অৱসৰ-সংগীতা পাচনি

‎নীলকান্ত গোঁহাই ভাৰতীয় ষ্টেট বেংকৰ এজন বেংক মেনেজাৰ আছিল। চাকৰিৰ পৰা অৱসৰ লোৱা আজি ছয় মাহ হ’ল। এই ছয় মাহ তেওঁ দেখিছে তেওঁৰ লগত পত্নী আইতুৱে যেনেকৈ ব্যস্ত হৈছিল এতিয়া দুই পুত্ৰ-বোৱাৰী আৰু তিনিওটি নাতিক লৈ সেই একে ব্যস্ততাৰ সীমা নাই। সুদীৰ্ঘ ৩৭ বছৰ কাল নীলকান্ত গোহাঁয়ে অসমৰ বিভিন্ন বেংকত কৰ্মজীৱন পাৰ কৰিলে। বৰ্তমান তেওঁ নিগাজিকৈ থাকিবলৈ লোৱা চহৰখনৰ বেংকটোত অৱসৰ লোৱাৰ আগৰ চাৰিবছৰ একেৰাহে কাৰ্যনিৰ্বাহ কৰিলে। তেওঁলোকৰ তিনি সন্তান অবিনাশ, কিশোৰ আৰু একমাত্ৰ জীয়ৰী নন্দিনী। নন্দিনীক বিয়া দিছে মৰিগাঁৱলৈ।

Read more

‎আবেলিৰ ৰং-নূপুৰ গোস্বামী

‎যোৱাবাৰ জেংবিহু নচা গছডালত    ‎আকৌ কপৌফুল ফুলিছে। ‎পথৰুৱা বতাহজাক যে কেনে ডেও লগা ‎গাৰ চাদৰখনো উৰুৱাই নিব খোজে। ‎কেতিয়াবা কিছুমান কথা মনত পৰিলে মনটোও দেখোন থৌকি-বাথৌ হৈ পৰে। ‎কিমান যে কথা ক’ত জানো হেৰাই যায়,  ‎ক’ৰ কথা ক’ত গৈ কেনেকৈ ওলাই ‎তাৰো একো ঠিকনা নাই। ‎সেই যে খাপ পিতি ৰৈ থকা কথাবোৰে বাটত অকলে পাই এদিন কৈছিল ‎পেটৰ কথাবোৰে বুকুত হেঁচা মাৰি ধৰিলে  ‎মূৰটো চেৰেকীৰ পাকৰ দৰে ঘূৰায়।  ‎মুখ ফুটি ওলালেহে হাঁহিবোৰ ওলায়। ‎মনটোও ফৰকাল লাগে ‎ঠিক জোনটোৰ দৰে। ‎বোকাত

Read more

প্ৰহৰী-উপাসা ভাগৱতী

হঠাতে খুব পাতলকৈ কাণত বাজি উঠা শব্দটোৱে চিলমিলকৈ টোপনি আহিব খোজা চকুকেইটা মেল খোৱাই দিলে। এইকেইদিন প্ৰায়েই ৰাতি টোপনি ক্ষতি। সেইবাবে বিছনাখনত পৰি দিয়াৰ লগে লগেই টোপনিয়ে হেঁচা মাৰি ধৰিছিল।শব্দটো হোৱাৰ ফালে চাওঁতেই দেখিলে দেউতাকে পালেঙৰ বাৰডালত হাতখনেৰে যিমান পাৰে সিমান শব্দ কৰি তাক জগাবলৈ চেষ্টা কৰি আছে। সি একেজাপে থিয় হৈ দেউতাকৰ ওচৰ পালেগৈ। চকুত কৰুণ অভিব্যক্তি আৰু খং তথা হতাশাবোৰৰ চিটিকনি স্পষ্ট হৈ পৰিছে মুখখনত।সি ওচৰ পাওঁতে বহু কষ্ট কৰি বুজাবলৈ যত্ন কৰিলে বহু সময়ৰ পৰা মাতি আছিল বুলি।মাতটো

Read more

বিহুনামত অসমৰ নদ-নদী-ববিতা শৰ্মা 

সভ্যতাৰ উত্থান আৰু বিকাশত নদীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে নদীক সভ্যতাৰ প্ৰাণকেন্দ্ৰ আৰু জীৱনৰেখা বুলি ভবা হয়। জীৱিকাৰ সুবিধা আৰু পৰিবহণৰ সুচলতাৰ বাবে প্ৰাচীন কালৰেপৰা নদীক কেন্দ্ৰ কৰি মানুহে বসতি স্থাপন কৰি আহিছে। কৃষিকৰ্মৰ উৎপত্তি আৰু বিকাশো নদীৰ বাবেই সম্ভৱ হৈছে। পুৰণি কালত পিয়াহৰ পানী টুপিৰ লগতে গা-ধোৱা, কাপোৰ ধোৱা আদি দৈনন্দিন কাম-কাজৰ বাবে মানুহে নদীৰ ওপৰতে নিৰ্ভৰ কৰিছিল। স্বাভাৱিকতে নদীৰ লগত মানুহৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। যাৰ ফলশ্ৰুতিতে মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ

Read more

বৌদ্ধ দৰ্শনত মন বা আত্মাৰ ধাৰণা-সংহিতা ভট্টাচাৰ্য্য

বৌদ্ধ দৰ্শনত মন (চিত্ত) অত্যন্ত গুৰুত্বপূর্ণ বিষয়।গৌতম বুদ্ধৰ মতে মন হৈছে মানুহৰ জীৱনৰ মূল চালিকা শক্তি। মনে চিন্তা কৰে, অনুভৱ কৰে, ইচ্ছা কৰে আৰু কৰ্মৰ দিশ নিৰ্ধাৰণ কৰে। বুদ্ধই কৈছিল, “মনেই সকলো বস্তুৰ আগত থাকে, মনেই মুখ্য, মনৰ দ্বাৰাই সকলো গঢ়া হয়।” বৌদ্ধ ধৰ্ম মতে মানুহৰ সুখ-দুখ, বন্ধন-মোক্ষ, পাপ-পুণ্য—সকলোৰ মূল হৈছে মন। বাহ্য জগতৰ বস্তুতকৈ মনক অধিক শক্তিশালী ধৰা হয়। ধম্মপদ (Dhammapada)ত কোৱা হৈছে— “মনোপুব্বঙ্গমা ধম্মা” অৰ্থাৎ মনেই সকলো ক্ৰিয়াৰ আগত থাকে।মানুহে যি ভাবে, সেইমতে কথা কয়, কাম কৰে। বৌদ্ধ

Read more

বজ্ৰপাত-কুমকুম শৰ্মাবৰুৱা    

শেৱালিয়ে ৰাতিপুৱা এনেয়েও উঠে সোনকালে।প্ৰথমেই পাকঘৰৰ পুৰণা ছাইখিনি পেলাই জুই ধৰি মাকে গা ধুবলৈ পানী গৰম কৰে।তাৰ পিছতেই তাই আগচোতাল পিছচোতাল সাৰেগৈ।তাৰ পিছত ভিতৰখন সাৰি গা ধুই কলেজলৈ ওলাবৰে হয়।সম্পূৰ্ণ ডেৰঘণ্টা লাগে কলেজলৈ খোজকাঢ়ি যাওঁতে।আজিও একেধৰণেৰেই সোনকালে উঠি তাই জুই-ছাই ধৰি পিছফালে যাওঁতেহে দেখা পালে ৰাতিৰ বতাহ-বৰষুণত দুজোপা অমিতা গছ ভাগি কলিয়ে- কুলাই অমিতা সৰি চোতালখন ভৰি আছে।এনেতে দেখিলে দেউতাক ঘূৰি আহিছে পথাৰৰ পৰা।কাষৰ ঘৰৰ হালোৱাটো ৰাতিতে গৈছিল পথাৰলৈ, বজ্ৰপাত পৰি ঢুকালে বোলে।চিনি পোৱা ল’ৰাজন ঢুকালত সঁচাই বৰ বেয়া লাগিল।তথাপি

Read more

প্ৰৱঞ্চক-সীমা বৰ্মন

উচ্চ শিক্ষাৰে শিক্ষিত অৰুণিমাৰ বিয়া অৰুনাভৰ সৈতে বৰ ধুমধামৰে হৈ যায়।পেচাত অৰুনাভ এজন অভিযন্তা। বিয়া হৈ আহি অৰুনিমাই সকলোৰে মন মুহি পেলালে। এনেকুৱা হ’ল যে তাই নহ’লে ঘৰখন নচলেই!! ৰাতিপুৱাৰপৰা শাহু-শহুৰৰ আলপৈচান ধৰা; অৰুনাভ অফিচলৈ ওলাই নোযোৱা পৰ্যন্ত খোৱা-লোৱা, ৰন্ধা-বঢ়া আদিকে ধৰি সকলো দায়িত্ব তাই সুন্দৰভাৱে পালন কৰি গৈ থাকিল। বিয়াৰ পিছত এমাহলৈ সকলো ঠিকেই আছিল। লাহে লাহে যেন অৰুনাভৰ চিন্তা ভাবনাৰ কিছু পৰিৱৰ্তন আহিবলৈ ধৰিলে।ৰাতি দুপৰলৈ ঘৰত নোসোমোৱাটো নিত্য নৈমিত্তিক ঘটনা হৈ পৰিল। ‘কিয় ইমান ৰাতি হ’ল, ক’ত আছিল’,

Read more

অভিমানৰ দস্তাবেজ-নিবেদিতা শৰ্মা 

 অনিৰুদ্ধৰ কোঠাটোত আজিও তাৰ প্ৰিয় কেমেৰাটো টেবুলৰ ওপৰত নিথৰ হৈ পৰি আছে। লেন্সখনত ধূলিৰ এক পাতল তৰপ জমিছে, ঠিক যেনেকৈ অনিৰুদ্ধৰ জীৱনটোতো শেহতীয়াকৈ বিষাদৰ এসোপমান ধূলিৰ তৰপ বান্ধিছে। যিজন মানুহৰ চকুৱে প্ৰতিটো মুহূৰ্তক ফ্ৰেমত আৱদ্ধ কৰি জীৱন্ত কৰি তুলিব বিচাৰিছিল, সেই একেজন মানুহৰে দৃষ্টি আজি মাত্ৰ এটা বিন্দুতে থমকি ৰৈছে তাৰ পাঁচ বছৰীয়া সন্তান আৰ্যৰ এখন পুৰণি হাঁহিভৰা ফটোত। অনিৰুদ্ধ কেৱল এজন দক্ষ ফটোগ্ৰাফাৰেই নাছিল, সি আছিল এজন উদাৰ আৰু সংবেদনশীল মনৰ মানুহ। সমাজৰ কামত দৌৰি ফুৰা, পাহাৰ-ভৈয়ামৰ বুকুত প্ৰকৃতিৰ

Read more

বিহুৱান-নীলাঞ্জনা পাচনি

গলধনটো সোঁহাতখনেৰে পিটিকি পিটিকি ময়ূৰী তাঁতশালখনৰ পৰা উঠি আহিল।সেই দুপৰীয়া ভাত খোৱাৰ পাছৰে পৰা বহা।আজি কলেজ বন্ধ আছিল বাবেহে … । নহ’লে দেখোন তাঁতখন ব’বলৈ তাইৰ  সময়ৰে টনাটনি।এনেতে  কুলিৰ মাত শুনি  তাই হাতৰ আঙুলী পাৱত হিচাপ কৰি চালে বিহুলৈ মাত্ৰ সাতোটা দিন আছে। মাকে বকিয়েই আছে, কি বুলিনো তাই এইবাৰ এহেজাৰ পকোৱা সূতাৰ গামোচাৰ তাঁতযুতি লগাই ল’লে জানো! এতিয়া বিহুচেৰা নহ’লেই ৰক্ষা !এনেয়ে তাই বৰকৈ শালৰ কাষ নাচাপে।মাজে মাজে থাপ মাৰি একোহালি দুকোহালি বোৱাৰ দৰেহে। পঢ়াৰ বোজাটো আছে নহয়! তাতে এইবাৰ তাই স্নাতকৰ শেষ পৰীক্ষাটো

Read more
1 4 5 6 7 8 81