বিহুৰ ইতিহাস-জয়ন্ত গগৈ

প্ৰস্তাৱনা: ‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোঁচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ “বিচু”ত। চুতীয়া ভাষাত বিহুক “বিচু” বুলি কোৱা হয়। “বি” মানে অতি, “চু” মানে আনন্দময় বুজায়। গতিকে, “বিচু” শব্দটি অপভ্ৰংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।আনহাতে ‘টাই ভাষাৰ

Read more

লটাৰিৰ ধন-পূৰ্ণিমা শইকীয়া গগৈ

কথাটো কম সময়ৰ বনজুইৰ দৰে বিয়পি পৰিল।ফোনত শুভেচ্ছা জনোৱা মানুহৰ অন্ত নাই।ওচৰৰ কেইজনতো ঘৰেই ওলালহি। বোলে…… “শইকীয়া এইবাৰ নেৰিছো আমাক পাৰ্টি লাগিবই।” শইকীয়ানীয়েও বাহিৰত আলহী দেখি পুতেক ৰাজক পঠিয়াই গৰম চিংৰা আৰু ৰসগোল্লা আনিলে।ইমান ভাল খবৰটো পাই সকলো আহিছে আজিনো চাহ বিস্কুট কেনেকৈ খুৱায়? ভাতৰ পাতত বহি ছোৱালী লীজা আৰু ল’ৰা ৰাজে ক’লে……….. “দেউতা আমাৰ লগৰ কেইটাকো সৰুকৈ পাৰ্টি দিম। এনেইটো তুমি সদায়েই টকা নাই নাই কৰি থাকা।এইবাৰ লটাৰিত টকা পাইছা।গতিকে আমাক টকা লাগিবই।” ৰাতি শুবলৈ বিছনাত উঠি শইকীয়াই পৰিবাৰক

Read more

আকৰ্ষণ -ঋতুপৰ্ণা দত্ত

“তোক নাপালে মই মৰি যাম।”  তাই মোক কাকুতি কৰি ক’লে। কিন্তু…তাই কোৱা কথাবোৰক গুৰুত্ব দিব লগা কথা বুলি মনে নকʼলে।ইমান দূৰ সম্পৰ্কটোত আগবাঢ়ি গৈয়ো মই বেলেগ এটা বাট ল’বলৈ কুন্ঠাবোধ নকৰিলোঁ। নতুন চহৰ,নতুন কলেজ আৰু নতুন আৱেগক জীৱনত প্ৰাধান্য দিয়াটোকে প্ৰয়োজনীয় যেন লাগিল।মই ন আৱেশত ডুব গʼলোঁ।সেই আৱেশৰ নাম আছিল…মৃদু। ঘৰলৈ মাত্ৰ বন্ধবোৰত যাওঁ।তাইৰ লগত মুখামুখি হোৱাৰ আশংকাত গাঁও ফুৰিবলৈ নাযাওঁ।মোৰ লগত প্ৰেম প্ৰেম খেলি সময় নষ্ট কৰি কোনোমতে চুচৰি বাগৰি মেট্ৰিক পাছ কৰা শেৱালীক মই জোৰ কৰি মন মগজুৰপৰা

Read more

দাপোন-অচ্যুত কৃষ্ণ বৰদলৈ

একাজঁ‌লি হেঁপাহৰ ৰঙে ৰঙীয়াল দাপোনখনত হেন্দোলদোপে উজায় আহিল এক আলহী প্ৰতিমিম্বৰ জাক, সপোনৰ সুহুৰি মাৰি আৱেগৰ মোহনা খুলি সাতোৰঙে সজাইছিলো এক অচিন  মেঘবুলীয়া ৰাগ।। আকাশৰ সীমনা খেদি‌,পৰিসৰৰ প্ৰাচীৰ ভাঙি পুৱতি সূৰুজৰ ৰং দাপোনখনত উঠিছিল ভাঁ‌হি, ভাল লাগিছিল চাই নদীত উটা সৰাপাতৰ হিচাপ ৰাখি, ভাল লাগিছিল শুনি ফাগুণত গাভৰু হোৱা সুৱদি সুৰীয়া বাঁ‌হী।। কিন্তু আজি কেনেকৈ জানো? হঠাতে টুকুৰা  হৈ পৰিল দাপোনৰ অৰ্ধাংশ চকুলোৰে বাউলি হ’ল প্ৰতিটো প্ৰহৰ পৃষ্ঠা, আন্ধাৰ মাথো আন্ধাৰে খোদিত হ’ল এক নতুন জীৱনী, স্বপ্নক্লান্ত হৈ পৰিল বিষাদৰ

Read more

কিৰণ-নন্দিতা ঠাকুৰীয়া

শুধ বগা চেলোৱাৰ কামিজযোৰ পৰিধান কৰিলে স্বপ্নাই। মূৰটো আঁচুৰি সৰুকৈ খোপা এটাও বান্ধিলে। পাউদাৰ লাগি ধোঁৱা বৰণীয়া হৈ যোৱা ফোঁটটো সলাই নতুন ফোঁট এটা লগাই ল’লে কপালৰ সোঁমাজতে থকা মাহটোৰ ঠিক তলতে।সামান্য লিপষ্টিক অকণ ওঁঠত বুলাই তাই যাবলৈ সাজু হ’ল পঁচিশ কিলোমিটাৰ আঁতৰৰ টাউনৰ নিজৰ কৰ্মক্ষেত্ৰ চিভিল হাস্পতালখনলৈ বুলি। বৃত্তিত এগৰাকী নাৰ্চ হিচাপে সুদক্ষ তাই। এদিনতে দক্ষতা অৰ্জন নহয় সেয়া। দহ বছৰৰ অভিজ্ঞতাই  বহুত শিকালে তাইক। হাত দুখন হৈ পৰিল নিপুণ। ৰুগীয়াজনৰ  তাইৰ পৰশ পালেই বেমাৰ বহুখিনি উপশম হয়।  স্বপ্নাৰ

Read more

স্মৃতি-নৱনীতা চৌধুৰী

তোমাৰ স্মৃতিবোৰেই  মোৰ এতিয়া অক্সিজেন চিলিণ্ডাৰ। তোমাৰ প্ৰাণে বিদায় মগাৰ দিনাই মই পণ কৰিছিলোঁ তোমাৰ পৰশত প্ৰাণ পাই উঠা প্ৰতিটো জীৱ, জড় বস্তুতেই মই মোৰ অক্সিজেন গোটাম। সেয়ে কওঁ……  মই পিতৃহাৰা নহওঁ, পিতৃ মোৰ নহয় স্মৃতি  পিতৃ মোৰ জীৱনৰ সৰ্বশক্তি।। *******

Read more

বসন্ত-নিবেদিতা শৰ্মা 

বাসনাৰ ফুল মোৰ সৃষ্টিৰ অমল উৎস কিদৰে বৈ আহে ফেনে ফোটোকাৰে আশাবোৰ তোমাৰ বুকুত…… হঠাৎ ওফন্দি উঠে মোৰ দেহ প্ৰতি পলে পলে ঘন উশাহবোৰত মই দেখোঁ তোমাৰ বহল বুকু  কি যে এক সুন্দৰ সতেজ বসন্ত  হোৱা…….. তুমি আৰু তোমাৰ সুবাস বিয়পি যায় মনে মনে ঘনে ঘনে!! হঠাৎ তুমি পাহোৱাল হোৱা……. চকুৰ পলকত তুমি দূৰৰপৰা দূৰলৈ যোৱা……. ঘূৰি ঘূৰি চাওঁ, মোৰ চকুৰ পলক নপৰে এই যে চাওঁ আৰু দেখোঁ দেহত ঢৌ তুলি মোক আহ্বান জনোৱা  যেন চকুৰ আগতে গলি গ’ল, বৈ

Read more

পৰিক্ৰমা-কবিতা কৃষ্ণা বৰা

এটি পৰিক্ৰমা, পাৰ হৈ গুচি যাব খুজিছে..! উভটিও আহিব খোজা নাই। সপোনৰ অগোচৰে অগোচৰে। দিঠকে দিঠকে মনৰ মাজত দুলি ৰয়… ভাৱনাৰ ভৱিষ্যত। নিথৰ দেহত, বিৰিঙিব খোজে অনুৰণ। যেতিয়া আন্ধাৰ নামে সূৰ্যৰ চৌদিশে,  তেতিয়াইতো বয় ধূলিৰ ধুমুহাবোৰ হৃদয়ৰ মাজত…! আৰু স্থিৰ হৈ পৰে জীৱনৰ এটি পৰিক্ৰমা। *******

Read more

দাম্পত্য::আবেলিৰ সুৰ::চকামকা সুখৰ গান-মৃণাল নাথ

সৌৱা, কুহুমীয়া বেলিৰ মিচিকি হাঁহি আহা একেলগে ৰ’দাও বিয়লি বেলাৰ দুখৰ আঁচল, সুখৰ ভৰা কলহ সামৰি থওঁ দুখৰ আখলতেই ব্যঞ্জন সজাওঁ। কন্যাই বিদায় ল’লে সমাজক মানি পুত্ৰইও কৰিলে ৰগৰ, সব একেই কাহিনী। কিনো থাকিল বাকী মিছা এই সংসাৰ, দুয়ো দুয়োকো এৰি দিলেই যেন  আমাৰ সকলো অসাৰ।  সকলো গ’লেও য’ক মোৰ বাবে তুমি আছা তোমাৰ বাবে মই,  তাৰ বাবেই চাগে আনিছিলোঁ আদৰি তোমাক,  অনাহাৰে, উজাগৰে সম্পূৰ্ণ এৰাতি হোমৰ জুই পুৱাই। জীৱনৰ বিয়লিত তুমিয়েই মূল বাকীবোৰ নামতহে জানা নামতহে তেজ, নামতহে কুল। 

Read more

তুমি বেয়া পোৱা যদিও ফাগুন  মোৰ প্ৰিয়-মৌচুমী হাজৰিকা 

ৰুক্ষ শীতৰ শূন্যতা শেষ কৰি বতাহে বতাহে বিয়পে উন্মনা ফাগুনৰ সুৱাস। পলাশ  মদাৰ শিমলুৱে ৰিক্ত আকাশত জুই সিঁচে । ফাগুন আহে , শৈশৱৰ চিলা হৈ । ফাগুন আহে , ষোড়শীৰ আচঁল উৰুৱাই গোপনে নিজানে। লঠঙা ডালত ওলমি থকা জোনবাইৰ স্নিগ্ধ জোনাকে বৃদ্ধাৰ চকুতো সপোন সিঁচে, উলতী আহে সোঁৱৰণী সময়বোৰ হৈ পৰে বাংময়। আকৌ আহিছে সেই হেঁপাহৰ  ফাগুন.. শুষ্কতা ধূলিয়ে আমনি কৰিলেও ফাগুন মোৰ প্ৰিয়। নিজানত বহি  মদাৰৰ ডালৰ ফাঁকেৰে বৈ অহা কুলিৰ মাত শুনিবাচোন তুমিও পৰিবা ফাগুনৰ প্ৰেমত। *******

Read more
1 22 23 24 25 26 81