গ্ৰন্থৰ নাম: মোৰো এটা সপোন আছে-কংকনা গোস্বামী
লেখক: ড° ৰুবুল মাউত প্ৰকাশক: পূৰ্বায়ন প্ৰকাশন দ্বাদশ প্ৰকাশ: নৱেম্বৰ, ২০১৯ মূল্য: ১৮০ টকা বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ্বন ফেল’ ডঃ ৰুবুল মাউতদেৱৰ আত্মজীৱনীমূলক গ্ৰন্থখনেই হৈছে ‘মোৰো এটা সপোন আছে’। অশেষ সংগ্ৰামৰ মাজেৰে শৈশৱ তথা কৈশোৰ অতিবাহিত কৰাৰ লগতে জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতকো নেওচি কিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছুচেটছ বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিলে তাৰ বিশদ বিৱৰণ গ্ৰন্থখনত বৰ্ণিত হৈছে।গভীৰ অনুপ্ৰেৰণামূলক গ্ৰন্থখনক লেখকে যথাক্ৰমে শৈশৱ, সংগ্ৰাম, সুযোগ, দেউতাৰ অসুখ এই চাৰিটা ভাগত বিভক্ত কৰি জীৱনৰ
Read more