আকৌ শৰৎ আহিল-নিৰুপমা বৰুৱা
আহিনৰ বোকোচাত উঠি ধৰালৈ নামি আহিল শৰৎ। গে ধৰা সেউজীয়া ধাননী ভৰাই কৃষকৰ মুখত হাঁহি বিৰিঙিয়াই। শৰৎ আহিলে পদূলিমুখৰ শেৱালীজোপা ফুলিল আমোল মোল শেৱালীৰ গোন্ধে সন্ধ্যা হ’লেই মন মতলীয়া কৰে। শৰতৰ স্নিগ্ধ ৰাতি নীল আকাশত তৰাৰ জিক্মিকনি তৰাৰ তৰাৱলীয়ে পাতে দীপাৱলী । নদীৰ পাৰত ফুলে শুকুলা-কহুৱা শৰতৰ বা লাগি কৰে গা-মন উতনুৱা । শৰৎ আহিলে নিয়ৰৰ মুকুতা সৰে সেউজীয়া ৰোৱাৰ পাতত মুকুতাৰ মালা গাঁথে পুৱাৰ সূৰুজৰ কিৰণত তিৰবিৰণি উঠে। শৰৎ আহিলে এজাক মৃদু চেঁচা বতাহ বলে দেহ মন জুৰ পেলাই
Read more