কুম্ভকৰ্ণৰ নাতি-পুতি-ড° মৃদুস্মিতা ফুকন

বুলবুলৰ স্কুলৰ এতিয়া গৰমৰ বন্ধ। ল’ৰাটো এখন্তেকো ঘৰত শান্তিৰে নাথাকে। ক’ত যে পিটপিটাই ফুৰে! তাকে দেখি দেউতাকে তাক বাৰে বাৰে দঢ়াই থাকে….. “দুপৰীয়াখন ৰ’দত বৰকৈ ঘূৰি নুফুৰিবি অ’। এই গৰমত ক’ৰবাত সাপ-সূপ ওলাব।” এবাৰত বুলবুলে দেউতাকক সুধিলে….. “কিয় দেউতা, গৰমতহে সাপ ওলায় নেকি? ঠাণ্ডা দিনত নোলায় জানো?” “ওহোঁ। সাপৰ নিচিনা কিছুমান প্ৰাণী আছে, যিবিলাক জাৰকালিৰ ছমাহ শুই থাকে।ধৰ,ইহঁত যেনিবা ৰামায়ণৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণৰ নাতি-পুতিহে।কুম্ভকৰ্ণই যেনেকৈ ছমাহ শুই আছিল; ভালুক, সাপ, গুঁই, কোকলোঙা, বাদুলি, কুমজেলেকুৱা, দুৰাকাছ আদি কিছুমান প্ৰাণী বছৰটোৰ প্ৰায়

Read more

মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ-ববিতা শৰ্মা

আধুনিক অসমীয়া শিশু সাহিত্যৰ ধাৰাটো সবল কৰি তুলিবলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পাছত যি কেইগৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল তাৰ ভিতৰত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত অন্যতম। ঊনৈশ শতিকাৰ শেষ ভাগৰপৰা কুৰি শতিকাৰ আৰম্ভণিলৈ জোনাকী, বিজুলী, বাঁহী, চেতনা আদি কাকত-আলোচনীয়ে গঢ়ি তোলা বৌদ্ধিক পৰিৱেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ মহন্তদেৱে এক বুজন সংখ্যক গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি গ’ল।অসম সাহিত্য সভাৰ উদ্বোধনী গীতৰূপে পৰিৱেশিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটিৰে হাজাৰ-বিজাৰজনৰ মনত ভাষা-জননীৰ প্ৰতি অনুৰাগ জগাই তুলিবলৈ সক্ষম হোৱা মিত্ৰদেৱ মহন্ত একাধাৰে এজন সফল নাট্যকাৰ,

Read more

পুৰুষৰ কান্দোন-হৰগোবিন্দ দাস

পুৰুষে এনেদৰে ইনাই-বিনাই কন্দা দৃশ্য মিনাক্ষীয়ে জীৱনত কেতিয়াও দেখা নাছিল।তাইৰ তেওঁৰ প্ৰতি দয়া উপজিল।মানুহজনৰ গায়ে মূৰে হাত ফুৰাই শান্ত্বনা দি ভিতৰলৈ আনিম বুলি এটি খোজ আগবঢ়াই তাই থিতাতে থমকিল।পৰপুৰুষৰ প্ৰতি এনে অনুকম্পা  তাইৰ স্বামীয়ে বা কেনে ভাবে লয়!তাই মহা সমস্যাত পৰিল। মানুহজনৰ ছবছৰীয়া ছোৱালীজনী আৰু আঠ বছৰীয়া ল’ৰাটো এতিয়াও স্কুলৰপৰা পোৱাহি নাই। সিহঁত আহি পোৱাৰ পিছত বা আকৌ কেনে পৰিস্থিতি হয়!কথাখিনি ভাবি মিনাক্ষীৰ হৃদয়ত কঁপনি উঠিল ৷ সেই মুহূৰ্তত চোতালত কিছু মানুহ গোটখাইছিলহি   যদিও তাই কাকো মাত-বোল নকৰি নিজৰ

Read more

অসমীয়া লোক সাহিত্যত ফকৰা-যোজনা (নামনি অসমৰ)- ইলি তালুকদাৰ

মনৰ ভাব প্ৰকাশ কৰিবলৈ আমি ভাষা ব্যৱহাৰ কৰোঁ।এই ভাষাৰো আকৌ দুটা ৰূপ থাকে।এটা কথিত ভাষা আৰু আনটো লিখিত ভাষা।অঞ্চল ভেদে কথিত ভাষাৰ ৰূপ বেলেগ যদিও এইবোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাই।কিন্তু আজি এই কথিত ভাষাৰ যেন বিলুপ্তি ঘটিবলৈ লৈছে।তাৰ কাৰণ খুচৰিবলৈ নাযাওঁ।কথিত ভাষা শ শ বছৰীয়া পুৰণি ভাষা।নামনি অসমত এতিয়াও কথিত ভাষাৰ ব্যৱহাৰ হয়।এই ভাষা এসময়ত জতুৱা ঠাঁচ,ফকৰা-যোজনা,পটন্তৰ,সাধুকথাৰ মেটমৰা সম্ভাৰ আছিল।কিন্তু দুৰ্ভাগ্যক্ৰমে এইবোৰ ব্যৱহাৰ নকৰাৰ ফলত ই বৰ্তমান মৃতপ্ৰায় অৱস্থাত।অসমীয়া লোকসাহিত্যক সুৱলা কৰা মিঠা মিঠা শব্দেৰে গঠিত ফকৰা-যোজনাবোৰ আমি সংৰক্ষণ

Read more

বিশ্বাস-গীতামণি দত্ত

বিশ্বাস কিমান সুমধুৰ শব্দ।গোটেই বিশ্বখন  বিশ্বাসতেই চলি আছে । বিশ্বাসে মিলয় হৰি, এনেই কথাফাঁকি কোৱা নাই হয়তো। ইয়াৰ অন্তৰালত আমাৰ জীৱনৰ বহু কথাই সোমাই আছে।বিশ্বাসৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।কিন্তু যেতিয়া এই সুমধুৰ শব্দটো ‘বিশ্বাসঘাতকতা’লৈ ৰূপান্তৰিত হয় তেতিয়া মানুহৰ অন্তৰাত্মা ভাগি পৰে আৰু দিক্ হাৰা হৈ পৰে। এনে উদাহৰণ এই পৃথিৱীত বহু আছে।তথাপি আমি বিশ্বাসৰ ওপৰতেই জীয়াই আছোঁ আৰু থাকিম। সোণপাহীৰ আইতাও ইমান দিনে এই বিশ্বাসকণ লৈয়ে জীয়াই আছে।সকলোকে সম দৃষ্টিৰে চোৱা সোণপাহী আইতাও এটা সময়ত চালে চকুৰোৱা এজনী ৰাংঢালী

Read more

বাংলা সাহিত্যৰ প্ৰখ্যাত গল্পকাৰ ‘বনফুল’ৰ “পাঠকৰ মৃত্যু” নামৰ  চুটি গল্পৰ অসমীয়া ভাৱানুবাদ- শ্ৰী চিত্ৰলেখা দেৱী 

(এক) প্ৰায় দহ বছৰ আগৰ কথা। আসানসোল ৰে’ল ষ্টেচনত ৰে’লৰ অপেক্ষাত বহি আছিলোঁ।ঠিক মোৰ কাষতেই আৰু এজন মানুহ বহি আছিল।তেওঁৰ হাতত আছিল এখন কিতাপ…যথেষ্ট ডাঠ কলেৱৰৰ এখন উপন্যাস।তেওঁৰ লগত কথা-বতৰা পাতি গম পালোঁ যে তেওঁ ৰে’লৰ বাবে গোটেই দিনটো অপেক্ষা কৰিব লাগিব। মোৰ ৰে’লৰ বাবেও তিনি ঘন্টামান ৰ’ব লাগিব। আমি দুয়োজনেই বেঙ্গলী।সেয়ে চা-চিনাকি হোৱাৰ পাঁচ মিনিট পাছতেই মই তেওঁক সহজেই সুধি পেলালোঁ, “আপোনাৰ কিতাপখন এবাৰ চাব পাৰিম নেকি?” “বাৰু, চাওক চাওক”……এনে এটা উত্তৰ পাম বুলি মই স্বাভাৱিকতে আশা কৰিছিলোঁ। অকণো

Read more

চʼত মাহৰ এটা দুপৰীয়া-দীপাংকৰ মহন্ত 

সৰা পাতবোৰে কিয় মন টানে , লঠঙা ডালবোৰেদি সৰকি অহা বতাহজাকে বিষাদৰ যেন সুৰ এটা তোলে । ফাগুনৰ স্মৃতি উৰি উৰি আহি বুকুত গোঁজ পুতি বহে , পাতবোৰ গচকি আহোঁতে তোমালৈ ইমান মনত পৰিছে । পদূলিতে থমকিল ব’হাগ কুঁহিপাত এটাৰ অপেক্ষাত , কুলি চৰাই ক’তনো হেৰাল , সিৰাত শিপাই থকা মাত ! কাটি পেলোৱা গছজোপাই সপোনতো বিন্ধে , বসন্ত কেতিয়াবা যদি দেৰিকৈও নাহে (?) *******

Read more

তিন্নি আৰু বন্যা,মূল বাংলালেখক: মুহম্মদ জাফৰ ইকবাল,ভাৱানুবাদ-ৰঞ্জনা দত্ত

ৰুণু বাইদেৱে ক্লাছত কবিতা এটা বুজাই বুজাই হঠাতে ৰৈ গৈ ক’লে, “মোৰ মনটো একেবাৰে ভাল লগা নাই জানা।” ৰুণু বাইদেউ স্কুলৰ  সকলোৰে আটাইতকৈ প্ৰিয় বাইদেউ।বাইদেউৰ মন ভাল নাই বুলি শুনি ক্লাছৰ আটাইৰে মনবোৰ বেয়া হৈ গ’ল।  তিন্নিয়ে ভয়ে ভয়ে সুধিলে,  “কিয় বাইদেউ?আপোনাৰ মনটো বেয়া কিয়?” ৰুণু বাইদেৱে হুমুনিয়াহ এটা পেলাই ক’লে, “দেখা নাই, চাৰিওফালে কি ভয়ংকৰ বানপানী হৈছে!” “অহ।”  তিন্নিয়ে মুখত এটা দুশ্চিন্তাৰ ভাব ফুটাই তুলিলেও মনে মনে নিশ্চিন্ত হ’ল। যদি ৰুণু বাইদেউৱে ক’লেহেঁতেন যে তেওঁ স্কুল এৰি অন্য ক’ৰবালৈ

Read more

ঈৰ্ষা-মৌচুমী হাজৰিকা

নীলা খৰধৰকৈ গাড়ীৰপৰা নামি শ্বপিং মলৰফালে যাবলৈ ওলাওঁতেই ছোৱালী এজনীয়ে কিবা এটা বিচাৰি হাতখন আগবঢ়াই দিলে।নীলা ৰৈ গ’ল।ছোৱালীজনীৰ মুখৰফালে চালে ,এজনী কৈশোৰত ভৰি দিয়া শীৰ্ণকায় ছোৱালী।তাইৰ মুখখন শীতৰ কুঁৱলিয়ে ঢকা শেঁতা নিষ্প্ৰভ। : কালিৰ পৰাই একো খোৱা নাই। কিবা এটা দিয়ক। নীলাই ছোৱালীজনীৰ ফালে চাই ৰৈ থাকিল।তাই আকৌ নীলাক কিবা এটা বিচাৰিলে।নীলাৰ মনত বহু কথাই দোলা দি গ’ল আৰু তাই ছোৱালীজনীক কৈ পেলালে : মোৰ লগত যাবা? ছোৱালী জনীয়েও কোনো প্ৰতিবাদ নকৰাকৈ তাইৰ লগত যাবালৈ ওলাল। তেনেকুৱা এখন গাড়ীত উঠাটো

Read more
1 21 22 23 24 25 81