প্ৰাচীন ভাৰতৰ সেই মহান জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞ জন-পংকজ বৰুৱা 

প্ৰাচীন ভাৰতবৰ্ষত অনেক এনে মহান বৈজ্ঞানিক, গণিতজ্ঞ তথা চিন্তাবিদৰ জন্ম হৈছিল যি জ্ঞানৰ নতুন নতুন দ্বাৰ মুকলি কৰিছিল।প্ৰাচীন ভাৰতৰ এনে এজন মহান চিন্তবিদ, প্ৰখৰ বুদ্ধিসম্পন্ন তথা মেধাবী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল আৰ্যভট্ট। ৪৭৬ চনতে তেওঁ প্ৰমাণিত কৰিছিল যে পৃথিৱীহে গতিশীল সূৰ্য্য স্থিৰ। পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে,সূৰ্য্য পৃথিৱীৰ নহয়। তেওঁৰ জন্মৰ প্ৰায় ১০০০ বছৰৰ পিছত এই কথাকে জ্যোতিৰ্বিজ্ঞানী ক’পাৰনিকাছেও কয়। আৰ্যভট্টৰ জন্ম আজিৰ পৰা প্ৰায় ১৬০০ বছৰৰ আগতে  ৪৭৬চনত বৰ্তমানৰ পাটনা,পুৰণি ভাৰতৰ মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ দাতিকাষৰীয়া কুসুমপুৰ নামৰ গাঁৱত হৈছিল।মগধ

Read more

আইচফিল্ড পাৰ্কৱে আৰু জেচপাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সপোন যেন যাত্ৰা-ৰঞ্জনা দত্ত

কেনাডাৰ ব্ৰিটিছ কলম্বিয়া আৰু আলবাৰ্টা প্ৰদেশৰ উপৰিও আমেৰিকাৰ পশ্চিম দিশৰ ইডাহো,মন্টানা, কলৰাডো হৈ একেবাৰে নিউ মেক্সিকোলৈকে ৪৮০০ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা ৰকি পৰ্বতমালা ভ্ৰমণকাৰীসকলৰ বাবে স্বৰ্গ বুলি অভিহিত কৰা হয়।এই পৰ্বতমালাতেই আছে ১২,০০০ ফুটতকৈও ওখ প্ৰায় ষাঠিতা বৰফাবৃত পৰ্বত শৃঙ্গ আৰু ইয়াৰ চাৰিওকাষে ঠায়ে ঠায়ে সৃষ্টি হোৱা অপূৰ্ব সুন্দৰ টাৰকুইছ নীলা পানীৰ সৰোবৰ আৰু নদী,ঘন সেউজীয়া অৰণ্য আৰু বিভিন্ন আকৃতিৰ সৰু ডাঙৰ অসংখ্য পাহাৰ চূড়াৰ শেষ নোহোৱা শাৰীবোৰ।এইবোৰৰ মাজে মাজে বহল নিমজ হাইৱে আৰু ইয়াৰ দুয়োকাষৰ অৰণ্য আৰু শিলৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা

যোৱা নবেম্বৰ মাহৰ কথা।নৱোদয় নেতৃত্ব সংস্থা,ৰঙিয়াত বিভাগীয় প্ৰশিক্ষণ এটাত ব্যস্ত আছিলোঁ।প্ৰশিক্ষণৰ মাজতে এদিন সন্ধিয়া সময়ত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অসমীয়া শিক্ষকসকলৰ সমস্যা কিছুমানৰ বিষয়ে সকলোৱে বহি আলোচনা কৰি আছিলোঁ।হঠাতে মোৰ ফোনটো বাজি উঠাত লৰালৰিকৈ হাতত তুলি  ল’লোঁ । স্ক্ৰীনত ভাঁহি উঠিল ‘শব্দচিত্ৰ’।ফেচবুকৰ এক অন্যতম সাহিত্য চৰ্চাৰ গোট ‘শব্দচিত্ৰ…জীৱনৰ কলাজ’ৰ এগৰাকী মুখ্য ব্যৱস্থাপক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীৰ নম্বৰটো মই এই নামেৰেই চেভ কৰি ৰাখিছোঁ । ফোনটো হাতত‌ লৈ  লৰালৰিকৈ বাহিৰলৈ ওলাই আহি ৰিচিভ কৰিলোঁ।সন্ধিয়াৰ সম্ভাষণ জনাই সিমূৰৰপৰা গোস্বামীদেৱে দুই এষাৰ কথা পাতি মোক

Read more

বাৰ মাহ-কুমকুম শৰ্মাবৰুৱা

ব’হাগ যে আমাৰ          প্ৰথম মাহ             জাতিয়ে স্নান কৰে, কপৌফুল পিন্ধি        বিহু নাচনীয়ে          বিহুতলীত এপাক নাচে। জেঠ মাহত                 বৰ গৰম                বাৰ খৰ মাৰে, আহাৰ মাহত             আম,কঁঠাল             বগৰী,জামু পকে। শাওন মাহত           খেতিৰ ভৰপক               পথাৰত কঠিয়া ৰোৱে, ভাদ মাহত           গুৰুদুজনাৰ তিথি              নামঘৰত ভাগৱত পঢ়ে। আহিন মাহত            

Read more

ভক্ষক-মানসী শৰ্মা

“যা, কিয় থেৰোগেঁৰো কৰিছ? তেওঁ আমাৰ ভগৱান। ভগৱানলৈ ভয় নকৰে নহয়।” লেকেচিয়াই লেকেচিয়াই খোজকাঢ়ি অহা ছোৱালীজনীৰ অৱস্থাটো দেখি তাই কিংকৰ্তব্যবিমূঢ় হৈ ঠাইতেই বহি পৰিল। ভগৱান যেতিয়া ৰাক্ষসলৈ পৰিৱৰ্তন হ’ল, তাই কাক ভাৰসা কৰিব। *******

Read more

দেহাকণী-অশোক কুমাৰ নাথ

দেওবাৰ।পুৱাই পুৱাই শ্ৰীমতী দাং খাই উঠিল…… “তুমি সবতে কণীটো কিয় লগাই লগাই দিয়া?” “ক’ত লগাইছোঁ?কেতিয়া লগাইছোঁ?” “লগাইছা তুমি! কণীকংকনা, কণীমালা, কণীপ্ৰিয়া, কণীমা….এইবোৰ কি তেন্তে?এইবোৰ কি নাম হ’ল? মোক ভাল পোৱা হ’লেহে ভাল নাম এটা তোমাৰ মনলৈ আহিলহেঁতেন!মোক জানো তুমি ভাল পোৱা?” ময়ো উঠিলোঁ দাং খাই….. “নাম এটা বিচাৰি দিব পৰা নাই বাবেই ‘ভাল নাপাওঁ’ বুলি ছাৰ্টিফিকেটখন দিয়েই দিলা! আৰু শুনা…..দুটাকৈ ভাল নাম থাকোতেই তৃতীয় নাম এটা তোমাকনো কিয় লাগিছে?” উচাট মাৰি কান্দি-কাটি শ্ৰীমতী শোৱনি কোঠাৰ ফালে দৌৰ মাৰিলে।দৌৰ মৰা বুলিয়েই

Read more

অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ‘সৌমাৰ নন্দিনী’, ‘ৰাধিকা’ৰ লেখিকা জুৰি শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

(সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ববিতা শৰ্মাই) ববিতা শৰ্মাঃ নমস্কাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় ‘শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা’ক দিয়াৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰথমে আপোনাৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে জানিব বিচাৰোঁ।সোণসেৰুৱা শৈশৱৰ স্মৃতিৰ বৰপেৰাত সাঁচি থোৱা আপোনাক প্ৰায়ে নষ্টালজিক কৰি তোলা কিবা ঘটনাৰ বিষয়ে আমাকো জনাব নেকি? জুৰি শইকীয়াঃ নমস্কাৰ।আপোনালোককো অশেষ ধন্যবাদ।সৰুতে পথাৰত লেছেৰি বোটলি সেই ধান বেচি পোৱা পইচাৰ আনন্দই সুকীয়া।কঠ বা থৈলা লৈ স্কুললৈ গৈ আমলখি,শিলিখা বিনিময় কৰি খোৱা কথাবোৰে আজিও আনন্দ দিয়ে।অৱশ্যে কলেজত পঢ়ি থকা সময়ত আলফা সংগঠনৰ নামত দুটামান

Read more

অসমীয়া শিশু-সাহিত্যৰ মহাৰথী মৌচাক মামা শান্তনু তামুূলী-গোবিন কুমাৰ খাউণ্ড

মুখ আৰু মূৰত উ-কাৰ হয়নে ঊ-কাৰ হয় সেই কথাটোত মোৰ  কেতিয়াবা খেলিমেলি লাগিছিল।সেই খেলিমেলি এক নিমিষতে দূৰ হৈছিল ‘যাদু সম্ৰাট’ এম হুছেইনৰ পৰম বন্ধু  ‘মৌচাক মামা’ শান্তনু তামূলী ছাৰে কোৱা এক  যাদুকৰী কথাত।ছাৰে কৈছিল, “মানুহে মুখখন পৰাপক্ষত বন্ধ কৰি থʼব লাগে বাবে  ‘মুখ’ত উ-কাৰ আৰু মূৰটো সদায় খুলি থʼব লাগে কাৰণেই ‘মূৰ’ত ঊ-কাৰ দিব লাগে।”  কথাষাৰে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। শব্দৰ ব্যৱহাৰত অতিকৈ কৃপণ ডক্টৰ প্ৰমোদ চন্দ্ৰ তামূলী নামৰ শিশু মনৰ বিজ্ঞানীজনে শিশু-কিশোৰক শব্দ, চিন্তা আৰু অনন্ত কৌতূহলৰ এখন

Read more

চকু বিষয়ক-মৌচুমী হাতীবৰুৱা

মোৰ দুটা  চকু আপোনাৰো দুটা চকুৰে আপুনি এখন পৃথিৱী দেখে বাওঁ চকুৰে আপুনি যি দেখে সোঁ চকুৱে তাকেই সত্য বুলি সমৰ্থন কৰে মোৰহে সমস্যাটো সুকীয়া মুঠেও মিল নাই দুই চকুৰ বাওঁ চকু ৰঙা সোঁ চকু নীলা বাওঁ চকু বিদ্ৰোহী জেদী আৰু অভিমানী সোঁ চকু শান্ত সমাহিত সপোন-বিলাসী বাওঁ চকুৰ আছে ৰক্ত ৰঞ্জিত  এক সুদীৰ্ঘ ইতিহাস  সোঁ চকুত ভালপোৱাৰ এসাগৰ নীলা দুই চকুৱে মোক দুফালে টানে দেখুৱায় দুখন বেলেগ পৃথিৱী দুচকুৰ টনা আঁজোৰাত বিভ্ৰান্ত হৈ পৰোঁ মই বিভ্ৰান্ত হৈ পৰে মোৰ

Read more

জোনৰ আগমন-নন্দিতা ভাণ্ডাৰ কায়স্থ

শিয়ালীয়ে এ নাহিবি ৰাতি            তোৰে কাণে কাটি লগামে বাতি                 এ শিয়ালী নাহিবি ৰাতি।।     তিনিবাৰ নিচুকণি গীতটি গোৱাৰ অন্তত ভনিতাৰ সোণে টোপনিত ঢলি পৰে।ডেৰ বছৰীয়া সোণক টোপনি নিয়াবলৈ ভনিতাই সদায়ে তিনি-চাৰিটা নিচুকণি গীত গাবলগীয়া হয়। কিন্তু শেষত “শিয়ালীয়ে এ নাহিবি ৰাতি” গীতটো গালেহে সোণৰ চকু জাপ খায়।সোণৰ দুয়োকাষে গাৰু দি ভনিতা লাহেকৈ বিচনাৰপৰা নামি আহে। ৰাতিপুৱা জলপান অকণ খাই সোণে সদায়ে টোপনি যায়। কণমানিজনী শুলে ভনিতাইও অলপ সকাহ পায়।নহ’লে তাইক একেবাৰে থৰকাছুটি হেৰুৱাই পেলাবলগীয়া অৱস্থা কৰে। ঘৰুৱা কাম কেইটা অন্ততঃ

Read more
1 24 25 26 27 28 81