ফাঁকি,মূল গল্পঃ অভীক দত্ত,অনুবাদ –  মামনি কলিতা

সোমেশ্বৰঃ  ফোনটো মোৰ লগতেই থওঁ। তথাপিও পত্নী যেতিয়া ওচৰত থাকে তেতিয়া অলপ আঁতৰাই ৰাখোঁ। যেতিয়াই তেতিয়াই শাওনীয়ে ফোন কৰিলে যাতে বিপদত নপৰোঁ, অলপ লুকুৱাই থোৱাই ভাল বুলি ভাবোঁ। শাওনীৰ নম্বৰটো ম’বাইলত দীপক নামেৰে চেভ কৰিছোঁ। দীপক মোৰ ল’ৰালি কালৰ বন্ধু। মাজে মাজে মোৰ পত্নীয়ে মোৰ ফোনটো লৈ কিবাকিবি চায়। মোক কিবা সন্দেহ কৰে যদিও নাজানো। মোক সুডোকু খেলিবলৈ লাগে বুলি কয়। সুডোকু খেলি কি ভাল পায় নাজানো। মই দুই তিনিবাৰ খেলি চাইছিলোঁ, একেবাৰে বাজে খেল। ওপৰ-তল, দীঘে-পথালিয়ে, কোণা-কোণিকৈ ইমান নম্বৰৰ

Read more

‎সম্পাদকীয়-‎কংকনা গোস্বামী

‘‎শব্দচিত্ৰ জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ সম্পাদকীয় লিখনিৰ নঙলামুখতে শব্দচিত্ৰ গোটৰ প্ৰশাসকবৃন্দৰ লগতে সমূহ সদস্য-সদস্যাক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ই-আলোচনীখনৰ সম্পাদিকা হিচাপে সেৱা আগবঢ়াবলৈ পাই মই নিজকে ধন্য মানিছোঁ। লগতে মোৰ দৰে এগৰাকী অভাজনক সম্পাদিকাৰ দৰে এটি গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ বাবে শব্দচিত্ৰ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামী দাদা প্ৰমুখ্যে গোটৰ সকলো সদস্য-সদস্যাকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।  ‎‎“সাহিত্য হৈছে এটা জাতিৰ দাপোণস্বৰূপ”। এইশাৰী উক্তি জনগণৰ মুখত উচ্চাৰিত হ’লেই সাহিত্য সৃষ্টি নহয়। সাহিত্য সৃষ্টি কৰিবলৈ হ’লে অধ্যয়ন কৰাটো অপৰিহাৰ্য। লেখকৰ

Read more

অপ্ৰত্যাশিত-সমীৰ কাশ্যপ বৰা 

: হেৰা, দাখন ক’ত আছে? : দাখন কিয় লাগে ? :- ভাবিছোঁ কামলৈকে যাওঁ। : ডাক্তৰে মানা কৰিছে, গাটো ভালকৈ সুস্থ নোহোৱালৈ ক’লৈকো যাব নোৱাৰে আপুনি। প্ৰেছাৰটোও high হৈ আছে বহুত, ঘৰখন মই চলাম নহয়। : হ’ল বুলি লোকৰ ঘৰত তুমিনো কিমান কাম কৰিবা? লোকৰ মতাৰ লেতেৰা চাৱনিবোৰ চকু মুদি আৰু ইহঁত দুটাক সদায় কি তুমি শুদা ভাত খুৱাবা নেকি? : পৰিস্থিতিত তেনেকৈ চলিব লাগিব, দুদিনমান হে ! সেই বুলি বেমাৰী দেহাৰে কামলৈ যাবনে? পত্নীৰ কথালৈ আওকাণ কৰি মানুহজন কামলৈ

Read more

অসমৰ এগৰাকী মানৱদৰদী চিকিৎসক ডাঃ গণেশ ফুকন-উপাসা ভাগৱতী 

নামটোতে লুকাই আছে বিপদত যি সহায় কৰে, গণেশ অৰ্থাৎ বিঘ্নদাতা। মুখত হাঁহি এটি লৈ মৌবৰষা কথাৰে বেমাৰত মাত নোহোৱা মানুহৰ মুখেৰেও মাত উলিয়াই বেমাৰৰ পঞ্চাশ শতাংশ ঠিক কৰি দিব পৰা সেই মানুহজন। পৰিপাটি পোছাকেৰে হাতত চিকিৎসকৰ বেগটোৰে ওখ-পাখ, তেজগোৰা চাহাবৰ দৰে সেই মানুহজন, নগাঁও চহৰত বৰ্তমানেও যাৰ নাম ক’লে যথেষ্ট সম্ভ্রমৰে, সন্মান আৰু শ্ৰদ্ধাৰে সোঁৱৰে। বৰ্তমানেও তেখেতৰ নামৰ উজ্বলতাৰে উজ্বলি আছে ঘৰখন। চিকিৎসক হিচাপে চহৰখনৰ খাটি খোৱা প্ৰতিজন মানুহৰে মনত শ্ৰদ্ধা আৰু মৰমেৰে সোমাই থকা এটি নাম ডাঃ গণেশ ফুকন।

Read more

মধ্যবিত্ত-কুশল মহন্ত

মধ্যবিত্তৰ চোলাটো পিন্ধি, এৰি অহা পদপথত আধৰুৱা সপোন.. আন্ধাৰত জোনাকী বাট খেপিয়াই, পুৱাৰ হুমুনিয়াহ আৰু টুথপেষ্টৰ টিউৱ চেপি-চেপি আত্মবিভোৰ! সন্মুখত টিপ্ টিপ্ কৈ পানী পৰা নলৰ লগত একাত্ম। মাৰ মাতত তন্দ্ৰা ভাঙি, গৰম চাহৰ তপত ধোঁৱাত উৰি যায় বসন্তৰ আনন্দ.. ভন্টিৰ পঢ়া টেবুলত পৰি ৰয় উকা পৃষ্ঠাৰ দস্তাবেজ। দেউতাৰ পুৰণি কামিজৰ বুটাম চিলাই পাৰ হয় মাৰ জীৱন। ককাদেউতাৰ আৰামী চকীত অলৰ-অচৰ আইতায়ে মাৰে শুকান কাহ… বৈদ্যুতিক বিল, ৰন্ধন গেছৰ চিলিণ্ডাৰ, মোবাইল, টিভিৰ ৰিচাৰ্জৰ উপৰিও দেউতাৰ মন মগজুত বাহ লয় আৰু

Read more

চিকাৰ আৰু চিকাৰী জন্তু =কুমকুম শৰ্মাবৰুৱা

যিবোৰ জন্তু অন্য জন্তুৱে মাৰি খাদ্য হিচাপে ব্যৱহাৰ কৰে সেইবোৰক চিকাৰ বুলি কোৱা হয়। যেনে:- হৰিণা, শহাপহু ইত্যাদি। যিবোৰ জন্তুৱে অন্য জন্তু চিকাৰ কৰি বা মাৰি খায় সেইবোৰক চিকাৰী জন্তু বুলি কোৱা হয়। যেনে:- বাঘ, সিংহ ইত্যাদি। পৰিৱেশৰ লগত মিলি থাকিবলৈ এই দুইবিধ জন্তুৰে বিশেষ কিছুমান বৈশিষ্ট্য আছে। চিকাৰী জন্তুবিলাকৰ চকু আগফালে থাকে যাতে ই চিকাৰটোৰ দূৰত্ব বুজি পায় আৰু খেদি গৈ ধৰিবগৈ পাৰে। যদি ইহঁতে চিকাৰ বেগাই গৈ বা লুকাই থাকি জাপ মাৰি হ’লেও ধৰিব নোৱাৰে তেতিয়া ইহঁত খাবলৈ

Read more

সাক্ষাৎকাৰ

অতিথিঃ জয়ন্ত মাধৱ বৰা, সাহিত্য অকাডেমী বঁটাপ্ৰাপক,গল্পকাৰ, বিশিষ্ট ঔপন্যাসিক তথা শিশু সাহিত্যিক। সাক্ষাৎ গ্ৰহণঃ ববিতা শৰ্মা ববিতা শৰ্মা – নমস্কাৰ মহাশয়। কথোপকথনৰ প্ৰাৰম্ভতে আপোনাক শ্ৰদ্ধা জনাইছোঁ।  প্ৰথমে জানিব বিচাৰিম আপোনাৰ সোণোৱালী শৈশৱৰ বিষয়ে। শৈশৱ কালৰ এনে কোনো এনে স্মৃতি আছে নেকি, যাক আপুনি আজিও পাহৰা নাই?  জয়ন্ত মাধৱ বৰা – মোৰ শৈশৱ অতিবাহিত হৈছিল গাঁৱত৷ বৰ্তমান গোলাঘাট জিলাৰ এখন ভিতৰুৱা গাঁৱত৷ ‘‘কাকডোঙা’’ নামৰ নৈখন, গাঁৱৰ নামঘৰটো, এখন প্ৰাথমিক বিদ্যালয়, সৰু সৰু কেইখনমান বাঁহনি আৰু বিস্তীৰ্ণ ধাননি পথাৰ, এয়াই আছিল মোৰ

Read more

বলদেৱ মহন্তৰ উজুপাঠ-ববিতা শৰ্মা

‘অৰুণোদই’; প্ৰথম অসমীয়া আলোচনী তথা বাতৰি কাকত। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমৰ মাটিত ভৰি দিয়া আমেৰিকান ব্যপ্তিষ্ট মিছনেৰীসকলৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ ফলশ্ৰুতিত ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা ছপা হৈ ওলায় অসমীয়া সংবাদ-পত্ৰৰ বাটকটীয়া এই কাকতখন। অষ্টাদশ শতিকাৰ শেষছোৱা সময় অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দুৰ্যোগেৰে ভৰা সময়। আহোম ৰাজতন্ত্ৰৰ দুৰ্বলতা আৰু গৃহকন্দলে অসমৰ ৰাজনীতিলৈ অস্থিৰতা আনিলে। ১৭৬৯ চনৰ পৰা ১৭৯৪ চনলৈ চলা মোৱামৰীয়া বিদ্ৰোহ, ঊনবিংশ শতিকাৰ আগভাগতে দেখা দিয়া দন্দুৱাদ্ৰোহ আৰু ১৮১৬ চনৰ পৰা ১৮২৪ চনে উপৰিযুৰ্চ্যভাৱে তিনিবাৰকৈ মানৰ

Read more

এটা ঈগল আৰু এটা হেপাৰ কাহিনী-কুমকুম শৰ্মাবৰুৱা

এসময়ত এটা ঈগল আৰু এটা হেপা এজোপা ডাঙৰ ওক গছত ওচৰা-ওচৰিকৈ বাস কৰিছিল। ঈগলৰ বাহটো আছিল গছজোপাৰ একেবাৰে ওখ ডাল এটাত আৰু হেপাৰ গাঁতটো আছিল গছজোপাৰ শিপাৰ ওচৰত। সিহঁত দুটা বন্ধুও নাছিল, কিন্তু সিহঁতৰ মাজত একো কাঁজিয়া-পেচালো নাছিল। দুয়ো নিজৰ নিজৰ মতে চলি আছিল। এদিন ক’ৰবাৰ পৰা মেকুৰী এজনী আহি, গছজোপাত বগাই বগাই ঈগলৰ বাহটোৰ ওচৰ পালেগৈ। তাই ঈগলটোক ভাল লগা সুৰেৰে ক’বলৈ ধৰিলে,”বন্ধু, তুমি ইমান ওচৰতে থকা বিপদৰ কথাও একো গম পোৱা নাই। হেপাটোৱে গছজোপাৰ তলখন একেবাৰে খান্দি পেলালে।

Read more

‎সংখ্যাটোৰ আঁৰৰ কথা

জুন মাহৰ ১ তাৰিখ। শব্দচিত্ৰ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামী দাদাৰ পৰা Message এটা আহিছিল এনেদৰে – “ফোন এটা কৰিবাচোন, কিবা এটা জৰুৰী কথা আছিল”। Message টো পাই দাদাক ফোন কৰোঁতে তেওঁ ক’লে যে “তোমাক দায়িত্ব এটা দিম বুলি ভাবিছোঁ”। মোৰ মনত আলোচনীৰ সম্পাদনাৰ কথা বুলি ভাবৰ উদয় হৈছিল যদিও গোটৰ কিবা বেলেগ কথাও হ’ব পাৰে বুলি ভাবি অনুসন্ধিৎসু মনেৰে দাদাক কি দায়িত্ব বুলি সোধাত দাদাই এইবাৰ শব্দচিত্ৰ জীৱন জিজ্ঞাসা ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব দিছোঁ বুলি ক’লে। যিহেতু ইয়াৰ আগতে মোৰ

Read more
1 15 16 17 18 19 81