গোপন খেলা-পাৰ্থ সীমান বৈশ্য
এই যে নাই বুলি কোৱাৰ পাছতো আমনি কৰা সেইখিনি কি গোপন খেলা মোক এখন ফৰিঙৰ বিমান দিয়া উভতি যাওঁগৈ পঁইতা ভাতৰ পানী গৰৈ পুৰা কলপাত আৰু কিছু মাটিৰ চাকি দিয়া কাগজৰ চিলাক কিহে চেপি ওপঙাই ৰাখে শূন্যতাত মই নাৰিকল পাতৰ সেই চম্পাজনীৰ হাঁহি চাবলৈকে বাৰে বাৰে চশমা পিন্ধিছিলো অথচ ইমান অকৃতজ্ঞ আছিল তাই মোৰ সুলকি যোৱা পেন্টটো চায়ো এবাৰলে এটা হাঁহিও নামাৰিছিল এনে কি আছিল তাইৰ যিখিনিৰ বাবেই মই আজিও উটি যাওঁ চেঁচা নৈত বুৰ
Read more