অব্যক্ত-দেৱজিত শৰ্মা
বসন্তৰ গীত গোৱা চৰাইজনীক বহু কথা ক’বলৈ ৰৈ গ’ল! ঋতু সলনিৰ কোনোবা সময় এটাত তাইক চকামকাকৈ দেখিছিলোঁ, সোঁৱৰণীৰ ষ্টেচন এটাত ৰৈ আছিল দিশৰ বিপৰীতে৷ কথাবোৰ সজাই ল’ব নজনা বাবেই মুক হৈ থাকোঁ কোলাহলৰ সমদলত৷ জোনবাইটো কাঁহী এখনৰ দৰে গোল হোৱাৰ ৰাতি, শাওণৰ চিপচিপয়া সন্ধিয়াতো, শুকান দিনৰ জীৱনী হৈ থাকোঁ৷ কোনো সুৰুঙা নথকা একাকীত্বৰ ঋতুবোৰত চৰাইজনীয়ে শান্তি(?) ভাঙি গীত গোৱাৰপৰা, কঠিন মাটি ফালি কবিতা এটা গুণগুণাই ধমনীৰে উজাই অহাৰপৰা আলাপৰ বদ অভ্যাস এটা গঢ়ি উঠিছিল, বৰ বেয়াকৈ৷ যেন এক নিচা,নিজক পাহৰি
Read more