পশু-পখীক লৈ চলি অহা কিছুমান লোকবিশ্বাস এতিয়া বিলুপ্তিৰ পথত -গীতামণী দত্ত

এই সুন্দৰ পৃথিৱীখনত জীৱকুলৰ ভিতৰত মানুহেই সকলোতকৈ শ্ৰেষ্ঠ কাৰণ মানুহে আন প্ৰাণীতকৈ সকলো কথা বুজি পায় আৰু ভাল বেয়া বিবেচনা কৰিব পৰা ক্ষমতাও আছে। কেতিয়াবা আকৌ এই অজান বুলি ভবা পশু – পখীবোৰে আমাক কিছুমান আগতীয়াকৈ মঙ্গল বা বিপদৰ আগজাননী দিয়ে আৰু সেই ইংগিতবোৰ সঁচা বুলি প্ৰমাণিত হোৱাও দেখা যায়। আমি সৰু হৈ থাকোতে কেতিয়াবা কাউৰীয়ে ঘৰৰ চালত পৰি বা বাৰীৰ গছৰ ডালত পৰি কলকলাই থাকিলে আমি কওঁ…… “আজি আমাৰ ঘৰলৈ আলহী আহিব!”  সঁচাই দূৰৰে হওক বা ওচৰ চুবৰীয়াই হওক

Read more

নৱৰাত্ৰি আৰু মা দুৰ্গাৰ নৱৰূপ-বৰষা ডেকা

দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ।শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামেৰে জনা যায়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে।সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু

Read more

ৰং নাম্বাৰ- চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মহাশ্বেতা দেৱীৰ মূল বেঙ্গলী ভাষাৰ গল্প “রং নাম্বাৰ”ৰ অসমীয়া ভাষালৈ ভাবানুবাদ) ৰাতি এক বাজিছে। তীৰ্থবাবাবুৰ টোপনি ভাগি গ’ল। টেলিফোনটো বাজি আছে।মাজনিশা টেলিফোন বাজিলে ইমান ভয় কিয় লাগেনো? “হেল্ল’, শুনকচোন…..হস্পিতালৰপৰা কৈছো…আপোনাৰ ৰোগী এইমাত্ৰ মৰিল; হেল্ল’ ।” “মোৰ ৰোগী? হস্পিতালত মোৰ কোনো ৰোগী নাই।” “আপোনাৰ নম্বৰ?”  “ৰং নম্বৰ! ফোন থওক।”  “ৰং নাম্বাৰত ফোন কৰিছে কিয়?”  তীৰ্থবাবাবুৱে ফোনটো নমাই থয়।তেওঁ ভয় খায়….. ভীষণভাবে ভয় খায়।  “হঠাতে ফোনটো বাজি উঠে কেলেই? কিয় ইমান ৰং নাম্বাৰ হয়?”, সবিতাই সোধে তেওঁক।  আজি বহুত

Read more

ডুবিবলৈ ধৰা বেলি-গীতামণি দত্ত

:বাইদেউ আমাৰ আবাক দেখিছিলে নেকি? প্ৰাত:ভ্ৰমণ কৰিবলৈ অহা উৰ্মিলা বাইদেউক ৰুবীয়ে  বাটতে পাই সুধিলে। : এই ছোৱালী জনীয়ে কাক বিচাৰিছে ! উৰ্মিলাৰ গিৰীয়েক অৰ্ণৱে উৰ্মিলাক সুধিলে। :ৰুবী আমাৰ স্কুলৰ এজনী মেধাৱী ছাত্ৰী আছিল। আমাৰ স্কুলৰ সহকাৰী শিক্ষক নিজামুদ্দিন আহমেদ ছাৰৰ ছোৱালী।তেখেতে অৱসৰ লোৱা কেইবা বছৰো হ’ল। মই তেতিয়া স্কুলখনত সোমাইছোঁহে।একেবাৰে নতুন।সেই কেইদিনতে পোৱা ছাৰৰ  সান্নিধ্য আজিও মনত আছে।ছাৰ বৰ পৰিপাটি আৰু নিয়মানুবৰ্তিতা মানি চলা লোক আছিল। ৰুবী ,আহমেদ ছাৰৰ একমাত্ৰ ছোৱালী।ৰুবী বৰ্তমান জাৰ্মানীৰ বিশ্ববিদ্যালয় এখনত অধ্যাপিকা হিচাপে কৰ্মৰত। আহমেদ ছাৰৰ

Read more

শিক্ষা আৰু সেৱক-মাৰ্কণ্ড কিশোৰ কৌশিক

আজি শুক্ৰবাৰ। বতৰটো বৰ এটা ভাল নহয়। শোৱাপাটিতেই পৰি থাকি ঘড়ীটোলৈ চালোঁ,পুৱা ৬ বাজি ১২ মিনিট।চকুহাল মোহাৰি উঠো নুঠোকৈ বিচনাৰপৰা নামি চেণ্ডেলযোৰত ভৰিহাল কোনোমতেহে সুমুৱালোঁ। অ’ ভাইটিৰ স্কুল আছে নহয়, খৰখেদাকৈ তাৰ কোঠা  পালোঁগৈ, সি বা উঠিলনে নাই। সি বেচেৰাই সোনকালেই উঠি গা-পা ধুই কাপোৰ পিন্ধি আগফালে বহি আছে, বৰষুণলৈ চাই। সি চাইকেলখন লৈহে স্কুললৈ যায়, পিছে বৰষুণজাক নেৰিলেনো কেনেকৈ যাব।  মোক ওলাই অহা দেখি সি ক’লে, “চাহ অকণ বনাইছিলোঁ দাদা, ঠাণ্ডাই হ’ল চাগৈ, যোৱাৰ আগত গৰম কৰি খাই যাবি।”  

Read more

বিশ্বৰ ধৰ্মীয় উদাৰতাৰ উৎকৃষ্ট  উদাহৰণ অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱ আৰু পোৱা মক্কা-বিজয়া শৰ্মা

ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট উদাহৰণ হৈছে অসমৰ  হাজো।হাজো  সম্বন্ধে অনন্ত কন্দলীয়ে ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণনা কৰিছে……..      ‘ হাজো হেন নাম     পবিত্র উত্তম            স্থান কামৰূপৰ মাঝে।       মণিকূট গিৰি         শিখৰত আছা             হয়গ্রীৱ দেৱৰাজে।        কাষতে লৌহিত্য            বহন্ত পবিত্র             কুণ্ড আছে সেহি স্থানে।         অপূৰ্ণ ভৱ                নাহি পুনৰ্বাৰ             যাহাতে কৰিলে স্নান।। হাজো তীৰ্থ ভূমিয়েই  বৈষ্ণৱ কবি অনন্ত কন্দলীৰ জন্মস্থান বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে।ঐক্য, সম্প্রীতি আৰু বিভিন্ন ভাষা-ভাষী আৰু জাতি জনগোষ্ঠীৰ মিলন ভূমি আমাৰ অসম।অসমৰ ইতিহাসেই হৈছে শান্তি, সম্প্ৰীতি,ভাতৃত্ববোধ আৰু সমন্বয়ৰ ইতিহাস যেতিয়া ভাৰতৰ বিভিন্ন

Read more

শিশু মনৰ আমাৰ জুবিনদা -অনামিকা(সংগীতা)কলিতা

এটা যুগৰ অৱসান ঘটিল এনে অনুভৱ প্ৰতিটো দিনৰ দিনলিপি  সময়ৰ গতিশীল জীৱনৰ পৰিচয় ঠিকনাবিহীন হৈ গুচি গ’ল আমাৰ সকলোৰে মৰমৰ জুবিন দা ধৰ্মৰ প্ৰচীৰ ভাঙি একতাৰ দোলেৰে গাঁঠিছে শিশুৰ দৰে পবিত্ৰ মন নাই কোনো কলুষতা বিচাৰি  যায় মানুহৰ মৰম। আজি তেওঁ আমাৰ মাজৰপৰা হেৰাই গ’ল কিন্তু যুগে যুগে অনুৰাগীৰ হৃদয়ত উজ্জ্বলি থাকিব আকৌ নতুন দিগন্ত হৈ আহিব জগতক পোহৰ বিলাবলৈ………….. *******

Read more

‘মায়াবিনী’ গীতৰ কথা: এক অৱলোকন-চৈয়দ মুকিবুৰ ৰহমান

“মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি  ধৰা দিলা গোপনে আহি  হিয়াৰ কোণত…” এয়া এই কেইদিন (১৯ চেপ্তেম্বৰ, ২০২৫ ৰ পৰা) অসম তথা ভাৰতবৰ্ষ আনকি বিশ্বৰ বিভিন্ন কোণত বাজি থকা এটি বিশেষ গীত। লাখ-লাখ জুবিন অনুৰাগীয়ে WhatsApp, Facebook ইত্যাদি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটি বিশেষ গীত ‘মায়াবিনী ৰাতি’ৰ জৰিয়তে। জুবিন গাৰ্গৰ হাজাৰ হাজাৰ সুন্দৰ গীতৰ মাজৰপৰা এটি বিশেষ গীত ‘মায়াবিনী’ক স্থান দিয়া হৈছে প্ৰাৰ্থনা সভাবোৰত আনকি সিদিনা সোণাপুৰত বিদায় বেলাতো সকলোৱে সমস্বৰে একেলগে উচ্চাৰণ কৰিলে

Read more

তাই আমাৰ ছোৱালী-নন্দিতা ভাণ্ডাৰ কায়স্থ  

বিয়াৰ চিঠি কেইখন ছপাই আনি লক্ষ্য বৰুৱাই সহধৰ্মিনী শান্তিক দেখুৱালে। বৰুৱানীৰ মনঃপুত হোৱা চিঠিবোৰৰ মাজৰপৰাই এখন উলিয়াই নি পাকঘৰত চাহ বাকি থকা তগৰকো দেখুৱালে। চাওঁ নাচাওঁকৈ ‌ তগৰে লাজ লাজকৈ চিঠি খনৰ ওপৰত এনেয়ে চকু ফুৰালে। তাকে দেখি বৰুৱানীয়ে ক’লে……  “ইচ্ লাজটো চা তাইৰ। কাইলৈ বোৱাৰী হৈ ঘৰ ধৰিব লাগিব,এতিয়া চিঠি খনলৈকে মূৰ তুলি চাব নোৱাৰা হ’লি।” চাহ খাই বৰুৱা দম্পত্তিয়ে পুনৰ চিঠিবোৰ গণি চালে। ঠিকেই আছে। হিচাপ মতেই দুশখন  কাৰ্ড আৰু খাম  বেলেগ পেকেট  কৰি ভৰাই দিছে প্ৰেছৰ ল’ৰা

Read more

এদিন ওলাবা সখী-বিনীতা উপাধ্যায়

সকলো মান অভিমান কাতি কৰি থৈ  এদিন ওলাবা সখী  লগ হ’ম  সেই ছোৱালী স্কুলৰ  সন্মুখৰ ঘাঁহনিত।  বহিম সকলোৱে মিলি  কথা পাতিম  মনৰ কথা,সুখ-দুখ  আৰু বেদনাৰ কথা  লিখিম কবিতা  হাঁহিৰ কবিতা  দুখৰ কবিতা  প্ৰেমৰ কবিতা—–। একেলগে  বজ্ৰকণ্ঠে নিনাদিত হ’ব  আকাশ বতাহ  কঁপাই তুলিব  আমাৰ প্ৰতিবাদী উদাত্ত কণ্ঠ —– সমাজত চলি থকা অপকৰ্মৰ বিৰুদ্ধে  শোষণৰ বিৰুদ্ধে ! পবিত্ৰ আত্মাৰ শান্তিৰ কামনা কৰিম ধূপ চাকি জ্বলাই  আৰু কৰিম হাতত অগ্নিশিখা লৈ  শান্তি সমদলেৰে  নীৰৱ প্ৰতিবাদ  সমাজৰ কুৰীতিৰ বিৰোধিতা কৰি —–। তুমি জানানে সখী 

Read more
1 13 14 15 16 17 81