শিক্ষা আৰু সেৱক-মাৰ্কণ্ড কিশোৰ কৌশিক

আজি শুক্ৰবাৰ। বতৰটো বৰ এটা ভাল নহয়। শোৱাপাটিতেই পৰি থাকি ঘড়ীটোলৈ চালোঁ,পুৱা ৬ বাজি ১২ মিনিট।চকুহাল মোহাৰি উঠো নুঠোকৈ বিচনাৰপৰা নামি চেণ্ডেলযোৰত ভৰিহাল কোনোমতেহে সুমুৱালোঁ। অ’ ভাইটিৰ স্কুল আছে নহয়, খৰখেদাকৈ তাৰ কোঠা  পালোঁগৈ, সি বা উঠিলনে নাই। সি বেচেৰাই সোনকালেই উঠি গা-পা ধুই কাপোৰ পিন্ধি আগফালে বহি আছে, বৰষুণলৈ চাই। সি চাইকেলখন লৈহে স্কুললৈ যায়, পিছে বৰষুণজাক নেৰিলেনো কেনেকৈ যাব। 

মোক ওলাই অহা দেখি সি ক’লে,

“চাহ অকণ বনাইছিলোঁ দাদা, ঠাণ্ডাই হ’ল চাগৈ, যোৱাৰ আগত গৰম কৰি খাই যাবি।”  

অ’ মোৰোতো স্কুল আছে, গা-পা ধুই ময়ো সাজু হ’বৰে হ’লচোন। ৮:৩০ বজাত গৈ বিদ্যালয়ত উপস্থিত হৈ সেতুত নিজৰ উপস্থিতি নিশ্চিত কৰিব লাগিব। আমাৰ চি আৰ চি চিয়ে কৈছে, এইকেইদিন বোলে শিক্ষকসকলৰ উপস্থিতিৰ সময় হেনো অনলাইনযোগে জিলাৰ বিষয়াসকলে টানকৈ মনিটৰিং কৰি আছে, দেৰি দেৰিকৈ বিদ্যালয়ত উপস্থিত হোৱাসকলৰ নিতৌ ৰিপ’ৰ্টবোৰ পাই থাকে। উপায় নাই, এইখিনি সময়ত আৰু কাকো মাত এষাৰ দিবলৈও সময় নাই, ক্ষন্তেক ৰ’বৰো সময় নাই। তাৰ মাজতে কিবা অযথা লেঠা লাগিলেতো খংটো টিঙিচকৈ উঠেই। পিছে ভাইটিৰো স্কুলৰ সময় হৈ গৈছে, বৰষুণতনো তাক কেনেকৈ পঠাওঁ।

তাক ক’লোঁ– 

“তই অলপ ৰৈ দে, মই ফটকৰে গাটো ধুই আহি তোক গাড়ীৰে স্কুলত এৰি আহিমগৈ।”  

সি বোলে– 

“নালাগে ঔ দাদা, বৰষুণ অলপ এৰিছেই, পাৰিম দে যাবলৈ। তই মিছাই মোক থৈ স্কুললৈ যাবলৈ হ’লে তোৰ দেৰি নহ’ব জানো?” 

মই বোলো– 

“এহ! হ’ব দে, মোৰ এটা দিন কিছু পলমকৈ গৈ পালেও একো নহয়। চি আৰ চি চিক ক’লে তেওঁ বুজি পাব নহয়, ৰহ মই দহ মিনিটত ৰেডি হৈ আহি আছোঁ।” 

কৈয়েই মই বাথৰুমলৈ গামোচাখন লৈ প্ৰায় দৌৰি যোৱাৰ দৰেই গ’লোঁ। চালে-বেৰে কাণে-মূৰে পানী ঢালি কোবাকুবিকৈ ওলাই আহিলোঁ। ফটাফট কাপোৰযোৰ পিন্ধি গাড়ীৰ চাবিপাত লৈ আগফাল পাই দেখোঁ সি নাই, তেনেকৈয়ে বৰষুণত তিতি তিতি গুচি গ’ল। লগত ছাতিটো নিছে নে নাই বুলি আহি ভিতৰত বিচাৰি চালোঁ , উহুঁ, নাপালোঁ।বাৰু ছাতিটো লৈ গৈছে বুলিয়েই অলপ সকাহ পালোঁ।পিছে হ’বনো কি, এতিয়াতো মোৰ নিজৰ যুদ্ধখন আৰম্ভ হৈছেহে। তিনি উশাহত ৰেডি হৈ গাড়ীৰ, ৰুমৰ ছাবিকেইপাতসহ কান্ধত বেগটো লৈ ওলাই আহিলোঁ।ততাতৈয়াকৈ ৰুমৰ তলা লগাই নামি আহি গাড়ীখন উলিয়াই স্কুললৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মূৰত এশ এবুৰি চিন্তা, আজি বা ৰান্ধনি আহিব নে নাই, ল’ৰা-ছোৱালী বা কেইটা আহে, শাক-পাচলি বা আছিলনে নাই, কিবা বজাৰ কৰি নিবলৈ থাকি গৈছিল নেকি, গ্ৰুপত কিবা অৰ্ডাৰ আছিল নেকি, ব্লকৰ পৰা কিবা তথ্য বিচাৰিছিল নেকি, আৰু একেবাৰে শেষত মনলৈ আহিল আজি ল’ৰা-ছোৱালীখিনিক কি পঢ়াম।

এনেতে এখন বাইক মোৰ গাড়ীখন পিছ পেলাই খুব জোৰেৰে পাৰহৈ গ’ল। আৰোহীজনে ৰেইনকোট পিন্ধি আছিল, তাৰ ওপৰতে মূৰত হেলমেট, পিঠিৰ ফালে ৰেইনকোটটো কিছু উখহি আছিল, নিশ্চিতভাৱে সেইটো এটা বেগেই হ’ব। মই বুজি পালোঁ তেওঁ আৰু মই, আমি একেখন নাৱৰে যাত্ৰী। সেতুত উপস্থিতি দিবলৈ তেওঁও ঢপলিয়াই গৈছে। দেখি কিবা গাটো সিৰসিৰাই গ’ল, বৰষুণৰ বতৰ, বাট-পথৰ কোনো চিন-চাব নাই, গোটেইখন বোকাময় আৰু পিচল, ভগৱানে নকৰক কিন্তু কেনেবাকৈ যদি এই গতিত যাওঁতে তেওঁ পিছল খাই পৰে, কি হ’ব বাৰু অৱস্থা? ভাবিলেই ভয় লাগি যায়। 

এইবোৰকে পাগুলি আহি স্কুলৰ ওচৰেই পালোঁহি, আৰু দুই কিলোমিটাৰমান বাট বাকী, এইছোৱা পেভাৰ ব্লক পৰা ৰাস্তা যদিও যথেষ্ট খলাবমা , ৰিয়েৰ ভিউ মিৰ’ৰ খনলৈ এপাকত চকু ফুৰাই দেখিলোঁ , মোৰ পাছে-পাছে স্কুটী এখনত ৰঙা ৰেইনকোট পিন্ধা মহিলা এগৰাকী, লাহে লাহে তেওঁ আহি আছে, মই আগে আগে গৈ আছোঁ আৰু মহিলাগৰাকী মোৰ পাছে পাছে। কিছুদূৰ আগবাঢ়ি গৈ দেখিলোঁ ছাগলী এজনী ৰাস্তা পাৰ হ’ব খুজিছে, মই গাড়ীখন অলপ শ্ল’ কৰি লাহে লাহে ছাগলীজনী পাৰ হৈ আহিলোঁ।ৰাস্তা আৰু ছাগলী এই দুবিধ প্ৰত্যেক মটৰ আৰোহীৰ বাবে এক নিমিলা অংকৰ দৰে। এই দুপদ বস্তুৱে একেই ঠাইত স্থিতি ল’লে কালে কোন দিশে বাগৰ দিয়ে সেয়া অনুমান কৰাটো বৰ জটিল, কিম্বা অসম্ভৱৰ দৰেই। ছাগলীজনীক দেখি মোৰ হঠাতে আজিৰপৰা ৪-৫ বছৰ আগেই হোৱা এটা ঘটনা মনত পৰি গ’ল। সেইদিনাও মই গাড়ীৰে ক’ৰবালৈ বুলি ওলাইছিলোঁ। ঘাইপথত উঠিয়েই দেখোঁ ল’ৰা দুজনে বাইক এখনেৰে মোক দেই গৈছিল, সিহঁতৰ গতিবেগ যথেষ্টখিনিয়েই আছিল। হঠাৎ দেখা পাওঁ ডিভাইডাৰৰ ওপৰেদি কিচকিচীয়া  ক’লা ছাগলী পোৱালী এটা মাজ ৰাস্তালৈ ঢপলিয়াই আহে আৰু মোৰ আগেৰে গৈ থকা ল’ৰা দুজনৰ বাইকৰ চকাৰ তলত সোমাই যায়। ল’ৰা দুজন বাইকৰ পৰা উফৰি মাজ ৰাস্তাতেই পৰি যায়। মই তৎক্ষণাৎ গাড়ী ৰখাই নামি আহোঁ  আৰু পৰিস্থিতি চাই দুইজনকেই মোৰ গাড়ীৰে হাস্পতাললৈ লৈ যাওঁ। ল’ৰা এজনৰ অৱস্থা একেবাৰেই বেয়া আছিল। তেওঁলোকক হাস্পতালত এৰি থৈ মই নিজৰ কামলৈ বুলি গুচি যাওঁ। কিছুদিন গ’ল। এই কথা মোৰ মায়ে গম পাই নিজৰ ল’ৰাই কৰা কামত গৰ্বিত হৈ ফেচবুকত এটা পোষ্ট লিখিছিল। আৰু সেই পোষ্টতেই এদিন এটা কমেন্ট পঢ়িবলৈ পালোঁ যে সেই ল’ৰা দুজনৰ হেনো এজন আৰু নাই। মোৰ বুকুখনত কিহবাই বিন্ধা যেন লাগিছিল। সেই ল’ৰা দুজনো নিজৰ চাকৰিথলীলৈয়ে গৈ আছিল। হেৰাই যোৱাজন বোলে ঘৰৰ একমাত্ৰ…

এইবোৰ ভাবি থাকোঁতেই হঠাৎ আকৌ ৰিয়েৰ ভিউ মিৰ’ৰত মোৰ চকু পৰিল, ছাগলীজনী মই এৰি অহা হয়তো ৫ ছেকেণ্ড মানহে হৈছিল। মই দেখা পাওঁ মোৰ পাছে পাছে লাহে লাহে আহি থকা মহিলাগৰাকীক ছাগলীজনীয়ে অগা-ডেৱা কৰিলে, তেওঁ চেষ্টা কৰিও স্কুটীখন ৰখাব নোৱাৰি ছাগলীজনীৰ গাতে উঠি ৰাস্তাৰ মাজতে পৰি গ’ল। মই পটককৈ গাড়ীখন ৰখাই দিলোঁ। গাড়ীখন ৰাস্তাৰ কিনাৰতে ৰখাই মহিলাগৰাকীৰ ফালে দৌৰি যাওঁ। তেওঁ চিঞৰি উঠিল– 

“বেগতে আহক! বেগতে আহক, মোৰ ভৰিখন ভাঙিব এতিয়া, মোৰ ভৰিখন গ’ল।”

দৌৰি গৈ দেখিলোঁ স্কুটীখনৰ তলত তেওঁৰ দুয়োখন ভৰি সোমাই আছে। মই স্কুটীখন তুলিবলৈ চেষ্টা কৰিলোঁ, অকলে পৰা নাই, ভয়ো লাগিল স্কুটীখন তুলিবলৈ যাওঁতে জানোচা তেওঁ আৰু দুখ পায়। এনেতে আৰু এজন লোক আহিল, তেওঁৰ লগত যেনে তেনে স্কুটীখন তুলি মহিলাগৰাকীক মুক্ত কৰিব পাৰিলোঁ। তেওঁ লাহেকৈ থিয় হ’ল। 

মই বাৰে বাৰে সুধিছিলোঁ– 

“বাইদেউ বেছি দুখ পালে নেকি, ভৰিটো লৰাই দিয়কচোন, বিষাইছে নেকি?” 

তেওঁৰ কিছু সময় মাত-বোল নাই। হয়তো ভয় খাইছিল। এনেতে দুই-চাৰিজনকৈ আৰু মানুহ গোট খালে, মই  মানুহখিনিক কথাটো ক’লোঁ। বাইদেউগৰাকীলৈ চালোঁ, তেওঁৰ চকুত এটা উৎকন্ঠা। বাইদেউগৰাকী মোৰ চিনাকি চিনাকি লাগিল। মনত পেলাব চেষ্টা কৰিলোঁ, মনত পৰিল, তেওঁ এগৰাকী শিক্ষয়িত্ৰী। আমি শিক্ষাৰ প্ৰশিক্ষণবোৰত লগ পাইছিলোঁ বোধহয় দুবাৰমান। তেওঁ বাৰে বাৰে ছেদেলি-ভেদেলি হৈ পৰা তেওঁৰ বস্তুবোৰ বুটলি কৈ আছিল – 

“স্কুটীখন ষ্টাৰ্ট হ’লেই হয়। দেৰি হৈছে, এটেণ্ডেনচ দিব লাগিব।” 

মইতো একেবাৰে হতবাক হৈ পৰিলোঁ। মানুহ গৰাকীয়ে ‘আহ! বিষাইছে’…. বুলিও নক’লে, অথচ কিছুমিনিট আগত এটা দুৰ্ঘটনাত পতিত হৈয়ো এপাকলৈয়ো কাষৰে দোকানখনত কিছু জিৰণি ল’বলৈ বুলি নগ’ল, আনকি পানী অকণেই খাওঁ বুলিও নুখুজিলে। মাথোঁ তেওঁৰ এটাই চিন্তা, স্কুটীখন ষ্টাৰ্ট হওক কেনেবাকৈ আৰু তেওঁ বিদ্যালয়ত গৈ নিজৰ উপস্থিতি দিব পাৰক সময় থাকোঁতেই। 

মই সুধিলোঁ, 

“আপুনি আকৌ স্কুটীখন চলাই যাব পাৰিব জানো বাইদেউ?”  – 

“পাৰিম, পাৰিম দিয়ক হ’ব, বহুত ধন্যবাদ এইকণ কৰি দিয়াৰ কাৰণে। মই গৈ থাকোঁ।” 

এইবুলি  কৈ তেওঁ যেনে তেনে পুনৰ স্কুটীখনত বৰ কষ্টৰে উঠি যাবলৈ ওলাল। 

মই কৈছিলোঁ, 

“স্কুটীখন ইয়াতে থৈ মোৰ লগতেই আহক, আপোনাক আপোনাৰ স্কুলত থৈ যাম মই।” 

মোৰ কথাখিনি কোৱা হয় মানে তেওঁ আগবাঢ়িয়ে গ’ল। মই কিছুদূৰ ৰৈ চালোঁ তেওঁ ভালে কুশলে যাব পাৰিছেনে নাই। তাৰপিছত নিজেও আহি গাড়ীত বহিলোঁ । ভাবিলোঁ তেওঁ এতিয়া লাহে লাহে হে যাব চাগে, গতিকে দেখা পামেই। পিছে কোন তলকত তেওঁ  ক’ত নোহোৱা হৈ গ’ল মই ধৰিবলৈয়ে নোৱাৰিলো। 

তেওঁৰ সেই উৎকন্ঠা, নিজৰ বিদ্যালয়লৈ যাবলৈ কৰা ধৰফৰণিটোৱে আজি মোক গোটেই দিনটোৱেই আমনি কৰিলে। ভাবিলোঁ , — আমিবোৰনো হয় কি? আমি কেনেকুৱা এটা জীৱন জীয়াই আছো? নিজৰ বাবেও আজি আমাৰ সময় নাই। নিজৰ দায়িত্ব পালন কৰি গৈ আছোঁ, যেন কোনো প্ৰডাকচন এচেম্বলিত  বছৰে বছৰে শিক্ষাৰ্থী প্ৰডিউচ  কৰা একো একোটা বিনা তেল-বিদ্যুতেৰে চলা মেচিন। আমি দেখোন আমাৰ সন্মানকণো  বিচাৰি নাপাওঁ। মানুহে হাঁহে, কয়, “স্কুলৰ মাষ্টৰ-মাষ্টৰণীহে। কিডালনো কৰিলি?” আকৌ কোনোবাই মাইক্ৰফোনত চিঞৰি চিঞৰি কয় বোলে মাষ্টৰবোৰক নাকি লগাব লাগিব। 

আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ শিক্ষাগুৰুসকল আমাৰ শ্ৰদ্ধাৰ আছিল। আজিও বাটে-ঘাটে দেখা পালে আপোনা-আপুনি  মোৰ হাত দুখন যোৰ খাই যায়, মূৰটো দোঁ খাই যায়। কিন্তু আজি-কালি বাট-পথত আমাৰেই, আমিয়েই পঢ়োৱা লৰা-ছোৱালীবোৰে আমাক দেখি ইতিকিং কৰিব পৰা হ’ল।ক’ৰবাত ক’ৰবাত শুনা পাওঁ কোনো ছাত্ৰই শিক্ষকৰ ওপৰতেই হেনো হাত তোলে। আমাক টেট মাষ্টৰ বুলিহে মাতে। আমি জানো আমাৰ কৰ্তব্যই পালন কৰি যোৱা নাই? লগতে  নৈতিক বা অনৈতিক, ঐচ্ছিক বা অনৈচ্ছিক বিভিন্ন কামত আমাক নিয়োজিত কৰা হয়। আমি প্ৰশ্নবিহীনভাৱে কৰি যাওঁ। নিজৰ ঘৰ-বাৰী, আত্মীয়স্বজন কাৰো কথা ভাবিবলৈ আমাৰ সময়েই নাই। কেৱল মাত্ৰ স্কুলৰ চিন্তা। তথাপিও আমাৰ কোনো সন্মান নাই। আজি আমাৰ নিজৰ বাবে নিজৰেই সময় নাই। মাহেকৰ মূৰত পাবলগীয়া ধনকেইটাও বিচাৰি গৈ আমি আজি বোলে একোজন হিতাধিকাৰীহে মাথো।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *