ফাঁকি,মূল গল্পঃ অভীক দত্ত,অনুবাদ – মামনি কলিতা
সোমেশ্বৰঃ ফোনটো মোৰ লগতেই থওঁ। তথাপিও পত্নী যেতিয়া ওচৰত থাকে তেতিয়া অলপ আঁতৰাই ৰাখোঁ। যেতিয়াই তেতিয়াই শাওনীয়ে ফোন কৰিলে যাতে বিপদত নপৰোঁ, অলপ লুকুৱাই থোৱাই ভাল বুলি ভাবোঁ। শাওনীৰ নম্বৰটো ম’বাইলত দীপক নামেৰে চেভ কৰিছোঁ। দীপক মোৰ ল’ৰালি কালৰ বন্ধু। মাজে মাজে মোৰ পত্নীয়ে মোৰ ফোনটো লৈ কিবাকিবি চায়। মোক কিবা সন্দেহ কৰে যদিও নাজানো। মোক সুডোকু খেলিবলৈ লাগে বুলি কয়। সুডোকু খেলি কি ভাল পায় নাজানো। মই দুই তিনিবাৰ খেলি চাইছিলোঁ, একেবাৰে বাজে খেল। ওপৰ-তল, দীঘে-পথালিয়ে, কোণা-কোণিকৈ ইমান নম্বৰৰ
Read more