ভাই-হৰিচন্দ্ৰ ডেকা

হৰ আৰু নীৰেন দুয়ো ভাই-ককাই ৷ পিছে মানুহে  দেখিলে দুয়োজনকে বাপেক-পুতেক বুলিহে ক’ব।ইয়াৰো কাৰণ আছে।হৰৰ জন্মৰ পিছত মাক শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল।সেয়েহে তাক লৈয়ে সংসাৰখন আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰি কোনোমতে পেটে ভাতে খাই থকা পিতাকে পত্নীৰ শুশ্ৰূষা আৰু হৰক অসুবিধা নোপোৱাকৈ প্ৰতিপালন কৰাত মনোনিৱেশ কৰিলে ৷ এইদৰেই তিনিওজনৰ সংসাৰৰ জীৱনচক্ৰ আগবাঢ়ি গৈ থাকিল।পাঁচ বছৰীয়া হোৱাৰেপৰা হৰই পঢ়া-শুনা আৰম্ভ কৰাৰ লগতে পিতাকক খেতি পথাৰত আৰু দুৰ্বল শৰীৰৰ মাকক ঘৰুৱা কামত সহায় কৰিব পৰা হ’ল ৷ইমান ভাল ল’ৰা এজন পুত্ৰ হিচাপে পাই

Read more

অভিব্যক্তি-পৰশ প্ৰতিম

বাস্তৱ জীৱনৰ প্ৰতিফলনকেই নকৈছিলা জানো কবিতাৰ ডেফিনেচন বুলি হয়; ঠিকেই ধৰিছিলা তুমি আৰু তুমিতো জানাই মোৰ মন তোমাৰ মন তোমাক দিয়া ভালপোৱাৰ প্ৰস্তাৱ মোৰ কাব্যিক জগতত প্ৰথম পদাৰ্পণ এটা আনটোৰ পৰিপূৰক স্বৰ্ণিল সময়ত লিখা বৰ্ণিল কবিতাৰ শব্দবোৰতে প্ৰতিফলিত হ’ব তোমাৰ ‘প্লেট’নিক লাভ’। সেয়েহে কৈছোঁ মোৰ কবিতা তোমাতেই আৰম্ভ তোমাতেই শেষ। ******

Read more

অনুভৱ-কৌশিক নন্দন বৰুৱা

“কিছুমান মানুহক কিবা এটা ভাল লাগে।” এই যে ক’ৰবালৈ গৈ পায়েই মাকক ফোন কৰি কোৱা ল’ৰাটো, “মা মই পালোঁহি দেই।”……কিবা এটা ভাল লাগে। এই যে ঘৰৰ বাহিৰত থাকি মাকক ফোনত সোধা ছোৱালীজনী, “দেউতাই ঔষধ খাই আছে নে ঠিকমতে?”…..কিবা এটা ভাল লাগে। বহুদিনৰ মূৰত লগ পাই ….. “কি কৰি আছা এতিয়া, চাকৰি বাকৰি নকৰা নেকি” বুলি নুসুধি….. “ঘৰত ভাল নে সকলোৰে, মাৰ অসুখটো কমিছে নে?”… বুলি সোধা মানুহজনক কিবা এটা ভাল লাগে। এই যে চিনাকি বা অচিনাকি কাৰোবাৰ কেঁচুৱা এটা দেখিয়েই

Read more

সঁচাকৈয়ে আমি মানৱজাতি এই পৃথিৱীৰ?নে মনত কেতিয়াবা প্ৰশ্ন হয়?-পঙ্কজ বৰুৱা

আপোনালোকৰ মনলৈ কেতিয়াবা এই ভাৱ আহেনে যে আমি পৃথিৱীৰ এই মানৱ জাতি সঁচাকৈয়ে এই পৃথিৱীৰ! নে এই পৃথিৱীৰ বাহিৰৰপৰা বা বাহিৰৰ কোনো এলিয়েন প্ৰজাতিৰ লগত সংকৰণ হৈ আমাৰ সৃষ্টি হ’ল?ই এক জটিল প্ৰশ্ন কিয়নো আজিলৈকে আমি মানৱ জাতিয়ে পৃথিৱীৰ বাহিৰত এতিয়ালৈকে আমাতকৈ বুদ্ধিমানতো বাদেই কোনো জীৱনেই আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই।তথাপিও আমাৰ মানৱ জাতিৰ কিছুমান বৈশিষ্ট্যলৈ চালে আমি এই পৃথিৱীৰ নহয় যেন অনুভৱ হয়। পৃথিৱীৰ মানুহেই একমাত্ৰ জীৱ যাৰ ভাষা আছে যি লিখিব পাৰে।এই বৈশিষ্ট্যই মানুহক পশুৰপৰা পৃথক কৰে।বিগত পাঁচ

Read more

সম্পাদকীয়

পোন প্ৰথমেই সকলোকে শীতকালীন অভিবাদন জনালোঁ..।লগতে দেৰিকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু  মাঘ বিহুৰ শুভকামনা যাচিলো। শেহতীয়াকৈ সাহিত্যতত্বৰ বিষয় এটা পঢ়ি থাকোঁতে ‘কুইয়ৰ তত্ব’ৰ সম্পৰ্কত গল্প এটা পঢ়িছিলোঁ যিয়ে মোক চকুপানী উলিয়াই দিলে।গল্পটো আছিল গল্পকাৰ অজন্তাৰ ‘কিন্নৰ’ শীৰ্ষক গল্পটি।বৰ্তমান সময়ত সাহিত্যত ‘কুইয়ৰ তত্ব’ এটা সৰ্বস্ব চৰ্চিত বিষয় যদিও আমাৰ সমাজত এতিয়াও সেই বিষয়টো প্ৰেক্টিকেলী সকলোৱে আদৰি ল’ব পৰা নাই। মানুহ বুলি ক’লে আমি ‘পুৰুষ’ আৰু’নাৰী’ এই ধাৰণাই কৰোঁ। আচলতে,’মানুহ’ নামৰ শব্দটোৰ ভিতৰত এটা উভয়লিংগ সূচক ধাৰণাই সোমাই আছে।মানুহৰ ‘পুৰুষ’ আৰু ‘নাৰী’

Read more

কোচবিহাৰ ভ্ৰমণৰ ডুখৰীয়া ছবি-চিত্ৰলেখা দেৱী

কথা এষাৰ আছে — “যিমানে ফুৰিবা, সিমানে শিকিবা”। কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি। ফুৰিলে – চাকিলে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পায়। ঘৰ – সংসাৰৰ নানানটা বেমেজালিৰ মাজতো মই বছৰত একোবাৰকৈ কোনোবা এফালে ফুৰিবলৈ যোৱাৰ সুযোগ এটা যেনে তেনে উলিয়াই লওঁ। তাৰ বাবে পাছত আৰ্থিক দিশত কেতিয়াবা অসুবিধাৰো সৃষ্টি নোহাৱাকৈ নাথাকে, যিহেতু আমি সীমিত উপাৰ্জনৰ পৰিয়াল। এইবাৰ বিভিন্নজনে কোচবিহাৰৰ ৰাজপ্ৰাসাদ আৰু মধুপুৰ সত্ৰৰ ফটো ফেচবুকত আপলোড কৰি থকা চাই চাই নিজেও এবাৰ নিজ চকুৰে দেখাৰ লোভ সম্বৰণ কৰিব নোৱাৰিলো। স্কুলত কথা

Read more

বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ-বিশ্বৰাণী ভূঞা

শিশুক সৰুৰেপৰা ঘৰতেই বিজ্ঞানমনস্ক, যুক্তিবাদী হ’বলৈ শিকাব লাগে ৷ “এইটো কাম কৰিব নাপায়” বুলি ক’লে “কিয় নাপায়” তাৰ যথাযথ উত্তৰ দিব পাৰিব লাগে।যেনে ধৰক : জন্মবাৰত চুলি,নখ কাটিব নাপায় বুলি বহুতে কয় ৷ সৰুৱে “কিয় নাপায়” বুলি সুধিলে, ডাঙৰে প্ৰশ্নটোৰপৰা ফালৰি কাটি গৈ “তুমি আজিকালি মুখে মুখে প্ৰশ্ন কৰা হৈছা দেই, নাপায় বুলি কৈছো নাপায়”  বুলি দাবি-ধমকি দি আঁতৰি গ’লে সমস্যাৰ সমাধান নহয় ৷ “কিয় নাপায়” তাৰ কাৰণ, যুক্তি, তথ্য, প্ৰমাণ সহকাৰে শিশুক বুুজাই দিব লাগে ৷ সকলো কাৰ্য্যৰে কাৰণ

Read more

ফাট দিয়া বসুমতী পাতালে লুকাওঁ-নিবেদিতা শৰ্মা

পুৱা ঘৰৰ নিত্য নৈমত্তিক কামবোৰ লৰালৰিকৈ কৰি গৃহস্থ আৰু সৰু ল’ৰাটোক খুৱাই বুৱাই বিদ্যালয়লৈ পঠিয়াই সমাজ সেৱিকা জ্যোতিয়ে সভা এখনত উপস্থিত হ’বলৈ ঘৰৰপৰা বিশ কিলোমিটাৰ দূৰত্বৰ হোজাইলৈ বুলি ৰাওনা হ’ল। এঘাৰ বজাৰপৰা আৰম্ভ হ’বলগীয়া সভাখনৰ বাবে যথা সময়তে জ্যোতি সভাগৃহত উপস্থিত হ’লগৈ।নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ আৰম্ভ  হোৱা “নাৰী সৱলীকৰণ”ৰ সভাখনত সভাপতিত্ব  জ্যোতিয়ে কৰিব লগা হ’ল।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০সুৰঞ্জনা দত্তকে ধৰি কেইবা গৰাকী বিশিষ্ট অতিথিয়ে  বক্তব্য প্ৰদান কৰাৰ লগতে দুই এটা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী থকা বাবে সভা সমাপ্তি

Read more

নিস্তব্ধ নিশাৰ কোলাহল-পল্লবী কৌশিক শৰ্মা

                                                       (১) চিপচিপিয়া বৰষুণ এজাক গাতে লৈ কৰ্মস্থানৰ পৰা ঘৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰমিতা । সন্ধিয়াৰ এই সময়খিনি বজাৰখনৰ মাজেৰে তাই সাধাৰণতে খোজ কাঢ়ি আহিয়েই ভাল পায় । এনেই পাতলীয়া ভিৰ থাকে যদিও আজি হয়তো বৰষুণজাকৰ বাবেই মানুহৰ সমাগম একেবাৰে কম । দুই এজনে হাততে ছাতি এটা লৈ ব্যস্ততাৰে তাইক পিছ পেলাই আগুৱাই গৈছে

Read more

শুভেচ্ছা বাণী

সামাজিক মাধ্যমবোৰে আমাৰ সমাজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱালৈ চাই আমি সকলোৱে তাৰ ব্যৱহাৰ অলপ দায়িত্বশীলতাৰে পালন কৰা উচিত। কিয়নো – মনৰোচক ভুল খবৰ একোটা দ্ৰুতভাৱে সংক্ৰমিত হৈ সমাজত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ভুল খবৰটো আপল’ড কৰোঁতে হয়তো এক মিনিট লাগে। কিন্তু তাৰ শুধৰণি হওঁতে হওঁতে হয়তো কেইবামাহো সময় লাগিব পাৰে। সচেতন ব্যক্তিসকলেহে শেষত সত্যটো উপলব্ধি কৰে। কিন্তু আন বহুতেই ভুলটোকে সত্য বুলি ধাৰণা কৰি আন উত্তেজক খবৰ একোটা লৈ ব্যস্ত হৈ পৰে। আগৰ খবৰটো যে ভুল আছিল তাৰ ভু ল’বলৈ আৰু

Read more
1 32 33 34 35 36 74