মনৰ কথা-দুলুমণি শইকীয়া

চকুবোৰ লাহে লাহে নিস্তেজ হৈ পৰিছে ৰোগে গৰ্ভত স্থিতি লৈছে অন্তৰ্ভাগত  অহৰহ তুঁহজুই  উমি-উমি জ্বলি থাকে   দেহ-মনৰ কষ্টবোৰ দুগুণে বাঢ়িছে অসহ্য  যাতনা এয়া অভিশাপ পৰাধীনতাৰ   আমি সঁচাকৈয়ে স্বাধীন নে? ইয়ো এক অন‍্যতম প্ৰশ্ন।   চকুৰ আগতে দেহবোৰ পণ্য-সামগ্ৰী হৈছে, উলংগ হৈছে। অদ্ভুত,অদমনীয় দৃশ্যবোৰত অসুস্থ মন, নিশাৰ কোনো অসহায় নাৰীৰ চিঞৰত  ৰাজপথ পিচল তেজৰ চকুলোত।   ইমানৰ পাছতো কিয় কঁপি নুঠে  নামঘৰৰ আসন??   তুমিও দেখিছা সেই বিভৎস ৰূপ শুনিছা অসহায়ৰ চিঞৰ, অথচ চকু মুদি কাষৰে পাৰ হৈ গৈছা।

Read more

মাটিৰ মানুহ-অচ্যুত কৃষ্ণ বৰদলৈ

অৱক্ষয়ৰ অন্তহীন ক্ষুধাৰ দোমোজাত উকা হৈ পৰি ৰ’ল শাওন সেমেকা ভাগৰৰ পাহোৱাল উদং বুকুৰ ঘাম, মোৰ ককাহঁতৰ মলিয়ন চুৰিয়াত আজিও লিপিবদ্ধ হৈ জিলিকি আছে বোকাতেই সপোন সিঁচা তান।   মাটিৰ সেই মানুহবোৰে মাটিতেই সৰগ ৰচি গাইছিল হেলাৰঙে সেইজীয়া গান, মেঘৰ মিতিৰ সেই শাওণৰ প্ৰতিধ্বনি সীৰলুত আঁকিছিল সোনসেৰীয়া সপোনৰ প্ৰাণ।   আজিচোন অঁকৰা হৈ পৰিল পলস গাভৰু হোৱা উদং পথাৰৰ চিঞৰ নিমজ মিহি কোৰৰ নালত পৰি ৰ’ল মাথো  এজাক হিমচেঁচা নিয়ৰ। *******

Read more

হাতো নেমেলিবি ফুলো নিছিঙিবি-চিত্ৰলেখা দেৱী

(প্ৰথম খণ্ড) চলৌপ-চলৌপ-চলৌপ,চলৌপ-চলৌপ-চলৌপ….ভৰ দুপৰীয়া কেউফালে নিজান,আন শব্দৰ পয়োভৰ নাই। ৰংমনে ব’ঠাপাত আৰু জোৰেৰে মাৰিবলৈ চেষ্টা কৰিছে…সোনকালে ঘৰ পাবগৈ লাগে।আজি এবছৰ দিন ধৰি আই-পিতাই,ককাই-ভাই কাকো দেখা নাই।কিমান হেঁপাহেৰে চাগৈ ৰংমন আহিব আহিব বুলি তেওঁলোকে বাটলৈ চাই আছে!তাতোকৈ…তাৰ কলিজাৰ এফাল তেজীজনীকো যে কিমান দিন লগ পোৱা নাই!আজি এবছৰে তাই চাগৈ ৰঙে-ৰূপে  পাটগাভৰুজনী হৈ পৰিছে।তাইৰ মুখখন এবাৰ প্ৰাণ ভৰি চাবলৈ ৰংমনৰ মনটো ব্যাকুল হৈ পৰিল।ইতিমধ্যে সাউদৰ বৰনাও বুকুত মেটমৰা বোজা লৈ লুইতৰপৰা দিখৌৰ মোহনাৰে সোমাই পৰিল।উজাই নাও বাবলৈ কিছু কষ্ট হয় যদিও কষ্টৰ

Read more

গ্ৰন্থ:মিত‍্যবয়িতা- কুঞ্জ খাউণ্ড

(ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ক ‘মিতব্যয়িতা’ শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ড°প্ৰফুল্ল কটকীয়ে)   ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ৰ এক অভিনৱ অনুবাদ গ্ৰন্থ হ’ল ‘মিত‍্যবয়িতা’।অনুবাদক ৰূপে  ড°প্ৰফুল্ল কটকী দেৱে প্ৰায় বিশখনৰো অধিক বিশ্ববিখ্যাত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি গৈছে।তাৰ ভিতৰতে মিত‍্যবয়িতা গ্ৰন্থখনো এখন লেখত ল’বলগীয়া।মাত্ৰ ১২৪পৃষ্ঠাৰ গ্ৰন্থখনত আমি শিকিবলগীয়া বহু কথাই আছে।এতিয়া লেখকৰ চিন্তাৰে যদি আমি মিত‍্যবয়িতাৰ মূল কথাখিনি ফঁহিয়াই চাওঁ তেতিয়া জীৱন-নিৰ্বাহৰ কলা-কৌশলৰ কিছু আভাস পাম,যিটো আমি মিত‍্যবয়িতা গুণেৰে সজাব পাৰোঁ। মিত‍্যবয়ী অভ‍্যাসটোৰ উত্তৰণ হয় সভ‍্যতাৰ লগে লগেই।যেতিয়াৰপৰাই মানুহে মৌলিক প্ৰয়োজনখিনিৰ প্ৰয়োজন

Read more

গুৰুজনাৰ সাহিত্যত উপমা অলংকাৰ-ববিতা শৰ্মা

“কাব্যভোজকৰাণ ধৰ্মান অলংকাৰান প্ৰচকতে”                                           –আচাৰ্য দণ্ডী অলংকাৰ হ’ল কাব্যৰ সৌন্দৰ্য বৃদ্ধিৰ এক কৌশল। অলংকাৰ শব্দৰ মূল হ’ল ‘অলম’ আৰু এই ‘অলম’ শব্দৰ অৰ্থ হ’ল ‘ভূষণ’।গতিকে কাব্যসাহিত্য যাৰ দ্বাৰা ভূষিত হয় সেয়ে অলংকাৰ।বৰ্ণনীয় বিষয়বস্তুক পাঠকৰ অন্তৰ পৰশাকৈ উপস্থাপন কৰাই সাহিত্যৰ মূল উদ্দেশ্য।কাব্য সাহিত্যত অলংকাৰে এই উদ্দেশ্য পূৰণত কবিক বিশেষভাৱে সহায় কৰে।আলোচকসকলে কাব্যৰ দুটা প্ৰধান দিশ নিৰ্ণয় কৰিছে।এটা হ’ল ভাৱ আৰু আনটো কলা।কাব্যত অলংকাৰ প্ৰয়োগৰ প্ৰধান লক্ষ্য হ’ল ভাৱক তীব্ৰতৰ কৰি তোলা।এয়া কাব্যৰ এক কৌশল আৰু এই কৌশলে ভাৱৰ সমান্তৰালকৈ কলাপক্ষৰো সৌন্দৰ্য

Read more

শৰতৰ জোনাক নামিছে-নিবেদিতা শৰ্মা 

শৰতৰ নিশাৰ জোনাক নামিছে  মোৰ মনৰ নন্দন কাননত  হৃদয়ৰ মৰম বোৰ উঠলি উঠিছে  নিয়ৰত গা ধোৱা দুৱৰি ডৰা মুকুতা হৈ ৰ’দত জিলিকি  উলাহত নাচি হৈছে মতলীয়া  আহিনৰ কুঁৱলী ঠেলি  চুচুক চামাককৈ সোমাই আহিল শীত এবুকু চেঁচা চেঁচা শীতল মৰম কুৰুকি কুৰুকি প্ৰবাহিত দেহৰ ৰন্ধে ৰন্ধে শেৱালীৰ পাহিবোৰ ৰ’দত জিলিকে উলাহত নধৰে হিয়া  সোণালী কিৰণত মতলীয়া হৈ  সুৱাসে বিলালে ধৰা  শৰত মানেই শুকুলা মেঘ কপহুৱা আকাশ কহুৱা কোমল ৰিৱ ৰিৱ সমীৰণৰ  শুভ্ৰ চেঁচা চেঁচা মৃদু সুৱাস  শৰৎ মানেই শুকুলা কহুঁৱা বালি

Read more

দীঘলা কাই বগাই যায়- কুমকুম শৰ্মাবৰুৱা

“ৰুণিবা গুচি আহা” বুলি একেটানে পূজাই ৰুণিক আঁতৰাই লৈ আহিল।তাৰপিছতহে দেখুৱাইছে আচল বস্তুটো।ৰুণিয়ে এম.এচ.চি.ৰ শেষ পৰীক্ষা দি ঘৰলৈ আহিছে যদিও তাই নেট,গেট আৰু গৱেষণা কৰিবলৈ প্ৰয়োজনীয় লিখা পৰীক্ষাৰ কাৰণে পঢ়ি আছে। তথাপিও পেহীয়েকৰ ঘৰলৈ এপাক নাহিলে থাকিব নোৱাৰে।নতুনকৈ ফুলা এজেলিয়া ফুলজোপা ভালকৈ চাওঁ বুলি ডিঙি মেলি ওচৰলৈ গৈ চাবলৈ লওঁতেই এজেলিয়াজোপাৰ তলৰ ডাঙৰ ভেকুলীটো খাবলৈ এডাল প্ৰকাণ্ড দীঘল সাপ বগাই আহিছিল।তাই ষ্টেণ্ডডালত থকা টাবটোলৈহে চাইছিল অৰ্জুনে মাছৰ চকুটোলৈ চোৱাৰ দৰে,তললৈ চোৱাই নাছিল।দূৰলৈ আহি দেখি কিন্তু ভয় এটা খালে ভালকৈ।এই জীৱটোৱেই

Read more

কম্পাটিবল:মূল,ৰিচাৰ্ড আৰ স্মিথ (আমেৰিকা):অনুবাদ-ৰঞ্জনা দত্ত

ৰচনা কাল:আগষ্ট ১৯৫৮ চন লেখক পৰিচয়:  ১৯৩০ চনত জন্ম লাভ কৰা ৰিচাৰ্ড আৰ স্মিথে ১৯৪৯ চনৰে পৰা বিজ্ঞানভিত্তিক কল্প কাহিনী লিখা আৰম্ভ কৰে।তেওঁ ডেন এলিয়ট,ডেমন কাচল,ৰিচাৰ্ড ই স্মিথ, এন টেইলৰ আদি কেইবাটাও ছদ্মনামেৰে লিখা-মেলা কৰিছিল।তেওঁৰ কেইবাখনো গ্ৰন্থ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। (কিছুমান সমস্যা সমাধানৰ বাবে গিৰিয়েক বোৰৰ হাততে বিভিন্ন ধৰণৰ সমাধান থাকে.. কাচিৎ হত্যাৰ দৰে ঘটনাও সংঘটিত হয়।এইটো আকৌ তাতকৈও ডাঙৰ এটা ঘটনা!) জৰ্জ ফায়াৰ প্লেছৰ কাষত বহি আছে, তেওঁৰ মুখখন বিৰক্তিৰে ভৰা। “এইখন এখন নৰক।মই তোমাক কৈছো

Read more

সংখ্যাটোৰ আঁৰৰ কথা 

পোনপ্ৰথমতে আটাইলৈ মোৰ তৰফৰপৰা আন্তৰিক নমস্কাৰ জনাইছোঁ।আশা কৰোঁ আপোনালোক সকলো নিশ্চয় কুশলে আছে।আটাইৰে সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ। আজিৰপৰা প্ৰায় ডেৰমাহ মানৰ আগৰ কথা। ছেপ্টেম্বৰ মাহৰ ঠিক মাজভাগতে গধূলি সময়ত ‘শব্দচিত্ৰ’ গোটৰ যিটো আমাৰ প্ৰশাসক মণ্ডলীৰ হোৱাটচএপ গোট আছে,তাত মই একো বুজি নোপোৱা ধৰণৰ এটি বিশেষ বাৰ্তা আহিছিল।বাৰ্তাটো দেখি মই একোৱেই ধৰিব পৰা নাছিলোঁ।লাহে লাহে বুজিবলৈ ধৰিলো যে আমাৰ গোটৰ ‘শব্দচিত্ৰ জীৱন-জিজ্ঞাসা’ ই-আলোচনীখনৰ তৃতীয় বৰ্ষৰ চতুৰ্থ (পূজা সংখ্যা)সংখ্যাটি প্ৰকাশৰ প্ৰস্তুতি চলাবলৈ সময় হৈছে।তাৰ বাবে কাম-কাজৰ দায়িত্ববোৰৰ কথাই মোৰ মনটোত কিছু

Read more

গছ আৰু মানুহ (জাপানৰ সাধু) -ড° মৃদুস্মিতা ফুকন

এজন বৰ মৰমিয়াল খৰিকটীয়া আছিল।তেওঁ সকলোকে মৰম কৰিছিল।মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই,তেওঁ যিখন হাবিত খৰি লুৰিছিল,সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম। অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে।এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,-ক’ৰবাত কোনোবাই যেন কেঁকাই আছে।তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি,কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল।এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল তিনিটা ভাঙি থৈ গৈছে।ভগা ঠাইৰপৰা ওলোৱা ৰসখিনি খৰিকটীয়াজনে

Read more
1 26 27 28 29 30 81