কুম্ভকৰ্ণৰ নাতি-পুতি-ড° মৃদুস্মিতা ফুকন
বুলবুলৰ স্কুলৰ এতিয়া গৰমৰ বন্ধ। ল’ৰাটো এখন্তেকো ঘৰত শান্তিৰে নাথাকে। ক’ত যে পিটপিটাই ফুৰে! তাকে দেখি দেউতাকে তাক বাৰে বাৰে দঢ়াই থাকে….. “দুপৰীয়াখন ৰ’দত বৰকৈ ঘূৰি নুফুৰিবি অ’। এই গৰমত ক’ৰবাত সাপ-সূপ ওলাব।” এবাৰত বুলবুলে দেউতাকক সুধিলে….. “কিয় দেউতা, গৰমতহে সাপ ওলায় নেকি? ঠাণ্ডা দিনত নোলায় জানো?” “ওহোঁ। সাপৰ নিচিনা কিছুমান প্ৰাণী আছে, যিবিলাক জাৰকালিৰ ছমাহ শুই থাকে।ধৰ,ইহঁত যেনিবা ৰামায়ণৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণৰ নাতি-পুতিহে।কুম্ভকৰ্ণই যেনেকৈ ছমাহ শুই আছিল; ভালুক, সাপ, গুঁই, কোকলোঙা, বাদুলি, কুমজেলেকুৱা, দুৰাকাছ আদি কিছুমান প্ৰাণী বছৰটোৰ প্ৰায়
Read more