শিক্ষা আৰু সেৱক-মাৰ্কণ্ড কিশোৰ কৌশিক

আজি শুক্ৰবাৰ। বতৰটো বৰ এটা ভাল নহয়। শোৱাপাটিতেই পৰি থাকি ঘড়ীটোলৈ চালোঁ,পুৱা ৬ বাজি ১২ মিনিট।চকুহাল মোহাৰি উঠো নুঠোকৈ বিচনাৰপৰা নামি চেণ্ডেলযোৰত ভৰিহাল কোনোমতেহে সুমুৱালোঁ। অ’ ভাইটিৰ স্কুল আছে নহয়, খৰখেদাকৈ তাৰ কোঠা  পালোঁগৈ, সি বা উঠিলনে নাই। সি বেচেৰাই সোনকালেই উঠি গা-পা ধুই কাপোৰ পিন্ধি আগফালে বহি আছে, বৰষুণলৈ চাই। সি চাইকেলখন লৈহে স্কুললৈ যায়, পিছে বৰষুণজাক নেৰিলেনো কেনেকৈ যাব।  মোক ওলাই অহা দেখি সি ক’লে, “চাহ অকণ বনাইছিলোঁ দাদা, ঠাণ্ডাই হ’ল চাগৈ, যোৱাৰ আগত গৰম কৰি খাই যাবি।”  

Read more

বিশ্বৰ ধৰ্মীয় উদাৰতাৰ উৎকৃষ্ট  উদাহৰণ অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱ আৰু পোৱা মক্কা-বিজয়া শৰ্মা

ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট উদাহৰণ হৈছে অসমৰ  হাজো।হাজো  সম্বন্ধে অনন্ত কন্দলীয়ে ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণনা কৰিছে……..      ‘ হাজো হেন নাম     পবিত্র উত্তম            স্থান কামৰূপৰ মাঝে।       মণিকূট গিৰি         শিখৰত আছা             হয়গ্রীৱ দেৱৰাজে।        কাষতে লৌহিত্য            বহন্ত পবিত্র             কুণ্ড আছে সেহি স্থানে।         অপূৰ্ণ ভৱ                নাহি পুনৰ্বাৰ             যাহাতে কৰিলে স্নান।। হাজো তীৰ্থ ভূমিয়েই  বৈষ্ণৱ কবি অনন্ত কন্দলীৰ জন্মস্থান বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে।ঐক্য, সম্প্রীতি আৰু বিভিন্ন ভাষা-ভাষী আৰু জাতি জনগোষ্ঠীৰ মিলন ভূমি আমাৰ অসম।অসমৰ ইতিহাসেই হৈছে শান্তি, সম্প্ৰীতি,ভাতৃত্ববোধ আৰু সমন্বয়ৰ ইতিহাস যেতিয়া ভাৰতৰ বিভিন্ন

Read more

শিশু মনৰ আমাৰ জুবিনদা -অনামিকা(সংগীতা)কলিতা

এটা যুগৰ অৱসান ঘটিল এনে অনুভৱ প্ৰতিটো দিনৰ দিনলিপি  সময়ৰ গতিশীল জীৱনৰ পৰিচয় ঠিকনাবিহীন হৈ গুচি গ’ল আমাৰ সকলোৰে মৰমৰ জুবিন দা ধৰ্মৰ প্ৰচীৰ ভাঙি একতাৰ দোলেৰে গাঁঠিছে শিশুৰ দৰে পবিত্ৰ মন নাই কোনো কলুষতা বিচাৰি  যায় মানুহৰ মৰম। আজি তেওঁ আমাৰ মাজৰপৰা হেৰাই গ’ল কিন্তু যুগে যুগে অনুৰাগীৰ হৃদয়ত উজ্জ্বলি থাকিব আকৌ নতুন দিগন্ত হৈ আহিব জগতক পোহৰ বিলাবলৈ………….. *******

Read more

‘মায়াবিনী’ গীতৰ কথা: এক অৱলোকন-চৈয়দ মুকিবুৰ ৰহমান

“মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি  ধৰা দিলা গোপনে আহি  হিয়াৰ কোণত…” এয়া এই কেইদিন (১৯ চেপ্তেম্বৰ, ২০২৫ ৰ পৰা) অসম তথা ভাৰতবৰ্ষ আনকি বিশ্বৰ বিভিন্ন কোণত বাজি থকা এটি বিশেষ গীত। লাখ-লাখ জুবিন অনুৰাগীয়ে WhatsApp, Facebook ইত্যাদি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটি বিশেষ গীত ‘মায়াবিনী ৰাতি’ৰ জৰিয়তে। জুবিন গাৰ্গৰ হাজাৰ হাজাৰ সুন্দৰ গীতৰ মাজৰপৰা এটি বিশেষ গীত ‘মায়াবিনী’ক স্থান দিয়া হৈছে প্ৰাৰ্থনা সভাবোৰত আনকি সিদিনা সোণাপুৰত বিদায় বেলাতো সকলোৱে সমস্বৰে একেলগে উচ্চাৰণ কৰিলে

Read more

তাই আমাৰ ছোৱালী-নন্দিতা ভাণ্ডাৰ কায়স্থ  

বিয়াৰ চিঠি কেইখন ছপাই আনি লক্ষ্য বৰুৱাই সহধৰ্মিনী শান্তিক দেখুৱালে। বৰুৱানীৰ মনঃপুত হোৱা চিঠিবোৰৰ মাজৰপৰাই এখন উলিয়াই নি পাকঘৰত চাহ বাকি থকা তগৰকো দেখুৱালে। চাওঁ নাচাওঁকৈ ‌ তগৰে লাজ লাজকৈ চিঠি খনৰ ওপৰত এনেয়ে চকু ফুৰালে। তাকে দেখি বৰুৱানীয়ে ক’লে……  “ইচ্ লাজটো চা তাইৰ। কাইলৈ বোৱাৰী হৈ ঘৰ ধৰিব লাগিব,এতিয়া চিঠি খনলৈকে মূৰ তুলি চাব নোৱাৰা হ’লি।” চাহ খাই বৰুৱা দম্পত্তিয়ে পুনৰ চিঠিবোৰ গণি চালে। ঠিকেই আছে। হিচাপ মতেই দুশখন  কাৰ্ড আৰু খাম  বেলেগ পেকেট  কৰি ভৰাই দিছে প্ৰেছৰ ল’ৰা

Read more

এদিন ওলাবা সখী-বিনীতা উপাধ্যায়

সকলো মান অভিমান কাতি কৰি থৈ  এদিন ওলাবা সখী  লগ হ’ম  সেই ছোৱালী স্কুলৰ  সন্মুখৰ ঘাঁহনিত।  বহিম সকলোৱে মিলি  কথা পাতিম  মনৰ কথা,সুখ-দুখ  আৰু বেদনাৰ কথা  লিখিম কবিতা  হাঁহিৰ কবিতা  দুখৰ কবিতা  প্ৰেমৰ কবিতা—–। একেলগে  বজ্ৰকণ্ঠে নিনাদিত হ’ব  আকাশ বতাহ  কঁপাই তুলিব  আমাৰ প্ৰতিবাদী উদাত্ত কণ্ঠ —– সমাজত চলি থকা অপকৰ্মৰ বিৰুদ্ধে  শোষণৰ বিৰুদ্ধে ! পবিত্ৰ আত্মাৰ শান্তিৰ কামনা কৰিম ধূপ চাকি জ্বলাই  আৰু কৰিম হাতত অগ্নিশিখা লৈ  শান্তি সমদলেৰে  নীৰৱ প্ৰতিবাদ  সমাজৰ কুৰীতিৰ বিৰোধিতা কৰি —–। তুমি জানানে সখী 

Read more

পাঁচ দুগুনে সাত (৫×২=৭)-সংগীতা পাচনি

তৰুলতাই ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে টোপনিৰ পৰা সাৰ পালে।অলপ সময় বিছনাতে পৰি থাকিল। ঈশ্বৰক চিন্তা কৰি দিনটোৰ কাৰ্যক্ৰমণিকা বোৰ মনতে এবাৰ ফঁহিয়াই ল’লে।আজি সহায়কাৰী মালতী নাহে, নাতিনীয়েকৰ নোৱাই তুলনি বিয়া। কথাষাৰ মনত পৰাৰ লগে লগে তৰুলতাই ততাতৈয়াকৈ বিছনা ত্যাগ কৰি পোনতেই বাহি ঘৰটো সাৰি ললে।বাঢ়নী টাৰেৰে বাহি চোতালত পৰি থকা পাতবোৰ সাৰিও ল’লে। একেবাৰে গাটো ধুই পেলালে।আজি মালতীবাই নাহে যেতিয়া গোটেই ঘৰৰ কামবোৰ অকলে কৰিব লাগিব বুলি ভাবি এপাকত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ফোন কৰি অলপ দেৰি হ’ব পাৰে

Read more

ধৰাত সৰগৰ পৰশ -নিবেদিতা শৰ্মা

মুকুতাৰ দৰেই হিমবোৰ পৰি পৰি যেতিয়া ধৰাত সৰগৰ পৰশ দিয়ে, সচাঁকৈ লাগে যেন স্বৰ্গ নামিছে ‛ধৰা’ত.. তুষাৰৰ টোপালবোৰে সেউজীয়া বোৰ আৱৰি যেতিয়া শুকুলা আঁচল মেলে, প্ৰকৃতিও মুগ্ধ হয় ‛সৌন্দৰ্য্য’ত.. বৰফাবৃত জুপুৰীত আশাৰ এগছি বন্তি জ্বলাই হৃদয় খন উমাল কৰি ৰখাৰ বৃথা প্ৰয়াস ইতি পৰে ‛আনন্দ’ত.. তুমি অবিহনে একোৱেই যেন ভাল নালাগে, হাঁহিবোৰ হতাশাই গ্ৰাস কৰে, সুখবিলাক হেৰাই ‛হুমুনিয়াহ’ত.. নিশাবোৰ গভীৰ হয়, চপৰা চপৰে বৰফবোৰ খহে, তপত অশ্ৰুবোৰে  বুকুখন পাতলাই বৈ যায় ‛হিমবাহ’ত.. গাড়ীৰ ইঞ্জিনটোৰ দৰে কলিজাৰ তৰঙ্গবোৰো স্তব্ধ হৈ যোৱাৰ

Read more

শৰৎ আহিল চুচুক-চামাককৈ-হৰিচন্দ্ৰ ডেকা

শাৰদী ৰাণী মোৰ হিয়াৰ পদুম নিৰলা কুটীৰৰ হেঁপাহ চাৱনিত সৰে মেঘৰ দুন্দুভি দুচকুত বিজুলীৰ চমক৷ নিকুঞ্জ বনত হেৰাল  ডাৱৰৰ বাতৰি সৰগত হেৰাল তুমি অহাৰ বতৰা৷ উশাহ নিশাহৰ খলা-বমা, মৃদঙ্গৰ অহিৰ ভৈৰৱ এয়াও পিৰীতিৰ সৰগ মোৰ বাৰমহীয়া শৰৎ আকাশে-বতাহে দেৱী নামি অহাৰ শঙ্খধ্বনি ক’ত জানো হেৰাল সুৰভি! সময়েও কৰে প্ৰতাৰণা, শাৰদী ৰাণীৰ প্ৰেমিক যে আনমনা৷ এয়াও সময়ৰ গান স্মৃতিয়ে বুজি নাপায় আন, সুৰভিত বাজে  তোমাৰ জয়গান৷ *******

Read more

জোনাকী গাঁথা-কুশল মহন্ত

টুলুঙা নাৱৰ টিঙত বহি শুনিবানে  জোনাকৰ জীৱন গাঁথা?  পূৰ্ণিমাৰ জোনো যে গলে , নিৰৱে,অকলে .. বিৰহী প্ৰেমৰ কৰুণ স্মৃতিত , ঈশ্বৰেও টোকে চকুপানী … মুৰুলীৰ সপ্ত সুৰত বাজে বিৰহৰ ৰাগিণী। সকলো আপোন হোৱাৰ ভাৱত , ভাৱৰীয়া। মায়াৰ জালত বন্দী, মানৱতা।   সময়ে সকলো কয় , তথাপিও চেষ্টা, জোনাকী কাৰেং-ঘৰত, উষাৰ তিমিৰ ফালি পোহৰৰ অনিৰুদ্ধ যাত্ৰা  গোপনে গোপনে, আজীৱন! *******

Read more
1 6 7 8 9 10 74