উপহাৰ-শুভ বৰা শইকীয়া

“মা, তুমিনো আজি ৰাতিপুৱাৰ পৰা ইমান মন মাৰি কি চিন্তা কৰি আছা? তুমি এনেদৰে মন মাৰি থকা দেখিলে মই অলপো সহ্য কৰিব নোৱাৰোঁ। তোমাৰ গা বেয়া নেকি মা? নে মোক কিবা কথাত বেয়া পাইছা? তোমাৰ কি হৈছেনো কোৱাচোন মা।” “মোৰ একো হোৱা নাই বাবা। তোমাকনো মই কি কথাত বেয়া পাম বাৰু? মোৰ গা বেয়া লগা নাই। মনটোহে বেয়া লাগিছে। আজি দিনটোতে তোমাৰ দেউতাৰা আমাৰ মাজৰ পৰা কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গৈছিল। অতীতৰ সেই দুখৰ দিনটোৰ কথা আজি বৰকৈ মনত

Read more

 যাত্ৰা-চিৰঞ্জীত বড়া

“We are in the same boat brother We are in the same boat brother, If you tip one end you gonna To rock the other,  We are  in the same boat brother.” আমেৰিকাৰ কৃষ্ণাংগ শিল্পী পল ৰবচনৰ বিখ্যাত গীতটিৰ সান্নিধ্যতে আমাৰ ভূপেন হাজৰিকাদেৱে গাইছে “আমি একেখন নাৱৰে যাত্ৰী” গীতটো। গীতটো মোৰ বৰ প্ৰিয়। সেয়ে কেতিয়াবা অকলে থাকিলে এই গীতটিকে গুণগুণাই থাকোঁ। মই বৰ্তমান স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো দিলোঁ। পৰীক্ষাবোৰ ভালেই গৈছে। জুলাই মাহৰ আৰম্ভণিতে গৰম অলপ বেছিয়েই। সেয়েহে কেইদিনমানৰ বাবে ঘৰলৈ

Read more

লখিমী-পূৰ্ণিমা শইকীয়া গগৈ

: হেৰা শুনিছা, এইবাৰ কলীয়ে মোৰ আশা পূৰণ কৰিব। এইবাৰ তাইৰ লক্ষণ অলপ বেলেগ দেখিছোঁ। কলীলৈ মানুহজনৰ বৰ মৰম। তাতে বুঢ়ী হৈয়ো আহিছে। বছৰি একোটাকৈ মুঠতে চৈধ্যটা পোৱালি দিলে তাই। কিন্তু প্ৰতিবাৰেই দমৰা পোৱালি হে জন্মে। যোৱা বছৰ কলীয়ে পোৱালি নিদিলে। দাইটিয়ে দুখেৰে বোলে ”সঁচটোহে  নাথাকিল’’।  বৰ ঠাণ্ডা প্ৰকৃতিৰ কলী। এইখন ঘৰতে তাইৰ জন্ম। কিন্তু যোৱা চৈধ্য বছৰে তাই সঁচ এটা দিব নোৱাৰিলে। দমৰা পোৱালি পুহি ৰাখি লাভ নাই। সেইবাবে কোনোবাই পুহি হাল বাম বুলি ক’লে দাইটিয়ে কম মূল্যত পোৱালি

Read more

বৃত্ত-নীলাক্ষী ভট্টাচাৰ্য্য

ফাগুণ মাহ, ইফালে বৰষুণ নাই বাবে চাৰিওফালে ধূলি। গছবোৰো লঠঙা হ’ল। সঁ‌চাকৈ বৰষুণ এজাকৰ বৰ প্ৰয়োজন হৈছে।  বাহিৰৰ হেলনীয়া চকীখনত বহি তৰালী অধিকাৰীয়ে সন্মুখৰ পদূলিটোলৈ লক্ষ্য কৰি আছে। আবেলি সময়ত তৰালী অধিকাৰী এনেকৈ বহি থকাটো দৈনন্দিন কৰ্মৰাজিৰ ভিতৰতে পৰে বুলি ক’ব পাৰি। ভিতৰত ভৱদেৱ অধিকাৰী শুই আছে নিজৰ কোঠাত। গা ভাল নহয় তেখেতৰ। গা ভাল নহয় বুলিও ক’ব নোৱাৰি যিহেতু তেওঁৰ মনৰ হে বেমাৰ। মানুহজন দুদিন হ’ল এনেকৈ কোঠাটোত সোমাই থকা। তৰালী অধিকাৰীয়ে বহুত চেষ্টা কৰিছিল মানুহজনক বুজাবলৈ কিন্তু নাই

Read more

সখি-মৃদুস্মিতা ফুকন

এইকেইদিন ৰাতিপুৱাই বেলিটো দুপৰীয়াৰ দৰেই তমোময় ৰূপত ওলাইছে। দিনটো যিহে গৰম! সেয়ে পুৱা শুই উঠিয়েই জোনাকে ঘৰৰ দুৱাৰ-খিৰিকীবোৰ খুলি দি ঘৰৰ বেলকনিলৈ ওলাই আহিল। কাষৰ নিমজোপাত সৌটো পালোৱান। জোনাকৰ সখি। নামটো জোনাকে দি লোৱা। সিহঁতৰ ঘৰৰ ওচৰত নিম, তামোল, নাৰিকল আদি সকলো গছতে সি নোদোকা চেহেৰাৰে অ’ৰ পৰা ত’লৈ জঁপিয়াই থাকে বাবে জোনাকে তাক এই নামটো দিছে। জোনাকে পালোৱানৰ সৈতে অকলে অকলেই কথা-বতৰা পাতি সখি পাতি লৈছে। পালোৱানেও যেন জোনাকৰ ভাৱনা-চিন্তাবোৰ বুজি পায়! আজি পিছে জোনাকহঁতৰ কাষৰ এপাৰ্টমেণ্টটোৰ ছাদত পালোৱান

Read more

সংখ্যাটোৰ আঁৰৰ কথা

পোনপ্ৰথমে,আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমে ক’ব লাগিব যে ফেব্ৰুৱাৰী মাহৰ এদিন সন্ধিয়া  অৰবিন্দ গোস্বামী দাদাই মোলৈ ফোন কৰিলে। মই এজন  “শব্দচিত্ৰ” গোটৰ সদস্য ও লগতে গোটৰ মডাৰেটৰ হোৱা হেতুকে দুয়োজনৰ মাজত মাজে মাজে ‘শব্দচিত্ৰ’ গোটৰ কথা বা ইটো সিটো ঘৰুৱা কথাও পতা হৈ থাকে। কিন্তু সিদিনা ফোন কৰিয়েই দাদাই ক’লে…… “কুশল, তুমি আমাৰ এইবাৰৰ এপ্ৰিল মাহৰ ৰঙালী বিহুৰ ,২০২৫ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিব লাগিব। মই বোলো দাদা, এই

Read more

অণুগল্প-মৃদুস্মিতা ফুকন

(১)অস্তাচলৰ ৰবি মানুহজনক  হস্পিতালত থোৱাৰে পৰা তাইৰো ঘৰৰ ভিতৰত থাকিবৰ মন নোযোৱা হৈছে। সুৰুঙা পালেই  তাই গৈ নদীৰ পাৰ পায়গৈ।  নদীখনৰ সৈতে তাই হিয়া উজাৰি কথা পাতে….নদীৰ পাৰতে বহি তাই জীৱনৰ সেন্দূৰীয়া আলিটোৰে ল’ৰি – ঢাপৰি ফুৰে। তাইৰ কপালৰ দগমগীয়া সেন্দুৰৰ ফোঁটটোৰ দৰেই তেজগোৰা বেলিটোৱে হেঙুলি বৰণ চটিয়াই ক্ৰমান্বয়ে দিগন্তৰ ফাললৈ গতি কৰিছে। হঠাতে তাইৰ হাতৰ মুঠিত থকা ফোনটো বাজি উঠিল। বেলিটো দিগন্তত বিলীন হৈ গ’ল। (২)আবেলি এসময়ত মাহেকৰ মূৰে মূৰে বিশেষ কেইটামান দিনত ৰেৱতীৰ তলপেটটো বিষাইছিল। এতিয়া ‘অস্তৰাগ’ত থাকিবলৈ

Read more

সাক্ষাৎকাৰ

চতুৰ্থ বৰ্ষৰ (দ্বিতীয় সংখ্যাৰ)শব্দচিত্ৰ( জীৱন জিজ্ঞাসা) ই- আলোচনীৰ বাবে সাক্ষাৎকাৰটি যুগুতাইছো মই শ্ৰী কুশল মহন্তই ।   আজি আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এনে এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ সৈতে,যি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ,প্ৰশিক্ষক,ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক। তেখেত শ্ৰীযুত অভিজিত ভট্টাচাৰ্য্য। কুশল মহন্ত: Sir  নমস্কাৰ। প্ৰথমে ,শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা ই-আলোচনীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ।  অভিজিত ভট্টাচাৰ্য্য Sir: প্ৰতি নমস্কাৰ জনাইছো। প্ৰশ্ন: আপোনাৰ জন্ম আৰু স্কুললীয়া জীৱনৰ বিষয়ে অলপ জনাওঁকচোন ? অভিজিত ভট্টাচাৰ্য্য Sir: মোৰ জন্ম তেজপুৰৰ

Read more

বিহুৰ সাধুকথা-ববিতা শৰ্মা

‘সাত বিহু’……মিছে বৰ্ডত লিখি দিয়া বক্তৃতাৰ বিষয়টো দেখি টুকটুক বিমোৰত পৰিল।বিহু তিনিটা হে!ৰচনাতো সি দেখোন ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু…. এই তিনিটা বিহুৰ কথাহে পাইছে।কিন্তু মিছে কিয় ‘সাত বিহু’ বুলি লিখিলে!মিছৰ লিখোঁতে ভুল হ’ল নেকি বাৰু ! টুকটুকে ভাবিবলৈ ধৰিলে…… নাই নাই মিছৰ ভুল হ’ব নোৱাৰে।আৰু চাৰিটা বিহু আছে ছাগে।সি হে নাজানে। সি বেছিকৈ ইংৰাজী কিতাপহে পঢ়ে।অসমীয়া কিতাপ যি দুই এখন পঢ়িছে, তাত বিহুৰ কথা নাছিল,বিজ্ঞানৰ সাধু হে আছিল।কি কৰা যায়!কাৰোবাক সুধিব লাগিব,বিহু আচলতে কেইটা?তিনিটা নে সাতটা? এটা

Read more
1 18 19 20 21 22 81