ৰম্যৰচনা-অঞ্জু মহন্ত

(সংগৃহীত) মাংসৰ আঞ্জাৰে ভাত সানি এগৰাহ মুখলৈ নিয়েই  ৰাতুলে গম পালে মাংসত নিমখ কম।মনে মনে সি খুব আনন্দিত হ’ল।অন্তত এইবাৰ স্নিগ্ধাৰ নিজকে বচোৱাৰ কোনো যুক্তি নাথাকিব।কালি ভাত ডেই পেলাইছিল। তাৰ পিছত খুব গম্ভীৰ হৈ ৰাতুলক কৈছিল, ‘এইবাৰৰ পৰা অলপ চাইচিতি চাউল আনিবা।’ সঁচাকৈয়ে তোমাক কি কম আৰু!কিযে দোকানৰ পৰা চাউল আনা নহয়! হতভম্ব হৈ ৰাতুলে সুধিছিল, ‘ভাত ডেই যোৱাৰ লগত চাউলৰ কি সম্পৰ্ক?’  স্নিগ্ধাই উত্তৰ দিছিল, ‘সেয়া তুমি নুবুজিবা।যিয়ে  ৰান্ধনীঘৰ চম্ভালে তেওঁহে বুজে।’ যেনেকৈ তোমাৰ অফিচৰ কাম মই নুবুজো, ঠিক

Read more

সম্পাদকীয়

পোনপ্ৰথমতেই মই আটাইলৈ শীতকালীন অভিবাদন জনালোঁ।’শব্দচিত্ৰ জীৱন—জিজ্ঞাসা’ৰ লেখক,পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ভাষা-সাহিত্য,সংস্কৃতি হ’ল এটা জাতিৰ দাপোন।ভাষা,সাহিত্য,সংস্কৃতিৰ উন্নতিয়েই হ’ল সমাজ,জাতিৰ উন্নতিৰ মূল চালিকাশক্তি।অসমীয়া ভাষা,সাহিত্য, সংস্কৃতি জীয়াই ৰখাটো অসমী আইৰ সন্তান হিচাপে আমাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব তথা কৰ্তব্যও।  ‘শব্দচিত্ৰ–জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ প্ৰকাশৰ কাম-কাজ কৰি থকা সময়তে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছিল শাৰদীয় দুৰ্গোৎসৱ।যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছিল শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা৷অসুৰ বিনাশি সমাজৰপৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল ভক্তসকল৷শেৱালী

Read more

চৰাইৰ চোঙত সন্ধ্যাতৰা-ববিতা শৰ্মা

প্ৰকাৰ:উপন্যাস  লেখক:গোবিন কুমাৰ খাউণ্ড প্ৰকাশক:গ্ৰন্থ-সংস্কৃতি এ টি ৰ’ড, তৰাজান  যোৰহাট — ১ প্ৰথম প্ৰকাশ:মাৰ্চ ২০২৪ মূল্য:১৮০ টকা    চৰাইচোং।অসমৰ প্ৰথমখন পক্ষী অৰণ্য।জানিব পৰা মতে চাওফা চ্যু-চেং-ফা বা বুঢ়া ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই চৰাই চোঙক ৰাজকীয় পক্ষী উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰি পক্ষী সুৰক্ষা সুনিশ্চিত কৰিছিল। ‘অৰণ্য সুৰক্ষা সমিতি’ৰ দ্বাৰা প্ৰকাশিত ‘সেউজ পত্ৰিকা’ৰ আনুমানিক তথ্য অনুসৰি মাজুলীৰ ভকতি দুৱাৰ অঞ্চলত অৱস্থিত চৰাই চোং বিশ্বৰ প্ৰথমখন সংৰক্ষিত ৰাজকীয় পক্ষী উদ্যান।মাজুলীৰ বৰ্তমানৰ মানচিত্ৰত উজনি মাজুলীৰ গাভৰু মেলীয়া,কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে; কঠমীয়াৰ

Read more

সাক্ষাৎকাৰ

(অসমৰ প্ৰখ্যাত নাট্যকাৰ,নাট সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশক,নাট পৰিচালক,অভিনেতা,শিশু সাহিত্যিক,ব্যঙ্গ লেখক শ্ৰদ্ধাৰ প্ৰভাত গোস্বামীদেৱৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে মাতু কুকুৰাচোৱাই। প্ৰশ্নসমূহ যুগুতালে বৰষা ডেকাই।) মাতু: নমস্কাৰ ছাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় আমাক প্ৰদান কৰা বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ,প্ৰথমতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ। লগতে আপোনাৰ শৈশৱ সজীৱ কৰি স্মৃতিৰ দলিচাত সাঁচ বহুৱাই যোৱা তেনেকুৱা ঘটনা সম্পৰ্কে আমাক জনাব নেকি? গোস্বামীদেৱ: প্ৰতি নমস্কাৰ জনাইছো। শিক্ষাজীৱন আৰম্ভ হৈছিল ডিব্ৰুগড়ত।জ্ঞানদায়িনী এল.পি. স্কুলত শিক্ষা জীৱন আৰম্ভ।তাৰ পাছত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।তাৰ পাছত

Read more

নাৰী তুমি অনন্যা-ড° মৃদুস্মিতা ফুকন

‘সমাজৰ অৰ্ধাংশক ৰান্ধনি ঘৰত আৱদ্ধ ৰাখি কোনো দেশেই প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে।’– লেনিন সৃষ্টিৰ সেই আদি যুগ,আদম আৰু ইভৰ যুগৰ পৰাই নাৰী-পুৰুষৰ সহাৱস্থান থাকিলেও দুয়ো দুটি ভিন্ন চৰিত্ৰ|প্ৰকৃতিৰ নিয়মেৰেও পুৰুষ তেওঁৰ পুৰুষত্বক লৈ আৰু নাৰীও তেওঁৰ নাৰীত্বক লৈ পৃথক।উভয়েই ভিন্ন প্ৰান্তত নিজস্বতা বজাই ৰাখিছে।সৃষ্টিৰ সেই আদিম কালৰে পৰাই পুৰুষ সম্পদৰ ৰক্ষী।এই শক্তিয়েই তেওঁৰ পুৰুষত্ব।এই শক্তিৰেই পুৰুষে ন-ন কাৰিকৰী কৌশলেৰে বিশ্বক নিয়ন্ত্ৰণ কৰিছে।কিন্তু সুন্দৰ,শান্ত নিৰিবিলি ঘৰখন সজাই তোলে নাৰীগৰাকীয়েহে।এই বিশ্বৰ সমস্ত অজান-অচিন গভীৰতাত সোমাবলৈ পুৰুষে যেতিয়া নিত্য-নতুন অভিযানত আগবাঢ়িছে,সেই সময়ত নাৰীয়ে

Read more

টাইটানিক-অৰবিন্দ গোস্বামী

১৯৯৭ চনৰ ২ জুলাইত মুক্তি পোৱা ‘টাইটানিক’ চলচ্চিত্ৰৰ পটভূমি আছিল এক নিৰ্মম সত্য ঘটনাৰ ওপৰত আধাৰিত।কাহিনীৰ লিখক আছিল জেমছ কেমেৰন(Jaes Cameron)।ছবিখনৰ পৰিচালক, সহ-প্ৰযোজক আৰু সহ-সম্পাদকো আছিল জেমজ কেমেৰন। প্ৰকৃততে আৰ.এম.এছ. টাইটানিক আছিল এখন বৃটিছ মানৱ পৰিবাহী জাহাজ।ইংলেণ্ডৰ চাউথ এম্পটনৰ পৰা নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তে এটুকুৰা প্ৰকাণ্ড আইচবাৰ্গত খুন্দা মাৰি জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে।ইতিহাসপ্ৰসিদ্ধ এই অত্যন্ত শোকাৱহ দুৰ্ঘটনাটো ঘটাৰ সময়ত জাহাজত ২,২২৪ জন যাত্ৰী থকাৰ বিপৰীতে ১,৫০২ জন

Read more

নীলা খামৰ চিঠি-ইলি তালুকদাৰ

মৰমৰ,         মৰম ল’বা।কেনে আছা?মৰম ল’বলৈ কৈছোঁ যদিও মোৰ মৰম ল’বলৈ তোমাৰ সময়,ইচ্ছা আছে নে নাই সেয়াও নাজানো।তোমালৈ আজি কি লিখোঁ ভাবি পোৱা নাই।কয় নহয় বোলে অন্তৰ যেতিয়া ভাবেৰে পূৰ্ণ হৈ থাকে তেতিয়া শব্দ নোলায়,শব্দ কম হয়।মোৰো আজি একেই অৱস্থা।তথাপিও মনৰ কথাবোৰ পাতল কৰিবলৈ আগৰ দৰেই আজিও কলম তুলি লৈছোঁ। আজি বহুত পুৰণি কথা মনত পৰিছে অ’।মোৰ তেতিয়া বয়সনো কিমান?পুষ্পিতা হৈ উঠিছোঁ হে। আমাৰ সেই দিনত পুষ্পিতা হোৱাৰ চাৰিদিনৰ দিনা তোলনী বিয়া পাতিছিল।কলগছৰ তলত নোৱাই-ধোৱাই কইনাৰ সাজেৰে সজাই পৰাই তোলা দেহটো

Read more

দৌৰ-ঋতুপৰ্ণা দত্ত

কঠিন অথচ হিয়াজুৰোৱা অধৰত হাত ফুৰাই তন্দ্ৰামগ্ন তাই সিহঁতৰ প্ৰেমত নিমজ্জিত হ’ল। বাৰে বাৰে হাত ফুৰায়ো যেন তৃপ্ত নহয়। আতুৰত তাই বিৰবিৰায়…উস্!এই প্ৰেম,এই ভালপোৱাৰ শেষ নাই…। “হেৰা বʼলা বিয়া খাবলৈ নোযোৱা নেকি?”  এনেকুৱাতে কাণৰ কাষতে মানুহজনে চিঞৰি উঠিল। তাই যেন আকাশৰ পৰাহে খহি তললৈ পৰিল।কোনো কল্পনাৰ এখন সাগৰত তাই অতপৰে সিহঁতক সাৱটি উটি-ভাঁহি ফুৰিছিল।কিমান যে ভাল লগা অনুভৱে তাইক ইমান সময়ে সামৰি ফুৰিছিল।  মানুহটোলৈ তাইৰ খং উঠিল।সিহঁতৰ লগত একাত্ম হৈছিলহে!দিলেহি নহয় টেংটেঙীয়া মাতডালেৰে চিঞৰি। মানুহটোলৈ তাই ঘোপাকৈ চালে।মানুহটোৱেও গম নাপালে

Read more

অগ্নিস্নান-জয়ন্ত গগৈ 

ক্ৰিং ক্ৰিং কৈ ম’বাইলৰ ৰিংট’নটো বাজি থকা বাবে শইকীয়াই ভাতৰ টেবুলৰ পৰা আধা খোৱাকৈ উঠি আহি ফোনটো তুলি অচিনাকী নম্বৰ দেখি ৰিচিভ কৰিবলৈ ইচ্ছা নকৰি পুনৰ ভাতৰ টেবুলত ওচৰ বহিলেহি।সানি লোৱা ভাত গৰাহ মুখত ভৰাবলৈ লওঁতেই পুনৰ ম’বাইলৰ ৰিংট’নটো বাজি উঠাত খোৱা হাতেৰে পুনৰ উঠি গৈ আগৰ সেই অচিনাকী নম্বৰৰ ডায়েল ক’ললিষ্টত জিলিকি আছিল।শইকীয়াই ম’বাইলটো হাতত লৈ ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগেই সিফালৰ পৰা একো নকৈ মাথোঁ মহিলা গৰাকীয়ে শোক শোকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।শইকীয়াই কান্দোন শুনিয়েই বুজিবলৈ

Read more
1 27 28 29 30 31 81