ট্রেফেলগাৰ স্কোয়াৰ-ঋত্বিক পৰাশৰ 

ট্ৰেফেলগাৰ স্কোয়াৰ হৈছে ইংলেণ্ডৰ মধ্য লণ্ডনত অৱস্থিত এটি ৰাজহুৱা চৌহদ আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুস্বৰূপ। এই ঠাইখনৰ পূৰ্বৰ নাম আছিল চাৰিংক্ৰছ। ইয়াৰ মাজত আছে নেলচনৰ স্তম্ভ, যাৰ দুয়োফালে চাৰিটা সিংহৰ ভাস্কৰ্য্যৰ লগতে ইয়াত যথেষ্ট সংখ্যক প্ৰতিমূৰ্ত্তি আৰু ভাস্কৰ্য্য আছে। নৱবৰ্ষৰ প্ৰাকক্ষণত জনসাধাৰণৰ সমাৱেশৰ অন্যতম বিশিষ্ট অনুষ্ঠানসমূহৰ ভিতৰত ৰাজনৈতিক সভা, প্ৰতিবাদ, সামাজিক সমাৱেশ আদি অন্যতম। এসময়ত ই পাৰ চৰাইৰ বাবে বিখ্যাত আছিল আৰু ইহঁতক খুৱাই দিয়াটো আছিল পৰ্যটকৰ এক প্ৰধান আকৰ্ষণ স্বৰূপ। ঐতিহাসিক ট্রেফেলগাৰ যুদ্ধৰ স্মৃতিক সুঁৱৰি এই প্ৰসিদ্ধ ৰাজহুৱা চতুষ্কোণ ক্ষেত্ৰৰ

Read more

বংশাৱলী-গীতামণি দত্ত

বৰুৱাৰ বাপেকে মৃত্যুৰ আগে আগে দি যোৱা অৰ্থাৎ মৃত্যুৰ ঠিক দুমাহ মানৰ আগতে তেওঁক নিজ হাতে লিখা বংশাৱলীখন হাতত দি কৈছিল “এইখন সযতনে থ’বি, কেতিয়াবা এইখন পঢ়িবি! পঢ়িলে নিজৰ বংশৰ উপৰি পুৰুষসকল নো কোন আছিল, তাক জানিব পাৰিবি!” বাপেকৰ কথা মানি তেওঁ বংশাৱলীখন সযতনে ৰাখিলে ঠিকেই কিন্তু সেইখন উলিয়াই কোনো দিনেই তেওঁৰ পঢ়ি চাবলৈ সময় নহ’ল। তেওঁৰ সেইখনৰ কথা হয়তো মনতেই নপৰিলেহেঁতেন! আজি গাৱঁৰ ঘৰৰপৰা ফোন এটা আহিলত তেওঁৰ বংশাৱলীখনলৈ মনত পৰিল।ডাঙৰ ককায়েকৰ ভতিজা ছোৱালীজনীৰ বিয়া। সেইবাবে আজু আইতাক-ককাকৰ নাম

Read more

প্ৰজাপতি,মূল গল্পঃ বনফুল,অনুবাদ -অঞ্জু মহন্ত

নীলা শ্বেড দিয়া ইলেকট্ৰিক বাল্বটোৰ ওপৰত কেইদিনমানৰ পৰা পখিলা এজনী আহি বহে। যিমান সময় মই টেবুলত বহি লেখা-পঢ়া কৰোঁ পখিলাজনীয়ে শ্বেডটোৰ ওপৰত শান্তভাৱে বহি থাকে। আশাৰ মৃত্যুৰ কিছুদিন পাছৰপৰাই পখিলাজনী মোৰ সন্ধিয়াৰ সঙ্গী হৈছে। বন্ধু সোমেশ্বৰ আহি কোঠাত প্ৰৱেশ কৰিছে। আজিকালি প্ৰায়ে আহে। তাক দেখিলে মোৰ ভয় লগা হৈছে। তাৰ ভনীয়েক বেলাৰ প্ৰতি আজিকালি মোৰ দুৰ্বলতা যে অনুভৱ হৈছে সেয়া সি ধৰিব পাৰিছে। নিৰুপায়ত পৰিছোঁ। সোমেশ্বৰে  আহিয়েই কথা আৰম্ভ কৰি দিলে…. “বেলা সম্বন্ধে কি ঠিক কৰিলা?” মনে মনে ৰ’লোঁ।  “যিয়েই

Read more

‎বিচিত্র-কপিল দেৱ গোস্বামী

চিত্ৰ – ১   দুপৰ নিশা ৰিণি ৰিণি শুনিছোঁ ‎এটি কাতৰ চিঞৰ।  ‎কাণপাতি শুনিলোঁ, ‎সেয়া যেন কান্দোন অসহায় যুৱতীৰ ‎কোনো অমানুহৰ কুটিল স্পৰ্শই গিলিছে ‎তাইৰ শৰীৰ।    ‎ চিত্ৰ – ২   দুখন শীৰ্ণকায় হাতৰ জনসমুদ্রত বিচৰণ  ‎নুমুৱাবলৈ ভোকৰ জুঁই ‎হঠাৎ যেন এটি হাঁহি বাগৰি পৰিল ‎কদৰ্যময় আৱৰ্জনাত যেন পালে,  ‎এটুকুৰা ৰুটিৰ সন্ধান।   ‎চিত্ৰ – ৩   হঠাৎ চাইৰেন বাজি উঠিল ‎ৰাষ্টাৰ যানজঁটবোৰ নিমিষতে নাইকিয়া হ’ল  ‎পাৰ হ’ল বেগেৰে এজাক বতাহ,  ‎শুকুলা বৰণৰ গাড়ীৰ সমদল।  ‎মন্ত্ৰীয়ে বোলে, ৰজা এইদৰেই

Read more

দেৱতা-অংশুমান ভূঞা

—  “ছাৰ, আপোনাৰ ইউৰোপ ভ্ৰমণ পাক্কা। কেৱল কলমটো . . .।” — “ঠিক আছে। ইউৰোপ নালাগে, চেম্বাৰৰ বাহিৰত বহি থকা ৰোগী ৩ গৰাকীৰ চেন্নাইলৈ যোৱাৰ সুবিধা কৰি দিয়া।” চকু দুটা ঘোপা কৰি মেডিকেল ৰিপ্ৰেজেণ্টেটিভজন চেম্বাৰৰপৰা ওলাই গ’ল। *******

Read more

মই হেনো বিধৱা-ইলি তালুকদাৰ

“মৃত্যুও এক শিল্প  জীৱনৰ কঠিন শিলত কটা  এক নিৰ্লোভ ভাস্কৰ্য…..” জন্ম যিদৰে সঁচা মৃত্যুও ঠিক তেনেদৰে সঁচা। সেইবাবেই উপলব্ধি হয় আমাৰ জীৱনৰ হাঁহি আৰু চকুলোৰ যেন কোনো দাম নাই। মোৰ গৃহস্থৰ কথা কৈছোঁ। আজি তেওঁ আৰু হুলস্থূল নকৰে। এইটো কাম কৰিবলৈ আছে, সেইটো কাম কৰিবলৈ আছে বুলি চিঞৰ-বাখৰ কৰি কোনোজনকে আৰু কোনোদিনেই আমনি নকৰে। প্ৰাইভেট নাৰ্চিংহ’মৰ এটি কোঠাত শুই আছে প্ৰশান্তিৰে। আজি তেওঁৰ কাৰো ওচৰত আক্ষেপ নাই। এযোৰ উজ্জ্বল চকু, গাখীৰত সেন্দূৰ মিহলোৱা যেন শৰীৰৰ ৰং, সকলোৰে বাবে এটা চিনাকি

Read more

অব্যক্ত যন্ত্ৰণা,মূল : গী দ্য মোপাছাঁ,ভাৱানুবাদ-ড° মৃদুস্মিতা ফুকন

ফুলৰ বতৰ। ফুলনিখনত বসন্তৰ পৰশ সুষ্পষ্ট। মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে খোজকাঢ়ি আছে। দুয়োজন ল’ৰালিৰে বন্ধু। এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ সভ্য। এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল।  দুয়োৰে মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট বস্তুনিষ্ঠ আলোচনা। কিন্তু অলপ সময়ৰ পাছতে বিষয়টো একান্ত ব্যক্তিগত হৈ উঠিল। যুক্তি-তৰ্কতকৈ সেইটোৱেই বেছি আকৰ্ষণীয় যেন লাগিল। কথাই কথাই দুয়ো এৰি অহা সোণালী দিনবোৰ সুঁৱৰিবলৈ ধৰিলে। বসন্তৰ  মধুৰ বতাহজাকত দুই আত্মবিভোৰ প্ৰাণী ফুৰি থাকিল।  দেৱালবোৰো

Read more

তুমিয়েই সকলো, তোমাৰেই অপাৰ শক্তি!-ৰিমঝিম বৰঠাকুৰ

– কোন দিগে যাবি ৰে আইজনী?  – উইদিগে যাব ৰে আমি।।  কথাকেইটা কৈ দুয়ো ঢেকঢেকাই হাঁহি উঠিল। – কি যে হব ৰে তৰ। ইমান দিনে আমাৰ চাথে থাকি ভী আমাৰ ভাচাটো ছিকিব নোৱাৰিলি।  সদায় কোৱাৰ দৰে আজিও জিতেন কায়ে পৰীক কথাটো ক’লে।  – সেইবোৰ বাদ দিয়ক আপোনাৰ মুখেৰে বেয়া বেয়া হাৱা আহিছে যে কিয়? পৰীয়েও সদায় সোধা কথাটোকে তেওঁক সুধিলে। – কি ক’বি ৰে দুখতে অকণমান খাই দিওঁ আৰু। গোন্ধটো একদম আমাৰ মুখতে বহি যায়। পৰী ঘৰলৈ আহিলে এবাৰ সিহঁতৰ

Read more

‎বৰষুণ : এটি প্রেমৰ পদ্য-নিকুঞ্জ শৰ্মা

‎বৰষুণ নামি আহিল, ‎যেন তোমাৰ নামটোহে মিঠা সুৰত বাজি উঠিল, ‎পানীৰ বিন্দুবোৰে মোক সুধিলে— ‎”তোমাৰ এতিয়াও মনত আছে নে তাইক?” ‎ ‎আকাশৰ ঢৌবোৰ যে আজি কোমল, ‎সিহঁতে হয়তো জানে ‎যি অনুভৱ মই বুজাব নোৱাৰোঁ— ‎তুমি থাকিলেও যেন কিবা এটা অপূর্ণ। ‎ ‎নিঃশব্দ ধেমালিত তোমাৰ ওঁঠৰ হাঁহি, ‎চকুৰ কোণত সপোনবোৰ ওলমি থাকে, ‎তুমি যে মোৰ অন্তৰৰ সেউজ পথাৰ, ‎য’ত প্ৰেম ফুলে অহৰহ, অবিৰত! ‎ ‎তুমি এতিয়াও আহা যেন বতাহৰ চুমাত, ‎এজনী মায়াবিনী হৈ যেন ‎গোপনে মোৰ চুলি স্পৰ্শ কৰা, ‎তোমাৰ সোঁৱৰণি

Read more

বাৰাণ্ডা-নন্দিতা ভাণ্ডাৰ কায়স্থ 

দীঘলে প্ৰায় বিশ ফুট আৰু বহলে আঠ ফুটৰ এখন ডাঙৰ বাৰাণ্ডা। মোজাইক কৰা আহল-বহল বাৰাণ্ডাখন জ্যোতি আৰু ৰেখাৰ গোটেই ঘৰটোৰ ভিতৰতে এখন প্ৰিয় ঠাই বুলি ক’লেও ভুল কোৱা নহ’ব। কি কি নকৰে দুয়ো বাৰাণ্ডাখনত। শাক-পাচলি কুটা, কাপোৰত ফুল তোলা, আলোচনীৰ পৃষ্ঠাত ডুবি থকা মুঠতে দিনটোৰ চৌবিশ ঘন্টাৰ পাঁচ-ছয় ঘণ্টা দুয়ো বাৰাণ্ডাখনতে সময় অতিবাহিত কৰে।  জ্যোতিৰ হাতৰ পৰশত যেনেদৰে ছিজন ফুলবোৰে জকমকাই ফুলি উঠে, তেনেদৰে ৰেখাৰ কৰ্মঠ হাতৰ আদৰত বাৰাণ্ডাৰ মজিয়া জিলিকি উঠে। জহকালি দুয়ো বিচনী লৈ বাৰাণ্ডাতে মনৰ কথা পাতে।

Read more
1 17 18 19 20 21 81