‘বি এম’ৰ ৰন্ধন কলা-প্ৰদীপ বৰা
‘বি এম’ মানে ব্ৰাঞ্চ মেনেজাৰ হয় নে নহয় মই খাটাংকৈ একে উশাহতে কৈ দিব নোৱাৰো কিন্তু বি এম মানে বিশ্ব মহন্ত যে সেইটো ধ্ৰুৱ সত্য৷মহন্তই আজি কিছুদিন ধৰি ফেচবুকত এটা সাংঘাতিক গ্ৰুপৰ আৱিষ্কাৰ কৰি গ্ৰুপৰ ৰীতিনীতি পৰম্পৰা মৰ্যাদা আদি পৰিষ্কাৰ কৰি দিছে৷সেই কাৰণে তেওঁ বহুতৰেপৰা নমস্কাৰ আৰু বহুতৰে পৰা পুৰস্কাৰো পাইছে। ফেচবুকৰ এখন বিশাল সাম্রাজ্যত তেওঁৰ গ্ৰুপটো জাতিষ্কাৰ হোৱাৰ পথত৷এই বিশ্ব বিখ্যাত গ্ৰুপটোৰ নামাকৰণ কৰিছে “ৰন্ধন কলা প্ৰসূত সাহিত্য” বুলি।তেওঁ ৰন্ধনত ব্যৱহৃত উপাদানসমূহ হ’ল বিভিন্ন ধৰণৰ জীৱ-জন্তু…মেৰুদণ্ডী প্ৰাণী, অমেৰুদণ্ডী প্ৰাণী,
Read more