটোৱে সেই সুযোগতে নিজকে মুক্ত কৰি তাত থিয় হৈ থকা সকলোৰে সমুখতে ছোৱালীজনীক গোৰ এটা মাৰিলে। ভীৰু কাপুৰুষ মানুহবোৰে ভয়ত শুকাই যোৱা মুখেৰে নিষ্ক্ৰিয় হৈ চায়েই থাকিল। আৰু এবাৰ ছোৱালীজনীক প্ৰচণ্ড জোৰেৰে গোৰ এটা মাৰি ল’ৰাটো পলাই গ’ল।

তৎক্ষণাত নিজকে প্ৰকৃতিস্থ কৰি ছোৱালীজনী থিয় হৈ আকৌ তাক খেদিবলৈ আৰম্ভ কৰিলে। তাইৰ নাকেৰে তেজ ওলাইছিল, চুলিবোৰ আউল-বাউল আৰু কাপোৰ-কানি ধূলি-বালিৰে লুতুৰি-পুতুৰি হৈ পৰিছিল। শৰীৰৰ সমস্ত শক্তি গোটাই তাই আকৌ চিঞৰি উঠিল – “মোৰ হাৰ! মোৰ হাৰ..” আৰু চোৰটোক খেদি খেদি দৌৰিবলৈ ধৰিলে। ইমানপৰে চোৰটো তাৰ বন্ধুৰ ওচৰ পাইছিলগৈ। ৰাস্তাৰ এটা চুকত সি মটৰচাইকেল এখন লৈ অপেক্ষা কৰি আছিল। জাঁপ এটা মাৰি চোৰটো সঙ্গীজনৰ পিছফালে বহি পৰাৰ লগে লগেই মটৰচাইকেলখন চলিবলৈ ধৰিলে আৰু মানুহবোৰৰ ভীৰৰ মাজে মাজে ৰাস্তা উলিয়াই ওলাই গুছি গ’ল। ছোৱালীজনীয়ে বুজি পালে এই সকলোবোৰ এই পৰিকল্পনাৰে অংশ আছিল।

তাই আঁঠু কাঢ়ি বহি পৰিল। তাইৰ সেই শক্তি, দৃঢ়তা সকলো হেৰাই গৈছে। গাল পুৰি নিয়া তপত চকুলো তাইৰ দুগালেৰে বাগৰি আহিল। শৰীৰৰ ভিতৰত এক ধৰণৰ অপমানৰ লাজ প্ৰৱাহিত হৈ পৰিল; এনে ধৰণৰ এটা ৰাস্তাৰ কাষত বাস কৰাৰ লাজ। অচিনাকি মানুহ এটাৰ আক্ৰমণতকৈও পোৱা প্ৰতিবেশীৰ নিষ্ক্ৰিয়তা তাইৰ বাবে বহুত বেছি আঘাটদায়ক যেন ভাৱ হ’ল। এই দুখবোৰ যেন একাকাৰ হৈ পৰিল কাইৰোৰ ৰাস্তাত একাধিক যুৱকৰ দ্বাৰা ধৰ্ষিত সেই ছোৱালীজনীৰ স’তে, যাৰ সাহাৰ্যৰ বাবে কোনো পথচাৰী আগুৱাই যোৱা নাছিল। সিহঁতৰ হৃদয় নামৰ যন্ত্ৰটোৱে কাম কৰা নাছিল আৰু এখন আনন্দদায়ক আৰু উত্তেজক ছবিৰ দৰে সকলোৱে দৃশ্যটো উপভোগ কৰিছিল।

তাইৰ কল্পনাত সুদূৰ অতীতৰ এটা ঘটনাৰ কথাও মনলৈ আহিল। এজনী মাইকী উটৰ ওপৰত হোৱা আক্ৰমণক কেন্দ্ৰ কৰি আৰৱৰ দুটা গোষ্ঠীৰ মাজত দীৰ্ঘ চল্লিছ বছৰ ধৰি ভীষণ যুদ্ধ চলিছিল। মানুহৰ অপমানৰ কথা অনুভৱ কৰি ছোৱালীজনীৰ মনৰ ভিতৰৰ পৰা এটা গধূৰ হুমুনিয়াহ ওলাই আহিল; যেন শৰীৰৰ ভিতৰখন তাইৰ কঠিন শিলৰ দৰে চেঁচা পৰি গৈছে। ঠিক তেতিয়াই বতাহত দুপৰীয়াৰ প্ৰাৰ্থনাৰ শব্দ ভাঁহি আহিল আৰু মুৱেজ্জিনৰ সেই পৱিত্ৰ কন্ঠই তাইৰ মনৰ ভিতৰত থকা দুঃখ কষ্ট লাঘব কৰি তাইৰ যন্ত্ৰণাৰ উপশম ঘটাবলৈ ধৰিলে।

মানুহবোৰে তাইৰ চাৰিওফালে থিয় হৈ তাইৰ চকুৰ ফালে নোচোৱাকৈ তাইক বিভিন্ন মন্তব্য দি আছিল –

“চকুৰ আগতে এনেকুৱা এটা ঘটনা ঘটি যোৱাৰ বাবে আমাৰ বেয়া লাগিছে”।

“তুমি এনেদৰে বিপদৰ মাজত জাঁপ মাৰি পৰাটো ভাল কথা হোৱা নাছিল”।

“আকোৰগোঁজৰ দৰে লাগি থাকি কেনেকৈ তুমি নিজৰ বিপদ নিজেই মাতি আনিছিলা?”

“এতিয়া অন্তত বিপদৰ শাম কাটিল। এতিয়া ভালে থাকিবা বুলি আশা কৰিছো”।

“দামী বস্তু-বাহানি কিছু লুকুৱাই মেলি ৰাখিব লাগে, মানুহৰ চকুত পৰাকৈ ৰখাটো ঠিক নহয়”।

মুখত আহত অহংকাৰৰ চাপ লৈ তাই মানুহবোৰৰ মুখৰ ফালে চালে, তাইৰ এনে লাগিল যেন মানুহবোৰ আৰু তাইৰ মাজত এখন অদৃশ্য দেৱাল থিয় হৈ আছে। যুদ্ধৰ ধূলি-বালিৰে একাকাৰ হৈ থকা কাপোৰ-কানিৰে স’তে যেতিয়াই তাই কোনোমতে উঠি থিয় হ’ল তেতিয়াই তাইৰ কাণলৈ আহিল কোনোবা এজনে ঘৃণা মিশ্ৰিত কন্ঠেৰে লাহে লাহে কৈছে –

“লাজ লগা নাই? নিজকে কেনেকৈ এক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলা, নিৰ্লজ্জ”!

ছোৱালীজনীয়ে ঘূৰি চালে, কাৰ মুখৰ পৰা কথাখিনি ওলাইছে তাই বিচাৰিবলৈ ধৰিলে। তাৰপিছত স্থিৰ দৃষ্টিৰে সিহঁতৰ ফালে চাই তীক্ষ্ণ স্বৰেৰে ক’লে – “ভীৰু, কাপুৰুষ, মেৰুদণ্ডহীনহঁত! নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিজে থিয় দিয়াটো কেতিয়াৰ পৰা হাঁহিবলগীয়া বিষয় হৈছে?”

কথাখিনি তাই খুব তীক্ষ্ণ স্বৰেৰে ক’লেও তাত বেদনাৰ আভাস আছিল। তাইৰ মুখেৰে ওলোৱা নিষ্ঠুৰ সত্য কথাখিনিয়ে সকলোকে জোঁকাৰি গ’ল।

ৰাস্তাটোৰ শেষৰ ফালে থকা তাইৰ মাক-দেউতাকৰ ঘৰখনৰ ফালে তাই অকলে অকলে খোজ কাঢ়ি যাবলৈ ধৰিলে। গধূৰ ভাৱেৰে ভৰা অলীক কল্পনাৰে আৱৰি থকা তাইৰ মনটো মুকলি হৈ পৰা যেন লাগিল। ডাৱৰৰ আৱৰণ ঠেলি ওলাই অহা সূৰ্যৰ উত্তপ্ত নিশ্বাসে তাইৰ ওপৰত যেন বিদ্বেষ ছটিয়াবলৈ ধৰিছিল। তাৰ মাজতো তাই দৃঢ় অবিচলিত পদক্ষেপেৰে আগুৱাই গৈ থাকিল।

শব্দ পৰিচিতিঃ

(১) বেবল টাৱাৰ – বাইবেলৰ এটা গল্পৰ দ্বাৰা অণুপ্ৰাণিত হৈ মেচোপটেমিয়াত নিৰ্মাণ কৰা এটা সৌধ।

(২) ৰক-ডম – জেৰুজালেমত অৱস্থিত মুছলমান আৰু ইহুদীসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। ইয়াৰ পৰাই হজৰত মহম্মদে আল্লাৰ দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল। 

লেখক পৰিচিতিঃ

১৯৬৭ চনত জন্ম গ্ৰহণ কৰা ৰাচিদা এল চাৰ্ণি এগৰাকী টিউনিয়ান লেখিকা। তেখেতে তিনিখন চুটিগল্পৰ সংকলন আৰু এখন উপন্যাস প্ৰকাশ কৰিছে। পিয়াৰ্চ এমডিয়াৰ দ্বাৰা ইংৰাজী ভাষালৈ অনুদিত তেখতৰ “দা ৱে টু পপী ষ্ট্ৰীট” নামৰ এই বিখ্যাত গল্পটো আধুনিক টিউনিচিয়ান সাহিত্যৰ বাণীপাল (ইউ কে) আলোচনীৰ পৰা লোৱা হৈছে। পিছত একেটা গল্পই হাবিলা হেলন সম্পাদিত ‘দা গ্ৰান্টা বুক অফ দা আফ্ৰিকান চৰ্ট ষ্টৰিজ’ সংকলনত অন্তৰ্ভুক্ত কৰা হয়।

*******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *