সেউজীয়া সোণ – ‘বাঁহ’:উপাসা ভাগৱতী

অসমৰ সমাজ আৰু সংস্কৃতিত অতীজৰে পৰা বাঁহ নামৰ তৃণজাতীয় উদ্ভিদবিধৰ ব্যাপক প্ৰচলন আছে। মানুহৰ জীৱনৰ প্ৰতিটো স্তৰৰ লগত বাঁহ ওতঃপ্ৰোতভাৱে জড়িত। পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষিপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম এই বাঁহ অসমৰ হাবিত ২৬ বিধ প্ৰজাতিৰ পোৱা যায়। ব্যৱসায়িক গুৰুত্ব থকা কেইবাটাও প্ৰজাতি  অসমত উপলব্ধ।এই প্ৰজাতি কেইটা হ’ল – মুলি (মালোকানা বাম্বুছ’ইডছ), পাহাৰীয়া জাতি (অক্সিটেনান্থেৰা পাৰভিফোলা), কাক বাঁহ (ডেণ্ড্ৰ’কেলামাছ হেমিল্টনি), দলৌ (টেইনোষ্টাচ্যুম ডাল’য়া) আদি । অসমত বাঁহ মানুহৰ সৈতে এনে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই আছে যে অসমীয়া কবিতা,

Read more

ফেঁহুজালি-চন্দামিতা শৰ্মা

মাজে সময়ে কোনো বিশেষ উদ্দেশ্য বা বিশেষ কাৰণ নোহোৱাকৈও অচিন অজানা বনপথ এটাৰে আগবাঢ়ি গৈ থাকিব পাৰি।আজি পিছে কথাটো ঠিক তেনেকুৱা নহয়।মোৰ মগজুক কোনো বিশেষ চিন্তাই ব্যতিব্যস্ত কৰা নাছিল বা চিন্তাশূন্য ভেকুৱাম অৱস্থা এটাও সৃষ্টি হোৱা নাছিল যদিও এক বিশেষ কাম আগত ৰাখি আজি এই বনপথেৰে আগবাঢ়িলো। ফাগুন মাহৰ আকাশ।কোনে কয় ফাগুন কেৱল লঠঙাৰ সমাহাৰ।ফাগুনৰ আছে নিজস্ব এক সুকীয়া সৌন্দর্য।আজি চৌপাশৰ পৰিৱেশে তাকেই কয়চোন। বহুক্ষেত্ৰত নতুনৰ আৰম্ভণিও ফাগুন।  ৰাতিপুৱাৰ সময়।চহৰত সততে  অনুভৱ কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ,ইয়াত বাৰু বৰকৈ অনুভূত

Read more

জন্মদিনৰ গল্প,মূল:অভীক দত্ত, ভাৱানুবাদ-মামনি কলিতা

মই তেতিয়া নৱম শ্ৰেণীত।পঢ়া-শুনা লাহে লাহে চেকেণ্ড গিয়েৰ পাইছে।এজন বন্ধুৰ ঘৰলৈ পঢ়িবলৈ যাওঁ। সি আমাৰ শ্ৰেণীৰ তিনি নম্বৰত থকা চোকা ল’ৰা।মই গোটেই বছৰটো নপঢ়াকৈয়ে থাকোঁ।যি পঢ়োঁ অকল পৰীক্ষাৰ আগৰ কেইদিনহে।তথাপিও কিবা এটা মেজিক কৰাৰ দৰে সদায় প্ৰথম দহটাৰ মাজতে থাকোঁ।মোৰ নিজৰ মাজতে এইটো লক্ষ্য স্থিৰ কৰি লৈছিলোঁ যে একৰ পৰা দহৰ ভিতৰত থাকিলেই হ’ব। ইয়াতকৈ ডাঙৰ একো লক্ষ্য মোৰ নাছিল।এবাৰ চাগে বাংলাত ৫৪ পাইছিলোঁ। ইমান কম নম্বৰ পাই মনটো বৰ বেয়া লাগিছিল। আটাইবোৰ বিষয়ত ৭০ নম্বৰকৈ পালেই বৰ ভাল লাগি

Read more

সুখৰ সংজ্ঞা মানুহৰ জীৱনৰ-অনামিকা (সংগীতা) কলিতা

“সুখ সুখ বুলি মানুহ বলিয়া               নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় সংসাৰত               দুখৰ উপৰি দুখ।” এই কবিতাফাঁকিৰ পৰা অনুভৱ হয় সুখ এটা সংজ্ঞাবিহীন শব্দ। ইয়াৰ কোনো এটা পৰিধি নাই; ইমানেই বিশাল, বিচাৰি পোৱা নাযায়। মনৰ সন্তুষ্টিয়েই জীৱনৰ শান্তি।ৰাজ অট্টালিকাত থাকিও সুখ নাথাকিব পাৰে যদি বেমাৰ বা বিভিন্ন সমস্যাৰে ভৰপূৰ। কিন্তু জুপুৰি ঘৰ এটাতো সুখ থাকিব পাৰে তাত যদি প্ৰশান্তিৰে ভৰি থাকে। ক’বলৈ গ’লে, আত্ম-সন্তুষ্টিত সুখ থাকে। কাৰণ জীৱন নামৰ পাহাৰটোৰ মাজত দুখোজমান দূৰৰপৰা দেখা সেউজীয়া বৰণৰ সুখখিনি বিচাৰি মৰুভূমিৰ মাজত

Read more

চতুৰ্থ উদ্যোগিক বিপ্লৱ: সম্ভাৱনা আৰু সমস্যা-ড০ বিমান কুমাৰ নাথ

কৃষিখণ্ডক প্ৰতিখন দেশৰ অৰ্থনীতিৰ আধাৰ বুলি গণ্য কৰা হয়। এই কৃষিৰ আলমতে পতুৰ্গীজ আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছে ভাৰতবৰ্ষত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ আৰম্ভণি কৰিছিল।ওঠৰ শতিকাৰ সময়ছোৱাত প্ৰথম উদ্যোগিক বিপ্লৱ আৰম্ভ হয়। সাধাৰণ ভাষাত ইতিমধ্যেই প্ৰকৃতিয়ে প্ৰদান কৰা বিভিন্ন সম্পদবোৰৰ প্ৰযুক্তিৰ মাধ্যমেৰে উৎপাদন কৰি সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰি উদ্যোগ খণ্ডৰ পিনে ধাৱমান হোৱা প্ৰক্ৰিয়াটোৱেই প্ৰথম উদ্যোগিক বিপ্লৱ।এই সময়ছোৱাত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ মাজত থকাৰ বাবেই উৎপাদন, বিতৰণ আৰু উপভোগৰ ক্ষেত্ৰত মানৱ সভ্যতাৰ যি উত্তৰণ হৈছিল তাৰ অংশীদাৰ হ’বলৈ ভাৰতবৰ্ষই নাপালে,যি সময়ত

Read more

লিমাৰিক-হৰিচন্দ্ৰ ডেকা

আত্মসহায়ক গোটৰ কথা    (১)   গোট বুলি ক’লে কিবা ভয় লাগি যায় কিহৰ বা গোট আহিল  এইটো পাই ধানৰো প্ৰকাৰ  বহু যেনে বাও শালি আহু গোটৰো তেনেকৈ সীমা সংখ্যা নাই৷   (২)   কিছুমান গোট আছে আত্মসহায়ক এইবোৰ পিচে সঁচাকৈ  বৰ লায়ক কুটিৰ শিল্পৰ দৰে সদস্যই কাম কৰে কাম বন কৰিয়ে হয় মহানায়ক৷   (৩)   বহুতে ভোটৰ সময়ত গোট খোলে তেতিয়াহে টকাৰ উজান আহে বোলে কোনেও নাপায় গম কষ্টও ইয়াতে কম দেখুৱাবলৈ কেতিয়াবা পইচা তোলে৷   (৪)  

Read more

সৰাপাতৰ উচুপনি-হৰিচন্দ্ৰ ডেকা

অনিতাৰো বিয়াখন ধুমধামেৰেই হৈ গ’ল, ঠিক যেনেকৈ পাঁচ বছৰ আগতে ডাঙৰজনী ছোৱালী নমিতাৰ বিয়াখন উলহ-মালহেৰে সম্পন্ন হৈছিল৷ এইবাৰ যেনিবা জোঁৱাইয়েও দায়িত্ব কান্ধ পাতি লোৱাত কষ্টৰ বোজা কিছু লাঘৱ হ’ল৷ আঠমঙলাৰ দিনা ভনীয়েকক বিদায় দি যেতিয়া নমিতাও কৰ্তব্যৰ খাতিৰত যাবলৈ ওলাল, দুয়োজনী আলাসৰ জীয়ৰীক বিয়া দি উলিয়াই দিয়া দুখটোৱে বৰাক এতিয়াহে যেন হেঁচা মাৰি ধৰিলে৷ সুদীৰ্ঘ বৈবাহিক জীৱনত কোনোদিনে চকুপানী উলিয়াই দেখুৱাব নোখোজা মানুহজনৰ সেমেকা চকুহালে পত্নী আৰোহীৰো মন বাৰিষাৰ মেঘে ঢাকি ৰখা আকাশখনৰ দৰে হ’ল৷ অনবৰতে মাক-দেউতাকৰ মৰম বিচাৰি হুলস্থূল

Read more

এজন অপ্ৰেমিকৰ সমীপেষু ,মূল: তছলিমা নাচৰিন,ভাবানুবাদ-মিনাৰা হুছেইন

এই চহৰতেই তুমি বাস কৰিবা, কাম-কাজত দৌৰিবা ইফালে সিফালে, ক’ৰবাত আড্ডাত বহিবা, মদ খাবা, তুমুল হৈ চৈ কৰিবা, ৰাতিটো শুই যাব, তুমি শুব নোৱাৰিবা। সুবিধা বুজি হয়তো কেতিয়াবা সন্ধিয়াত আনৰ ঘৰলৈ খাবলৈ যাবা, খেলিব যাবা, কোনে জানে হয়তো লাহেকৈ খুলিবা কোনো নাৰীৰ শাৰী.. এই চুবুৰীতে হয়তো দুইবেলা ঘূৰিবা, হয়তো কেতিয়াবা মোক জনাবা যে ওচৰতে আছা, কান্দি থাকিম, অস্থিৰ হৈ পৰিম, তোমাক নেদেখাৰ যন্ত্ৰণাত, তথাপিও নকওঁ আহা, এবাৰ আহা। কেতিয়াও নকওঁ, তোমাকো সুযোগ নিদিওঁ ক’বলৈ যে তোমাৰ সময় নাই, বা তুমি

Read more

শ্ৰীমন্ত শঙ্কৰদেৱ-কুমকুম শৰ্মাবৰুৱা

অসমৰ আকাশত কাল অমানিশা                  চৌদিশে ঘোৰ অন্ধকাৰ,  তিমিৰ নাশি আলোক প্ৰকাশি উদিত                   এক উজ্বল জ্যোতিষ্কৰ।  ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত                      উপজিল শ্ৰীমন্ত শঙ্কৰ,  আইতা খেৰসুঁতী মাতৃ সত্যসন্ধ্যা                       ধন্য হ’ল পিতৃ কুসুম্বৰ।  নিচেই সৰুতেই শ্ৰীমন্ত শঙ্কৰদেৱ                           পিতৃ-মাতৃহাৰা হ’ল,  বুঢ়ীমাক খেৰসুঁতী ধাইমাক চন্দৰী                    শঙ্কৰৰ অভিভাৱক হ’ল।  আইতাই নাম লিখাই গুৰুগৃহত                     মহেন্দ্ৰ কন্দলি হ’ল গুৰু,  ‘ক’ ফলা শিকি ৰচে ‘কৰতল কমল’                     কৃষ্ণৰ বন্দনা কল্পতৰু। এক দেৱ এক সেৱ কৃষ্ণ বিনে নাই কেৱ                             দেৱগুৰুৰ ধৰ্মকথা,  নামঘৰ, বৰগীত, কীৰ্তন, ভাগৱত             ভাওনা, অংকীয়া, চিহ্নযাত্ৰা।  ধৰ্মৰ প্ৰচাৰ আৰু

Read more

পৰিচয়-মানসী শৰ্মা

“মা…., । মোৰ লিপষ্টিক আৰু কাজলডাল বিচাৰি পোৱা নাই, কোনে নিলে?”  ন-ছোৱালীতে তাইৰো এই দুটা বস্তু প্ৰায়েই হেৰাইছিল বৰজনাকৰ ল’ৰাজন আহিলে। বুকুখন চিৰিংকৈ গ’লেও তাই মন ডাঠ কৰিলে। দহজনে সমালোচনা কৰিলেও  নতুন পৰিচয় গঢ়াত  তাক সাহস দিবলৈ তাই থিৰাং কৰিলে। *******

Read more
1 20 21 22 23 24 81