চতুৰ্থ উদ্যোগিক বিপ্লৱ: সম্ভাৱনা আৰু সমস্যা-ড০ বিমান কুমাৰ নাথ

কৃষিখণ্ডক প্ৰতিখন দেশৰ অৰ্থনীতিৰ আধাৰ বুলি গণ্য কৰা হয়। এই কৃষিৰ আলমতে পতুৰ্গীজ আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছে ভাৰতবৰ্ষত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ আৰম্ভণি কৰিছিল।ওঠৰ শতিকাৰ সময়ছোৱাত প্ৰথম উদ্যোগিক বিপ্লৱ আৰম্ভ হয়। সাধাৰণ ভাষাত ইতিমধ্যেই প্ৰকৃতিয়ে প্ৰদান কৰা বিভিন্ন সম্পদবোৰৰ প্ৰযুক্তিৰ মাধ্যমেৰে উৎপাদন কৰি সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰি উদ্যোগ খণ্ডৰ পিনে ধাৱমান হোৱা প্ৰক্ৰিয়াটোৱেই প্ৰথম উদ্যোগিক বিপ্লৱ।এই সময়ছোৱাত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ মাজত থকাৰ বাবেই উৎপাদন, বিতৰণ আৰু উপভোগৰ ক্ষেত্ৰত মানৱ সভ্যতাৰ যি উত্তৰণ হৈছিল তাৰ অংশীদাৰ হ’বলৈ ভাৰতবৰ্ষই নাপালে,যি সময়ত

Read more

লিমাৰিক-হৰিচন্দ্ৰ ডেকা

আত্মসহায়ক গোটৰ কথা    (১)   গোট বুলি ক’লে কিবা ভয় লাগি যায় কিহৰ বা গোট আহিল  এইটো পাই ধানৰো প্ৰকাৰ  বহু যেনে বাও শালি আহু গোটৰো তেনেকৈ সীমা সংখ্যা নাই৷   (২)   কিছুমান গোট আছে আত্মসহায়ক এইবোৰ পিচে সঁচাকৈ  বৰ লায়ক কুটিৰ শিল্পৰ দৰে সদস্যই কাম কৰে কাম বন কৰিয়ে হয় মহানায়ক৷   (৩)   বহুতে ভোটৰ সময়ত গোট খোলে তেতিয়াহে টকাৰ উজান আহে বোলে কোনেও নাপায় গম কষ্টও ইয়াতে কম দেখুৱাবলৈ কেতিয়াবা পইচা তোলে৷   (৪)  

Read more

সৰাপাতৰ উচুপনি-হৰিচন্দ্ৰ ডেকা

অনিতাৰো বিয়াখন ধুমধামেৰেই হৈ গ’ল, ঠিক যেনেকৈ পাঁচ বছৰ আগতে ডাঙৰজনী ছোৱালী নমিতাৰ বিয়াখন উলহ-মালহেৰে সম্পন্ন হৈছিল৷ এইবাৰ যেনিবা জোঁৱাইয়েও দায়িত্ব কান্ধ পাতি লোৱাত কষ্টৰ বোজা কিছু লাঘৱ হ’ল৷ আঠমঙলাৰ দিনা ভনীয়েকক বিদায় দি যেতিয়া নমিতাও কৰ্তব্যৰ খাতিৰত যাবলৈ ওলাল, দুয়োজনী আলাসৰ জীয়ৰীক বিয়া দি উলিয়াই দিয়া দুখটোৱে বৰাক এতিয়াহে যেন হেঁচা মাৰি ধৰিলে৷ সুদীৰ্ঘ বৈবাহিক জীৱনত কোনোদিনে চকুপানী উলিয়াই দেখুৱাব নোখোজা মানুহজনৰ সেমেকা চকুহালে পত্নী আৰোহীৰো মন বাৰিষাৰ মেঘে ঢাকি ৰখা আকাশখনৰ দৰে হ’ল৷ অনবৰতে মাক-দেউতাকৰ মৰম বিচাৰি হুলস্থূল

Read more

এজন অপ্ৰেমিকৰ সমীপেষু ,মূল: তছলিমা নাচৰিন,ভাবানুবাদ-মিনাৰা হুছেইন

এই চহৰতেই তুমি বাস কৰিবা, কাম-কাজত দৌৰিবা ইফালে সিফালে, ক’ৰবাত আড্ডাত বহিবা, মদ খাবা, তুমুল হৈ চৈ কৰিবা, ৰাতিটো শুই যাব, তুমি শুব নোৱাৰিবা। সুবিধা বুজি হয়তো কেতিয়াবা সন্ধিয়াত আনৰ ঘৰলৈ খাবলৈ যাবা, খেলিব যাবা, কোনে জানে হয়তো লাহেকৈ খুলিবা কোনো নাৰীৰ শাৰী.. এই চুবুৰীতে হয়তো দুইবেলা ঘূৰিবা, হয়তো কেতিয়াবা মোক জনাবা যে ওচৰতে আছা, কান্দি থাকিম, অস্থিৰ হৈ পৰিম, তোমাক নেদেখাৰ যন্ত্ৰণাত, তথাপিও নকওঁ আহা, এবাৰ আহা। কেতিয়াও নকওঁ, তোমাকো সুযোগ নিদিওঁ ক’বলৈ যে তোমাৰ সময় নাই, বা তুমি

Read more

শ্ৰীমন্ত শঙ্কৰদেৱ-কুমকুম শৰ্মাবৰুৱা

অসমৰ আকাশত কাল অমানিশা                  চৌদিশে ঘোৰ অন্ধকাৰ,  তিমিৰ নাশি আলোক প্ৰকাশি উদিত                   এক উজ্বল জ্যোতিষ্কৰ।  ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত                      উপজিল শ্ৰীমন্ত শঙ্কৰ,  আইতা খেৰসুঁতী মাতৃ সত্যসন্ধ্যা                       ধন্য হ’ল পিতৃ কুসুম্বৰ।  নিচেই সৰুতেই শ্ৰীমন্ত শঙ্কৰদেৱ                           পিতৃ-মাতৃহাৰা হ’ল,  বুঢ়ীমাক খেৰসুঁতী ধাইমাক চন্দৰী                    শঙ্কৰৰ অভিভাৱক হ’ল।  আইতাই নাম লিখাই গুৰুগৃহত                     মহেন্দ্ৰ কন্দলি হ’ল গুৰু,  ‘ক’ ফলা শিকি ৰচে ‘কৰতল কমল’                     কৃষ্ণৰ বন্দনা কল্পতৰু। এক দেৱ এক সেৱ কৃষ্ণ বিনে নাই কেৱ                             দেৱগুৰুৰ ধৰ্মকথা,  নামঘৰ, বৰগীত, কীৰ্তন, ভাগৱত             ভাওনা, অংকীয়া, চিহ্নযাত্ৰা।  ধৰ্মৰ প্ৰচাৰ আৰু

Read more

পৰিচয়-মানসী শৰ্মা

“মা…., । মোৰ লিপষ্টিক আৰু কাজলডাল বিচাৰি পোৱা নাই, কোনে নিলে?”  ন-ছোৱালীতে তাইৰো এই দুটা বস্তু প্ৰায়েই হেৰাইছিল বৰজনাকৰ ল’ৰাজন আহিলে। বুকুখন চিৰিংকৈ গ’লেও তাই মন ডাঠ কৰিলে। দহজনে সমালোচনা কৰিলেও  নতুন পৰিচয় গঢ়াত  তাক সাহস দিবলৈ তাই থিৰাং কৰিলে। *******

Read more

কুম্ভকৰ্ণৰ নাতি-পুতি-ড° মৃদুস্মিতা ফুকন

বুলবুলৰ স্কুলৰ এতিয়া গৰমৰ বন্ধ। ল’ৰাটো এখন্তেকো ঘৰত শান্তিৰে নাথাকে। ক’ত যে পিটপিটাই ফুৰে! তাকে দেখি দেউতাকে তাক বাৰে বাৰে দঢ়াই থাকে….. “দুপৰীয়াখন ৰ’দত বৰকৈ ঘূৰি নুফুৰিবি অ’। এই গৰমত ক’ৰবাত সাপ-সূপ ওলাব।” এবাৰত বুলবুলে দেউতাকক সুধিলে….. “কিয় দেউতা, গৰমতহে সাপ ওলায় নেকি? ঠাণ্ডা দিনত নোলায় জানো?” “ওহোঁ। সাপৰ নিচিনা কিছুমান প্ৰাণী আছে, যিবিলাক জাৰকালিৰ ছমাহ শুই থাকে।ধৰ,ইহঁত যেনিবা ৰামায়ণৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণৰ নাতি-পুতিহে।কুম্ভকৰ্ণই যেনেকৈ ছমাহ শুই আছিল; ভালুক, সাপ, গুঁই, কোকলোঙা, বাদুলি, কুমজেলেকুৱা, দুৰাকাছ আদি কিছুমান প্ৰাণী বছৰটোৰ প্ৰায়

Read more

মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ-ববিতা শৰ্মা

আধুনিক অসমীয়া শিশু সাহিত্যৰ ধাৰাটো সবল কৰি তুলিবলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পাছত যি কেইগৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল তাৰ ভিতৰত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত অন্যতম। ঊনৈশ শতিকাৰ শেষ ভাগৰপৰা কুৰি শতিকাৰ আৰম্ভণিলৈ জোনাকী, বিজুলী, বাঁহী, চেতনা আদি কাকত-আলোচনীয়ে গঢ়ি তোলা বৌদ্ধিক পৰিৱেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ মহন্তদেৱে এক বুজন সংখ্যক গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি গ’ল।অসম সাহিত্য সভাৰ উদ্বোধনী গীতৰূপে পৰিৱেশিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটিৰে হাজাৰ-বিজাৰজনৰ মনত ভাষা-জননীৰ প্ৰতি অনুৰাগ জগাই তুলিবলৈ সক্ষম হোৱা মিত্ৰদেৱ মহন্ত একাধাৰে এজন সফল নাট্যকাৰ,

Read more

পুৰুষৰ কান্দোন-হৰগোবিন্দ দাস

পুৰুষে এনেদৰে ইনাই-বিনাই কন্দা দৃশ্য মিনাক্ষীয়ে জীৱনত কেতিয়াও দেখা নাছিল।তাইৰ তেওঁৰ প্ৰতি দয়া উপজিল।মানুহজনৰ গায়ে মূৰে হাত ফুৰাই শান্ত্বনা দি ভিতৰলৈ আনিম বুলি এটি খোজ আগবঢ়াই তাই থিতাতে থমকিল।পৰপুৰুষৰ প্ৰতি এনে অনুকম্পা  তাইৰ স্বামীয়ে বা কেনে ভাবে লয়!তাই মহা সমস্যাত পৰিল। মানুহজনৰ ছবছৰীয়া ছোৱালীজনী আৰু আঠ বছৰীয়া ল’ৰাটো এতিয়াও স্কুলৰপৰা পোৱাহি নাই। সিহঁত আহি পোৱাৰ পিছত বা আকৌ কেনে পৰিস্থিতি হয়!কথাখিনি ভাবি মিনাক্ষীৰ হৃদয়ত কঁপনি উঠিল ৷ সেই মুহূৰ্তত চোতালত কিছু মানুহ গোটখাইছিলহি   যদিও তাই কাকো মাত-বোল নকৰি নিজৰ

Read more

অসমীয়া লোক সাহিত্যত ফকৰা-যোজনা (নামনি অসমৰ)- ইলি তালুকদাৰ

মনৰ ভাব প্ৰকাশ কৰিবলৈ আমি ভাষা ব্যৱহাৰ কৰোঁ।এই ভাষাৰো আকৌ দুটা ৰূপ থাকে।এটা কথিত ভাষা আৰু আনটো লিখিত ভাষা।অঞ্চল ভেদে কথিত ভাষাৰ ৰূপ বেলেগ যদিও এইবোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাই।কিন্তু আজি এই কথিত ভাষাৰ যেন বিলুপ্তি ঘটিবলৈ লৈছে।তাৰ কাৰণ খুচৰিবলৈ নাযাওঁ।কথিত ভাষা শ শ বছৰীয়া পুৰণি ভাষা।নামনি অসমত এতিয়াও কথিত ভাষাৰ ব্যৱহাৰ হয়।এই ভাষা এসময়ত জতুৱা ঠাঁচ,ফকৰা-যোজনা,পটন্তৰ,সাধুকথাৰ মেটমৰা সম্ভাৰ আছিল।কিন্তু দুৰ্ভাগ্যক্ৰমে এইবোৰ ব্যৱহাৰ নকৰাৰ ফলত ই বৰ্তমান মৃতপ্ৰায় অৱস্থাত।অসমীয়া লোকসাহিত্যক সুৱলা কৰা মিঠা মিঠা শব্দেৰে গঠিত ফকৰা-যোজনাবোৰ আমি সংৰক্ষণ

Read more
1 13 14 15 16 17 74