সংখ্যাটোৰ আঁৰৰ কথা 

অক্টোবৰৰ ২৪ তাৰিখ মানে গধূলি সময়ত মেছেজ এটা আহিছিল….’কথা এটা আছে, ফোনত পাতিব লাগিব’ ..! দহ মিনিটৰ পিছতেই ফোন কলটো আহিছিল অৰবিন্দ গোস্বামীদাৰ পৰা। ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ এইমাহৰ সম্পাদক তুমি হ’ব লাগিব বুলি কওঁতেই মোৰ চিন্তা লাগি গৈছিল। এনেকুৱা এখন গম্ভীৰ আলোচনীৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰিবলৈ এই অভাগীয়ে যে পাৰিম তাত সন্দেহ আছিল…। নাই , তুমি পাৰিবাই, আমি আছোঁ লগত ইত্যাদি ইত্যাদি প্ৰেৰণামূলক কথাৰে মোক আৰু একো ক’বলৈয়ে সুযোগ নিদিলে তেওঁ। মোৰ আটাইতকৈ বেছি চিন্তা লাগিছিল মোৰ ব্যস্ততাপূৰ্ণ

Read more

মাঘৰ বিহু বা ভোগালী বিহুৰ ইতিহাস আৰু পৰম্পৰা-পূৰ্ণিমা শইকীয়া গগৈ

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে।কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অন্তত পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী বিহু।আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ পাছত আঘোণ-পুহত  ধান, মাহ, তিল, আলু আদি শস্য চপাই মানুহে ভঁড়াল ভৰায়।এইখিনি সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খাবলৈ দুমুঠি ধান-চাউল থাকে। সেয়েহে এই বিহুত খোৱা-বোৱাত বেছি গুৰুত্ব দিয়া হয়।এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি সকলোৰে ঘৰতে উভৈনদী

Read more

মেঘালয় ৰাজ্যৰ দক্ষিণ গাৰোপাহাৰ জিলাৰ লোকচক্ষুৰ আঁৰত প্ৰকৃতিৰ মাজত লুকাই থকা কিছু আশ্চৰ্য্য-ৰঞ্জনা দত্ত

মেঘালয়ৰ পৰ্যটন স্থলবিলাকৰ কথা ভাবিলে আমাৰ মনলৈ আহে কেৱল শ্বিলঙ আৰু চেৰাপুঞ্জীৰ আশে পাশে থকা সুন্দৰ ঠাইসমূহৰ কথা।গাৰো পাহাৰ জিলা যেন সদায় উপেক্ষিত।সাধাৰণ পৰ্যটকসমূহৰ দৃষ্টিৰপৰা নিজকে সংগোপনে লুকুৱাই ৰখা মেঘালয় ৰাজ্যৰ পূব গাৰো পাহাৰ জিলা আৰু দক্ষিণ গাৰো পাহাৰ জিলাও প্ৰাকৃতিক সৌন্দৰ্য্য আৰু কিছু বৈচিত্ৰময় বিস্ময়ৰ আকৰ।দক্ষিণ গাৰো পাহাৰ জিলাৰ বাঘমাৰাৰ ওচৰে পাঁজৰে থকা এনে দুখনমান দৰ্শনীয় ঠাই পাৰিলে এবাৰমান চাই আহিবচোন। গুৱাহাটীৰ পৰা বাঘমাৰাৰ দূৰত্ব প্ৰায় ২৬৫ কি:মি। তুৰালৈ যোৱা ভালেমান চৰকাৰী আৰু বেচৰকাৰী বাছৰ বাহিৰেও বাঘমাৰালৈ এখন নৈশ

Read more

শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি-ববিতা শৰ্মা

“কৰ্মক জীৱন বুলি ভাবি সমাজৰ পৰম কল্যাণৰ বাবে কাম কৰা অনেক মানুহৰ ভিৰৰ মাজত শান্তনু তামূলী এজন একক সহস্ৰ কৰিব পৰা অভিলাষী মনৰ মানুহ।”  সম্পাদক, শান্তনু তামূলীৰ শিশু সাহিত্য  ইত্যাদি ‘শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি’ অসমীয়া সাহিত্যৰ ভঁড়ালত এক বহুমূলীয়া সংযোজন।চলিত বৰ্ষৰ জুলাই মাহৰ ২২ তাৰিখে যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ তথ্য আয়ুক্ত ড° সমুদ্ৰগুপ্ত কাশ্যপে গ্ৰন্থখনি উন্মোচন কৰে। শান্তনু তামূলী অসমীয়া শিশু সাহিত্য জগতখনৰ এটি জনপ্ৰিয় নাম।শিশু সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰকে জীৱনৰ ব্ৰত ৰূপে লোৱা, শিশুসকলৰ মৰমৰ ‘মৌচাক মামা’ই অসমীয়া

Read more

ঘৃণা,মূল লেখক : জেচমিন,ভাবানুবাদ-অঞ্জু মহন্ত

পাঁচ বছৰ, তিনি মাহ,বাৰদিন পিছত মোৰ স্বামী আবিৰক আকৌ দেখিলোঁ।স্বামী বুলি নকৈ প্ৰাক্তন স্বামী বুলি কোৱাহে ঠিক হ’ব।যদিও অফিচিয়েলি এতিয়াও আমাৰ বিবাহ বিচ্ছেদ হোৱা নাই।আবিৰ এতিয়া মোৰ ড্ৰইং ৰুমত বহি আছে।ভাবি অবাক লাগিছে,এই মানুহজনক এটা সময়ত পাগলৰ দৰে ভাল পাইছিলো। মোৰ ধাৰণা আছিল, মোৰ দৰে ইমান নহ’লেও,সিও মোক ভালপায়।যদিও তাৰ প্ৰকাশটো কেতিয়াও দেখা নাছিলোঁ।কিন্তু ভাবিছিলো, সকলোৰে প্ৰকাশ কৰা ক্ষমতা একে ধৰণৰ নহয়। ভালপোৱা কেতিয়াবা কেতিয়াবা মানুহৰ সৰ্বনাশৰ কাৰণো হয়।মোৰো সেয়াই হ’ল।মোৰ জৰায়ুত এটা সৰু টিউমাৰ হৈছিল।সৰু হলেও দুৰ্দান্ত গতিৰে ৰক্তক্ষৰণ

Read more

সময়ৰ ৰং-মানসী শৰ্মা

“ডাঙৰ মানুহবোৰৰ যে কথাৰ কোনো ঠিক নাই জাননে।” “কালিলৈকে জুই ওচৰলৈ নাযাবা নাযাবা কৰি আছিল, আজি আকৌ এমুঠামান  দীঘল খৰি জ্বলাই  মোৰ হাতত তুলি দিছে।” ******

Read more

শূণ্য পাত্ৰ-উপাসা ভাগৱতী

মনটো খৰালিৰ নৈখনৰ দৰে শুষ্ক স্ৰোতস্ৰিনীয়ে এতিয়া বলুকাৰ পাহাৰ গঢ়িছে শিঙৰ দৰে জোঙা শোকৰ প্ৰস্তৰখণ্ডই নিতে কৰা আঘাতে বুকুত সিঁচি যায় সেই একেই বিষাদৰ লোৰ অতীতৰ দুখৰ ফচিলত কৰ্ণকুহৰত ৰিণিকি ৰিণিকি বজা সুখৰ বাঁহীৰ সুৰটো অন্তৰ্নিহিত হয় এতিয়া অভ্যন্তৰৰ মুঠি মুঠি বালি আঙুলিৰ ফাকেৰে জৰ জৰকৈ সৰিছে এতিয়াহে বুজিছো কাকো ধৰি ৰাখিব নোৱাৰি সকলো গুচি যায় ঘন ঘন উশাহত বুকুখন খৰকৈ উঠা নমা কৰিছে লাহে লাহে সিও টুটি আহে হাতত থাকে কেৱল শূন্যতা, শূন্যতা আৰু শূন্যতা। ******

Read more

ছায়া-নন্দিতা ভাণ্ডাৰ কায়স্থ

বিল ক্লিয়াৰেঞ্চ, পেমেন্ট, বাজেট শব্দবোৰ মূৰৰপৰা উলিয়াই দেহৰ চাৰিওফালে জমা হ’বলৈ ধৰা চৰ্বিখিনি কেঁকো জেঁকো কৈ ডাঙি ভাগৰে বৰকৈ আগুৰি ধৰা প্ৰণীতাই প্ৰথম মহলাত থকা ঘৰৰ কলিং বেলটো সজোৰে টিপি দিলে।কান্ধত ভেনিটি বেগ, বাওঁহাতত ফল-মূলৰ টোপোলা লৈ বাহিৰৰ লহপহকৈ বাঢ়ি অহা এলোভেৰা জোপালৈ তাই চকু দিয়ে।দেখিয়েই তাইৰ মনটো কিবা এটা ভাল লাগি গ’ল। : মা, আহিলা।আজিও দেৰি হ’ল ন?ভাগৰেই লাগিছে ন তোমাৰ?টোপোলাটো মোক দিয়া। চতুৰ্থ শ্ৰেণীত পঢ়া জুহিয়ে দুৱাৰ খুলি মাকৰ হাতৰপৰা টোপোলাটো লৈ মাকক বৰ আথে বেথে ভিতৰলৈ সোমাবলৈ

Read more

ড০ এ. পি. জে. আব্দুল কালাম-কুঞ্জ খাউণ্ড

ভাৰতৰ  মিছাইলমেন খ‍্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি, মহাকাশ বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত  তামিলনাডুৰ ৰামেশ্বৰমত।দেউতাক আছিল জয়নাল আবেদিন আৰু মাতৃৰ নাম আছিল আচিয়াম্মা। পিতৃ-মাতৃ দুয়ো আক্ষৰিক অৰ্থত শিক্ষিত নাছিল, কিন্তু আছিল সংস্কাৰী আৰু উচ্চ আৰ্দশৰদ্বাৰা পৰিচালিত দুজন ব্যক্তি।চাৰিজন ভাই-ককাই আৰু এজনী ভনীয়েকৰ সৈতে মৰম -স্নেহৰ আবেষ্টনীত তেওঁ ডাঙৰ দীঘল হৈছিল। এক বৰ্ণাঢ্য জীৱনৰ গৰাকী হ’লেও আব্দুল কালামে বহু সমস্যাৰ মাজত শৈশৱ অতিবাহিত কৰিছিল। শৈশৱত আৰ্থিকভাৱে বহু সমস্যাৰ মুখামুখি হৈছিল কালাম। কালামৰ পিতৃ জয়নাল আবেদিন

Read more

জীৱন : এক সুন্দৰ আৰ্শীবাদ-চন্দামিতা শৰ্মা

ড০ নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাত “জীৱন জীৱন বৰ অনুপম”।সঁচাকৈয়ে জীৱন সুন্দৰ,জীৱন অমূল্য।সেয়েহে হয়তো কোৱা হয় যে – আপুনি যে জীয়াই আছে পৃথিৱীত,তাতকৈ ডাঙৰ কথা একো নাই। এনে ভাৱ মনত লৈয়ে  সৰুৰেপৰা ডাঙৰ হোৱা এজন সুন্দৰ-সুঠাম দেহৰ যুৱক।সৰুৰেপৰাই যথেষ্ট সাহসী আৰু দু:সাহসিক ক্ৰীড়াৰ প্ৰতি অতি উৎসাহী।ল’ৰাজনে  সৰুৰেপৰাই দুচকুত কঢ়িয়াই লৈ ফুৰিছিল এক সপোন,  এভাৰেষ্ট শৃংগত আৰোহণ কৰাৰ।সময় নিজ কক্ষত ঘূৰি আছিল আৰু সমানে দৃঢ় হৈছিল ল’ৰাজনৰ সপোন।সময়ত ল’ৰাজনে যোগদান কৰিলে নিজ দেশৰ সেনাবাহিনীত।কিন্তু..। পেৰাগ্লাইডিঙৰ সময়ত প্ৰায় ১৭,০০০ ফুট উচ্চতাৰপৰা পৰি ল’ৰাজন ঘূণীয়া হৈছিল।

Read more
1 34 35 36 37 38 74