মকৰ সংক্ৰান্তিৰ মহত্ত্ব আৰু অসমৰ মাঘ বিহু-উপাসনা ভাগৱতী

সাধাৰণতে সূৰ্যই এটা ৰাশিৰপৰা আন এটা ৰাশিলৈ গমন কৰা দিনটিক ‘সংক্রান্তি’ বোলা হয়।সংক্ৰান্তিক দোমাহী বুলিও কোৱা হয়।আমাৰ অতিকৈ চেনেহৰ তিনিটি বিহু সূৰ্যৰ তিনিটি বিশেষ অৱস্থান কালৰ সংক্ৰান্তিত উদযাপিত হয়।ব’হাগত ‘মহাবিষুৱ সংক্ৰান্তি’, কাতিত ‘জলবিষুৱ সংক্ৰান্তি’ আৰু মাঘত ‘মকৰ উত্তৰায়ণ বা বিষ্ণুপদী সংক্ৰান্তি’ বোলা এই প্ৰতিটো বিহুৱেই কৃষিৰ লগত সংপৃক্ত।ব’হাগত শস্য ৰোৱা, কাতিত সোণগুটি লগা আৰু মাঘত সেই সোণগুটি চপাই ভঁৰালত ভৰোৱা সময়।এই তিনিওটি বিহুৱেই আমাৰ প্ৰাণৰো আপোন ।  বিশেষকৈ সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰলৈ গতি কৰা পুহৰ সংক্ৰান্তি; যাক মকৰ

Read more

অণুগল্প-সমীৰণ শৰ্মা

 (১) সুখ ধনী মানুহবোৰৰেই ভাল।সুখী তেওঁলোক।অন্ততঃ খাবলৈ, শুবলৈ কোনো চিন্তা কৰিব নালাগে।দিন হাজিৰা কৰিবলৈ যাওঁতে বাটতে সদায় দেখি থকা ৰাজ অট্টালিকাটোলৈ চাই অৰূপে সদায় এনেদৰে ভাবে। পাছদিনা ৰাতিপুৱা ৰাজ অট্টালিকাটোৰ সন্মুখত মানুহবোৰ গোট খোৱা দেখি চাইকেলখনৰপৰা নামি অৰূপো আগবাঢ়ি যায়। আন সকলোকে আচৰিত কৰাৰ দৰে অৰূপকো ঘটনাটোৱে আচৰিত কৰি তুলিলে।বাৰে বাৰে তাৰ মনত এষাৰ কথাই খুন্দিয়াই থাকিল।আচলতে ঘৰবোৰে সুখৰ সংজ্ঞা নিৰূপণ নকৰে।নহ’লেনো সম্পত্তিৰ বাবে পুতেকে পিতাকক হত্যা কৰেনে!                          (২) মৰমৰ ৰং জন্ম হোৱাৰেপৰা প্ৰত্যেটো সময়তে ছোৱালী সন্তান তিনিগৰাকীক দুখ কষ্ট

Read more

নাৰী-পুৰুষৰ সমমৰ্যাদা-ইলি তালুকদাৰ

ভাৰতীয় সংবিধানে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা ক’লেও কথাষাৰ কিমানদূৰ সঁচা ক’বলৈ টান। শুনিবলৈ বেয়া লাগিলেও এইখন দেশতেই  প্ৰতিদিনে নাৰী ধৰ্ষিতা হয়, নাৰী অপহৃতা হয়, যৌতুকজনিত কাৰণত নাৰীৰ মৃত্যু হয়, নাৰী লাঞ্ছিতা হয়, নাৰী অপমানিতা হয়। নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে অলপতে ২০২২ বৰ্ষৰ খতিয়ান দাঙি ধৰি কৈছে যে – দেশত চাৰি লাখ পঞ্চল্লিশ হাজাৰৰো অধিক অপৰাধমূলক ঘটনা সংঘটিত হৈছে কেৱল নাৰীৰ বিৰুদ্ধে। সংস্থাটোৰ মতে প্ৰতি ঘণ্টাত বাৰ গৰাকীকৈ নাৰী অপহৃতা হৈছে। ৰাতিপুৱা কাকতখন মেলিলেই নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিদিনে পঢ়িবলৈ পোৱাটো একেবাৰে

Read more

পৱিত্ৰ পাপী-ড°জুমি বৰুৱা গগৈ 

মুনুৰ বিছনাৰপৰা উঠিবলৈকে শক্তি নাইকিয়া যেন লাগিছে। ভাগৰ ভাগৰ লাগি আছে কেইবাদিনৰেপৰা। কিন্তু বাহিৰত চৰাইজাকে অথনিৰেপৰা হুলস্থুল কৰি আছে। উঠিবই লাগিব।নহ’লে সিহঁত নোখোৱাকৈয়ে গুচি যাব।উঠি গৈ মুনুয়ে  চাউল এবাতি চোতালত ছটিয়াই দিলে।চাউলখিনিৰ ওপৰত গোটেইজাক উবুৰি খাই পৰিল।সিহঁতৰ উলাহ দেখি মুনুৰ মুখত হাঁহি বিৰিঙিল, দেহ আৰু মনলৈও শক্তি অহা যেন লাগিল। আজি সদায় কৰা কামৰ উপৰিও এটা বিশেষ কাম আছে। সি দিনটোৰ কামবোৰ  মনতে জুকিয়াই ল’লে। মুনু খাম্ফাৰ ঘৰলৈ গ’ল। খাম্ফা মহিলাৰী।সি তাৰ ঘৰৰ চৌহদটোলৈ চালে।গোটেইখন হাবি-জংঘলেৰে ছানি ধৰিছে।আজি চাৰি মাহৰ

Read more

টুচু পৰৱ-ড° মৃদুস্মিতা ফুকন

চাহ শ্ৰমিকসকলৰ মাজত বহু প্ৰচলিত এক পৰৱ হৈছে টুচু পৰৱ বা টুচু পূজা।অসম ভূমিত মাঘ বিহু নামে জনাজাত এই পৰৱ প্ৰধানত: নাৰীকেন্দ্ৰিক যদিও পুৰুষসমাজেও ইয়াৰ ৰং-ৰহইচত ভাগ লয়।মাঘ বিহুৰ লগত সামঞ্জস্য থকা এই পৰৱৰ সুন্দৰ বুৰঞ্জীমূলক আখ্যান আছে।ভাৰতবৰ্ষৰ খিলজি বংশৰ প্ৰতাপী ৰজা আলাউদ্দিন খিলজিয়ে সুন্দৰী ৰাণী পদ্মিণীৰ লোভত চিতোৰ আক্ৰমণ কৰে।সাহসী পদ্মিণীয়ে শত-সহস্ৰ ৰমণীৰ লগলাগি ‘জহৰব্ৰত’ গ্ৰহণ কৰে।আলাউদ্দিন খিলজিয়ে তেনে সময়তে পঞ্জাৱৰ ৰজা বীৰবলৰ কন্যা ৰুক্মিণীৰ ৰূপ-গুণৰ কথা শুনি তেওঁৰ সৈতে বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।মুছলমান ৰজাক নিজ কন্যাক বিয়া দিব লাগিব

Read more

শীতনিদ্ৰা-কুমকুম শৰ্মাবৰুৱা

শীতনিদ্ৰা হ’ল প্ৰাকৃতিকভাৱে সুপ্ত হৈ থাকি শীতকালত জীয়াই থকা এটা অৱস্থা।শীতকালত বহুতো জন্তুৱে বৰ ঠাণ্ডা অনুভৱ কৰে আৰু খোৱাবস্তুৰো অভাৱ অনুভৱ কৰে।সৰু স্তন্যপায়ী জন্তু আৰু সৰীসৃপে শিল বৰষুণ পৰিলে অথবা বৰকৈ ঠাণ্ডা পৰিলে শৰীৰৰ তাপমাত্ৰা ঠিকে ৰাখিবলৈ বিভিন্ন উপায় ল’বলগা হয়।তাৰ লগে লগে ঠাণ্ডা দিনত সিহঁতৰ খাদ্যৰো অভাৱে দেখা দিয়ে।তাৰ এটাই উপায় আছে যে হয় শীতৰ দিনলৈ খাদ্যবস্তু জমা কৰি ৰাখিব লাগিব,নহয় শৰীৰৰ তাপমাত্ৰা কমাই শুই থাকিব লাগিব।কিছুমান জন্তুৱে গোটেই ঠাণ্ডাকালটো জিৰণিয়েই লৈ থাকে।তাকেই শীতনিদ্ৰাত থকা বুলি কোৱা হয়। শীতনিদ্ৰাত

Read more

আঘোণৰ মালিতা-মানসী শৰ্মা

গুণগুণ এটি হেঁপাহে কৰে আমনি কুঁৱলীৰ ওৰণি টানি আঘোণ যে পালেহি আহি,  সোণোৱালী ধাননিৰ অপৰূপ জ্যোতিয়ে মন মুহিলে কঙালীয়ে শুকান কৰা ওঁঠত বিৰিঙিল  এধানি হেঁপাহ আৰু প্ৰাপ্তিৰ হাঁহি।   আঘোণ মানে হেমন্তৰ হালধীয়াৰ সৈতে  পথাৰৰ সোণগুটিয়ে পতা যেন ৰঙৰ মেলা,  মূৰৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত কৃষকে সিচা সপোনবোৰ  ফুলি উঠাৰ দিয়ে বতৰা।   নিয়ৰত তিতি জুৰুলি-জুপুৰি হয় পথাৰৰ সোণগুটি  ৰিবৰিব মলয়াৰ স্পৰ্শত   সোণগুটিৰ সুগন্ধত চৌদিশ  হয় সুবাসিত,  পকা ধানৰ সুগন্ধত আনমনা হৈ নামি আহে জাকপাতি শৰালি।   কপালত ঘাম,

Read more

মিনু মাহী-সঙ্গীতা পাচনি 

মিনু মদাৰগুৰি গাঁৱলৈ বিয়া হৈ আহোঁতে ২১বছৰ।বিয়া মানে এজন আধা পুৰণি মানুহলৈ বিয়া হ’ব লগা হ’ল।মানুহজন মিনুৰ বায়েকৰ মানুহজনহে।অৰ্থাৎ আগতে তেওঁ তাইৰ ভিনিহিয়েক আছিল।বায়েক এক অচিন ৰোগত ঢুকোৱাত তাই ভাগিনীয়েকক চোৱা-চিতা কৰাৰ বাবে প্ৰায়েই তাত থাকিব লগাত পৰিছিল।ভিনিয়েক বৃকোদৰে চাকৰিৰ তাগিদাত প্ৰায়ে ইফালে সিফালে গৈ থাকিব লগাত পৰিছিল।মিনুহঁতৰ ছোৱালী পাঁচজনী,ল’ৰা এটা,সিও একেবাৰে সৰু….পাঁচজনী বায়েকৰ তলৰ।মিনুৰ বায়েক অণু তাইতকৈ চাৰিবছৰৰ ডাঙৰ।মিনুৰ তলত জুনু,ৰাণু,আৰু ভানু।ভানুতকৈ ভায়েক বেণু আকৌ পাঁচবছৰৰ সৰু।বেণু আৰু অণুৰ পুত্ৰ বেদান্ত বিকাশ প্ৰায় সমনীয়াৰ দৰেই।অণুক বিয়া দিওঁতে বেণু মুঠেই

Read more

সহোদৰা-চিত্ৰলেখা দেৱী

“এহ, ইহঁত দুজনীৰ কোনোবা এজনীয়ে অহা হলেও….” বহুত দিনৰ মূৰত অলকাই এনেকুৱা এটা কথা ভাবিলে। ভাবিলে মানে…ভাবিবলৈ বাধ্য হ’ল।এনেকৈ শেষৰবাৰ ভবাও বাইশ বছৰ পাৰ হৈ গ’ল,মুঠেই কম সময় নহয়। ল’ৰা-ছোৱালীহালৰ জন্মৰ সময়তে ইহঁত দুজনীক মানে দীপিকা আৰু লিপিকাক বৰ দৰকাৰ হৈছিল অলকাৰ। তাই হস্পিতালত এডমিট হওঁতে লগত থকাৰেপৰা ঘৰ চম্ভলালৈকে সকলোখিনি জঞ্জাল মাৰিবলৈ নিজৰ সহোদৰা ভনীয়েকতকৈ কোন উপযুক্ত হব?ৰাজা জন্ম হওঁতে দীপিকাক তাই অকলে মাতি আনিছিল।তিনি বছৰৰ পাছত ৰাণী জন্ম হওঁতে আকৌ ৰাজাকো বেলেগে চোৱা-চিতা কৰিবলগা হোৱাত দুয়োজনীয়েই আহিব লগা

Read more
1 25 26 27 28 29 81