মেঘালয় ৰাজ্যৰ ডাউকী গাঁৱত এদিন-গীতামণি দত্ত

২০১৪ চনৰ কথা। গ্ৰীষ্ম বন্ধত শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। লগত আমাৰ গিৰীহঁতৰ সহকৰ্মী মনোজ দত্তৰ পৰিয়ালটো ওলাল। মুঠতে আমি সাতজন। আমাৰ চাৰিজন আৰু তেওঁলোকৰ তিনিজন। কিন্তু কি হ’ব! গ্ৰীষ্মৰ বন্ধৰ পিছদিনাৰ পৰাই গৰম দিনত হোৱা সেই আপদীয়া জ্বৰটো আহি লগ ল’লেহি। প্ৰথমে গিৰীহঁতৰ, তাৰ পাছত মোৰ পাল। জ্বৰ ভাল নহয় হে নহয়। যাবলৈ নাপাব বুলি ল’ৰা-ছোৱালীকেইটাৰ মনবোৰ বেয়া। অৱশেষত জ্বৰে লগ এৰিলে। ১৫ জুলাই সোমবাৰে যোৱাটো ঠিক কৰিলোঁ। অনলাইনতে সকলো ঠিক হ’ল। পুৱা সাত বজাত এখন ইন’ভা গাড়ীৰে শ্বিলং অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। যাওঁতে ডাউকী গাঁওখনৰ কথা আটাইয়ে পাতি গ’লোঁ। গাঁওখনৰ নামটো প্ৰথম বাৰৰ বাবে শুনি যাবলৈ বৰ ইচ্ছা হ’ল। এছিয়া মহাদেশৰ ভিতৰতে অক্সিজেন বেছি থকা ঠাই। মঙ্গলবাৰে গাঁওখনলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। শ্বিলঙৰ পৰা প্ৰায় ৭১ কিলোমিটাৰ আঁতৰত।
নগাঁও পাৰ হৈ বাটৰ কাষত থকা জিৰণিচ’ৰাত বহি লগত লৈ যোৱা গৰম চাহ আৰু কেকৰ সোৱাদ ল’লোঁ। নানাধৰণৰ ধেমেলীয়া কথা-বাৰ্তা পাতি আহি থাকোঁতে কেতিয়া যে আহি সোণাপুৰ পালোঁহি গমকে নাপালোঁ। ভোকত আটাইৰে পেটে কলমলাবলৈ ধৰাত তাৰে ধাবা এখনত সোমাই ৰুটি আৰু তাৰকা খাই পেটটো ঠাণ্ডা কৰিলোঁ।
শ্বিলঙৰ অকোৱা-পকোৱা বাটেৰে গাড়ী আগবাঢ়িল। পাতলীয়াকৈ বৰষুণ এজাক আহি মনটো আনন্দময় কৰি তুলিলে। দিনৰ দুই বজাত আগে আগে আগে ঠিক কৰি থোৱা হোটেল ‘মেগনেছ্ টিকত’ উপস্থিত হ’লোঁহি। আটাইয়ে নিজৰ নিজৰ ৰুমত অলপ সময় জিৰণি লৈ দুপৰীয়াৰ আহাৰ হোটেলতে গ্ৰহণ কৰি তিনি বজাত শ্বিলং ফুৰিবলৈ ওলাই গ’লোঁ। শ্বিলঙৰ বিভিন্ন ঠাই ঘূৰি-পকি ‘ৱাদ লেকত’ নাও চলালোঁ। নাৱত উঠা প্ৰথম অভিজ্ঞতা। ভৰিৰে পেডেল মাৰি মাৰি যাব লাগে। লেকত বিভিন্ন ধৰণৰ মাছ আৰু ৰাজহাঁহবোৰে খেলা কৰি থকা দেখিলোঁ। লেকৰ পৰা উভতি আহোঁতে গীৰ্জা ঘৰত সোমাই আহিলোঁ। বেছ ডাঙৰ গীৰ্জা ঘৰ। এক নিৰিবিলি পৰিৱেশ। ভাল লাগিল। লাহে লাহে ধৰালৈ সন্ধিয়া নামি আহিল। সন্ধিয়া নীলা আকাশৰ ডাৱৰবোৰ যেন তাতে থূপ খাইছেহি তেনে অনুভৱ হ’ল। তাৰ পাছত শ্বিলঙৰ শ্বপিং মললৈ গ’লোঁ। জাক-জমক পৰিৱেশ। তাৰপাছত ন মান বজাত হোটেললৈ আহি নিশাৰ আহাৰ গ্ৰহণ কৰি ভাগৰত আটাইয়ে শুই পৰিলোঁ। কাৰণ পিছদিনা পুৱাই ডাউকীলৈ যাত্ৰা কৰিব লাগিব। পুৱাৰ আহাৰ গ্ৰহণ কৰি গাড়ীত বহিলোঁ আৰু শ্বিলং পিকত সোমাই যোৱাৰ কথা ভাবিলোঁ। পাইন গছৰ অপৰূপ দৃশ্য চাই চাই শ্বিলং পিকত উপস্থিত হ’লোঁ। যথেষ্ট ঠাণ্ডা আৰু ডাঠ কুঁৱলীয়ে আৱৰি আছে। ঠাণ্ডাৰ প্ৰকোপত বেছি দেৰি তাত থাকিব নোৱাৰিলোঁ। দুই এপদ বস্তু কিনি গাড়ীত বহিলোঁহি। তাৰপাছত বাটত পাই যোৱা ‘Elephant Falls’ ত সোমাই গ’লোঁ। পানীৰ হো-হোৱনি শব্দই চাৰিওপিনে ৰজনজনাই আছে। লাহে লাহে তললৈ নামি গ’লোঁ। প্ৰকৃতিৰ কি অপূৰ্ব সৃষ্টি। পানীৰ এই ধাৰা যেন কোনোকালেই শেষ নহ’ব। চাই চকু জুৰ পৰি গ’ল। ওপৰলৈ উঠোঁতে অলপ কষ্ট হ’ল, তাতে ভৰিৰ বিষ। চিপচিপীয়া বৰষুণৰ মাজেৰে আহি গাড়ীত বহিলোঁ আৰু ডাউকীলৈ ৰাওনা হ’লোঁ।
শ্বিলঙৰ পৰা চেৰাপুঞ্জী আৰু ডাউকীলৈ যোৱা বাট একেটাই। অলপ দূৰ আগুৱাই গৈ বাটটো দুভাগ হৈছে। এফালে চেৰাপুঞ্জী আৰু আনফালে ডাউকী। আটাইয়ে গাড়ীত বিভিন্ন কথা-বাৰ্তা আৰু ধেমালি কৰি গৈ আছোঁ। বাটৰ কাষৰ পৰা যেন ডাৱৰবোৰ ৰাংঢালী পখিলাৰ দৰে আমাক দেখি আঁতৰি গৈছে তেনে অনুভৱ হ’ল! ডাৱৰৰ লগত কথা পাতি পাতি আগবাঢ়ি গৈ আছোঁ। মাজে মাজে গাড়ী ৰখাই পাহাৰৰ পৰা নামি অহা জলপ্ৰপাত চালোঁ। ডাঠ কুঁৱলীয়ে মাজে মাজে বাটবোৰ ঢাকি পেলাইছে। কুঁৱলীয়ে আৱৰি থকা দূৰৰ পাহাৰবোৰ দেখি নয়ন জুৰ পৰি গ’ল। এনেদৰে আগবাঢ়ি গৈ থাকোঁতে হঠাতে গাড়ীখন ৰখাই দিলে, চকা ফুটিল হেনো! অনিচ্ছাসত্ত্বেও গাড়ীৰ পৰা নামিব ল’গা হ’ল। ৰাস্তা ভাল, তথাপি গাড়ীৰ চকা কেনেকৈ ফুটিল তাকেহে বুজি নাপালোঁ! প্ৰায় দহ মিনিটমান পাছত আটাইয়ে আহি গাড়ীত বহিলোঁহি।ঠাইখন যেন জনপ্ৰাণীহীন, দুই এখন গাড়ী অহা যোৱা কৰাৰ বাহিৰে একো নেদেখিলোঁ। অলপ দূৰ যোৱাৰ পাছত ফুটি যোৱা চকাটো মেৰামতি কৰিবলৈ গাড়ী আকৌ ৰখালে, পাছত অসুবিধা হ’ব পাৰে! চাহ একাপ খাবৰ খুব মন গৈছিল, দোকান-পোহাৰ একো দেখা নাপালোঁ। তেনেতে ছোৱালীয়ে ক’লে, ‘মা, সৌখন চাহৰ দোকান যেন লাগিছে!’ ওচৰ চাপিহে গ’ম পালোঁ চাহৰ দোকান বুলি, বাহিৰৰ পৰা এটা সৰু জুপুৰি ঘৰৰ দৰে লাগিছিল। আমাক দেখি মৰম লগা খাছী পোছাক পিন্ধা ছোৱালী এজনী ওলাই আহিল। তাই আমাৰ লগত হিন্দীতে কথা পাতিলে। আমি আটাইয়ে ফিকা চাহ আৰু ‘আনাৰকলি’ নামৰ এবিধ মিঠাই খালোঁ, মিঠাইটোৰ নাম ছোৱালীজনীয়ে আমাক ক’লে; দেখাত আমাৰ ইয়াত সহজে পোৱা ‘গুজীয়া’ মিঠাইৰ দৰে। জুঁইত বনোৱা চাহকাপ খাই বৰ ভাল লাগিল। আকৌ ডাউকীলৈ বুলি ৰাওনা হ’লোঁ। বাটৰ দুয়ো কাষে অটব্য হাবি, মনত ভয় ভাৱ এটাও জাগিল। হাবিবোৰৰ মাজত কেক’ জাতীয় বাঁহ গছ বেছি। তাৰ মাজে মাজে দুই এজোপা প্লাম, নাচপতি আৰু নৰা বগৰী গছ দেখিলোঁ। দুখন গাড়ী একেলগে পাৰ হ’ব পৰাকৈ বাটটো বহল নহয়, ঠেক। জন্তু এটাও নেদেখিলোঁ; আনকি বান্দৰ এটাও। ‘মাওলুনং’ নামৰ ফলক এখন হঠাতে দেখিলোঁ, তেতিয়াহে মনটো ভাল লাগিল, নহ’লে অচিনাকি ঠাই ভয়ো লাগে। আৰু ডাউকী লৈ যোৱাৰ পিনে কাঁড় চিন দিয়া আছে। অৱশেষত ডাউকীৰ ‘মাওলুনং’ নামৰ গাঁওখনত উপস্থিত হ’লো, যিখন এছিয়া মহাদেশৰ ভিতৰতে এখন পৰিষ্কাৰ গাঁও হিচাপে পৰিচিত। হাতত কটা আনাৰসৰ থাল লৈ পাঁচ-ছয় বছৰীয়া বয়সৰ দুজনী ছোৱালী আমাৰ কাষলৈ আহি লাগে নেকি সুধিলে, আমাৰ খাবলৈ মন নাছিল বাবে আমি নিকিনিলোঁ। গাঁওখন শ্বিলঙতকৈ অলপ গৰম যেন অনুভৱ হ’ল। ড্ৰাইভাৰজনে আমাক প্ৰথমে প্ৰাকৃতিকভাৱে গঠন হোৱা দলংখন চাই অহাৰ কথা ক’লে। দুজোপা গছৰ শিপাই গাঁঠনি কৰি দলংখন নিৰ্মান কৰিছে। এখোজ দুখোজ কৈ খটখটি বগাই দলং চাবলৈ আগবাঢ়িলোঁ, অলপ দূৰ যোৱাৰ পাছত খটখটি তললৈ নামি গৈছে। খটখটিৰ দুয়োকাষে ডাঙৰ শিলৰ ঢাপবোৰ দেখি প্ৰথমে ৰঙা মাটিৰ ঢাপ যেন লাগিছিল, ওচৰ চাপি চুই চাইহে শিল বুলি গ’ম পালোঁ। আটাইয়ে নামি গৈ দলঙৰ ওচৰ পালোঁগৈ। কিমান দূৰ যে নামি আহিলোঁ, তলৰ পৰা ওপৰলৈ চাইহে ধৰিব পাৰিলোঁ।
সঁচাকৈ ভগৱানৰ কি অপূৰ্ব সৃষ্টি! দলংখনৰ তলেদি এখন খৰস্ৰোতা নৈ ভীষণ শব্দ কৰি বৈ গৈছে। দুজোপা গছৰ শিপাই ইমান সুন্দৰ কৈ গাঁঠনি কৰি দলং নিৰ্মাণ কৰিছে তাক নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। দলংখন এখন সৰু গাড়ী পাৰ হ’ব পৰাকৈ বহল। কাষত ৰেলিঙৰ দৰে শিপাবোৰে গাঁঠি পেলাইছে। দলংখনৰ নিৰ্মাণ কাৰ্য দেখি আচৰিত নহৈ নোৱাৰিলোঁ। তলৰ পৰা ওপৰলৈ উভতি আহোঁতে ইমানেই কষ্ট হৈছিল যে মাজে মাজে বহি আহিবলগীয়া হৈছিল। ল’ৰা-ছোৱালী কেইটাৰ কিন্তু ভাগৰ লগা যেন নালাগিল। বয়সৰ পাৰ্থক্য। ওপৰলৈ যেনে-তেনে উঠি আহি দোকান এখনত বহি লৈহে তত আহিল। ভোকত আটাইৰে মুখৰ মাত হেৰাল। ভাতমুঠি পেটত পৰিলেহে মাত ওলাব তেনে লাগিল। ওচৰে-পাজৰে কেইবাখনো ভাতৰ হোটেল দেখিলোঁ, তাৰে এখন হোটেললৈ সোমাই গ’লোঁ। সৰু চাংঘৰসদৃশ হোটেলখনৰ ভিতৰত থকা দীঘল বেঞ্চ এখনত বহি ভাতৰ অৰ্ডাৰ দিলোঁ। আমাৰ কাষতে এখন জুইশাল দেখিলোঁ, তাৰ ওপৰত বাঁহৰ চাং এখন ওলোমাই থৈছে। চাংখনে যে আজিৰ যুগৰ ফ্ৰীজৰ কাম কৰে তাকে ল’ৰা-ছোৱালীকেইটাক বুজাই দিলোঁ। আগৰ দিনত এই চাংখনৰ ওপৰতে পিঠা-পনা, ৰঙালাউ, আলু, মাছ আদি উঠাই থয়, বহু দিন বস্তুবোৰ বেয়া নোহোৱাকৈ থাকে। এনেকৈ চাঙৰ বৰ্ণনা দি থাকোঁতে সন্মুখত ভাতৰ থাল আহি হাজিৰ হ’লহি। ভাতৰ লগত আছিল দাইল, আলু মিহলি পাচলিৰ ভাজি আৰু বিলাহী চাটনি। ভাতকেইটা বৰ তৃপ্তিৰে খালোঁ। ভাত খাই গাঁওখন চাবলৈ ওলাই গ’লোঁ। গাঁওখন সঁচাকৈ খুব পৰিপাটি আৰু পৰিষ্কাৰ। মাজে মাজে ঠেক পকী আলিবাট আৰু বাটৰ কাষত পকী নদৰ্মা। ইয়াৰ আগতে মই ইমান চাফা নৰ্দমা ক’তো দেখা নাছিলোঁ। গাঁওখনৰ ঘৰবোৰ সাধাৰণ কিন্তু ঘৰৰ আগফাল আৰু পাছফালে বিভিন্ন ধৰণৰ ফুল আৰু ফল-মূলৰ গছ দেখা পালোঁ। লিচুবোৰ লমা-লমে লাগি থকা দেখিলোঁ। কিন্তু খাই বৰ টেঙা পালোঁ। তাৰে মানুহ এজনে আমাক গাঁওখন দেখুৱালে আৰু ভালকৈ বুজাই দিলে গাঁওখনৰ সকলো মানুহে সমবায় ভিত্তিত হোটেল আৰু ব্যৱসায়বোৰ চলায়। ইয়াত কোনো ব্যক্তিগত হোটেল নাই। তাৰপিছত ভৰপূৰ অক্সিজেন গ্ৰহণ কৰি ডাউকীৰ পৰা বিদায় লৈ চেৰাপুঞ্জী হৈ ৰাতি শ্বিলং পালোঁহি। পুৱা নেহু বিশ্ববিদ্যালয় আৰু চিৰিয়াখানা চাই দুপৰীয়া আহাৰ গ্ৰহণ কৰি তেজপুৰ অভিমুখে ৰাওনা হ’লোঁ। এনেদৰে ৰাতি চাৰে নটা বজাত ঘৰ পালোঁহি।
*******

7:12 PM
বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে।
7:31 PM
সুন্দৰ বৰ্ণনা
9:22 PM
ভাল লাগিল পঢ়ি, পাহাৰীয়া অঞ্চল, গাওঁ বোৰ সেউজীয়া পৰিবেশ বোৰ বৰ ভাল লাগে পঢ়ি।
6:42 PM
Spotted gv777vipgame. Seems like some kind of VIP gaming thing. If you’re into that, give it a whirl! Check it now: gv777vipgame
6:42 PM
Just downloaded 8899winapp. interface looks pretty good, easy to navigate. Going to create my acount. What about you: 8899winapp
6:43 PM
Hey guys, just found 999rgamedownload! Seems like they’ve got a decent selection of games. Gonna check it out and see if anything hits the spot. Fingers crossed! More info here: 999rgamedownload