মনৰ কথা-দুলুমণি শইকীয়া
চকুবোৰ লাহে লাহে নিস্তেজ হৈ পৰিছে ৰোগে গৰ্ভত স্থিতি লৈছে অন্তৰ্ভাগত অহৰহ তুঁহজুই উমি-উমি জ্বলি থাকে দেহ-মনৰ কষ্টবোৰ দুগুণে বাঢ়িছে অসহ্য যাতনা এয়া অভিশাপ পৰাধীনতাৰ আমি সঁচাকৈয়ে স্বাধীন নে? ইয়ো এক অন্যতম প্ৰশ্ন। চকুৰ আগতে দেহবোৰ পণ্য-সামগ্ৰী হৈছে, উলংগ হৈছে। অদ্ভুত,অদমনীয় দৃশ্যবোৰত অসুস্থ মন, নিশাৰ কোনো অসহায় নাৰীৰ চিঞৰত ৰাজপথ পিচল তেজৰ চকুলোত। ইমানৰ পাছতো কিয় কঁপি নুঠে নামঘৰৰ আসন?? তুমিও দেখিছা সেই বিভৎস ৰূপ শুনিছা অসহায়ৰ চিঞৰ, অথচ চকু মুদি কাষৰে পাৰ হৈ গৈছা।
Read more