ৰম্যৰচনা-অঞ্জু মহন্ত
(সংগৃহীত) মাংসৰ আঞ্জাৰে ভাত সানি এগৰাহ মুখলৈ নিয়েই ৰাতুলে গম পালে মাংসত নিমখ কম।মনে মনে সি খুব আনন্দিত হ’ল।অন্তত এইবাৰ স্নিগ্ধাৰ নিজকে বচোৱাৰ কোনো যুক্তি নাথাকিব।কালি ভাত ডেই পেলাইছিল। তাৰ পিছত খুব গম্ভীৰ হৈ ৰাতুলক কৈছিল, ‘এইবাৰৰ পৰা অলপ চাইচিতি চাউল আনিবা।’ সঁচাকৈয়ে তোমাক কি কম আৰু!কিযে দোকানৰ পৰা চাউল আনা নহয়! হতভম্ব হৈ ৰাতুলে সুধিছিল, ‘ভাত ডেই যোৱাৰ লগত চাউলৰ কি সম্পৰ্ক?’ স্নিগ্ধাই উত্তৰ দিছিল, ‘সেয়া তুমি নুবুজিবা।যিয়ে ৰান্ধনীঘৰ চম্ভালে তেওঁহে বুজে।’ যেনেকৈ তোমাৰ অফিচৰ কাম মই নুবুজো, ঠিক
Read more