তাই আমাৰ ছোৱালী-নন্দিতা ভাণ্ডাৰ কায়স্থ  

বিয়াৰ চিঠি কেইখন ছপাই আনি লক্ষ্য বৰুৱাই সহধৰ্মিনী শান্তিক দেখুৱালে। বৰুৱানীৰ মনঃপুত হোৱা চিঠিবোৰৰ মাজৰপৰাই এখন উলিয়াই নি পাকঘৰত চাহ বাকি থকা তগৰকো দেখুৱালে। চাওঁ নাচাওঁকৈ ‌ তগৰে লাজ লাজকৈ চিঠি খনৰ ওপৰত এনেয়ে চকু ফুৰালে। তাকে দেখি বৰুৱানীয়ে ক’লে…… 

“ইচ্ লাজটো চা তাইৰ। কাইলৈ বোৱাৰী হৈ ঘৰ ধৰিব লাগিব,এতিয়া চিঠি খনলৈকে মূৰ তুলি চাব নোৱাৰা হ’লি।”

চাহ খাই বৰুৱা দম্পত্তিয়ে পুনৰ চিঠিবোৰ গণি চালে। ঠিকেই আছে। হিচাপ মতেই দুশখন  কাৰ্ড আৰু খাম  বেলেগ পেকেট  কৰি ভৰাই দিছে প্ৰেছৰ ল’ৰা জনে। লিষ্ট কৰা নামৰ তালিকাখন উলিয়াই দুয়ো নাম সহ চমু ঠিকনা খামৰ ওপৰত লিখি যাব ধৰিলে। বৰুৱানীৰ হাত বেছি নচলে।অভ্যাস নাই। বৰুৱাই বেছি লিখিলে।পঞ্চাশখন লিখি কাৰ্ডবোৰ খামত ভৰাই থলে। 

পিছদিনা ৰাতিপুৱা গা পা ধুই তগৰে যতনাই দিয়া জলপান অকণ পেটত ভৰাই দুয়ো প্ৰথমে গণেশ মন্দিৰত গৈ সেৱা জনাই ভগৱানৰ থাপনাত চিঠি এখন আগবঢ়াই দিলে।ওচৰৰ শিব মন্দিৰ আৰু দুৰ্গা মন্দিৰতো দুখন চিঠি আগবঢ়ালে। ইয়াৰ পিছত দুয়ো ভাড়ালৈ লোৱা গাড়ীখনত উঠি মানুহ মতা আৰম্ভ কৰি দিলে। প্ৰায় এমাহৰ অন্তত মাতিবলগীয়া আটাইবোৰ মানুহকে নিমন্ত্ৰণ জনাই কামফেৰা শেষ কৰিলে।নিমন্ত্ৰণ কৰিবলৈ গৈ দুয়ো….’কিমান দিন দেখাই নাই’………..বুলি কোৱা বহুতৰে ঘৰত চাহৰ লগত  আপ্যায়ন কৰা লুচি, মালপোৱা, চুজি,আমলেট ,মিঠাইৰে পৰিবেশন কৰা খাদ্যৰ জুতিও ল’লে। মানুহ মতা কামৰ ফাঁকে ফাঁকে দুয়ো গহনা , ফাৰ্নিছাৰবোৰ কেনে হৈছে  তাৰো খবৰ ল’বলৈ গৈ থাকিল।পাটৰ কাপোৰ কেইসাজ বৰুৱানীয়ে তগৰক লগত লৈ তাইৰ পছন্দ মতেই কিনি আনিলে। কইনাৰ চেন্দেল,বেগ ,চুৱেটাৰ, শ্বাল ,প্ৰসাধন সামগ্ৰী বোৰো নাযাওঁ নাযাওঁ কৰা তগৰক জোৰকৈ লগত লৈ বৰুৱানীয়ে আগতেই কিনি থলে। দৰাঘৰক মান ধৰিব লগীয়া কাপোৰবোৰ বৰুৱাৰ লগতে আনি নতুন ট্ৰলী, চুটকেছত সুমুৱাই থলে। বৰুৱা দম্পত্তিয়ে তগৰৰ বিয়াৰ কাৰণে পূৰ্ণদ্যামে আয়োজন চলাইছে। চিনাকি বিবাহ ভবনত গৈ মাজতে বৰুৱাই আগধন আৰু অলপ দি আহিল।‌ মালিক জনে বিয়াৰ পিছত লাহে ধীৰে দিলেও হ’ব বুলি কৈয়ে থৈছে। তথাপি বৰুৱাই লেঠা অলপ কমাই থলে।

বৰুৱানীয়ে তগৰক বিউটি পাৰ্লাৰত লৈ যায়। ফেচিয়েল কৰাৰ উপৰিও মেনিকিউৰ, পেডিকিউৰ আটাইবোৰ কৰোৱাইছে।পাৰ্লাৰৰ ছোৱালীজনীক মেহেন্দি লগাবৰ কাৰণে এডভাঞ্চো দি আহিল । আপত্তি কৰে তগৰে….

“বৰমা এইবোৰ কিয়নো কৰিব লাগে?”

তাইৰ একো কথাই নুশুনে বৰুৱানীয়ে। তগৰক ধুনীয়া কইনাৰ সাজত চাব বিচাৰে মাথোন। 

বৰুৱানীৰ ডাক্তৰ ভনীয়েক অৰুণিমাই লাগ বুলিলেই‌  দৌৰি অহা তগৰক কাঁহৰ বাচন-বৰ্তন খিনিকেই উপহাৰত দিলে।বৰুৱাৰ ককায়েক বৌৱেকৰ ঘৰত ইটো সিটো কৰি দিয়া তগৰক ষ্টিলৰ আলমিৰাটোকে তেখেতসকলে মৰমৰ চিনস্বৰূপে ছোৱালীজনীলৈ প্ৰেজেন্ট কৰিলে।প্ৰায় সকলোখিনি যোগাৰে হৈ উঠিছে।

সময়ো কমি আহিছে। বিয়ালৈ মাত্ৰ দুসপ্তাহ বাকী আছে। এইকেইদিন বিয়াৰ খবৰ ল’বলৈ অহা মানুহেৰে ঘৰ ভৰি পৰিছে।তগৰক সহায় কৰিবলৈ  N G O এটাৰ পৰা ছোৱালী এজনী ঠিক কৰা হৈছে।চাহ তামোল দি হাঁহি মাতি সকলোৰে লগত কথা পাতে তগৰে। তগৰৰ দৰাই চৰকাৰী অফিচত পিয়ন চাকৰি কৰা বুলি শুনি চুবুৰীয়া মহিলা কেইগৰাকীমানৰ মনত ইৰ্ষাৰ ভাব ফুটি উঠে। চাহত চুমুক দি কৈয়ে পেলায়……..

“আজিৰ যুগত চৰকাৰী চাকৰি কৰা দৰা পোৱাটো বৰ সৌভাগ্যৰ কথা দেই।” 

একো নকয় তগৰে।পাকঘৰৰ ব্যস্ততাৰ অজুহাত দেখুৱাই তাই আঁতৰি আহে।

মানুহৰ মুখত সোপা দিয়াটো জানো সম্ভৱ। সিদিনা আৰতি বাইদেউ আহিল বিয়াৰ খবৰ ল’বলৈ। কথাৰ মহলা মাৰি এপাকত মনত খু দুৱনি লাগি থকা কথাষাৰ মুখৰপৰা ওলায়ে পৰিল……..

“হেৰি নহয় শান্তি, তোমালোকে তগৰৰ বিয়াৰ নামত বহুত খৰচ কৰিছা দেই। বেংক বেলেঞ্চ শেষেই কৰিলা যেন পাওঁ। ল’ৰাহঁতে একো নকয়নে?কিছুমানে তেজ মঙহৰ সন্তানৰ বাবেও চাগে ইমান নকৰে। তাতে তগৰ তোমালোকৰ ঘৰত কাম কৰা….. ” । 

আৰতি বাইদেউক কথা শেষ কৰিবলৈ নিদি  শান্তি বৰুৱাই  মাজতে মাত লগালে…….

“বাইদেউ যোৱা পোন্ধৰ বছৰে তগৰে আমাৰ বাবে যিখিনি কৰিলে, তাৰ তুলনাত এইখিনি খৰচ তেনেই নগণ্য। মাক-দেউতাক নোহোৱা ছোৱালীজনীয়ে আমাকে পিতৃ-মাতৃ বুলি জ্ঞান কৰি আহিছে।আমাৰ সুখ-দুখৰ প্ৰতিটো ক্ষণতে তাইক কাষতে পাইছো।তেনেস্হলত তাই আমাৰ ছোৱালী নহ’ল জানো? ল’ৰাহঁতৰ কথানো কি কম? বিদেশত গৈ বিদেশীনী চপালে। নিজৰ নিজৰ সংসাৰতে দুয়ো ব্যস্ত। আমি বুঢ়া-বুঢ়ী হালৰ পিনে কাহানিবাই পিঠি দিলে।তগৰৰ বিয়াক লৈ এজনৰো টেনচন নাই। ল’ৰা দুটাৰ বিয়া পাতি সুখকণটো দেখিবলৈ নাপালোৱেই! এতিয়া তগৰক কন্যাদান  কৰি আধৰুৱা সপোন পূৰণৰ চেষ্টা কৰিছোঁ আৰু।” 

চাহ লৈ পৰ্দাৰ সিপাৰৰপৰা দুয়োৰে কথোপকথন শুনি থকা তগৰৰ চকুৰে লুণীয়া  পানী বৈ আহিল। ইমান দিনে দুখবোৰ অন্তৰত সযতনে সামৰি থোৱা তগৰে চকুৰ পানীক বাধা দি ৰাখিব নোৱাৰিলে। কোনোমতে চাহৰ ট্ৰেখন  দাইনিং টেবুলত  থৈ তাই  বাথৰূমত সোমাই ভালকৈয়ে এসোতা কান্দিলে।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *